ভীমকল, নেমু আৰু অপৰাজিতা ফুলৰ চৰবত

7

গৰমৰ দিনত শৰীৰ সতেজ আৰু শীতল কৰি ৰাখিবলৈ ভীম কলৰ চৰবত এক সুস্বাদু, পুষ্টিকৰ আৰু প্ৰাকৃতিক পানীয়। আজি ইয়াৰ তৈয়াৰ প্ৰণালী জুতি জীৱনৰ শিতানত আগবঢ়োৱা হৈছে-

কি কি লাগিব?

  • ভীমকল ৪টা
  • মান অপৰাজিতা ফুল ৬টা মান
  • আধা ফাল কাজি নেমুৰ ৰস
  • ডেৰ গিলাচ পানী
  • আধা চামুচ সন্ধা নিমখ
  • চেনি ২ চামুচ

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমে এটা সৰু পাত্ৰত ৬টা মান অপৰাজিতা ফুল লৈ তাত অকণমান পানী দি গেছত অলপ সময় উতলাই সেইখিনি ঠাণ্ডা হ’বলৈ থৈ দিব। এতিয়া ৪টা ভীমকলৰ বাকলি গুচাই, এটা ডাঙৰ পাত্ৰ লৈ তাত ২ চামুচ চেনি দি কলকেইটা ভালদৰে হাতেৰে মঠি লৈ, তাত ডেৰ গিলাচ পানী দি আধা ঘণ্টামান ঢাকনি লগাই থৈ দিব। তাৰ পিছত সেইখিনি ভালদৰে হাতেৰে মোহাৰি ভীমকলৰ গুটিবোৰ উলিয়াই লৈ তাত আধা ফাল কাজি নেমুৰ ৰস, আধা চামুচ সন্ধা নিমখ আৰু অপৰাজিতা ফুলৰ পানীখিনি দি চামুচেৰে ভালদৰে মিহলাই পৰিৱেশন কৰিব।

বৰষা শৰ্মা

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.