আইনাৰ আলাপত বিপুলজ্যোতি শ‍ইকীয়া

35

বর্ণালী এছ. ডেকা

বিপুলজ্যোতি শ‍ইকীয়া অসমীয়া সাহিত্যৰ এগৰাকী প্ৰখ্যাত কবি, যাৰ কবিতা ১৯৭০ দশকৰ শেষভাগৰ পৰা প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কাব্য জগতখন মূলতঃ অস্তিত্বৰ সন্ধান, জীৱনৰ পৰস্পৰবিৰোধী অভিজ্ঞতা, অসম আন্দোলন (১৯৮০) আৰু গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘাতৰ ঐতিহাসিক প্ৰেক্ষাপটত বিকশিত হৈছে। তেওঁৰ কবিতা ৰাজনৈতিকভাৱে সচেতন। তেওঁৰ ভালেকেইটা কবিতাৰ বিষয়বস্তু যুদ্ধ, যিয়ে যুদ্ধৰ ভয়াবহ আৰু ধ্বংসাত্মক দিশটোক তুলি ধৰিছে আৰু শান্তিৰ পক্ষত কথা কৈছে।

সময়, স্মৃতি আৰু অস্তিত্বৰ মাজৰ সংঘাত তেওঁৰ কবিতাত প্ৰায়ে উদ্ভৱ হয়। উদাহৰণস্বৰূপে, ‘পাহৰণিৰ নৈ’ কবিতাটোত নদীখনক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি স্মৃতিৰ সোঁত, পাহৰণি, আৰু অতীত আৰু বৰ্তমানৰ সংযোগ দেখুৱাইছে। ‘মোৰ নোপজা ছোৱালীজনী’ নামৰ কবিতাটোত একে সময়তে অস্তিত্ব আৰু অস্তিত্বহীনতাৰ মাজৰ দ্বন্দ্বৰ বিষয়বোৰ উত্থাপন কৰিছে।

তেওঁৰ কবিতাৰ ভাষা সাধাৰণতে সহজ, কিন্তু আধ্যাত্মিক-দার্শনিক গভীৰতাৰে সমৃদ্ধ । তেওঁৰ কবিতাত প্ৰকৃতিৰ উপাদানসমূহক (নদী, আকাশ, বৰষুণ) প্ৰায়ে প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়, যিবোৰে অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট সমৃদ্ধ কৰিছে। তেওঁৰ কবিতা সাধাৰণ পাঠকৰ বাবে বোধগম্য, কিন্তু চিন্তাশীল— যি জীৱনৰ সত্যতাক লৈ প্রশ্ন উত্থাপন কৰে ।

বৃত্তিগতভাৱে বিজ্ঞানী এই গৰাকী বিশিষ্ট কবিৰ সৈতে হোৱা কথোপকথন এইবাৰ ‘আইনা’ৰ আলাপ শিতানত পাঠক সমাজলৈ আগবঢ়াইছোঁ।

আপোনাৰ কবিতাই অসমীয়া সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছে, যিয়ে দৰ্শন, বিজ্ঞান আৰু ব্যক্তিগত অনুভৱৰ এক সুন্দৰ সংমিশ্ৰণ ঘটাইছে। কবিতাৰ বিষয়বস্তু আপুনি কেনেকৈ বাছনি কৰে?

মই সাধাৰণতে বিষয় এটা আগতীয়াকৈ বাছনি কৰি কবিতা নিলিখোঁ। মোৰ পঢ়া-শুনা আৰু অভিজ্ঞতাৰ এক বিশাল অংশ অধিকাৰ কৰি আছে বিজ্ঞানে—বিশেষকৈ তাত্ত্বিক পদার্থবিজ্ঞান আৰু গণিতে। তাত্ত্বিক পদার্থবিজ্ঞান আৰু গণিতক প্ৰকৃতিৰ দৰ্শন বুলি ক’ব পাৰি। সেয়ে হয়তো মোৰ কবিতালৈ সেই বিষয়বোৰ আহিছে। লেখকৰ ভাবনা-চিন্তাৰ জগতখন যিবোৰ বিষয়-বস্তুৱে অধিকাৰ কৰি ৰাখে, সেইবোৰেই তেওঁৰ লিখনিৰ মাজলৈ আহে। মোৰ ক্ষেত্ৰতো নিশ্চয় সেইটোৱে ঘটিছে। কিন্তু এইখিনি কথা কোৱাৰ পিছতো ক’ব লাগিব যে কবি এগৰাকী সমাজৰ এটা অংশ। সামাজিক-ৰাজনৈতিক ঘটনা প্রবাহেও তেওঁৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়বোৰো তেওঁৰ কবিতালৈ আহে। কবিৰ এটা ব্যক্তিগত জীৱনো থাকে। তেওঁৰ ব্যক্তিগত আবেগ-অনুভূতিও কবিতাৰ মাজলৈ আহে। মোৰ ক্ষেত্ৰতো নিশ্চয় এনে হৈছে।

