বর্ণালী এছ. ডেকা
একাগ্ৰতা, সাহস আৰু অদম্য শক্তিৰে পানীৰ সৈতে যুঁজি জীৱন জিনা এক সত্তাৰ নাম হ’ল এলভিছ আলী হাজৰিকা। অসমৰ ক্ৰীড়া জগতৰ আকাশত তেওঁ এনে এজন উজ্জ্বল নক্ষত্ৰ, যিয়ে সাত সাগৰৰ ঢৌ নেওচি অসমীয়াৰ স্বাভিমান বিশ্বদৰবাৰত জিলিকাই তুলিছে। গুৱাহাটীত জন্মগ্ৰহণ কৰা এলভিছ আলী হাজৰিকাই অতি কম বয়সৰ পৰাই সাঁতুৰিবলৈ আৰম্ভ কৰিছিল। মাত্র ৯ বছৰ বয়সতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয় কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। এলভিছ কেৱল এজন সাধাৰণ সাঁতোৰবিদ নহয়, তেওঁ হ’ল এজন ‘লং ডিস্টেন্স ছুইমাৰ’ (Long-distance swimmer)। ইংলিছ চেনেল, নর্থ চেনেল, আমেৰিকাৰ কেটালিনা চেনেল (Catalina Channel) অতিক্ৰম কৰি তেওঁ ইতিহাস ৰচনা কৰিছে। সাগৰৰ নীলিম জলৰাশিৰ মাজত প্ৰকাণ্ড ঢৌ, জেলিফিছৰ দংশন আৰু হাড় কঁপোৱা ঠাণ্ডাক নেওচি তেওঁ আগুৱাই যায়। মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা আটলান্টিক মহাসাগৰলৈকে সকলোতে বিজয়ৰ ধ্বনি অনুৰণিত হোৱা এইগৰাকী প্ৰসিদ্ধ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ সৈতে হোৱা কিছু কথোপকথন এইবাৰ আইনাৰ আলাপ শিতানত আগবঢ়াইছোঁ—
সেয়াই মোৰ আৰম্ভণি। তেনেকৈ মই মাত্র দশ দিন শিকি দীঘলীপুখুৰী একপ্ৰকাৰ পাৰ কৰিব পৰা হৈছিলোঁ। মোৰ প্ৰক্ষিক্ষকৰ এশাৰী কথা মাহঁতে আজিও সোঁৱৰায়— ‘এলভিছক সাঁতোৰ ভালদৰে শিকাওক। সি এদিন সুদক্ষ সাঁতোৰবিদ হ’ব।’ প্ৰতিটো শিশু বা ব্যক্তিৰ মাজতে একোটা বিশেষ গুণ থাকে। যেতিয়া কোনোবাই বা নিজে সেই গুণটো চিনি পায়, তেতিয়াই সফলতাৰ যাত্ৰা আৰম্ভ হয় । হয়তো মোৰ মাজত কিবা এটা বিশেষ প্রতিভা প্রশিক্ষকে মন কৰিছিল। তেনেকৈ মোৰ সাঁতোৰ যাত্ৰা আৰম্ভ হৈছিল ।
এজন সফল খেলুৱৈ হ’বলৈ আপুনি শৈশৱত কেনেধৰণৰ ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল ?
