মোৰ দুচকুৰে তুমি আকাশ চাবা

বাবুল শর্মা

পুৱা আঠ বজাত গা ধুই উঠি ছাদত কাপোৰ মেলিবলৈ উঠি গল মালৱিকা ৷ মার্চ মাহৰ কোমল ৰদৰ আমেজ লোৱাৰ বাবেই মালৱিকাই অলসভাৱে তিতা কাপোৰ মেলি আছিল ৷ হঠাতে কৰবাৰ পৰা বতাহত ভাহি আহিল বাঁহীৰ মিঠা সুৰ ৷ বাঁহীৰ মিঠা সুৰ তাইৰ কর্ণকুহৰেদি প্রৱেশ কৰি হূদয়তন্ত্রী জোকাৰি দিলে ৷ বাঁহীৰ সুৰৰ আঁত ধৰি মালৱিকাই স্বতঃস্ফূর্তভাৱে গাই উঠিল, তেৰে মেৰে হঠো পে মিঠে, মিঠে গীত মিতৱা

কৃষৰ বাঁহীৰ সুৰত মোহাচ্ছন্ন হোৱা ৰাধাৰ দৰে মালৱিকা প্রতিদিনে পুৱা গা ধুই উঠিয়েই ছাদলৈ উঠি যায় ৷ তাই উৎকর্ণ হৈ অপেক্ষা কৰে বতাহত ভাহি অহা বাঁহীৰ সুৰ শুনিবলৈ ৷  আজিও তাই আপোনপাহৰা হৈ শুনি ৰৈছিল বতাহত ভাহি অহা বাঁহীৰ মিঠা সুৰ ৷

মালৱিকা, তোক বিচাৰি গোটেইখন তল–ওপৰ কৰিছেছা ৷ ছাদত ইমান সময় কি কৰি আছিলি ৷ জীয়েকৰ ওচৰ চাপি সুমিত্রাই কলে,ন বাজিবৰ হল, তোৰ অফিচলৈ যোৱা দেৰি নহবনে ৷

মাকৰ মাতত মালৱিকাৰ তন্ময়তা ভাগিল ৷ মাকৰ পিছে পিছে আহি মালৱিকা ডাইনিং টেবুলত বহিলহি ৷ দেৱালত থকা ঘড়ীত চকু থৈ তাই স্বগতোক্তি কৰিলে, ন বাজি গল ৷ আজি অফিচ দেৰিয়েই হ !

মালৱিকাই বেচৰকাৰী খণ্ডৰ বেংক এটাত চাকৰি কৰে ৷ চহৰৰ মুখ্যস্থলৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত মালৱিকাৰ ঘৰ৷ ন বজাত ঘৰৰ পৰা ওলাই গলেহে তাই সঠিক সময়ত তাইৰ চাকৰি কৰা বেংকটো পায়গৈ ৷ অজান কাৰণত এই আৱাসিক অঞ্চলটোলৈ ৰিক্সা বৰকৈ অহা–যোৱা নকৰে ৷ মালৱিকাই প্রায়ে খোজকাঢ়িয়েই মূলপথত ৰিক্সাত উঠি অফিচলৈ যাত্রা কৰে ৷

অফিচ বন্ধ দিনত মালৱিকাই সাধাৰণতে ন বজালৈকে বিছনাত পৰি থাকে ৷ কিন্তু বিগত তিনিটা মাহ ধৰি তাই আনদিনাৰ দৰেই বন্ধ বাৰবোৰতো পুৱা সাত বজাতে বিছনা এৰে ৷ মুখ–হাত ধুই চাহ খাই উঠিয়েই মালৱিকা বাথৰুমত সোমায় ৷ বাথৰুমৰ পৰা ওলায়ে কাৰোবাক লগ কৰাৰ ব্যগ্রতাৰে তাই কোবা–কুবিকৈ ছাদলৈ উঠি যায় ৷ আৰু মন্ত্রমুগ্ধ হৈ শুনি ৰয় বতাহত ভাহি অহা বাঁহীৰ সুৰ ধবনি ৷

দিনৰ পিছত দিন ধৰি তাইৰ হূদয়তন্ত্রী জোকাৰি যোৱা সুৰৰ স্রষ্টাজনক স্বচক্ষে দর্শন কৰাৰ উদগ্র বাসনাত মালৱিকা অস্থিৰ হৈ পৰে ৷ তাই স্বগতোক্তি কৰে, আহ ! এবাৰ যদি সাক্ষাৎ হয় বাঁহীত মিঠা সুৰ তোলা সুৰৰ যাদুকৰজনক ! তাই বিনাদ্বিধাই কৈ উঠিব, মই আপোনাক ভাল পাও !