আপুনি কবিতা লিখাৰ প্ৰেৰণা ক’ত পায়? কোনোবা নিৰ্দিষ্ট অভিজ্ঞতা বা পৰিৱেশে আপোনাৰ কবিতাত প্ৰভাৱ পেলায় নেকি ?

মোৰ পিতৃ-মাতৃ দুয়ো শিক্ষাজগতৰ সৈতে জড়িত আছিল। ঘৰুৱা পৰিবেশৰ কাৰণেই হয়তো সৰুৰেপৰা বাহিৰা কিতাপ-আলোচনী পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠিছিল। আনে যদি লিখিব পাৰে, মইনো কিয় নোৱাৰোঁ ধৰণৰ কিবা এটা চিন্তাৰ পৰাই চাগে লিখিবলৈ লৈছিলোঁ। কবিতা লিখাৰ প্ৰথম প্ৰেৰণাৰ কথা ক’বলৈ গ’লে পঠন-অভ্যাসৰ কথাই ক’ব লাগিব ৷ যিহেতু লিখিবলৈ ল’লোঁৱেই, পিছলৈ সেইটো নিজেই এক প্ৰেৰণা হৈ পৰিল ৷ অভিজ্ঞতা আৰু পৰিৱেশে লেখকৰ ওপৰত স্বাভাৱিকতে প্ৰভাৱ পেলায়। ওপৰৰ প্ৰশ্নটোৰ উত্তৰত মই এই কথাখিনি কৈছোঁৱেই।

আপোনাৰ কবিতাৰ শৈলী বা মূল থীমসমূহ কেনেকৈ বিকশিত হয়? সময়ৰ সৈতে সেইবোৰ কেনেকৈ সলনি হৈছে?

কবিতাৰ শৈলী সাধাৰণতে নিৰ্ভৰ কৰে কবিতাৰ বিষয়ৰ ওপৰত। মই তেনেকৈয়ে ভাবোঁ। এক নির্দিষ্ট শৈলীত ম‍ই কবিতা লিখা নাই। বিষয়ে সেইটো নিৰ্দ্ধাৰণ কৰিছে। সময় আৰু অভিজ্ঞতাই নিশ্চয় সেইবোৰৰ সালসলনি ঘটাইছে। এই কথাবোৰ বোধহয় সমালোচকসকলেহে ভালকৈ আলোচনা কৰিব পাৰিব ।

প্রশ্নঃ কবিতা লিখাৰ প্ৰক্ৰিয়াটো আপোনাৰ বাবে কেনেকুৱা ? প্ৰথম প্ৰেৰণাৰপৰা চূড়ান্ত সম্পাদনালৈকে কি কি পর্যায় পাৰ হয়?