> সপোন আৰু বাস্তৱৰ মাজৰ দূৰত্বখিনি অতিক্ৰম কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়। এ পি জে আব্দুল কালামে এষাৰ কথা উল্লেখ কৰিছিল যে সপোন সেয়া নহয় যিটো আমি টোপনিত দেখো, সপোন সেয়াহে যিয়ে আমাক শুবলৈ নিদিয়ে। পৃথিৱীৰ যিকোনো সফল ব্যক্তিৰ ইতিহাস চালে দেখা যায় যে তেওঁলোকৰ জিলিকি থকা সফলতাৰ আঁৰত আন্ধাৰত কৰা অলেখ কষ্ট আৰু নীৰৱ ত্যাগ লুকাই থাকে। মই নব্বৈ দশকৰ মানুহ। সেই সময়ত আজিৰ দৰে পৰিৱেশ নাছিল। থাউকতে আমি একো বস্তু পোৱা নাছিলোঁ। মা-দেউতাই মোৰ ক্ষেত্ৰত অশেষ কষ্ট স্বীকাৰ কৰিছে। মই তিনি বজাত উঠো। ষ্টেডিয়াম যাওঁ প্ৰেক্টিচ কৰিবলৈ। তাৰ পৰাই ইউনিফর্ম পৰিধান কৰি বিদ্যালয়লৈ যাওঁ। পুনৰ বিদ্যালয়ৰ পৰা আহি ষ্টেডিয়াম যাওঁ প্ৰেক্টিচ কৰোঁ আৰু প্ৰায় ৮ মান বজাতহে ঘৰমুৱা হওঁ। ইয়াৰ সমান্তৰালভাৱে অৰ্থৰ বিষয়টো আছেই। মা-দেউতাই বহু সংঘৰ্ষ কৰিছে মোক আগুৱাই নিয়াত। সাঁতোৰৰ লগত খোৱা-বোৱাৰ দিশটোতো সমানে গুৰুত্ব দিছিল। টকা-পইচা ঋণ লৈও মোক তেওঁলোকে খেলিবলৈ সুবিধা কৰি দিছিল। গতিকে ঘাত-প্রতিঘাত নেওচি আগুৱাই গৈছিলোঁ। যাৰ পৰিপ্ৰেক্ষিতত ৯ বছৰ বয়সতে মই ভাৰতীয় দলক প্রতিনিধিত্ব কৰি এক সুকীয়া পৰিচয় বহন কৰিছিলোঁ। যিটো মোৰ জীৱনৰ মাইলষ্টোন বুলি ক’ম।
উত্তৰ-পূব আৰু ক্ৰীড়া জগত— বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আপোনাৰ মতামত কি ?
> বর্তমান সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ খেল জগতৰ ছবিখন অতিশয় উজ্জ্বল আৰু আশাব্যঞ্জক। উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকলে বিশ্বৰ মঞ্চত নিজৰ শ্ৰেষ্ঠত্ব প্রমাণ কৰিছে। শেহতীয়া বছৰবোৰত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সহযোগত ক্ৰীড়া আন্তঃগাঁথনিৰ বহুত উন্নতি হৈছে। পূৰ্বৰ তুলনাত খেলুৱৈসকলক যথেষ্ট সন্মান, সা-সুবিধা প্ৰদান কৰা হয়। নতুন নতুন বহুতো ষ্টেডিয়াম গঢ়ি উঠিছে। সেই ষ্টেডিয়ামসমূহে খেলুৱৈসকলক উন্নতমানৰ প্ৰশিক্ষণৰ সুবিধা দিছে। ইয়াৰ মাজতো এটা কথা অৱশ্যে উল্লেখ কৰিব লাগিব যে খেলুৱৈসকলক অগ্ৰাধিকাৰ ভিত্তিত উন্নত প্রশিক্ষক আৰু বৈজ্ঞানিক প্রশিক্ষণ পদ্ধতিৰ অভাৱৰ লগতে উন্নত খাদ্যপ্ৰণালী আৰু খেলুৱৈসকলৰ বাবে দীৰ্ঘম্যাদী আৰ্থিক নিৰাপত্তাৰ প্ৰয়োজনৰ ক্ষেত্ৰত কিছু প্রশ্নৰ অৱতাৰণা হয়।
অসমৰ দৰে ঠাইৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘নর্থ চেনেল’ বা ‘ইংলিছ চেনেল’ অতিক্ৰম কৰাটো এক কঠিন প্রত্যাহ্বান। এই যাত্ৰাত আপুনি কি কি বাধাৰ সন্মুখীন হৈছিল ?