প্রতিটো শনিবাৰে নিশা দহ বজাত বিছনাত পৰিয়েই মালৱিকাই স্থিৰ কৰে পিছদিনা তাই কি কি কাম কৰিব ৷ সোমবাৰৰ পৰা শনিবাৰলৈকে সপ্তাহটোৰ ছটা দিনেই ব্যস্ত হৈ থকা মালৱিকাই অধীৰ আগ্রহেৰে অপেক্ষা কৰে দেওবাৰৰ দিনটোলৈ ৷ তন্দ্রালস দুচকু জপাই মালৱিকাই মনতে আওৰালে পিছদিনা তাই কৰিবলগীয়া কর্মসূচী ৷ তাই নিজৰ কাপোৰ ধুব, গা ধুব ৷ ব্রেকফাষ্ট খাই ওলাই যাব শ্বপিং মলখনলৈ ৷ আবেলি কলেজীয়া বান্ধৱী কাবেৰী আৰু উর্বশীৰ সৈতে আইনক্সত নতুন অসমীয়া চিনেমাখন চা !

পুৱা শুই উঠিয়েই মুখ–হাত ধুই চাহ খাই উঠি মালৱিকা কিছু সময় মবাইলটো হাতত লৈ ব্যস্ত হল ৷ তাৰ পিছত তাই বাথৰুমত সোমাল ৷ হাতত তিতা কাপোৰ লৈ মালৱিকা পুৰণি হিন্দী গীত এটা গুণগুণাই ছাদলৈ উঠি গল ৷ তিতা কাপোৰ ৰছীডালত মেলি থাকি তাই উৎকর্ণ হৈ অপেক্ষা কৰিলে বতাহত ভাহি অহা বাঁহীৰ মিঠা সুৰ শুনিবলৈ ৷ এক মিনিট, দুই মিনিটকৈ তাইৰ অধীৰ অপেক্ষাৰ ক্ষণবোৰ দীঘল হৈ গৈ থাকিল ৷ হাতৰ মবাইলটোৰ  স্ক্রীনত চকু থোৱাৰ পিছতহে মালৱিকাই জানিব পাৰিলে তাই বাঁহীৰ শুনিবলৈ অপেক্ষা কৰা ইতিমধ্যে পোন্ধৰ মিনিট পাৰ হল ৷

অতিশয় অলসভাৱে মালৱিকা ছাদৰ পৰা নামি আহিল ৷ বাৰাণ্ডাৰ চকী এখনত তাই ধূপুচকৈ বহি পৰিল ৷ কাষৰ চকীখনতে বহি দেউতাকে বাতৰিকাকত পঢ়ি আছিল ৷ কাকতৰ পৰা মূৰ নোতোলাকৈ মালৱিকাৰ দেউতাকে মালৱিকাক উদ্দেশ্যি কৈ উঠিল, মাজনী, আজি আবেলি ডিষ্ট্রিক লাইব্রেৰীৰ অডিটৰিয়ামত উৎপলহঁতে কালচাৰেল প্রগেমৰ আয়োজন কৰিছে ৷ কালি দুপৰীয়া সি নিজে আহি কার্ড দুখন দি গৈছিল ৷ দেউতাকে পুনৰ কলে, সি তোকো যাবলৈ কেইবাবাৰো অনুৰোধ কৰাদি কৈছিল ৷

দেউতাকৰ কথাৰ প্রত্যুত্তৰত মালৱিকাই কলে, দেউতা, উৎপলে কালি আবেলি ফোন কৰি কৈছিল কথাটো ৷

