চকলেট আৰু ফুল

35

পাৰ্থসাৰথি মহন্ত

চকলেট আৰু ফুল হয়তো কেতিয়াবা কিতাপ, চিঠি, সময় বা মৌনতাতকৈও বেছি প্রেম, অনুশোচনা, কৃতজ্ঞতা, আকাংক্ষা, সহমর্মিতা প্ৰকাশ কৰে। বুজাই দিয়াৰ প্ৰয়োজন নাই। আধুনিক জীৱনত চকলেট আৰু ফুলৰ দৰে সাৰ্বজনীনভাৱে বুজা যেন লগা কথা খুব কম আছে। চকলেট আৰু ফুলে বয়স, ভাষা, সংস্কৃতি আৰু শ্ৰেণীৰ বাধা নামানে, সীমাবোৰ ভাঙি পেলায়। সুখত, আনন্দত, অস্বস্তিত, ক্ষমা বিচাৰি, ৰোমাণ্টিক মুহূৰ্তত আনকি অন্ত্যেষ্টিক্রিয়াতো ফুল আৰু চকলেট।

ফুল। স্বভাৱতে অস্থায়ী। এনে এক সৌন্দর্য যি নিজৰ অন্তক গ্রহণ কৰি লয়। ছিঙি পেলোৱাৰ লগে লগে ম্লান হোৱাৰ দিশত যাত্ৰা আৰম্ভ হয়। তথাপিও আমি হেঁপাহেৰে, গৌৰৱেৰে, মৰমেৰে, আনুষ্ঠানিক- অনানুষ্ঠানিকভাৱে আগবঢ়াই আহিছোঁ ফুল। আমি স্থায়ী কিবা এটাও দিব পাৰিলোঁহেঁতেন, কিন্তু আমি ফুল বাছি লওঁ— জীৱিত কিন্তু মৰহি যাব। আমি এটা জীৱিত বস্তু বাছি লওঁ, কাৰণ আমাৰ আৱেগবোৰ জীয়া।

ফুল যেনেকুৱা তেনেকুৱাকৈয়ে থাকে। যি হয় তাতকৈ বেছি হোৱাৰ অভিনয় নকৰে। নিজৰ অস্থায়িত্ব লুকুৱাই নাৰাখে। গোলাপ মৰহি যায়, শেৱালি সৰি যায় । অদ্ভুতধৰণে ফুলে গ্রহণযোগ্যতা শিকায়। সোঁৱৰাই দিয়ে যে সৌন্দৰ্য অৰ্থপূৰ্ণ হ’বলৈ স্থায়িত্বৰ প্ৰয়োজন নাই। কোনোবাই ফুল দিয়া মানে কেৱল ৰং আৰু সুগন্ধিয়ে নিদিয়ে— তেওঁ ক’ব খোজে ‘এই মুহূৰ্তত ম‍ই তোমাৰ কথা ভাবিছোঁ’। ফুলে চিৰকালৰ প্ৰতিশ্ৰুতি নিদিয়ে, ফুল উপস্থিতিৰ প্ৰতিশ্ৰুতি ।

চকলেট। মিঠা। গলি যায়। দ্রবীভূত হয়। নোহোৱা হৈ যায়। এৰি যায় কেৱল স্বাদ আৰু স্মৃতি। সহজতে পোৱা সকাহ চকলেট। এটা সৰু চকলেটৰ টুকুৰাই বেয়া দিন এটা সলনি কৰি দিব পাৰে। সেয়েহে চকলেটে কঢ়িয়াই লৈ ফুৰে শৈশৱৰ স্মৃতি, নীৰৱ নিঃসংগতা, উৎসৱৰ আনন্দ ৷

