বিৰিণা গোস্বামী
পুৰণি কিতাপ ডায়েৰী খুঁচৰি থাকোঁতে পুৰণি ডায়েৰীৰ পাতৰ মাজত এপাহ শুকান গোলাপ দেখি নীলা থমকি ৰ’ল। গোলাপ পাহ থোৱা পাতখিলাতে সৰুকৈ কিবা এষাৰ লিখা আছিল। আখৰকেইটাত হাত ফুৰাই আৱেগিক হৈ উঠিল ৷ গোলাপপাহ কোনে কেতিয়া কিয় দিছিল সকলো জলজল-পটপটকৈ মনত আছে। হৃদয়ৰ আকুল হেঁপাহেৰে গ্ৰহণ কৰা যিকোনো উপহাৰ আমাৰ সাধাৰণতে মনত থাকে। তেনে উপহাৰ মনৰ কোণত আজীৱন সযতনে সংগোপনে থাকি যায়। ফেব্ৰুৱাৰী মাহ, ফাগুনৰ ৰঙা আকাশ ৷ ভেলেণ্টাইন ডে’ পশ্চিমীয়া সংস্কৃতি হ’লেও ফাগুনৰ আকাশৰ ৰঙাবোৰে প্ৰেমিক মনবোৰো ছানি ধৰি মনবোৰ ৰঙাই তোলে। জীৱনৰ একালৰ ৰঙীন মনৰ এই আভাস আজীৱন থাকি যায়। পুৰণি কাপোৰৰ পকেটত ওলোৱা চিনেমাৰ টিকেটটো দেখি চিনেমাখনৰ কাহিনী মনত নাথাকিলেও কাৰ লগতে কেতিয়া চাবলৈ চাইছিল, কাষতে বহাজনে খিলখিলাই হাঁহি উঠোতে কেনে লাগিছিল সেই স্মৃতি মনত জীৱন্ত সজীৱ হৈয়ে থাকে। ক’ৰবাত গান এটা শুনিলে, কাৰোবাৰ কাপোৰৰ ৰং দেখিলে, কেতিয়াবা ক’ৰবাত কবিতাৰ প্ৰিয় শাৰী এটা পঢ়িলে নিচেই কাষৰতে থকা প্রিয়জনো যে এসময়ত তেনে আছিল সেই অনুভূতিয়ে ৰোমাঞ্চিত কৰি তোলে। এইবোৰেই হেৰাই যোৱা প্ৰেমৰ ৰৈ যোৱা স্মৃতি।
ভেলেণ্টাইন ডে’ বুলিলে উপহাৰৰ দোকান, ফুলৰ দোকান, ৰেষ্টুৰেণ্ট, কেফেত প্রেমিকযুগলৰ সমাগম সততে মনলৈ আহে। নতুনকৈ প্ৰথম প্ৰেমত পৰা প্ৰেমিক-প্ৰেমিকাৰ ভেলেণ্টাইন ডে’ত প্রিয়জনক বিশেষ কিবা এটা উপহাৰ দিম বুলি মনে মনে হাতখৰচৰ বাবে সঁচা পইচাৰ উদ্বিগ্ন হিচাপ। নিজলৈ বুলি কেতিয়াও কিনি নোপোৱা দামী চকলেট এটা প্রিয়জন বা প্ৰেয়সীৰ হাতত তুলি দিয়াৰ হেঁপাহ। তেনে চকলেট এটা কেৱল খাদ্য নহয়, ই মৰমৰ, সপোনৰ প্ৰতীক। কোনো এখন দেশলৈ যদি ভৱিষ্যতে দুয়ো একেলগে যোৱাৰ সপোন দেখিছে আৰু সেই দেশতে নির্মিত চকলেট এটা প্ৰেয়সীৰ বা প্রিয়জনৰ হাতত তুলি দিছে, সেই সময়ত দুয়োজন সেই উমৈহতীয়া সপোনৰ দিশে আৰু এখোজ আগবাঢ়িছে, শব্দহীন ভাবে এজনে আনজনক প্রতিশ্রুতি দিছে যে ‘সেই ঠাই চোৱাৰ অভিনৱ অনুভৱ কেৱল তোমাৰ সৈতেই সম্ভৱ’। এইখিনিতে সাধাৰণ ফুল এপাহ, চকলেট এটা, কাৰ্ড এখন হৈ পৰে একো একোটা প্রতীক । আশাৰ প্রতীক, ভালপোৱাৰ প্ৰতীক, প্ৰতিশ্ৰুতিৰ প্ৰতীক।
কোনো ব্যক্তিক আপোন যেন লগাৰ আঁৰত সুগন্ধিৰো এক বিশেষ ভূমিকা আছে। প্রিয়জনৰ গাৰ পাৰফিউমটোৰ গোন্ধ, চেম্পুৰ গোন্ধ, মুখত ঘঁহা মইশ্বৰাইজাৰৰ সেই বিশেষ গোন্ধটো আন ক’ৰবাত পালেও আশেপাশে তেওঁৰ উপস্থিতি অনুভৱ হয়। একো একোটা গোন্ধতে একো একোজন মানুহ সোমাই থাকে। খোজে কাটলে, মাতে কথাই কোনো এজন সোঁশৰীৰে কাষৰত নাথাকিলেও সেই গোন্ধই কঢ়িয়াই তেওঁ কাষতে থকাৰ অনুভূতি। প্রিয়জন বা প্রেয়সীয়ে দিয়া সুগন্ধিৰ বটল এটাত সোমাই থাকে অব্যক্ত হেজাৰ অনুভৱ। সেই গোন্ধ উজাই লৈ দুয়োৱে মনতে কয়, ‘এই সুবাসতে তুমি থাকা মোৰ কাষতে’।
