আইনাৰ আলাপত বিজিতা গোস্বামী

29

বৰ্ণালী এছ. ডেকা

বিজিতা গোস্বামী এগৰাকী সত্ৰীয়া নৃত্যশিল্পী। তেওঁ ভাৰতৰ বিভিন্ন সন্মানীয় মঞ্চত নৃত্য পৰিৱেশন কৰাৰ লগতে বিদেশতো নৃত্য পৰিৱেশন কৰিছে। ২০০৮ চনতেই গুৱাহাটীৰ লখৰাত তেওঁ ৰংগালয় কলা কেন্দ্ৰ নামৰ নৃত্য বিদ্যালয় স্থাপন কৰি নৃত্যৰ শিক্ষা দি আহিছে। ইয়াৰ উপৰি তেওঁ পিছপৰা অঞ্চলৰ বিভিন্ন জনজাতীয় ছাত্ৰ-ছাত্ৰীক সত্ৰীয়া নৃত্যৰ শিক্ষা দি আহিছে। তেওঁৰ অধীনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় জলপানি পাবলৈ সক্ষম হৈছে। তেওঁ সত্ৰীয়া নৃত্যত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ছিনিয়ৰ ফেল’শ্বিপ পাবলৈ সক্ষম হয়। তেওঁ এগৰাকী দূৰদৰ্শনৰ গ্ৰেড শিল্পী। লখৰা অঞ্চলৰ অসমীয়া অনা-অসমীয়া বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ এতিয়ালৈকে ৪ খনতকৈও অধিক ভাওনা পৰিচালনা কৰে। বিগত প্রায় ২০ বছৰ ধৰি সত্ৰীয়া নৃত্য সাধনা কৰি থকা এইগৰাকী শিল্পীৰ সৈতে হোৱা কথোপকথন এইবাৰ আইনাৰ আলাপ শিতানলৈ আগবঢ়ালোঁ—

আপুনি সত্ৰীয়া নৃত্য সাধনা কিমান বয়সৰ পৰা কৰি আহিছে ?

মই নৃত্যৰ জগতখন মোৰ ৪ (চাৰি) বছৰ বয়সতে ভৰি দিছিলোঁ। মোৰ পিতৃ, স্বনামধন্য সত্ৰীয়া আৰু লোকনৃত্যৰ শিল্পী তথা প্রখ্যাত খোলবাদক, গজেন বৰুৱা বঁটাপ্ৰাপক শ্ৰীযুত ননী বৰুৱাদেৱৰ তত্ত্বাৱধানত নৃত্যশিক্ষা আৰম্ভ কৰোঁ৷ দেউতাই মোক কথক, সত্ৰীয়া নৃত্যৰ লগতে বিহু, ঝুমুইৰ আদিৰো শিক্ষা দিছিল। পিছলৈ মই সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক স্বৰ্গীয় ৰসেশ্বৰ শ‍ইকীয়া বৰবায়নদেৱৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁ । তেখেত স্বৰ্গগামী হোৱাৰ পিছত তেখেতৰ কনিষ্ঠা কন্যা শ্রীমতী ৰিঞ্জুমণি শ‍ইকীয়াৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যত গুপীন উপাধি ল’বলৈ সক্ষম হওঁ। বর্তমানো মই শ‍ইকীয়া ছাৰৰ দুজনী সুযোগ্য কন্যা, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক শ্ৰীমতি ৰঞ্জুমণি শ‍ইকীয়া আৰু শ্ৰীমতি ৰিঞ্জুমণি শ‍ইকীয়াৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিয়েই আছোঁ। সত্ৰীয়া নৃত্যশিল্পীৰ বিশাল সাগৰখনত সাঁতোৰাটো ইমান সহজ নহয় ।

আপোনাৰ পিতৃ এগৰাকী বিখ্যাত শিল্পী। ভাওনা সংস্কৃতি আগুৱাই নিয়া ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। সত্ৰীয়া লগতে ভাওনা সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আপোনাৰ কৰণীয় কি বুলি ভাবে ?

