আইনাৰ আলাপত জেৰিফা ৱাহিদ

31

বৰ্ণালী এছ. ডেকা

অসমীয়া চলচ্চিত্ৰ আৰু নাট্যজগতলৈ এক নতুন ধাৰা কঢ়িয়াই অনা এগৰাকী শিল্পী। অভিনয়ক কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নলৈ ইয়াক এক কলাত্মক সাধনা হিচাপে গ্ৰহণ কৰিছে। তেওঁ কেতিয়াও সংখ্যাৰ দৌৰত অংশ লোৱা নাই । তেওঁ সদায় এনেবোৰ চৰিত্ৰ নিৰ্বাচন কৰিছে, যিবোৰ চৰিত্ৰই সমাজৰ এটা দিশ উন্মোচন কৰে। তেওঁৰ কথনশৈলী আৰু চিন্তা-চৰ্চাত এক বিশেষ আধুনিকতা আৰু স্পষ্টবাদিতা দেখা পোৱা যায়। তেওঁ সততে গ্লেমাৰাছ চৰিত্ৰতকৈ শক্তিশালী আৰু বাস্তৱধৰ্মী চৰিত্ৰত অভিনয় কৰিবলৈ পছন্দ কৰে। জেৰিফা ৱাহিদ এগৰাকী বিশিষ্ট অভিনেত্ৰী, যিয়ে অসমীয়া চলচ্চিত্র জগত আৰু নাট্যজগতত নিজৰ বলিষ্ঠ অভিনয়ৰ বাবে এক সুকীয়া স্থান দখল কৰিছে। তেওঁ কেৱল এগৰাকী সফল অভিনেত্রীয়েই নহয়, এগৰাকী দক্ষ প্রযোজক আৰু সামাজিক কৰ্মী হিচাপেও পৰিচিত। এইগৰাকী অভিনেত্ৰীৰ সৈতে হোৱা কথোপকথন এইবাৰ আইনাৰ আলাপ শিতানলৈ আগবঢ়াইছোঁ

অসমীয়া ছবিজগতৰ বৰ্তমান ছবিখন কেনেকুৱা ?

আচলতে এইটো এটা জটিল প্রশ্ন? ইয়াৰ উত্তৰটো ম‍ই এনেকৈ দিব বিচাৰিম যে আমাৰ মানুহখিনিয়ে প্রকৃততে কি বিচাৰে? সমাজত এটা বিশেষ শ্রেণীৰ দৰ্শক আছে, যিয়ে জাহ্নু বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী, ৰীমা দাস, ড° ভবেন্দ্র নাথ শ‍ইকীয়া বা সান্ত্বনা বৰদলৈৰ দৰে পৰিচালকৰ গম্ভীৰ আৰু অৰ্থপূৰ্ণ ছবি বিচাৰে। কিন্তু সমস্যাটো হ’ল- ব্যৱসায়িক সমীকৰণ। অর্থপূর্ণ ছবিবোৰে প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় বঁটা পায়, কিন্তু স্থানীয় চিনেমা হলত দর্শক টানিব নোৱাৰে। কাৰণ বেছিভাগ দৰ্শকে মনোৰঞ্জনৰ বাবেহে চিনেমা চাবলৈ যায়, ছিৰিয়াছধর্মী চিন্তা কৰিবলৈ নহয়। দ্বিতীয়তে, মানুহে ভাবে যে ভাল ছবি এখন যদি বঁটা পাইছেই, তেন্তে কিছুদিন পিছত নেটফ্লিক্স বা কোনোবাটো অ’টিটি প্লেটফৰ্মত আহিবই- গতিকে হললৈ গৈ কি লাভ? এই মানসিকতাই ছবিখনক আর্থিকভাৱে জুৰুলা কৰে। জাহ্নু বৰুৱাৰ দিনত অসমীয়া চিনেমা গোলকীয় পৰ্যায়ত এক পৰিচয় আছিল। এতিয়াও ৰীমা দাস বা ভাস্কৰ হাজৰিকাৰ দৰে পৰিচালকে সেই ধাৰা ধৰি ৰাখিছে। কিন্তু এতিয়া ছবি এখন কেৱল ভাল হ’লেই নহয়, ইয়াক কাৰিকৰী দিশটোও উন্নত হ’ব লাগে। আমাৰ পটভূমিত বহুত ভাল কাহিনী থকা ছবিও কেতিয়াবা শব্দ বা কাৰিকৰী দুৰ্বলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত পিছপৰি ৰয়। আমাক এতিয়া এনেকুৱা ছবি লাগে যিখন “Meaningful” হোৱাৰ লগতে “Engaging” (মনোৰঞ্জক) হ’বও লাগিব। ইয়াৰ সমান্তৰালভাৱে আমাক চিনেমা হল লাগিব । গতিকে অসমীয়া চিনেমাৰ বৰ্তমানৰ ছবিখন এখন ‘সংগ্রামী ছবি’। এফালে গোলকীয় পৰ্যায়ত স্বীকৃতি পোৱাৰ হেঁপাহ আৰু আনফালে নিজৰ ঘৰুৱা দর্শকক হললৈ ওভতাই অনাৰ এক কঠিন যুঁজ।

অসমীয়া বাণিজ্যিক চিনেমাৰ বৰ্তমান স্থিতি সম্পৰ্কে আপোনাৰ দৃষ্টি ভংগী কেনে?