পিছে হাজাৰ দামী পাৰফিউম চকলেট হওক আজিৰ দিনত প্রিয়জনক দিব পৰা আটাইতকৈ মূল্যৱান বস্তুবিধ হৈছে সময়। একান্তত হাতে হাত ধৰি নিশ্চুপ হৈ প্ৰিয়জনৰ সৈতে বহি ৰোৱাৰো আছে সুকীয়া আনুভৱ । তেওঁ যে আছে সেয়ে আটাইতকৈ বিশেষ উপহাৰ দিনটোৰ শেষত যে এষাৰ মাতত ভাগৰ পলাইছে সেয়াই প্রাপ্তি। ‘মই আছোঁ বুলিয়েই যে আঁতৰাই নিছে দুশ্চিন্তাৰ ক’লা মেঘ তাতেই ভালপোৱা । পৃথিৱীয়ে নুবুজা কথাবোৰ যে কেতিয়াবা নোকোৱাকৈ মুখলৈ চায়েই বুজি পেলাইছে তাতকৈ সকাহৰ কথা আৰু কি হ’ব পাৰে। হওঁতে এনে প্রিয়জন বা প্রেয়সীক উদযাপন কৰিবলৈ ধৰা বন্ধা এটা দিনৰ প্ৰয়োজন নাই, কিন্তু যান্ত্রিক জীৱন পৰিক্ৰমাই আমাক পুৰাতন প্ৰেমত অভিনৱত্বৰ সন্ধান কৰিবলৈ সকাহ নিদিয়ে। ভাগৰুৱা জীৱনৰ পথিক হৈ পৰা আমি মানুহবোৰে এলাহতে বা আন কোনো অজুহাতত পাহৰি যাওঁ সেই আপোনজনৰ হাতত তুলি দিবলৈ এপাহ ৰঙা গোলাপ অথবা হেঁপাহৰ সূৰুযমুখী। ভেলেণ্টাইন ডে’ বুলিলে মন যায় তেওঁৰ বাবে দিনটো বিশেষ কৰি তুলিবলৈ, নানান প্ৰয়াসৰ আপাহেৰে বুজাই তুলিবলৈ যে ‘তুমি মোৰ বাবে বিশেষ। ‘
প্ৰেমৰ দৰে প্ৰেমৰ বহিঃপ্ৰকাশো এক শিল্প। মনৰ হেঁপাহ, মৰম-ভালপোৱা সযতনে কাৰোবালৈ বুলি চিঠিত প্ৰকাশ কৰাও এক শিল্প, নিজৰ ধৰণেৰে বনৰীয়া ফুলকে তুলি সজাই কাৰোবাৰ হাতত তুলি দিয়াও এক শিল্প। আনকি ভাল পাওঁ বুলি মুখ ফুটাই আনজনৰ হৃদয় চুব পৰাও এক শিল্প। প্ৰেমত মানুহে ফটো তোলে, ছবি আঁকে চিঠি লিখে, কবিতা লিখে গান গায় ।
প্ৰেমত পৰা মানুহে ইজনক যিমান ভাল পায় নিজৰ প্ৰেমতো সিমানেই গভীৰভাৱে পৰে। যেন সেই আপোনজনৰ চকুৰ দাপোণত নিজৰ এই সর্বোৎকৃষ্ট ৰূপটোৰ মায়াজালত সোমাই পৰে নিজকে ধুনীয়া যেন লাগে। নিজৰ হাঁহিটো, চকুহাল যেন ইমানদিনে লক্ষ্যই কৰা হোৱা নাছিল। নিজক ভালপোৱা মানুহবোৰৰ বাবে পৃথিৱীৰ প্ৰতিটো বস্তুৱে হৈ পৰে মনোমোহা, সৌন্দর্যশালী। প্রেমে মানুহক কৰি তোলে দৰদী, দয়াৱান, মানৱীয় গুণেৰে গুণী। পিছে ই সম্ভৱ যদিহে প্ৰেমিক সংগীজন উপযুক্ত হয়। নহ’লে প্ৰেমৰ নামত অকথ্য শাৰীৰিক, মানসিক নির্যাতন, সন্দেহ তথা বিশ্বাসহীনতাৰ ফলত সৃষ্টি হোৱা নানান সমস্যাবোৰৰ উদাহৰণো যথেষ্ট।
প্রেম এক পৱিত্ৰ অনুভূতি। এই অনুভূতি অনুভৱ কৰিবলৈ নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই, কিন্তু ভালপোৱাজনক ভাল পাওঁ বুলি ক’বলৈ পাহৰি যোৱা সময়বোৰতে এই দিনটোৰ প্ৰয়োজনীয়তা আহি পৰে। মই তোমাক কিমান ভাল পাওঁ চোৱা বুলি দেখুৱাবলৈকে আশ্রয় ল’বলগীয়া হয় এপাহ ফুলৰ, অলপ একান্ত সময়ৰ, এটা প্ৰিয় গীতৰ।
প্ৰেম হ’ব পাৰে সৃষ্টিৰ উৎস, প্রেমেই আনিব পাৰে ধ্বংস, প্রেম সুন্দৰ, প্ৰেম শাশ্বত, প্রেম সীমাহীন। সেয়ে হয়তো জুবিনদাৰ গানতো তেওঁ কৈছে,
Comments are closed, but trackbacks and pingbacks are open.