হয় মোৰ পিতৃ এগৰাকী বিখ্যাত শিল্পী। তেওঁ আচলতে এনে এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে সত্ৰীয়া নৃত্য, কথক নৃত্য, বিহুকে ধৰি অন্যান্য লোক নৃত্যত পাৰ্গত। তেখেত খোল, ঢোল, পেঁপা আদি প্রায় সকলো বাদ্যতেই পাৰ্গত। ভাওনাৰ ক্ষেত্ৰতো তেখেতৰ অগাধ জ্ঞান আছে। তেখেতে নিজেই মেক- আপ কৰিছিল, ধনু, গদা, অগ্নিগড় আদি নিজেই সাজিব পাৰিছিল। তেখেতে ভাওনা সংস্কৃতি আগুৱাই নিবলৈ বহু চেষ্টা কৰিছিল। তেখেতৰ আদৰ্শতে ময়ো এতিয়ালৈকে প্ৰায় চাৰিখন ভাওনা পৰিচালনা কৰিছোঁ। বিভিন্ন জনজাতীয় আৰু অনা-অসমীয়া ল’ৰা-ছোৱালীক শিকাই লৈ এই ভাওনাকেইখন কৰিছো। এতিয়া প্ৰথম কথা হ’ল— সত্ৰীয়া নৃত্যৰ সৃষ্টিও এই ভাওনাৰ পৰাই হৈছে। ভাওনা এনেকুৱা এটা সংস্কৃতি য’ত নৃত্য, গীত, বাদ্য অভিনয় আদি সকলো সোমাই আছে। মোৰ বোধেৰে ভাওনাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে প্ৰথমতে নৱপ্ৰজন্মক ভাওনাৰ বাবে আকর্ষিত কৰিব লাগিব। তাৰ বাবে কিছু আধুনিক প্রযুক্তি যেনে- শব্দ, পোহৰ, মঞ্চসজ্জা আদি ব্যৱহাৰ কৰি কিছু আকর্ষণীয় কৰিব লাগিব। কিন্তু এইখিনি কৰিবলৈ যাওঁতে পৰম্পৰা বাদ দিব নোৱাৰি ৷ পৰম্পৰাৰ ভিতৰতহে এইখিনি কৰিব লাগিব ।

তদুপৰি শিক্ষা ব্যৱস্থাত এই সংস্কৃতি অন্তর্ভুক্ত কৰিলেও নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰা যাব। ইয়াৰো উপৰি ভাওনাৰ প্ৰতিযোগিতা, কর্মশালা আদি আয়োজন কৰিব লাগিব। পর্যটন শিল্পৰ লগতো যদি এই ভাওনা সংযুক্ত কৰা হয় তেতিয়াও মোৰ বোধেৰে গুৰু দুজনাৰ এই সুন্দৰ সৃষ্টিৰ প্ৰচাৰ-প্ৰসাৰ হ’ব। এইখিনিতে এটি সুখবৰ যে অসমৰ বিভিন্ন জনজাতীয় ভাষালৈ অংকীয়াত অনুবাদ হোৱা বুলি জানিব পৰা গৈছে। সংগীত নাটক অকাডেমিয়েও ভাওনা সমাৰোহ অনুষ্ঠিত কৰি এই সংস্কৃতি প্ৰচাৰ কৰিছে। আমাৰ অসম চৰকাৰেও যদি এনে এক প্রচেষ্টা হাতত লয় যথেষ্ট উপকৃত হ’ব বুলি মই ভাবোঁ। দুই এজনী গুণী- জ্ঞানীয়ে ইতিমধ্যে দিল্লী তথা ভাৰতৰ বাহিৰতো ভাওনা শিকাইছে আৰু ইংৰাজী ভাষালৈও অনুবাদ হৈছে। অভিভাৱকসকলৰো যথেষ্ট দায়িত্ব আছে। নিজ সন্তানক এই সংস্কৃতি আঁকোৱালিবলৈ উৎসাহ যোগাব লাগিব ।

বৰ্তমান সত্ৰীয়া নৃত্যত যথেষ্ট আধুনিকতাৰ পৰশ পৰিছে। পৰিৱৰ্তন লাগিবই, ইয়াৰ অবিহনে যিকোনো দিশ উন্নতি অসম্ভৱ, কিন্তু এইপৰিৱৰ্তনত ধামখুমীয়াত সত্ৰীয়া নৃত্যৰৰ প্ৰকৃত ধাৰা ক্ষুণ্ণ হৈছে বুলি ভাবে নেকি ?