মালৱিকাহতঁৰ চুবুৰিটোৰ উৎপল, অতনু, দিবাকৰ আৰু ভাস্ক্ৰ তাইতকৈ বয়সত সৰু লৰাকেইটাই মালৱিকাৰ মাক–দেউতাককে নহয়, তাইকো যথেষ্ট সন্মান কৰে৷ আজিৰ একাংশ বাট এৰি অবাটে যোৱা লৰাৰ বিপৰীতে যোৱা লৰাকেইটাৰ কাম–কাজক মালৱিকাই প্রশংসা কৰে, সময় পালে তাহঁাতকেইটাৰ কাষত ৰৈ সিহঁতক উৎসাহিত কৰে ৷ সিহঁতে নিবিচাৰিলেও মালৱিকাই সিহঁতৰ ক্লাবটোলৈ স্বেচ্ছাই বৰঙণি আগবঢ়ায় ৷

বায়েক দুজনীৰ বিয়াৰ পিছত মালৱিকা দেউতাকৰ সহচৰৰ দৰে হৈ পৰিল ৷ দেউতাকৰো তেওঁৰ নুমলীয়া জীয়েকজনীৰ প্রতি মৰম অপৰিসীম ৷ আনহাতে মালৱিকাৰো দেউতাকৰ প্রতি অপাৰ শ্রদ্ধা আৰু স্নেহ ৷  চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকৰ দৰে নীৰস বিষয় এটাৰ শিক্ষক অৱনী দত্তক সুক্লৰ ছাত্র–ছাত্রীয়ে অতিশয় সমীহ কৰে৷ সেইজন ৰূূ শিক্ষক ৰূপী অৱনী দত্তক মালৱিকাই আজিলৈকে দেখা নাপালে৷

বাতবিষত ভুগি থকা মালৱিকাৰ মাকে আজিকালি ঘৰৰ পৰা বাহিৰ হব নোখোজে৷ ওচৰ–চুবুৰীয়া দুই এঘৰৰ বাদে মানুহজনীয়ে অত্যন্ত প্রয়োজন নহলে কেনিও নাযায়৷ অফিচ বন্ধ দিনত আগতে মালৱিকাই প্রায়ে মাকৰ সন্মুখতে নিজৰ ক্ষোভ উজাৰি কৈছিল, লগৰ ছোৱালীবোৰ মাকবোৰৰ লগত বজাৰত ঘূৰি ফুৰা দেখিলে মোৰ নিজৰ ওপৰতে পুতৌ উপজে৷ কিন্তু এদিন ফুৰিবলৈ গৈ দুদিন বিছনাৰ পৰা নামিবলৈ কষ্ট পোৱা মাকৰ  অৱস্থা উপলদ্ধি কৰি মালৱিকাই আজিকালি মাকক একো নোকোৱা হল৷

আবেলি পাঁচ বজাত দেউতাকৰ সৈতে মালৱিকা ডিষ্ট্রিক লাইব্রেৰীৰ অডিটৰিয়াম পালেগৈ৷ প্রেক্ষাগৃহৰ বাহিৰত ৰৈ আছিল মালৱিকাৰ চুবুৰিৰ ভাস্ক্ৰ আৰু অতনু৷ দুয়োটাই সআগ্রহেৰে মালৱিকা আৰু দেউতাকক মাতি নি প্রেক্ষাগৃহৰ সন্মুখৰ শাৰীত বহিবলৈ দি কলে, উৎপলদাই আপোনালোকৰ কথা কেইবাবাৰো সুধিছিল৷

আৰতি খাউণ্ডে পৰিৱেশন কৰা বৰগীতেৰে সাংসৃক্তিক অনুষ্ঠানৰ আৰম্ভণি হৈছিল৷ তাৰ পিছতে সুদর্শনা বৰুৱাৰ ভাৰত নাট্যম, কণমানি দুজনীমানৰ আধুনিক নৃত্য পৰিৱেশনৰ পিছতে ঘোষকে মাইকত ঘোষণা কৰিছিল, মঞ্চত এইবাৰ বাঁহীৰ সুৰৰ মূর্ছনা তুলিবলৈ আহিব ৰাজ্যখনৰ এজন বিশিষ্ট বাঁহীবাদক নীলোৎপল কাকতি৷