বহুতৰে ধাৰণা যে কেৱল দামী গাড়ী, হেলিকপ্টাৰ উৰুৱালে বা বিদেশত শ্বুটিং কৰিলেই এখন চিনেমা বাণিজ্যিক হয়। কিন্তু আচলতে যিখন চিনেমাই দর্শকক চিনেমা হললৈ টানি আনিব পাৰে আৰু প্ৰযোজকৰ ধনৰ ওপৰত মুনাফা অৰ্জন কৰিব পাৰে, সেয়াই প্রকৃত বাণিজ্যিক চিনেমা। ‘ৰত্নাকৰ’, ‘ৰঘুপতি’, ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ৰ যি জনপ্রিয়তা আছিল, সেই একেই গ্লেমাৰ বা একচন থকাৰ পাছতো ‘ৰাঘৱ’বা ‘ৰুদ্ৰই সেই একেই যাদু দেখুৱাব নোৱাৰিলে । ইয়াৰ প্ৰধান কাৰণ হ’ল আৱেগিক সংযোগ । কেৱল একচন থাকিলেই, বাস্তৱ জীৱনতকৈ ডাঙৰ ছবি ধৰি ৰাখিলেই দৰ্শকৰ আমোদ হয় ঠিক, কিন্তু কাহিনী যদি দুর্বল হয়, তেন্তে দর্শকে নিজকে চিনেমাখনৰ লগত একাত্ম কৰিব নোৱাৰে। ২০১৫ চনৰ পৰা কিছুমান নতুন পৰিচালকে চিনেমা নির্মাণ কৰিলে, আৰু তেওঁলোক সফলো হৈছে। এইক্ষেত্ৰত বিদুৰভাই, মালামাল বয়জৰ কথা উল্লেখ কৰিব পাৰি। গতিকে সফল বাণিজ্যিক চিনেমা মানেই ব্যয়বহুল চিনেমা নহয়। অসমীয়া চিনেমা উদ্যোগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ল স্ক্ৰীনৰ সমস্যা। অসমত থকা বৰ্তমানৰ সীমিতসংখ্যক পৰ্দাৰে ইমান বৃহৎ অংকৰ টকা ঘূৰাই অনাটো প্ৰায় অসম্ভৱ হৈ পৰে। যদি এখন চিনেমাৰ মেকিং ভাল হয়, কিন্তু চিনেমাখন চলিবলৈ পৰ্যাপ্ত হল নাথাকে, তেন্তে প্রযোজক লোকচানৰ সন্মুখীন হয়। অসমত মাল্টিপ্লেক্সৰ টিকটৰ দাম বেছি হোৱাৰ বিপৰীতে ছিংগল স্ক্ৰীনৰ সংখ্যা কমি অহাটোৱে বৃহৎ বাজেটৰ অসমীয়া চিনেমাৰ বাবে বিপদ মাতি আনিছে। অসমীয়া চিনেমা জগতখন আগুৱাই যাবলৈ হ’লে আমাক লাগিব— চিনেমা হল, এখন সফল চিনেমা পলিচী আৰু মাটিৰ গোন্ধ থকা শক্তিশালী কাহিনী।

আপোনাৰ ছবিসমূহৰ ভিতৰত কোনখন প্রিয় ?