এইটো বৰ্তমান সময়ত বৰ কঠিন প্রশ্ন। হয়। পৰিৱৰ্তন লাগিবই। সংস্কৃতি সদায় বোঁৱতী নৈৰ নিচিনা। নৈয়ে দুয়ো পাৰৰ সকলো উটুৱাই লৈ যোৱাৰ দৰে সংস্কৃতিয়েও যুগৰ নতুনত্ববোৰ কঢ়িয়াই নিয়ে। ই এটা স্বাভাৱিক প্ৰক্ৰিয়া। যুগৰ তাগিদাত আমি কিছু পৰিৱৰ্তন আনিবই লাগিব । পৰিৱেশ্য কলাত আহাৰ্যৰ গুৰুত্ব অধিক। কিন্তু যি পৰিৱৰ্তনেই নহওক সেয়া পৰম্পৰাৰ বাহিৰত হ’ব নোৱাৰিব। পৰম্পৰাৰ ভিতৰত থাকিয়েই আমি যুগসাপেক্ষে পৰিৱৰ্তন কৰিব পাৰোঁ । কিন্তু এতিয়া কৰিঅ’গ্ৰাফৰ প্ৰতিযোগিতাত ক’ৰবাত কেতিয়াবা পৰম্পৰাৰ পৰা ফালৰি কাটি যোৱাটোও পৰিলক্ষিত হয়। এইক্ষেত্ৰত বিজ্ঞসকলে আঙুলিয়াই দিলে উপকৃত হ’ব।

সত্ৰীয়া নৃত্যক ভাৰতীয় শাস্ত্রীয় নৃত্য হিচাপে স্বীকৃতি দিয়াৰ পিছত (২০০০ চনত) ইয়াৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰচাৰত কি কি পৰিৱৰ্তন আহিছে ?

সুধাকণ্ঠ ভূপেন হাজৰিকা, স্বৰ্গীয় ৰসেশ্বৰ শ‍ইকীয়া বৰবায়নদেৱ আজিৰ অক্লান্ত চেষ্টাৰ ফলত ২০০০ চনৰ ১৫ নৱেম্বৰত আমাৰ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পাই ভাৰতৰ অষ্টমটো শাস্ত্রীয় নৃত্যৰ মৰ্যাদা পায়। বর্তমান এই নৃত্য ধাৰাটিৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। বৰ্তমান বিশ্বৰ বিভিন্ন ঠাইত এই নৃত্যধাৰাটিৰ শিক্ষা প্ৰদান কৰা হৈছে। দিল্লী, ওড়িশা, দক্ষিণ আফ্রিকা আদি বিভিন্ন ঠাইত অনা-অসমীয়া শিক্ষার্থী আছে। তেওঁলোকে ইণ্টাৰনেটৰ যোগেৰে অনলাইন শ্ৰেণীসমূহৰ দ্বাৰা এই নৃত্যৰ কেন্দ্ৰও স্থাপন হৈছে। জার্মান কন্যা পেৰিন ল’গুলন আদিয়ে অসমীয়া ভাষা শিকি সত্ৰীয়া নৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ লৈ আছে। এয়া শুভ লক্ষণ। কিন্তু কথা হ’ল অসমৰ চুকে- কোণে বহুতেই এই নৃত্য ধাৰাটিৰ বিষয়ে নাজানে । উদাহৰণস্বৰূপে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভাংগা পাহাৰৰ বাসিন্দাসকলে সত্ৰীয়া নৃত্যক চিনি নাপায়। এইক্ষেত্ৰত মই এটি চেষ্টা কৰিছোঁ। তেওঁলোকক বৰ্তমান গুৰু দুজনাৰ এই পৱিত্ৰ নৃত্যধাৰাটিৰ প্ৰশিক্ষণ দি সংগীত সত্ৰৰ অধীনত পৰীক্ষা দিয়াৰো ব্যৱস্থা কৰিছোঁ।