কবিতা এটা আৰম্ভ হোৱাৰ ‘ঘটনা’টো ব্যাখ্যা কৰিব নোৱাৰি । কিবা এটা চিন্তা, কিবা এটা অভিজ্ঞতাই মনলৈ ক’ৰবাৰ পৰা দুটামান শাৰী কঢ়িয়াই আনে, তাৰ পাছত তাৰ বিস্তাৰ ঘটে। মই মোৰ নিজৰ কথা কৈছোঁ। প্ৰত্যেকজন কবিৰে কবিতা লিখাৰ প্ৰক্ৰিয়াটো নিশ্চয় বেলেগ বেলেগ। বিষয় এটা নিৰ্দিষ্ট কৰি দিলে ম‍ই কবিতা লিখিব নোৱাৰোঁ। আন এজন কবিয়ে পাৰিবও পাৰে, মোৰ সেই প্রতিভা নাই। মোৰ মনলৈ আপোনমনে – কেতিয়াবা একেবাৰে অলক্ষিতভাৱে— অহা চিন্তা এটাৰপৰাই মোৰ কবিতাবোৰ আৰম্ভ হয়। আৰম্ভ হোৱাৰ পিছত মই সচেতনভাৱে সেইটো লিখি উলিয়াবলৈ চেষ্টা কৰোঁ, কটা-কুটা কৰোঁ, সম্পাদনা কৰোঁ,—সেই চিন্তাক অধিক সমৃদ্ধ কৰিবলৈ যত্ন কৰোঁ। কেতিয়াবা বিফল হওঁ, কেতিয়াবা সফল হওঁ। কবিতাৰ আৰম্ভণি এক ব্যাখ্যাহীন সৃষ্টি যদিও পৰৱৰ্তী পৰ্যায়টো নির্মিতি। কবিতাৰ নিৰ্মাণত মই বিশ্বাস কৰোঁ। সেই নির্মাণ প্ৰক্ৰিয়াটোত সুখী নোহোৱালৈকে কবিতাটো প্ৰকাশ কৰিবলৈ মই টান পাওঁ। কেতিয়াবা ম‍ই আনকি প্ৰকাশ হৈ যোৱা কবিতাও কিতাপত প্ৰকাশ কৰাৰ সময়ত সম্পাদনা কৰোঁ।

প্রশ্নঃ আপোনাৰ কবিতাত ব্যক্তিগত অভিজ্ঞতা আৰু সাৰ্বজনীন থীমৰ মাজত কেনেকৈ ভাৰসাম্য ৰাখে ?

ব্যক্তিগত অভিজ্ঞতাক সার্বজনীন কৰি তুলিব পৰাটোতে কবিতাৰ সাৰ্থকতা। কেৱল কবিতাৰে নহয় যিকোনো শিল্পকৃতিৰ সার্থকতা। যিকোনো শিল্পকৃতিয়ে গ্রহিতাৰ মনত অনুৰণনৰ সৃষ্টি কৰিব লাগিব। এই প্ৰক্ৰিয়াটো কেনেকৈ ঘটে কোৱা টান।

প্রশ্নঃ আপুনি কবিতাৰ গঠন বা ফর্ম—যেনে মুক্ত ছন্দ, ছনেট আদি—কেনেকৈ নির্বাচন কৰে ?

আগতেই কৈছোঁ, কবিতাৰ শৈলী সাধাৰণতে নিৰ্ভৰ কৰে কবিতাটোৰ বিষয়বস্তুৰ ওপৰত।

প্রশ্নঃ আপোনাৰ প্ৰিয় কবি বা কবিতা কোনটো? কিয় সেইটোৱে আপোনাক প্ৰভাৱিত কৰে ?

এগৰাকী মাত্র প্রিয় কবি বা এটা মাত্র প্রিয় কবিতাৰ কথা ক’ব নোৱাৰিম। ১৯৭০ৰ দশকৰ শেষৰফালে যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ ওপৰত এগৰাকী কবিৰ সৰ্বগ্রাসী প্রভাৱ পৰিছিল— সেইগৰাকী কবি হীৰেন ভট্টাচাৰ্য, আমাৰ সকলোৰে হীৰুদা। আধুনিক অসমীয়া কবিতাৰ জগতত ব্যক্তিগত অভিজ্ঞতাৰ সাৰ্বজনীন প্ৰকাশৰ সবাতোকৈ উৎকৃষ্ট উদাহৰণ সম্ভৱতঃ হীৰুদাৰ কবিতা । হীৰুদাৰ কবিতাবোৰ আমাৰে নিজৰ মনৰ কথা যেন লাগে। পৰৱৰ্তীকালত পঢ়া-শুনাৰ পৰিধি বাঢ়িল। নৱকান্ত বৰুৱা মোৰ অন্যতম এগৰাকী প্ৰিয় কবি। মোৰ কবিতাত নিশ্চয় তেওঁৰো প্ৰভাৱ পৰিছে। বাংলা ভাষাৰ দুগৰাকী কবিৰ কবিতাৰ ম‍ই পৰম ভক্ত—শক্তি চট্টোপাধ্যায় আৰু শংখ ঘোষ ৷ পাবলো নেৰুদা, ভাস্কো পপা, মায়া এঞ্জেলোৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও দেশী-বিদেশী কবিৰ ভালেখিনি কবিতা মই পঢ়িছোঁ। যোৱা দুটা দশকজুৰি জাপানী কবিতা পঢ়ি আছোঁ, অসমীয়ালৈ অনুবাদো কৰিছোঁ ৷ এইবোৰৰ প্রভাৱ মোৰ কবিতাত নিঃসন্দেহে পৰিছে।