প্রতিখনেই অসমীয়া চিনেমাৰ একো একোটা বিশেষ অধ্যায় আছে। প্রয়াত বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘দুৱাৰ’ এখন কালজয়ী ছবি। এই ছবিখনত গভীৰতাৰে চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ। তাৰ বাবে ম‍ই ফিল্মফেয়াৰৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গুণগুণ গানে গানে এখন বাণিজ্যিকভাৱে সফল ছবি। ৰজনী বসুমতীৰ ‘ৰাগ’ ছবিখনত ৰাধিকাৰ চৰিত্ৰটো আছিল অতিশয় স্পর্শকাতৰ। এগৰাকী অকলশৰীয়া মহিলাৰ মানসিক সংঘাত আৰু সংগ্ৰামক নিপুণতাৰে পৰ্দাত দাঙি ধৰিছিল, সেয়া আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে। ‘কথানদী’ত সেই নিগেটিভ চৰিত্ৰটো (যিটো সম্ভৱতঃ বুঢ়ী আইৰ সাধুৰ সেই ভয়াৱহ চৰিত্ৰবোৰৰ এটা আছিল) সঁচাকৈয়ে প্ৰত্যাহ্বানজনক আছিল। এগৰাকী অভিনেত্ৰীৰ বাবে নিগেটিভ চৰিত্ৰ কৰাটো এক ডাঙৰ পৰীক্ষা । জাহ্নু বৰুৱাৰ ছবি মানেই এক বিশেষ শৈলী। ‘ভগা খিৰিকী’ত সমাজৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আছিল । এই বৈচিত্র্যপূৰ্ণ চৰিত্ৰবোৰে কেতিয়াবা আৱেগিক, কেতিয়াবা সংগ্রামী, আকৌ কেতিয়াবা নিগেটিভ। মোক প্ৰতিবাৰে অভিনয় শিকায়।

২০০০ চনৰ আৰম্ভণিৰ ফালে অসমীয়া বাণিজ্যিক চিনেমাক পুনৰুজ্জীৱিত কৰা আৰু বিপুল জনপ্রিয়তা লাভ কৰা ছবি আছিল ‘তুমি মোৰ মাথোঁ মোৰ’। চিনেমাখনৰ সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা অলপ জনাব নেকি। লগতে অভিনেতা হিচাপে জুবিন গাৰ্গ সন্দৰ্ভত আপোনাৰ মতামত কি?

তুমি মোৰ মাথোঁ মোৰ ছবিখন কেৱল এখন বাণিজ্যিকভাৱে সফল চিনেমা নাছিল, ই আছিল অসমীয়া চলচ্চিত্ৰ জগতত জুবিন গাৰ্গ নামৰ এটা ধুমুহাৰ আনুষ্ঠানিক আৰম্ভণি। ছবিখনৰ সফলতাৰ অন্যতম মূল চাবিকাঠী আছিল ইয়াৰ সংগীত। আজিও যেতিয়া ‘তুমি মোৰ মাথোঁ মোৰ’ ছবিখনৰ গানবোৰ বাজে, শ্রোতা আৱেগিক হৈ পৰে। জুবিন গাৰ্গে বলীউডৰ অনুকৰণ নকৰি এক নিজস্ব ষ্টাইল সৃষ্টি কৰিছিল, যিয়ে সেই সময়ৰ একঘেয়ামি ভাঙি দিছিল। তেওঁ কেৱল এজন মেগাষ্টাৰেই নহয়, এজন অতি সংবেদনশীল আৰু যত্নশীল ব্যক্তি। শ্বুটিঙৰ ব্যস্ততাৰ মাজতো মোৰ দেউতাক যিদৰে তেওঁ যতন লৈছিল, সেয়া তেওঁৰ দৰে এজন মহান শিল্পীৰ নম্ৰতাৰেই পৰিচয় । তেওঁৰ এই ‘কেয়াৰিং’স্বভাৱটোৰ বাবেই আজিও তেওঁ হাজাৰ হাজাৰ মানুহৰ হৃদয়ৰ ঘনিষ্ঠ। যিটো সময়ত অসমীয়া চিনেমাই বলীউডৰ নকল কৰিছিল, সেই সময়ত জুবিন গাৰ্গে তেওঁৰ আধুনিক সংগীত আৰু উপস্থাপন শৈলীৰে এক নতুন বার্তা দিছিল। ইয়াৰ পৰাই পৰৱৰ্তী সময়ত হিয়া দিয়া নিয়া বা নায়কৰ দৰে ছবিয়ে অসমীয়া ছবিজগতক এটা নতুন মাত্রা দিবলৈ সক্ষম হৈছিল। ‘তুমি মোৰ মাথোঁ মোৰ’ অসমীয়া চিনেমাৰ ইতিহাসত এটা মাইলৰ খুঁটি। ই প্ৰমাণ কৰিছিল যে যদি সংগীত আৰু আৱেগ সঠিক হয়, তেন্তে এখন বাণিজ্যিক ছবিয়েও যুগ যুগ ধৰি মানুহৰ মনত ৰাজত্ব কৰিব পাৰে।

বৰ্তমান সময়ত ৱেব ছিৰিজৰ দপদপনি। অ’টিটি প্লেটফৰ্মত অসমীয়া চিনেমাও প্ৰদৰ্শিত হৈছে। অসমীয়া চিনেমাক বিশ্বদৰবাৰত চিনাকি কৰাই দিছে। আপুনিও শেহতীয়াভাৱে ডিজিটেল মাধ্যমত সক্ৰিয় হৈছে। অসমীয়া ছবিৰ বিতৰণ আৰু দৰ্শকৰ মাজলৈ যোৱাৰ ধৰণ সম্পূৰ্ণ সলনি হৈ গৈছে। অ’টিটি প্লেটফৰ্মৰ উত্থানে অসমীয়া চিনেমা জগতত এক নতুন মাত্রা যোগ কৰিছে বুলি ভাবেনে?