সৌভাগ্যৰ কথা যে তেওঁলোক এই নৃত্য ধাৰাটি শিকিবলৈ আগ্ৰহেৰে আগবাঢ়ি আহিছে। এনেকৈ অসমৰ চুকে-কোণে এই নৃত্য ধাৰাটিৰ প্ৰচাৰ কৰাৰো অতি প্রয়োজনীয়। কিন্তু প্ৰচাৰ প্ৰসাৰ কৰিবলৈ গৈ যাতে এই নৃত্য ধাৰাটিৰ বৈশিষ্ট্য অক্ষুণ্ণ থাকে, সেই বিষয়ে গুৰুত্ব দিব লাগিব। ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছত যদিও নৃত্য ধাৰাটিৰ প্ৰচাৰ হৈছে তথাপিও যিমান হ’ব লাগিছিল সিমান হোৱা নাই যেন অনুভৱ হয়। এইক্ষেত্ৰত কৰিবলগীয়া আৰু বহুত কাম আছে।

সত্ৰসমূহ সত্ৰীয়া নৃত্যৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। সত্ৰসমূহে (যেনে- মাজুলীৰ আউনীআটী সত্ৰ বা বৰপেটা সত্ৰ) সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰত কেনে ভূমিকা পালন কৰিছে বুলি ভাবে ?

সত্ৰসমূহ হৈছে সত্ৰীয়া নৃত্যৰ প্ৰাণকেন্দ্ৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ আৰু তেৰাসৱৰ শিষ্যসকলে সত্ৰ স্থাপন কৰি সত্ৰীয়া সংস্কৃতি চৰ্চাৰ মাজেৰে ভগৱানৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিছিল। এতিয়াও সত্ৰসমূহত এই ধাৰা অব্যাহত আছে বাবে সত্ৰীয়া নৃত্য ভাৰতৰ একমাত্ৰ জীৱন্ত নৃত্যশৈলী বুলি কোৱা হয়। ৫০০ বছৰৰো অধিক পুৰণি এটি কলাক ধৰি ৰখাটো অতি কঠিন কাম। কণমানিতেই সত্ৰলৈ অহা বৈষ্ণৱসকলে সত্ৰতেই সত্ৰীয়া নৃত্য গীত বাদ্যৰ চৰ্চা কৰে, আৰু এইসকলেই ভাদ মাহৰ তিনি কীর্তনকে আদি কৰি সত্ৰৰ বিভিন্ন উৎসৱ-পাৰ্বণত নৃত্য গীত বাদ্য পৰিৱেশন কৰে সত্ৰৰ ভিতৰতেই। সত্ৰ চাৰিবেৰৰ মাজত থাকিলে নিশ্চয় এই নৃত্য ধাৰাটিৰ প্ৰচাৰ প্ৰসাৰত বাধা আহিব। সেয়েহে দুই এজন বৈষ্ণৱে সত্ৰৰ বাহিৰলৈ আহি এই নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত আমি প্রয়াত ৰসেশ্বৰ শ‍ইকীয়া বৰবায়নদেৱৰ কথা উল্লেখ কৰিব পাৰোঁ। তেখেতে সত্ৰৰ বাহিৰলৈ ওলাই আহি এই নৃত্য প্ৰদৰ্শন আৰু প্রশিক্ষণ দিয়ে। তেখেতেই প্রথম ছোৱালীক এই নৃত্য শিকাইছিল। তেখেতে এই বলিষ্ঠ পদক্ষেপ নোলোৱা হ’লে হয়তো সত্ৰীয়া নৃত্যৰ ইমান প্ৰচাৰ প্ৰসাৰ নহ’ল হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা হ’ল সত্ৰসমূহত যে এতিয়াও এই নৃত্যৰ চৰ্চা কৰি নৃত্য ধাৰাটিক জীৱন্ত কৰি ৰাখিছে। ইয়াতকৈ আৰু কি ডাঙৰ কাম হ’ব পাৰে । সত্ৰত শিক্ষা গ্ৰহণ কৰা কেইবাজনো গুণী-জ্ঞানী বৈষ্ণৱে বৰ্তমান অসম, ভাৰত তথা বিদেশতো সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি আছে। কিন্তু পৰিতাপৰ কথা যে বর্তমান সত্ৰসমূহত ভকতৰ ল’ৰাৰ সংখ্যা কমি আহিছে। এইদৰে হয়তো কিছু কালৰ পিছত সত্ৰ-সংস্কৃতি অসমত নাথাকিব। এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় বহুত আছে।