এতিয়া ডিজিটেল যুগ। জেন জিয়েও কবিতা লিখে। বহুতৰ কবিতাই মন ছুই যায়। কবিতাৰ ক্ষেত্ৰত এটা সাধনাৰ প্ৰয়োজন । বহুতৰ ক্ষেত্ৰত তাৰ অভাৱ বা নতুনচামে বিষয়বস্তু সঠিক ৰূপত অনুধাৱন কৰিব পাৰিছে বুলি আপুনি ভাবেনে ?

আমাৰ দিনত কবিতা এটা পঢ়ুৱৈৰ সন্মুখলৈ উলিয়াই দিয়াটো বৰ ডাঙৰ সমস্যা আছিল। কাকত-আলোচনীৰ সংখ্যা সীমিত আছিল। দৈনিক বাতৰিকাকতে কবিতা প্রকাশ নকৰিছিল। অপ্রকাশিত কবিতাৰে আমাৰ টেবুল ভৰি পৰিছিল । এতিয়া সেই দিন নাই। প্রকাশন ব্যৱস্থাৰ বিস্তৃতি আৰু সামাজিক মাধ্যমে এতিয়া কবিতা প্ৰকাশ কৰাটো সহজ আৰু সুগম কৰি তুলিছে। কিতাপ ছপা কৰাটোও এতিয়া তেনেই সহজ কাম হৈ পৰিছে। এইবোৰ নিসন্দেহে ভাল কথা । কবিতাই মন চুই যোৱাটো তাতোকৈও ভাল কথা । কিন্তু প্রকাশন ব্যৱস্থাৰ বিস্তৃতিয়ে এটা সমস্যাৰ সৃষ্টি কৰিছে— কবিতাৰ প্ৰকৃত পঢ়ুৱৈসকল বহুতো কবিৰ কবিতা পাঠৰপৰা বঞ্চিত হৈছে। ভিৰৰ মাজত বহুতো ভাল কবিতা হয়তো হেৰাই গৈছে।

মই সদায়ে এটা কথা বিশ্বাস কৰোঁ যে নতুনসকল সঁচাকৈয়ে নতুন। তেওঁলোকৰ চিন্তা- ভাবনা, ভাষা, প্রকাশৰ ভংগিমা সকলো নতুন। কিন্তু মনত ৰাখিবলগীয়া কথাটো হ’ল কবিতা শেষ বিচাৰত ভাষাৰ শিল্প। আমাৰ কবিতাবোৰ মানুহে ‘অসমীয়া কবিতা’ বুলি পঢ়িব — সেয়ে কবি হিচাপে আমাৰ ভাষাটোৰ প্ৰতি আমাৰ এক দায়বদ্ধতা থাকিব লাগে। ‘তৰুণ কবিৰ হাতত নামৰ এটা কবিতাত হীৰুদাই কৈছে—

শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান, মই সাধাৰণ কবি,
কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আঁচোৰ।

পাঠকে আপোনাৰ কবিতাৰ পৰা কি পোৱাটো বা কি মনত ৰখাটো আপুনি আশা কৰে ?

এইটো প্ৰশ্নৰ উত্তৰ পাঠকেহে জানিব। পাঠকে কি বিচাৰে আৰু মনত ৰাখে সেইটো পাঠকৰ দায়িত্ব। লিখাৰ প্ৰক্ৰিয়াটোতে মোৰ আনন্দ ।

ভৱিষ্যতে আপোনাৰ কোনো নতুন কবিতা সংকলন বা প্ৰকল্পৰ বিষয়ে পাঠক সমাজক জনাব নেকি ?