চিনেমা বা ৱেবছিৰিজ এখনত কেৱল গালি-গালাজ বা উগ্র দৃশ্যৰে চিনেমা এখনক ‘আধুনিক’ বা ‘হিট’ কৰাৰ যি এক প্ৰৱণতা চলিছে, সেয়া প্রকৃততে সৃষ্টিশীলতাৰ দেউলিয়া ৰূপহে। অসমীয়া সমাজখন আজিও বহুখিনি পৰম্পৰাগত । পৰিয়ালৰ সৈতে বহি চাব নোৱাৰা ছবিয়ে এটা সীমিত শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰিলেও বৃহত্তৰ সমাজখনক চিনেমাৰ পৰা আঁতৰাই পঠিয়ায়। ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ” বা ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ এইবোৰে কোনো অশ্লীলতা অবিহনেই বিশ্বদৰবাৰত সন্মান লাভ কৰিছে। অর্থাৎ, ‘Content is King’ আমাৰ ছবিসমূহৰ সঠিক মার্কেটিং নোহোৱাৰ বাবে এনেকুৱা ডাঙৰ প্লেটফৰ্মৰ নজৰলৈ যাব নোৱাৰে। অসমীয়া চিনেমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল বলীউডৰ অনুকৰণ কৰিবলৈ যোৱাটো । আমাৰ শক্তি হ’ল আমাৰ নিভাঁজ গ্ৰাম্য জীৱন, আমাৰ লোক-সংস্কৃতি আৰু চহকী সাহিত্য। যেতিয়াই আমি নিজৰ শিপাক এৰি বোম্বেৰ ষ্টাইল ধৰিবলৈ যাওঁ, তেতিয়াই ছবিখন স্বকীয়তাহীন হৈ পৰে। এতিয়া এজন মানুহে ঘৰত বহিয়েই বিশ্বৰ শ্ৰেষ্ঠ চিনেমাখন চাব পাৰে। গতিকে তেওঁ নিজৰ মূল্যৱান সময় খৰচ কৰি বলীউড আৰু দাক্ষিণাত্যৰ ছবি অনুকৰণ কৰা এখন নিম্নমানৰ অসমীয়া চিনেমা কিয় চাব? প্রতিযোগিতাখন এতিয়া কেৱল স্থানীয় চিনেমাৰ মাজত নহয়, বৰঞ্চ বিশ্বৰ শ্ৰেষ্ঠ পৰিচালকসকলৰ সৈতে। যেতিয়া এখন অসমীয়া চিনেমা Netflix, Amazon Prime বা আঞ্চলিক OTT প্লেটফৰ্মত বিশ্বমানৰ ছবিৰ কাষতে উপলব্ধ হয়, তেতিয়া নির্মাতাসকলে গুণগত মান উন্নত কৰিবলৈ বাধ্য হয়। ই আমাৰ উদ্যোগটোক কাৰিকৰীভাৱে অধিক শক্তিশালী কৰিব ।

চিনেমাৰ মান উন্নত হৈছে আৰু উপাৰ্জনো হৈছে সঁচা। কিন্তু উদ্যোগটোৱে কিছুমান সমস্যাৰ সন্মুখীন হৈ আছে। বৰ্তমানৰ এই বৃহৎ উপাৰ্জনে অসমীয়া চিনেমাৰ মান সঁচাকৈয়ে সলনি কৰিছে বুলি আপুনি ভাবেনে ?