মালৱিকাৰ পৰিচিত ভাস্ক্ৰ নামৰ লৰাজনে হাতত ধৰি মঞ্চলৈ আগুৱাই লৈ আহিছিল এজন সুদর্শন ব্যক্তি৷ আকর্ষণীয় ব্যক্তিত্বৰ শিল্পীজনে নিজৰ দুহাত ওপৰলৈ তুলি দর্শকক নমস্কাৰ জনাইছিল৷ উৎপলে আহি শিল্পীজনক এখন ফুলাম গামোচাৰে সম্বর্ধনা জনাইছিল৷ তাৰ পিছতে বাঁহীবাদকজনে চকী এখনত বহি হাতত বাঁহী তুলি লৈছিল৷

ৰাগ মালকোষৰে আৰম্ভণি কৰি ৰাগ মেঘেৰে নিজৰ বাঁহীবাদন সামৰণি মাৰিছিল শিল্পী নীলোৎপল কাকতিয়ে৷ জনাকীর্ণ প্রেক্ষাগৃহৰ দর্শকসকলে মন্ত্রমুগ্ধ হৈ শুনি ৰৈছিল  বাঁহীৰ অপূর্ব সুৰধবনি৷ মালৱিকা প্রায়ে ঘৰৰ মিউজিক ছিষ্টেমত হৰিপ্রসাদ চৌৰাসিয়াৰ বাঁহীবাদন শুনে৷ বিখ্যাত বাঁহীবাদকজনৰ বাঁহীৰ সুৰত তাই কেতিয়াবা টোপনি যায়৷ টোপনিৰ আৱেশত তাই ভ্রমি ফুৰে কোনোবা এখন বিস্তীর্ণ সেউজীয়া মালভূমিত৷ আজিও ঠিক একে গভীৰ মনোযোগেৰে মালৱিকাই শুনি ৰৈছিল নীলোৎপল কাকতিৰ বাঁহীবাদন৷ মোহাৱিষ্ট মালৱিকাৰ দৃষ্টি আবদ্ধ হৈ ৰৈছিল আকর্ষণীয় ব্যক্তিত্বৰ শিল্পীজনৰ ওপৰত৷

নিশা ন বজাত মনোৰম সাংসৃক্তিক সন্ধিয়াটোৰ যৱনিকা পৰিছিল৷

ঘৰলৈ আহি ভাত খাই উঠি বিছনাত পৰি মালৱিকাই বাঁহীবাদক নীলোৎপল কাকতিৰ কথাকে ভাবিলে৷ এই ভাৱনাৰ সমানে তাইৰ কাণত অনুৰণন হল বাঁহীৰ মিঠা সুৰ৷ এই মিঠা সুৰৰ মাদকতাই তাইৰ তন্দ্রালস দুচকু জপাই দিলে৷

পিছদিনা অফিচৰ লান্সআৱাৰত মালৱিকাই উৎপললৈ ফোন কৰিলে৷ উৎপলে সঁহাৰি জনালে, বাইদেউ আমাৰ অনুষ্ঠান কেনে পালে৷

বৰ ভাল লাগিল৷ দেউতায়ো ভালপোৱা বুলি কৈছে৷

অনুষ্ঠানটো ভাল হোৱা বুলি জানিব পাৰি আনন্দিত হৈছেছা৷ কিছু ক্ষণ ৰৈ উৎফুল্লিত উৎপলে কলে, এটা সপ্তাহে অনুষ্ঠানটোৰ কাৰণে আমি খাটিছিলোঁ৷ সকলোৱে ভাল পালে উৎসাহিত বোধ কৰোঁ৷

উৎসাহী  উৎপলৰ কথাৰ মাজতে মালৱিকাই প্রশ্ণ কৰিলে, উৎপল, সিদিনা বাঁহী বজোৱা শিল্পীজনৰ ঘৰ কত৷

নীলোৎপল কাকতিয়ে চোন আপোনালোকৰ ঘৰৰ সন্মুখৰ নতুন এপার্টমেণ্টটোতে থাকে৷ ক্ষন্তেক ৰৈ উৎপলে পুনৰ কলে, মানুহজনৰ আচল ঘৰ ডিব্রুগডত, ফ্লেট এটা ভাৰা লৈ থাকে৷ জ্যোতি সংগীত বিদ্যালয়ৰ অধ্যক্ষৰ চাকৰিৰ লগতে ঘৰতো লৰা–ছোৱালীক সংগীত শিকায়৷