সত্ৰীয়া নৃত্যৰ মুখাশিল্প, বেশভূষা আৰু সংগীতৰ উপাদানসমূহে ইয়াৰ পৰিচয় আৰু প্ৰচাৰত কেনেকুৱা সহায় কৰে ?

অসমৰ মুখা শিল্প পৃথিৱী বিখ্যাত। অসমৰ বিশেষকৈ চামগুৰি সত্ৰৰ মুখা শিল্পৰ যথেষ্ট প্ৰচাৰ-প্ৰসাৰ হৈছে। এই সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীদেৱে এই শিল্পৰ বাবেই পদ্মশ্রী সন্মানেৰে সন্মানিত হৈছে। এই মুখাবোৰ যথেষ্ট আকর্ষণীয়। আগতে ভাওনাবোৰত মুখাৰ প্ৰচলন আছিল। এতিয়াও দুই এক ভাওনাত মুখাৰ ব্যৱহাৰ হয়। এই ভাওনাত এই মুখাবোৰৰ ব্যৱহাৰে দৰ্শকক আকৰ্ষিত কৰে। এই মুখা শিল্প সত্ৰীয়া সাংস্কৃতিৰ অন্যতম অংগ। এইক্ষেত্ৰত সত্ৰীয়া কেন্দ্ৰৰ প্ৰচেষ্টা শলাগিব লাগিব। এইবাৰ সত্ৰীয়া কেন্দ্রই ভাওনা সমাৰোহত কৰা ভাওনাখনত এই মুখা শিল্পৰ ব্যৱহাৰ কৰি ভাওনাখন অধিক আকর্ষণীয় কৰি তুলিছে। এইক্ষেত্ৰত ভাওনাখনৰ পৰিচালক সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক দুলাল ৰয় ছাৰক ধন্যবাদ দিব লাগিব। মুখা শিল্প বেশভূষাই দর্শকক আকৰ্ষিত কৰে আৰু প্ৰচাৰ প্ৰসাৰতো সহায়ক হয়। সেইদৰে সত্ৰীয়া সংস্কৃতিৰ গীত বাদ্যও অনন্য। অৱশ্যে এইসমূহৰ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আৰু অধিক মনোগ্রাহী কৰিলেহে এই প্ৰচাৰ প্ৰসাৰত সুবিধা হ’ব। এইক্ষেত্ৰত নৱপ্ৰজন্মৰ দুই এজনে অৱশ্যে কাম কৰি আছে।

বর্তমান যুগত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ- প্ৰসাৰত ডিজিটেল মাধ্যম যেনে- চলচ্চিত্র, সামাজিক মাধ্যম আৰু চৰকাৰী উদ্যোগৰ ভূমিকা কি ?