২০০০ চনৰ সেই সোণালী সময়ছোৱাত যিদৰে পৰিয়ালৰ সৈতে চিনেমা হললৈ যোৱাৰ এটা পৰিৱেশ আছিল, সেয়া পৰৱৰ্তী সময়ত ভিচিডি সংস্কৃতি আৰু মানহীন ছবিৰ ভিৰত ক’ৰবাত যেন হেৰাই গ’ল। কেৱল ৩০ শতাংশ ভাল ছবিয়ে এটা উদ্যোগক জীয়াই ৰখাটো কঠিন। যেতিয়া দর্শকে বাৰে বাৰে চিনেমা হলত গৈ হতাশ হয়, তেতিয়া তেওঁলোকৰ মাজত এটা নেতিবাচক ধাৰণা গঢ় লৈ উঠে। সেই হেৰুৱা বিশ্বাস ঘূৰাই আনিবলৈ হ’লে চিনেমাৰ কাহিনী আৰু নিৰ্মাণশৈলী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাটো জৰুৰী। এটা সময়ত ঘৰে ঘৰে ভিচিডিৰ প্ৰচলন হোৱাত মানুহে চিনেমা হললৈ যোৱাটো বন্ধ কৰি দিছিল। ইয়াৰ ফলত কম খৰচত নিম্নমানৰ ভিচিডি নির্মাণ কৰাৰ এটা প্ৰতিযোগিতা আৰম্ভ হৈছিল, যিয়ে চিনেমাৰ শৈল্পিক মানদণ্ড যথেষ্ট হ্ৰাস কৰিলে। কেৱল ‘চিনাকি মুখ’ বা তথাকথিত ‘ষ্টাৰ’ থাকিল বুলিয়ে চিনেমা এখন সফল নহয়। বর্তমান সময়ত দৰ্শকে নতুনত্ব বিচাৰে । যদি কাহিনী শক্তিশালী হয়, নতুন অভিনেতাৰ সৈতেও ছবি সফল হ’ব পাৰে। এইক্ষেত্ৰত বিতৰকসকলে চিনেমা এখনৰ ব্যৱসায়িক দিশৰ লগতে ইয়াৰ গুণগত মান বিচাৰ কৰাটো প্ৰয়োজন। তেওঁলোকে সাহস কৰি নতুন পৰীক্ষামূলক ছবিসমূহক সুযোগ দিলেহে উদ্যোগটোৱে নতুন গতি পাব । অসমত চিনেমা হলৰ সংখ্যা আজিও যথেষ্ট কম। বিশেষকৈ গ্ৰাম্য অঞ্চলত চিনেমা হল নথকাৰ বাবে এখন ভাল ছবিয়েও যোগ্য উপাৰ্জন কৰিব নোৱাৰে ৷ চিনেমা হলৰ পৰিৱেশ উন্নত কৰা আৰু টিকটৰ মূল্য দৰ্শকৰ সাধ্যৰ ভিতৰত ৰখাটোও এক গুৰুত্বপূর্ণ প্রত্যাহ্বান ।

জাহ্নু বৰুৱা, মুনিন বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী,  মঞ্জু বৰা, বাণী দাস, ৰজনী বসুমতাৰীকে আদি কৰি বহু পৰিচালকৰ সৈতে আপুনি কাম কৰিছে। সেই অভিজ্ঞতা কেনেকুৱা। কোনজন আপোনাৰ প্ৰিয় ?

প্ৰতিগৰাকী পৰিচালকৰ এক সুকীয়া বৈশিষ্ট্য আছে। বিদ্যুৎ চক্ৰৱৰ্তী এগৰাকী নিৰ্মাতা আৰু শিক্ষক। প্রয়াত বিদ্যুৎ চক্ৰৱৰ্তীৰ ছবিসমূহত যি নান্দনিকতা আৰু চৰিত্ৰৰ গভীৰতা থাকে, সেয়া অতুলনীয়। ‘অহিৰ ভৈৰৱ’, ‘দুৱাৰ’, ‘গুণগুণ গানে গানে’ৰ দৰে ছবিত অভিনয়ৰ যি স্বাভাৱিকতা তেওঁ বিচাৰিছিল, সেয়া এজন শিল্পীক ভিতৰৰ পৰা সলাই দিব পৰা ক্ষমতা ৰাখে । তেওঁৰ সৈতে কাম কৰা মানে অভিনয়ৰ এটা নতুন ব্যাকৰণ শিকা। জাহ্নু বৰুৱা, আন্তৰ্জাতিক মানৰ প্ৰতিষ্ঠান বুলি ক’ব লাগিব। জাহ্নু বৰুৱাৰ ছবিত কাম কৰাৰ অৰ্থই হ’ল অনুশাসন আৰু নিখুঁততা। ‘বান্ধোন’, ‘ভগা খিৰিকীৰ দৰে ছবিত তেওঁ যি ধৰণৰ ‘মিনিমেলিষ্টিক’ (কমতে বেছি বুজোৱা) অভিনয় বিচাৰে, সেয়া সঁচাকৈয়ে এক ডাঙৰ শিক্ষা। লগতে নাম ল’ব লাগিব বাণী দাসৰ । ছেট্‌ পৰিৱেশ ভাল হ’লে শিল্পীৰ সৃজনীশীলতা দুগুণ বাঢ়ি যায়, আৰু বাণী দাসে সেই পৰিৱেশটো সুন্দৰকৈ গঢ়িব জানে । আমাৰ শ্ৰদ্ধাৰ ভাইমনদা (মুনিন বৰুৱা) তেওঁ আছিল অসমীয়া চিনেমাৰ ‘ষ্টৰী টেলিঙৰ’ যাদুকৰ তেওঁৰ বুজোৱাৰ শৈলী ইমান শক্তিশালী আছিল যে অভিনেতাৰ মনত সেই চৰিত্ৰটোৰ এখন স্পষ্ট ছবি ভাহি উঠিছিল। সেয়েহে তেওঁৰ ছবিৰ চৰিত্ৰবোৰ ইমান জনপ্রিয় আছিল । গতিকে প্ৰত্যেকৰে সুকীয়া ।