> নতুন লক্ষ্য নিৰ্ধাৰণ কৰি, ভয়-সংশয় পৰিহাৰ কৰি, নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে সফলতা সম্ভৱ। প্ৰত্যাহ্বানবোৰক যুঁজ দি জয়ী হ’বলৈ মানসিকভাৱে প্ৰস্তুত হোৱাটোৱেই মূল চাবিকাঠী বুলি মই ভাবোঁ। অসমৰ পৰা গৈ মই ইংলিছ চেনেল, নর্থ চেনেল, কেটালিনা চেনেল, ৰবীন আইলেণ্ড অতিক্ৰম কৰিছোঁ আৰু এতিয়ালৈকে ১৬টা অপেন ৱাটাৰ ছুইমিং কৰিছোঁ । ভাল লাগে এজন অসমীয়া হিচাপে ইমানকেইটা চেনেল আৰু সাগৰ অতিক্ৰম কৰিছোঁ। অসুবিধাও পাইছোঁ বহুখিনি । কাৰণ এটা এটা চেনেল অতিক্রম কৰিবলৈ ৯/১০ লাখ টকাৰ বিশাল ধনৰাশিৰ প্রয়োজন হয়। স্পনছৰশ্বিপ বিচাৰি কেতিয়াবা হাবাথুৰি খাওঁ। কিছুমানে শেষ মুহূৰ্তত মানা কৰি দিয়ে। কিন্তু মই মোৰ লক্ষ্যত অটল। সাঁতুৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিমেই।
বর্তমান সময়ত অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনিক লৈ আপুনি সন্তুষ্টনে ? নতুন প্ৰজন্মৰ বাবে ইয়াত আৰু কিহৰ প্রয়োজন বুলি আপুনি ভাবে ?
> অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনি আগতকৈ বহুত উন্নত হৈছে যদিও এতিয়াও বহুখিনি কৰিবলগীয়া বাকী আছে। চহৰ অঞ্চলত উন্নত ষ্টেডিয়াম বা স্প’ৰ্টছ কমপ্লেক্স নিৰ্মাণ হৈছে, কিন্তু গ্ৰাম্য অঞ্চলৰ প্ৰতিভা এতিয়াও উপযুক্ত সুবিধাৰ পৰা বঞ্চিত। প্ৰতিখন জিলা বা মহকুমা পৰ্যায়ত আধুনিক জিমনেছিয়াম, ট্ৰেক আৰু ফিল্ডৰ ব্যৱস্থা থকাটো জৰুৰী, যাতে প্ৰতিভাৱান শিশুসকলে নিজৰ গাঁৱৰ ওচৰতে প্ৰাৰম্ভিক প্ৰশিক্ষণ ল’ব পাৰে। বহু খেলুৱৈয়ে আৰ্থিক দুৰৱস্থাৰ বাবে উপযুক্ত পুষ্টি লাভ নকৰে। চৰকাৰী পৰ্যায়ত খেলুৱৈসকলৰ বাবে বিশেষ পুষ্টি আঁচনি থকাটো প্ৰয়োজন। আমাৰ অঞ্চলত খেলুৱৈ বহুত আছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় মানৰ High-performance Coaches ৰ সংখ্যা এতিয়াও কম। সংক্ষেপে ক’বলৈ গ’লে, আমাৰ আন্তঃগাঁথনি উন্নত হৈছে কিন্তু প্রশিক্ষণ পদ্ধতি, খাদ্য আৰু বৈজ্ঞানিক দৃষ্টিভংগী উন্নত কৰাত অধিক মনোযোগ দিব লাগে।
সাগৰৰ গভীৰ পানী আৰু প্ৰতিকূল বতৰত সাঁতুৰি থকাৰ সময়ত মনলৈ কেনেধৰণৰ চিন্তা আহে? নিজকে মানসিকভাৱে কেনেকৈ সবল কৰি ৰাখে?