ডিজিটেল মাধ্যম বর্তমান যথেষ্ট সুবিধাজনক। অৱেশ্য ইয়াৰ উচিত ব্যৱহাৰ কৰা উচিত। মই ইতিমধ্যে উল্লেখ কৰিছো যে ইণ্টাৰনেটৰ যোগেৰে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বৰ্তমান সত্ৰীয়া নৃত্য, খোল-বাদন আদিৰ প্রশিক্ষণ হৈছে। ইয়াৰ উপৰি চলচ্চিত্র তথ্যচিত্ৰৰ জৰিয়তেও এই সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ হৈ আছে। অৱশ্যে এইক্ষেত্ৰত আৰু কৰণীয় আছে। সামাজিক মাধ্যমৰ যোগেৰেও বর্তমান এই নৃত্য প্ৰচাৰ হৈছে যদিও ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে। কিছুমান শিল্পীয়ে দৰ্শকৰ সংখ্যা বঢ়াবৰ বাবে উচিত প্রশিক্ষণ নোলোৱাকৈ কিছুমান সত্ৰীয়া নৃত্যৰ ভিডিঅ’ প্ৰচাৰ কৰে । তেতিয়া এটা নেতিবাচক বার্তাহে সমাজলৈ যায়। সেয়েহে এইক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। চৰকাৰী উদ্যোগসমূহে প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিব লাগে যদিও বর্তমান অসমত চৰকাৰে বিশেষ পদক্ষেপ লোৱা যেন মোৰ অনুভৱ নহয়।

ভৱিষ্যতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কি কি কৌশল গ্রহণ কৰিব লাগিব, যাতে ইয়াৰ ঐতিহ্য অটুট থাকক আৰু আধুনিক যুগৰ সৈতে সংনাদিত হয় ?

প্রথম কথা হ’ল এই নৃত্যধাৰাটি অনন্য। এই নৃত্যধাৰাটি শুদ্ধভাৱে শিকিব লাগিব। তাৰ পাছতহে প্ৰচাৰ-প্ৰসাৰৰ কথা আহি পৰে। যদি অলপ মাটিআখৰা শিকিয়েই সংৰচনাৰ অভিনয় কৰিবলৈ যোৱা হয় তেতিয়াহ’লে হিতে বিপৰীত হোৱাহে সম্ভৱনা আছে। মই প্রথমতেই উল্লেখ কৰিছোঁ সত্ৰীয়া সংস্কৃতিৰ সাগৰখনত সাঁতোৰাটো ইমান সহজ নহয়। সেয়েহে অনুশীলন কৰিব লাগিব ।

দ্বিতীয়তে এই নৃত্য শিকি পৰিৱেশন কৰিবলৈ একোখন মঞ্চ লাগিব। সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈ মঞ্চৰ অভাৱ। এইক্ষেত্ৰত চৰকাৰেও পদক্ষেপ ল’ব লাগিব। পৰিৱেশনৰ সুবিধা পালে নৱপ্ৰজন্মই এই নৃত্যৰ প্ৰতি আগ্ৰহী হ’ব আৰু এনেকৈয়ে এই নৃত্যৰ প্ৰচাৰ-প্ৰসাৰ হ’ব।

কৰ্মশালাৰ দ্বাৰাও নৃত্য ধাৰাটিৰ প্ৰচাৰ প্ৰসাৰ ঘটাব পাৰি। শিক্ষানুষ্ঠানৰ এটি বিষয় হ’লেও বহুতো সত্ৰীয়া শিল্পীৰ ওলাব। তথ্যচিত্ৰ আদিৰ দ্বাৰাও প্ৰচাৰ-প্ৰসাৰ কৰিব পাৰি ।

অভিভাৱকসকলেও এইক্ষেত্ৰত সহায় কৰিব লাগিব। এই সংস্কৃতিৰ প্ৰতি যাতে নিজ সন্তানক আকৃষ্ট কৰে সেই গুৰু দায়িত্বও তেখেতসকলে ল’ব লাগিব নৱপ্ৰজন্মৰ যাতেই এই নৃত্যৰ ভৱিষ্যৎ। গতিকে তেওঁলোকক আকৃষ্ট কৰিবলৈ কিছু নতুনত্ব আনিব লাগিব। কিন্তু পৰম্পৰা যাতে হেৰাই নাযায় তাৰ প্ৰতিও সজাগ হ’ব লাগিব ।

‘পুৰণিৰ বুকুত নতুনৰ জন্ম- এয়াই সংস্কৃতিৰ চিৰন্তন যাত্ৰা ৷’আপুনি কি ভাবে? নতুন প্ৰজন্মই সত্ৰীয়াক কেনেকৈ জীয়াই ৰাখিব পাৰে ?

