Friday, July 19, 2019
নিশা এঘাৰমান বজাত কল্যাণে নিজৰ কোঠাৰ বিছনাত বহি হোৱাটছএপ কৰি আছিল। প্ৰথমে সি দেউতাক আৰু দ্বিতীয়বাৰত মাকলৈ হোৱাটছএপ কৰি জনাইছিল– :মই চাকৰিটো পালোঁ। সন্ধিয়া সাত বজাত সিহঁতে ই-মেইল কৰি খবৰটো মোক দিছে, সিহঁত মানে কোম্পানীয়ে... এই খবৰটো আৰু কাক কাক দিব পাৰি সি চিন্তা কৰিলে। হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত অলপতে বহিব...
বাহিৰত দোপালপিটা বৰষুণ। তাৰ মাজে মাজে পাতলীয়া বতাহৰ ছন্দহীন নাচোন। কোঠাটোত এখন চেগুন কাঠেৰে সজা মেজ। মেজৰ ওপৰত কেইবাখনো কিতাপ। তাৰেই এখন উপন্যাসত মগ্ন আইৰিন। খিৰিকীবোৰ জপোৱা নাই। সেমেকা বতাহজাকে উৰুৱাই অনা পৰ্দাবোৰে উপন্যাসৰ পাতবোৰ আউলিয়াই আছে। বৰষুণৰ এচাৰকনিয়ে মেজখনৰ ইফাল-সিফাল চুইছে। চ’তমহীয়া বৰষুণজাকে কোঠাটো সেমেকাই তুলিছে। তথাপি তাই...
বতাহজাক আৰু জোৰেৰে বলিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিদায়ী বেলিটিয়ে পশ্চিমফালে আকাশখনত হেঙুলীয়া কিবা এটা এৰি থৈ গৈছে। সেই হেঙুলীয়াখিনিৰ কিছু অংশ ফেনিল টাৱাৰে ঢৌবোৰে সশৰীৰেৰে পিন্ধি লৈ সোণোৱালী গীত এটি আওৰাইছে। গুচি গৈছে দূৰ-দূৰণিলৈ। সাউকতে আকৌ উভতিও আহিচে। হাঁহিটিও এতিয়া সেন্দুৰীয়া হৈ উঠি ক্ৰমান্বয়ে মৰহিবলৈ আৰম্ভ কৰিছে। এতিয়াৰে পৰা...
জীৱন মাধুৰী নেওগ বৰা বাৰাণ্ডাৰ পৰা নামি আহি লনখনত ভৰি দিয়েই বিজয়লক্ষ্মীৰ মনতো জুৰ পৰি গ’ল। চেঁচা মাটিৰ স্পৰ্শই তেওঁৰ দেহ-মনলৈ আনি দিলে এক নতুন অনুভূতি। সতেজতা অনুভৱ কৰাৰ লগতে পালে নতুন উদ্যম। সদায় দেখি থকা সেউজীয়া দূবৰিৰ দলিচাখনেও যেন আজি নতুন ৰূপ লৈছে। চৌদিশে ফুলি থকা ৰং-বিৰঙৰ ফুলবোৰে যেন হালিজালি...
এলি আহমেদ মাজনিশা অৰুণিমা বৰুৱাই তলৰ ভাড়াঘৰকেইটাৰ মানুহখিনিৰ চিঞৰ-বাখৰত সাৰ পাই বিছনাৰ পৰা নামি দুৱাৰখন খুলি তিনিমহলীয়া বাৰাণ্ডাৰ পৰা তললৈ চাই পঠিয়ালে। এন্ধাৰ নিশা। অৰুণিমা বৰুৱাই খুঁটাটোৰ ছুইচ ব’ৰ্ডখনৰ ছুইচটো অন কৰি চোতালৰ সোঁমাজত পুুতি থোৱা খুঁটাটোত ওলমি থকা লাইটটো জ্বলাই বাৰাণ্ডাৰ ৰেলিংডালত পেটটো হেঁচা মাৰি লগাই তললৈ চাই ক’লে– :এই...