জেৰিফা ৱাহিদ প্ৰডাকচনৰ জৰিয়তে অসমৰ নাট্য জগত আৰু কলা-সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰি আছে। এইক্ষেত্ৰত নতুন প্ৰজন্মক উদ্দেশ্যি কিবা পৰিকল্পনা আছে নেকি ? মঞ্চ অভিনয় আৰু চিনেমা-দুয়োটাই অভিনয়ৰ মাধ্যম যদিও দুয়োৰে মাদকতা সুকীয়া। এজন অভিনেতা বা দৰ্শক হিচাপে কোনটো শ্ৰেষ্ঠ, সেয়া নিৰ্ভৰ কৰে ব্যক্তিগত ৰুচিৰ ওপৰত । আপোনাৰ বাবে কোনটো বেছি আকর্ষণীয় ?

২০০৮ চনৰ পৰা ধাৰাবাহিকভাৱে নাটকৰ লগত জড়িত হৈ আছোঁ। নাটক কেৱল আমোদ-প্রমোদ নহয়, ই এখন বিদ্যালয়। আমাৰ কেনভাছ খুব ডাঙৰ হয়। বহু অভিনেতা-অভিনেত্ৰীক লৈ কাম কৰোঁ। আমাৰ নাটক উপস্থাপন শৈলী ডাঙৰ। নাটকৰ ‘উমৈহতীয়া চেতনা’ই (Collective consciousness) দলীয় কাম কৰাৰ শক্তি প্ৰদান কৰে। কিন্তু বৰ্তমান এক গভীৰ সমস্যা যে অসমত ভাল নাটক কৰা প্ৰেক্ষাগৃহৰ অভাৱ। ইচ্ছা আৰু প্ৰতিভা থকা সত্ত্বেও উপযুক্ত আন্তঃগাঁথনি বা প্ৰেক্ষাগৃহৰ অভাৱত বহু পৰীক্ষামূলক কাম স্তব্ধ হৈ ৰয় । মঞ্চ আৰু ৰূপালী পৰ্দা দুয়োটা মাধ্যমৰে সোৱাদ সুকীয়া । মঞ্চত ইয়াত অভিনেতা আৰু দৰ্শকৰ মাজত এক পোনপটীয়া সংযোগ থাকে। ‘লাইভ’ অভিনয়ৰ যি শিহৰণ আৰু দৰ্শকৰ তাৎক্ষণিক সঁহাৰি, সেয়া আন ক’তো পোৱা নাযায়। আৰু চিনেমাৰ পৰিসৰ বিশাল। ই এজন শিল্পীক একে সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ওচৰলৈ লৈ যাব পাৰে। চিনেমাৰ সূক্ষ্মতা আৰু স্থায়িত্বই ইয়াক এক বিশেষ আকর্ষণ প্ৰদান কৰে ।

এটা নতুন চৰিত্ৰৰ বাবে আপুনি নিজক কেনেকৈ সাজু কৰে? আপোনাৰ নিজৰ ব্যক্তিত্বতকৈ সম্পূৰ্ণ বিপৰীত এটা চৰিত্ৰ কৰোঁতে কি কি অসুবিধা হয় ?

মই যেতিয়া চৰিত্ৰ এটিৰ বাবে আগবাঢ়োঁ মই চিত্রনাট্য খুব পঢ়োঁ। চিত্রনাট্য বাৰে বাৰে পঢ়াৰ অৰ্থ কেৱল সংলাপ মুখস্থ কৰা নহয়, ইয়াৰ অৰ্থ হ’ল চৰিত্ৰটোৰ মনস্তত্ত্ব বুজি পোৱা। চৰিত্ৰৰ খাতিৰত নিজৰ ওজন কমোৱা-বঢ়োৱা বা খোজকঢ়াৰ ধৰণ সলনি কৰাটোৱে অভিনেতা এজনৰ ত্যাগ আৰু একাগ্রতা সূচায়। অভিনয়ত ভাষাৰ শুদ্ধতা আৰু আৱেগ অনুযায়ী কণ্ঠস্বৰৰ উঠা-নমা অতি গুৰুত্বপূৰ্ণ। লগতে কর্মশালা বা ৱৰ্কশ্বপে এজন অভিনেতাক কেৱল অভিনয় শিকাই নহয়, বৰঞ্চ সহঃ অভিনেতাৰ সৈতে এটা সুন্দৰ সমন্বয় গঢ়ি তোলাত সহায় কৰে। ই নিজৰ মাজত থকা দোষবোৰ শুধৰাই লৈ এটা ‘পলিচড’ ৰূপত কেমেৰাৰ সন্মুখলৈ যোৱাত সহায় কৰে। যিজন অভিনেতাই প্রত্যাহ্বানক ভয় নকৰে, তেওঁহে দীৰ্ঘকাল দৰ্শকৰ মনত ৰৈ যায় । একেধৰণৰ চৰিত্ৰ কৰি থকাটো নিৰাপদ হ’ব পাৰে, কিন্তু নিজৰ বিপৰীত ধৰ্মী চৰিত্ৰ একোটাত সফল হোৱাৰ আনন্দই সুকীয়া । ই এজন শিল্পীৰ পৰিসৰ বৃদ্ধি কৰে ।