মই কেইটামান মাত্র কবিতা লিখিছোঁ। এতিয়ালৈকে তিনিখন কবিতাৰ কিতাপ প্রকাশ পাইছে—‘মহাকাব্যৰ প্ৰথম পাত’ (১৯৮৯), ‘পাহৰণিৰ নৈ’(১৯৯৭) আৰু ‘শ্রডিঙ্গাৰৰ মেকুৰী’ (২০২৩)। সদ্যহতে সংকলন হিচাপে প্ৰকাশ কৰিব পৰাকৈ মোৰ হাতত কোনো কবিতা নাই। কিন্তু এই বছৰ নহ’লেও অহা বছৰৰ ভিতৰত জাপানী কবি ক’বায়াশ্বি ইছাৰ কবিতাৰ অনুবাদৰ কিতাপ এখন প্ৰকাশ কৰাৰ আশা আছে। ক’বায়াশ্বি ইছা কবি নীলমণি ফুকনৰ প্ৰিয় কবি আছিল।

আপুনি ‘মনকবিতা‘ নামৰ এক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। নতুন প্রজন্মই এনে অনুষ্ঠানৰ জৰিয়তে এক নতুন মাত্রা পাব বুলি আশা কৰিব পাৰিনে ?

মোৰ বন্ধু কৌশিক নাথ আৰু তেওঁৰ পত্নী কৃষ্ণা বৰুৱাই অকালতে মৃত্যুবৰণ কৰা তেওঁলোকৰ পুত্ৰ ৰাউলৰ সোঁৱৰণত ‘ৰাউল কৌশিক নাথ ফাউণ্ডেচন’ নামেৰে এক ন্যাস গঠন কৰি কেইটামান সাহিত্যিক-সাংস্কৃতিক- সামাজিক প্রয়াস হাতত লৈছে। ইয়াৰে এক প্রয়াস ‘মনকবিতা’। ২০২১ চনৰ পৰা আৰম্ভ কৰা বিপুলজ্যোতি শ‍ইকীয়া মহাকাব্যৰ প্ৰথম পাত এই প্রয়াসৰ সৈতে মই ঘনিষ্ঠভাৱে জড়িত হৈ আছোঁ। ‘মনকবিতা’ৰ ঘাই উদ্দেশ্য হ’ল অসমীয়া কবিতাৰ ঐতিহ্য আৰু পৰম্পৰাক উদ্‌যাপন কৰা আৰু তাৰ সৈতে নতুন প্ৰজন্মৰ সংযোগ আৰু সন্মিলন সাধন কৰা। প্ৰতিবছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা এই অনুষ্ঠানত আমি অসমীয়া ভাষাৰ মহৎ কবিসকলৰ জীৱন আৰু কবিতাৰ চৰ্চা কৰোঁ। যোৱা বছৰ (২০২৪) আমি অজিৎ বৰুৱা আৰু কেশৱ মহন্তক স্মৰণ কৰিছিলোঁ। এই বছৰ (২০২৬) আমি নৱকান্ত বৰুৱা আৰু ভূপেন হাজৰিকাক স্মৰণ কৰিছো।

“মনকবিতা’ৰ জৰিয়তে নতুন প্রজন্মই আমাৰ ভাষাৰ কবিতাৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে চিনাকি হৈ অনুপ্রাণিত হ’ব বুলি আমি গভীৰভাৱে বিশ্বাস কৰোঁ। নৱকান্ত বৰুৱাই তেওঁৰ ‘শেষৰ শাৰী’ নামৰ এটা কবিতাত কৈছে—

মোৰ কবিতাৰ শেষৰ শাৰীটোত মই দেখিছোঁ এটা নতুন কবিতাৰ প্ৰথম শাৰী। এই নতুন কবিতাটো লিখাৰ দায়িত্ব নতুন প্ৰজন্মৰ।  বিশ্বকবি ৰবীন্দ্ৰনাথেও আমাক কৈ গৈছে,—

তোমাৰ হল শুপ্ত, আমার হল সারা
তোমায় আমায় মিলে এমনি বহে ধারা।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.