মুখৰ ক’লা ছাল আঁতৰাবলৈ ঘৰুৱা উপায়

39

বর্ণালী ভট্টাচার্য

হৰমনৰ ভাৰসাম্যহীনতা আৰু হাইপাৰপিগমেণ্টেচনকে ধৰি কেইবাটাও কাৰণে মুখৰ চাৰিওফালে ছাল ক’লা হোৱাত অৰিহণা যোগাব পাৰে। ইয়াৰ পৰা মুক্তি পোৱাৰ ৫টা প্রাকৃতিক উপায় আগবঢ়োৱা হ’ল।

এপিডার্মিছৰ গভীৰ তৰপবোৰে মেলানিন উৎপন্ন কৰে, যিটো ৰঞ্জক পদাৰ্থই ছালৰ ৰং দিয়ে। সূৰ্যৰ ৰশ্মি আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ মেলানিন অতি প্রয়োজনীয় যদিও ইয়াৰ অত্যধিক পৰিমাণৰ ফলত ৰং আৰু ক’লা দাগ হ’ব পাৰে। বহুত মানুহৰ লগত এনেকুৱা হয়, আৰু আমাৰ গৰিষ্ঠসংখ্যকে ইয়াক মেকআপেৰে ঢাকিবলৈ চেষ্টা কৰে। কিন্তু কিছুমান প্রাকৃতিক ঘৰুৱা উপায় চাওঁ আহক, যিয়ে আপোনাক সমস্যাটো নিজেই উভালি পেলোৱাত সহায় কৰিব পাৰে।

মুখৰ চাৰিওফালে ক’লা ছাল হোৱাৰ কাৰণ—

মুখৰ চাৰিওফালে ৰং সলনি হোৱাটো প্ৰায়ে হাইপাৰপিগমেণ্টেচনৰ বাবে হয়। কিন্তু হাইপাৰপিগমেণ্টেচন নিৰাপদ, ই অতি বিৰক্তিকৰ হ’ব পাৰে। মুখৰ চাৰিওফালে থকা ছালখন পাতল আৰু সেয়েহে ইয়াৰ ক্ষতিৰ সম্ভাৱনা বেছি। এই ক’লা দাগবোৰ অধিক পৰিমাণৰ মেলানিনৰ ফলত হয়। মুখৰ চাৰিওফালে অধিক পৰিমাণৰ মেলানিন বহু কাৰণত হ’ব পাৰে, যেনে- ৰ’দৰ সংস্পৰ্শ, গৰ্ভাৱস্থাত হৰমনৰ পৰিৱৰ্তনৰ ফলত হোৱা মেলাছমা, হাইপাৰপিগমেণ্টেচন, আৰু আপোনাৰ চৌপাশৰ জলবায়ু। মুখৰ চাৰিওফালে থকা ক’লা ছালৰ চিকিৎসাৰ বাবে ৫টা ঘৰুৱা উপায় আগবঢ়োৱা হ’ল—

নেমুঃ নেমুই ক’লাজেন বৃদ্ধি কৰে আৰু ইয়াৰ প্ৰাকৃতিক ব্লিচিং গুণ আছে। মৌ বা দৈৰ সৈতে মিহলি কৰিলে ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণ বৃদ্ধি পায় আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে। কিছু সতেজ নেমুৰ ৰস মৌ বা দৈৰ লগত মিহলাই ক’লা ঠাইত ডাঠ পেষ্ট লগাওক । শুকুৱাবলৈ দি সাধাৰণ পানীৰে ধুব।

অটমিল স্ক্রাবঃ অটমিল, টমেটো পাল্প আৰু অলিভ অইল দি ফেচপেক বনাওক। ছালত লগাওক আৰু বৃত্তাকাৰ গতিৰে লাহে লাহে ঘঁহিব। ই আপোনাৰ ছালখন উজ্জ্বল কৰি তোলাত সহায় কৰিব আৰু ছালৰ মৃতকোষবোৰ আঁতৰাই পেলাব। ইয়াৰ উপৰি ওঁঠৰ চাৰিওফালে থকা অংশটো পাতল কৰাত সহায় কৰিব।

আলুঃ মুখৰ চাৰিওফালে থকা ক’লা ঠাইবোৰ আঁতৰাবলৈ আধা কেঁচা আলু ক’লা হোৱা ঠাইত বৃত্তাকাৰ গতিৰে প্ৰায় ২০ মিনিট মালিচ কৰিব লাগে। আলুৰ ব্লিচিং গুণ থাকে আৰু এই চিকিৎসা ৰোগীৰ বাবে আদর্শ ।

পকা অমিতাঃ প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ আৰু ‘চি’ থাকে আৰু ইয়াক ব্যৱহাৰ কৰিলে মুখৰ চাৰিওফালে থকা ক’লা দাগ কম কৰিব পাৰি। পকা অমিতা কেইটামান টুকুৰা লৈ গোলাপৰ পানীৰ লগত মিহলাই ডাঠ পেষ্ট বনাব। মাস্ক হিচাপে লগাই আধা ঘণ্টা ধৰি ৰাখিব। ঠাণ্ডা পানীৰে লাহে লাহে ধুই পেলাওক ।

বেচনঃ বেচনে হাইপাৰপিগমেন্টেচন ফলপ্রসূভাৱে হ্ৰাস কৰিব পাৰে। মাত্র আধা চামুচ হালধিৰ গুড়ি ২ চামুচ বেচনৰ লগত মিহলাই ল’ব লাগিব। আপোনাৰ পছন্দ অনুসৰি গোলাপ পানী বা গাখীৰ দিব। এই পেষ্ট আপোনাৰ ছালৰ আক্ৰান্ত অংশত লগাই ১০- ১৫ মিনিট ৰাখিব। শুকুৱাই লোৱাৰ পিছত ভালদৰে ধুই পেলাওক।

You might also like

Comments are closed, but trackbacks and pingbacks are open.