পুৰণিৰ বুকুতেই সদায় নতুনৰ জন্ম হয়। ই এক চিৰন্তন সত্য। নতুন প্ৰজন্মইহে এই সত্ৰীয়া সংস্কৃতি জীয়াই ধৰিব লাগিব। বৰ্তমান নৱপ্ৰজন্ম এই সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছে এয়া শুভলক্ষণ । যুগসাপেক্ষে কিছু নতুনত্ব তেওঁলোকে সত্ৰীয়া সংস্কৃতিত সংযোগ কৰিবই। কিন্তু ভেটিটোৰ ওপৰতেই এই নতুনত্ব হ’ব। ভেটিটো যাতে ভাঙি নাযায় সেই সম্পর্কে সজাগ হ’ব লাগিব । তেতিয়াহে সত্ৰীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিব ।

ফিউজন আৰু পৰীক্ষা-নিৰীক্ষা— এইক্ষেত্ৰত সত্ৰীয়া নৃত্যক লৈ আপোনাৰ পৰিকল্পনা কি আছে?

সত্ৰীয়া নৃত্যৰ ভিতৰতেই ইমান সমল সোমাই আছে যে ফিউজনৰ প্ৰয়োজনেই নাই। নৃত্যধাৰাটিৰ সোমাই থকা সমলখিনিহে প্ৰথমতে উদ্ধাৰ কৰাৰ প্ৰয়োজন। সেইখিনিয়েই এতিয়ালৈ সম্পূৰ্ণ উদ্ধাৰ হোৱা নাই। গতিকে সেইখিনি কেনেকৈ উদ্ধাৰ হয় তাৰ ওপৰতহে গুৰুত্ব দিব লাগে। তাৰ নহ’লে এইসমূহ পাহৰণিৰ গৰ্ভত সোমাই পৰিব। মই ফিউজন নালাগে বুলি কোৱা নাই। ফিউজন লাগে। কিন্তু ফিউজন কৰিবলৈ গৈ গুৰু দুজনাৰ এই সুন্দৰ সৃষ্টি যাতে ক্ষত-বিক্ষত নহয়, তাৰ প্ৰতি সাৱধান হ’ব লাগিব।

মোৰ পৰিকল্পনা আছে বহুতো । ম‍ই বৰ্তমান শুদ্ধ নাচবোৰ শিকোৱাৰ ক্ষেত্ৰতহে বেছি আগ্রহী। সেয়েহে মই এই নৃত্যৰ কৰ্মশালা প্রতিবছৰে পাতো। কেতিয়াবা সংগীত নাটক অকাডেমি সহযোগত কেতিয়াবা নিজেই এই কর্মশালাৰ আয়োজন কৰোঁ। আচলতে জীৱন্ত কলা এটিত ফিউজন এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু পৰীক্ষা- নিৰীক্ষাৰ দৰকাৰ। ম‍ই বিভিন্ন জনজাতীয় ছাত্র- ছাত্ৰীক সত্রীয় নৃত্য শিকাই আছোঁ। তেওঁলোকক লৈয়ে এখন অংকীয়া নাট কৰাৰ পৰিকল্পনা কৰি আছো। নাজানো কিমান সফল হওঁ। ফিউজনক লৈ মই এতিয়া একো পৰিকল্পনা কৰা নাই। ভৱিষ্যতে প্রয়োজনসাপেক্ষে নিশ্চয় এই সম্পকেও চিন্তা কৰিম। কিন্তু মূল শিপাডাল যাতে ছিঙি নাযায়, তাৰ বাবে সদায় সচেতন হৈ নতুনত্ব নিশ্চয় আনিব বুলি পৰিকল্পনা কৰিছোঁ।

ফোনঃ ৯৮৬৪৪-২২৪২৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.