> এখন বিশাল সাগৰ সন্মুখত যেতিয়া দেখোঁ সঁচা কথা ক’বলৈ গ’লে ভয় লাগে, শংকিত হওঁ। ৰাতি সেই ভয় দুগুণে বাঢ়ি যায় । কাৰণ ৰাতি এখন নাও মোৰ লগে লগে যাত্ৰা কৰে আৰু মই তাৰ পোহৰ চাই নীলিম জলৰাশিৰ ঢৌবোৰত আগুৱাই যাওঁ। মাজত ডলফিন, ছাৰ্ক, জেলী ফিছ আৰু কত বিষাক্ত সাগৰীয় প্ৰাণীবোৰৰ মাজেৰে শংকিত হৈ আগুৱাই যাওঁ। সাগৰত সাঁতোৰা বহু কষ্টকৰ। একেলেথাৰিয়ে ৫/৬ ঘণ্টা, কেতিয়াবা ১০/১৫ ঘণ্টাও হয়। তাতে সাগৰৰ পানী লুণীয়া। মুখৰ সোৱাদ নোহোৱা হয়। গোটা খাদ্য খাব নোৱাৰোঁ। পনীয়া খাদ্য খাব লাগে। গতিকে ইমান দীঘলীয়া সময় অতিক্ৰম কৰিবলৈ শৰীৰত চৰ্বিৰ প্ৰয়োজন হয়। গতিকে প্ৰতিটো বস্তু সন্তুলন আৰু ভাৰসাম্য ৰখাটো খুবেই দৰকাৰ। লগতে শাৰীৰিক আৰু মানসিক দৃঢ়তা খুব জৰুৰী। কেতিয়াবা বতৰেও বাধা দিয়ে। শট বাতিল হয়। তেনে বহু সমস্যাৰ সন্মুখীন হওঁ, কিন্তু তাৰ মাজতে এইটো চিন্তা থাকে যে ইমান দিনে কৰা কষ্টখিনি যাতে অথলে নাযায়। সমগ্ৰ অসমবাসীৰ কথা মনত পেলাই মই মাথোঁ আগবাঢ়োঁ।
এনেধৰণৰ দীঘলীয়া সন্তৰণৰ (Long distance swimming) বাবে আপুনি বিশেষভাৱে কি খাদ্যতালিকা অনুসৰণ কৰে ?
> খাদ্য তালিকা বুলি ক’লে মই আমাৰ থলুৱা খাদ্য মোৰ প্ৰিয়। বেছি দূৰত্ব ছুইমিঙত মই শৰীৰৰ ওজন বেছি বৃদ্ধি নকৰোঁ। ১০/১২ ঘণ্টা সাঁতুৰিবলৈ শৰীৰত চৰ্বিৰ পৰিমাণ বেছি লাগে । তদুপৰি ১০/১১ ডিগ্রী ঠাণ্ডা থাকে। ইমান ঠাণ্ডাত ছুইমিং সম্ভৱ নহয় ৷ যেতিয়া বাহিৰত যাওঁ তেতিয়া ১/২ মাহ সম্পূর্ণ প্রশিক্ষণ লওঁ। তাৰ ভিত্তিতহে শট পাওঁ। মই প্রত্যক্ষ কৰিছোঁ বহু সময়ত লং ডিচটেন্স সাঁতোৰৰ সময়ত বহু দক্ষ সাঁতোৰবিদ ২/৩ দিন সাঁতুৰি উভতি আহে। কাৰণ ঠাণ্ডা সহ্য কৰিব নোৱাৰে। সেয়েহে শৰীৰত চৰ্বিৰ দৰকাৰ। আৰু চৰ্বি বঢ়াবলৈ মই যিকোনো খাদ্য গ্ৰহণ কৰোঁ৷ ভাত, দাইল আৰু প্ৰটিনসমৃদ্ধ খাদ্য খাওঁ।
আপোনাৰ পৰৱৰ্তী লক্ষ্য বা অভিযান কি ?