কেমেৰাৰ সন্মুখত এটা আৱেগিক দৃশ্য বাৰে বাৰে ‘ৰি-টেক্’ লওঁতে সেই একেই আৱেগ ধৰি ৰখাৰ কৌশল কি? এতিয়ালৈকে কৰা কোনটো চৰিত্ৰ আপোনাৰ বাবে আটাইতকৈ কঠিন আছিল ?

অভিনয় কেৱল এজন শিল্পীৰ একক প্রদর্শন নহয়, ই এটা সামূহিক সাধনা। বিশেষকৈ যেতিয়া এটা আৱেগিক দৃশ্য বা জটিল দৃশ্যৰ শ্বুটিং চলি থাকে, তেতিয়া অভিনেতা এজনৰ একাগ্রতা বা ‘কনচেণ্ট্ৰেছন’ ভংগ হোৱা মানেই গোটেই চৰিত্ৰটোৰ ধাৰাবাহিকতা হেৰাই যোৱা। অভিনয়ৰ সময়ত শিল্পীজনে নিজৰ মগজুক এটা নিৰ্দিষ্ট আৱেগিক স্তৰলৈ লৈ যায়। যদি কিবা কাৰণত ‘ৰি-টেক্’ ল’ব লগা হয়, সেই একেই আৱেগ পুনৰ ঘূৰাই অনাটো সহজ নহয়। তেনে সময়ত যদি ইউনিটৰ কোনোবাই হাঁহি-ধেমালি বা বিৰক্তি প্রকাশ কৰে, তেন্তে অভিনেতাৰ মনটো চৰিত্ৰটোৰ পৰা আঁতৰি বাস্তৱ জগতলৈ ঘূৰি আহে। ফলত অভিনয় কৃত্ৰিম হৈ পৰাৰ সম্ভাৱনা থাকে। অভিনয় মানেই হ’ল ‘Living in the moment’। সেই মুহূৰ্তটোত জীয়াই থাকিবলৈ অভিনেতাৰ চাৰিওফালে এটা পৱিত্ৰ নিস্তব্ধতাৰ প্রয়োজন। ইউনিটৰ লোকসকলৰ সজাগতাই এজন অভিনেতাক সুৰক্ষিত অনুভৱ কৰায়, যিয়ে তেওঁক অধিক আত্মবিশ্বাসেৰে কাম কৰাত সহায় কৰে। কথানদী চৰিত্ৰটো কঠিন আছিল বুলি ক’ম, কাৰণ ম‍ই সচৰাচৰ কৰি থকা ৰোলৰ পৰা ই পৃথক আছিল ৷

যিসকল নতুন ল‘ৰা-ছোৱালীয়ে অভিনয়ক পেছা হিচাপে ল‘ব বিচাৰে, তেওঁলোকক আপুনি কি ক’ব? এজন ভাল অভিনেতা হ’বলৈ পর্যবেক্ষণ কিমান প্রয়োজনীয় ?

অভিনয় কেৱল কেমেৰাৰ সন্মুখত থিয় হৈ সংলাপ মতাটোৱেই নহয়, ই হ’ল মানুহৰ মনস্তত্ত্ব আৰু চাৰিওফালৰ পৃথিৱীখনক বুজি পোৱাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া। নিৰীক্ষণ অভিনয়ৰ বুনিয়াদ । এজন অভিনেতাৰ বাবে গোটেই পৃথিৱীখন এখন পাঠশালা। যেতিয়া এজন অভিনেতাই কোনো এটা চৰিত্ৰ ৰূপায়িত কৰে, তেতিয়া তেওঁৰ মগজুত জমা হৈ থকা এই নিৰীক্ষণবোৰেই অভিনয়ক জীৱন্ত কৰি তোলে। এজন ভাল অভিনেতা হ’বলৈ প্ৰথমে তেওঁ এজন ভাল মানুহ হোৱাটো প্রয়োজন।

আপুনি খুব সুন্দৰকৈ নিজকে মেইনটেইন কৰি আছে। আপোনাৰ জীৱনশৈলীৰ বিষয়ে অৱগত কৰিব নেকি ?