ফুল আৰু চকলেট দুয়োটা একেলগে। কেনে লাগে? এটা চকু আৰু হৃদয়ৰ বাবে ৷ আনটো জিভা আৰু মনৰ বাবে। এটা ম্লান হৈ যায়, আনটো নোহোৱা হৈ যায়। দুয়োটা অস্থায়ী। দুয়োটা সংবেদনশীল। দুয়োটাই এৰি থৈ যায় স্মৃতি। সেয়েহে যেতিয়াই প্রয়োজন হয়, দীঘলীয়া ব্যাখ্যাৰ সলনি আমি এই দুই প্রতীকৰ সহায় লওঁ। কঠিন কথা-বতৰাৰ সলনি মিঠা আৰু সৌন্দৰ্য বাছি লওঁ। আৰু তাতেই কথাবোৰ আকৰ্ষণীয় হৈ পৰে।

আমি খুব কমেইহে স্বীকাৰ কৰা এটা অস্বস্তিকৰ সত্য হ’ল— শব্দ বিচাৰি নাপালে আমি ফুল আৰু চকলেট ব্যৱহাৰ কৰোঁ । আমি দুখ পাওঁ, কিন্তু বুজাবলৈ সাজু নহয় । আমি গুৰুত্ব দিওঁ, কিন্তু কিমান ক’বলৈ ভয় কৰোঁ। আমি বিফল হৈছোঁ বুলি জানো, কিন্তু উত্তৰ নিদিয়াকৈ ক্ষমা বিচাৰোঁ। আমি ৰোমাণ্টিক হ’ব খোজো, কিন্তু প্রকাশ কৰিব নোৱাৰোঁ। এনে সময়বোৰত চকলেট আৰু ফুল হৈ পৰে আৱেগৰ প্রকাশ। এই সুবিধাই লয় চকলেট আৰু ফুলৰ ব্যৱসায়ীয়ে। আমি কেতিয়া অকলশৰীয়া, কেতিয়া হেঁচা অনুভৱ কৰোঁ তেওঁলোকে জানে । আমি কি অনুভৱ কৰিব লাগে আৰু সেইটো প্ৰমাণ কৰিবলৈ আমি কি কিনিব লাগে, সেই কথা সোঁৱৰাই দিবলৈ বিশেষ দিন সৃষ্টি কৰা হয়। আমাৰ আৱেগৰ প্ৰকাশ হৈ পৰে বাণিজ্যিক।

কথাৰ সলনি যদি আন্তৰিকতা প্রকাশ কৰিবলৈ বাৰে বাৰে আমি এই দুই প্ৰতীকৰ সহায় লওঁ, তেতিয়া পিছে সম্পৰ্কবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

আমি যেতিয়া কাৰোবাক ফুল বা চকলেট দিওঁ তেতিয়া কি ভাবোঁ, কি বিচাৰোঁ? বিনিময়ত আমি কিবা এটা আশা কৰোঁ— স্বীকৃতি। আমি যাক ফুল বা চকলেট দিওঁ তেওঁ অনুভৱ কৰাটো বিচাৰোঁ যে আমি তেওঁৰ লগত আছোঁ। সেই ফালৰ পৰা আকৌ ফুল আৰু চকলেট আমাৰ নিজৰ আৱেগিক প্রয়োজনীয়তা।

আধুনিক জীৱন ডিজিটেল জীৱন। আমি পোষ্ট দিওঁ— প্রতিক্রিয়া দিওঁ। কিন্তু প্রকৃত আৱেগিক যোগাযোগ ভয় কৰোঁ। ফুল আৰু চকলেটে আমাক মনত পেলাই দিয়ে— সকলো কথা বুজাব নালাগে, তথাপিও সকলো অনুভৱ কৰিব পাৰি ৷

প্রশ্নটো এইটো নহয় যে আমি কিয় ফুল আৰু চকলেট দিওঁ। আচল কথাটো হ’ল সেই মুহূৰ্তটো আৰু ইয়াৰ আঁৰৰ উদ্দেশ্য। আৰু সেইটোহে স্থায়ী হয়।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.