> ভৱিষ্যৎ পৰিকল্পনা বুলি ক’বলৈ গ’লে চলিত বৰ্ষৰ আগষ্ট বা ছেপ্টেম্বৰত জিব্রাল্টাৰ প্রণালী (Strait of Gibraltar) আটলাণ্টিক মহাসাগৰ আৰু ভূমধ্যসাগৰক সংযোগকাৰী এটি গুৰুত্বপূৰ্ণ জলপথ অতিক্ৰম কৰাৰ পৰিকল্পনা আছে। অক্টোবৰত এটা বিশ্ব ৰেকৰ্ড কৰাৰ সপোন আছে। আমি ৬জন সাঁতোৰবিদে একেলগে ১২৬২ কিঃমিঃ সাঁতুৰিম। আজিলৈকে কোনো ছুইমাৰে ইমান দীঘলীয়া সময় সাঁতোৰ কৰা নাই। এই ১২৬২ কিঃমিঃ যাত্ৰাত গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰ তিনিখন ৰাজ্য কভাৰ কৰিম আৰু এই যাত্রা ১৫ দিনীয়া হ’ব। পূৰ্বতে আমেৰিকাৰ ৮জন সাঁতোৰবিদে ১০০০ কিঃমিঃ সাঁতুৰিছিল আৰু আমি বোধহয় তাতোকৈ দীঘলীয়াকৈ সাঁতোৰা সাঁতোৰবিদ হ’ম। ইয়াৰ পিছত মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব অহা বছৰৰ মাৰ্চ মাহত এন্টার্কটিকাত ছুইমিং কৰাৰ পৰিকল্পনা আছে। আজিপর্যন্ত এন্টার্কটিকাত ২৫জনে ছুইমিং কৰিছে মই ২৬ নম্বৰ হ’ম। মাইনাছ ডিগ্ৰীত ছুইমিং কৰা অসম্ভৱ আৰু মই যদি এই অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰোঁ তেনেহ’লে অসমৰ বাবে আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ম।
উঠি অহা যুৱক-যুৱতীয়ে সাঁতোৰক কেৰিয়াৰ হিচাপে ল‘ব বিচাৰে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব ?
> নতুন প্ৰজন্মৰ বাবে সাঁতোৰ কেৱল এটা খেল নহয়, ই এক জীৱন ৰক্ষাৰ কৌশল আৰু শৰীৰ চৰ্চাৰ অন্যতম শ্রেষ্ঠ মাধ্যম। বহুতো নতুন খেলুৱৈয়ে দ পানী দেখি ভয় পায়। মনত ৰাখিব, পানীক জয় কৰিবলৈ হ’লে পানীৰ সৈতে বন্ধুত্ব কৰিব লাগিব। আৰম্ভণিতে কম দ পানী থকা ছুইমিং পুলত অভ্যাস কৰক, যাতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পায়। এদিনতে ডাঙৰ সাঁতোৰবিদ হ’ব নোৱাৰি। প্ৰথমে ২০ মিটাৰ, তাৰ পিছত ৫০ মিটাৰ এনেকৈ লক্ষ্য স্থিৰ কৰক। নিয়মীয়া অভ্যাসেই এজন সাধাৰণ মানুহক এজন চেম্পিয়ন কৰি তোলে। দক্ষ প্রশিক্ষকৰ তত্ত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ গ্রহণ কৰিলে লগতে একাগ্ৰতাৰে অনুশীলন কৰিলে নিশ্চয় এজন সফল সাঁতোৰবিদ হ’ব পাৰিব।
ফোন : ৯৮৬৮৪-২২৪২৮
Comments are closed, but trackbacks and pingbacks are open.