জীৱনশৈলীৰ কথা ক’বলৈ গ’লে মা-দেউতাই সৰুতে দিয়া সেই নিয়মানুৱৰ্তিতাৰ শিক্ষা আজিও বুকুত বান্ধি ৰাখিছোঁ। ম‍ই সময়মতে সকলো কাম কৰি ভাল পাওঁ। নিতৌ ম‍ই ব্যায়াম আৰু মেডিটেচন কৰোঁ। লগতে ঘৰৰ খাদ্য মোৰ প্ৰিয় ৷ আজিৰ দিনত জাংক ফুড বা বাহিৰৰ তেল- মচলাযুক্ত খাদ্যৰ প্ৰতি মানুহ যিমান আকর্ষিত হৈছে, তাৰ বিপৰীতে ঘৰত মৰমেৰে বনোৱা এসাঁজ ভাতৰ যি গুণাগুণ, সেয়া কোনো দামী ৰেষ্টুৰেণ্টৰ খাদ্যই দিব নোৱাৰে। ই কেৱল পেটেই নভৰায়, শৰীৰটোকো দীৰ্ঘম্যাদী ৰোগৰ পৰা বচাই ৰাখে । এইখিনিতে নৱপ্ৰজন্মক উদ্দেশ্যি এটা কথা উল্লেখ কৰিবই লাগিব যে নিচাযুক্ত দ্ৰব্যৰ পৰা বা ক্ষন্তেকীয়া আনন্দৰ বাবে নিজৰ অমূল্য জীৱনটো আৰু পৰিয়ালটো ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো কেতিয়াও বুধিয়কৰ কাম হ’ব নোৱাৰে। ‘এটি সুন্দৰ মন, এটি সুন্দৰ স্বাস্থ্য’। আমাৰ বাহ্যিক চেহেৰাটোক যিমানেই আমি যত্ন নলওঁ কিয়, যদিহে মনটো অশান্ত হৈ থাকে বা নেতিবাচক চিন্তাৰে ভৰি থাকে, তেন্তে সেই সৌন্দর্য বেছিদিন নিটিকে। যেতিয়া মনটো সুস্থ আৰু শান্ত থাকে, তাৰ প্ৰতিফলন স্বয়ংক্রিয়ভাৱে মুখমণ্ডল আৰু স্বাস্থ্যত পৰে। এজন মানুহ শাৰীৰিকভাৱে কেনেকুৱা তাতকৈ তেওঁ মানসিকভাৱে কিমান শক্তিশালী আৰু শৃংখলাবদ্ধ, সেয়াহে প্রকৃত পৰিচয়। নিয়মানুৱৰ্তিতা আৰু সুস্থ মানসিকতাই এজন ব্যক্তিক সদায় নিৰোগী আৰু সুখী কৰি ৰাখে।

আপোনাৰ এনে কোনো চৰিত্ৰ আছে নেকি যিটো অভিনয় কৰাৰ সপোন আপুনি সদায় দেখি আহিছে? ভৱিষ্যতে আপুনি কেনেধৰণৰ চৰিত্ৰত নিজক দেখুৱাব বিচাৰে বা আপোনাৰ ড্রীম ৰোলটো কি?

এগৰাকী প্রকৃত শিল্পীৰ পৰিচয় তেওঁৰ ‘ভাৰ্চাটাইল’ বা বহুমুখী চৰিত্ৰ ৰূপায়ণ কৰাৰ সাহসৰ মাজতেই লুকাই থাকে । এখন ধুনীয়া মুখ হৈ পৰ্দাত থাকিব নিবিচাৰোঁ, বৰঞ্চ এগৰাকী সক্ষম অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ । কেৱল গ্লেমাৰৰ পাছত দৌৰাতকৈ নিগেটিভ বা প্ৰত্যাহ্বানমূলক চৰিত্ৰৰ প্ৰতি আগ্ৰহ বেছি। যিয়ে মই ভাবো অভিনয়ৰ প্ৰতি থকা ভোকটোক প্রতিফলিত কৰে। একঘেয়ামিতাৰ বিপৰীতে কেৱল সুন্দৰ সাজপাৰ আৰু মেকআপৰ মাজত আবদ্ধ থকাটোৱে অভিনয়ৰ পৰিসৰ সীমিত কৰি পেলায়। চৰিত্ৰটোৰ গভীৰতালৈ যোৱাৰ যি হেঁপাহ সেয়াইহে এজন শিল্পীক আনতকৈ পৃথক কৰিব পাৰে ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.