১৪ ফাগুন, শুক্ৰবাৰ , ইং ২৭ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, আজি আপোনাৰ ব্যয় বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত চিন্তা বাঢ়িব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰোঁতে সজাগতা নহ’লে খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ভ্ৰমণত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ধন- সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে অৱাৱত সময় নষ্ট হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততাৰ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সামান্য বাধাৰ সন্মুখীন হব পাৰে, লগতে আজি আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনৰ চিন্তা ধাৰা সামান্য খেলিমেলিৰ হ’ব পাৰে লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সামগ্ৰী লাভ কৰিব, লগতে আজি আপোনাৰ ধন- সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য অৱসাদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.