ধন্যবাদ উৎপল বুলি কৈ কথাচহকী উৎপলৰ সৈতে বার্তালাপ বন্ধ কৰি ফোনটো হেণ্ডবেগত ভৰাই মালৱিকাই নিজৰ অফিচডেক্সত বহিল৷

তিনি দিনৰ বিৰতিৰ পিছত আজি পুৱা ঘৰৰ ছাদত থিয় দিয়াৰ পৰত মালৱিকাই শুনিবলৈ পালে বতাহত ভাহি অহা বাঁহীৰ সুৰৰ মিঠাধবনি৷

দেওবাৰে পুৱা বাঁহীৰ সুৰ শুনাৰ পিছতে মালৱিকাই সিদ্ধান্ত লয় তাই বাঁহীবাদক জনক এবাৰ সাক্ষাৎ কৰিব৷ সমগ্র দিনটো অস্থিৰ মনৰে পাৰ কৰাৰ পিছত আবেলি পাঁচমান বজাত মালৱিকা ঘৰৰ পৰা ওলাই গল৷

এপার্টমেণ্টটোৰ গেটৰ সন্মুখত ৰৈ থকা সুৰক্ষাকর্মীজনক সুধি নীলোৎপল কাকতিৰ আৱাসৰ বিষয়ে জ্ঞাত হৈ মালৱিকা এপার্টমেণ্টৰ তৃতীয় মহলাৰ দুই নম্বৰ ফ্লেটটোৰ বন্ধ দুৱাৰৰ সন্মুখত কেইমুহূর্তমান দণ্ডায়মান হৈ ৰল৷ তাৰ পিছত কলিংবেল বজাই অপেক্ষা কৰিলে৷

দহ মিনিট মানৰ পিছত দুৱাৰ খুলি বনকৰা লৰা ধৰণৰ লৰা এটাই মালৱিকাক প্রশ্ণ কৰিলে, কাক বিচাৰিছে৷

নীলোৎপল কাকতি ঘৰত আছেনে৷ মালৱিকাৰ প্রশ্ণ৷

আছে, আপুনি বহকহি৷ মই মাতি দিছেছা৷ বনকৰা লৰাটোৰ সঁহাৰি৷

ছোফাত বহি হাতৰ ৰুমালেৰে মুখ মচি মালৱিকাই সৰু ড্রয়িংৰুমত এনেয়ে চকু ফুৰালে৷ পৰিপাটীকৈ ৰখা ৰুমটোত একাধিক বঁটা আৰু সম্বর্ধনা সুন্দৰকৈ সজাই থোৱা আছে৷ আছে এটা হাৰমনিয়াম আৰু পাঁচটামান সৰু–বৰ বাঁহী৷

আপুনি

গভীৰ পুৰুষোচিত কণ্ঠস্বৰত মালৱিকাৰ তন্ময়তা ভাগিল৷ সপ্রতিভ মালৱিকাই আডষ্ট নোহোৱাকৈ কৈ উঠিল, মই মালৱিকা দত্ত৷ সিপাৰৰ সৌ ঘৰটোৱেই আমাৰ ঘৰ৷

চকী এখনত বহি পৰি নীলোৎপল কাকতিয়ে কলে, কিবা কথা আছিল নেকি৷

নাই, বিশেষ একো কথা নাই৷ চেলোৱাৰৰ দুপাত্তাখন ঠিক কৰি মালৱিকাই কলে, সিদিনাৰ অনুষ্ঠানত আপোনাৰ বাঁহীবাদন শুনাৰ পিছত চিনাকি হবলৈ মন গল৷ তাতে আমাৰ ঘৰৰ নিচেই ওচৰতে থাকে বুলিও ইচ্ছা জাগিল৷

উৎপলহঁতে অনুষ্ঠানটো দর্শকে ভালপোৱা বুলি জনাইছে৷ নিজৰ পিঠি ছোফাখনলৈ ঠেলি মানুহজনে কলে, দহ বছৰ বয়সৰ পৰা বাঁহী বজাইছেছা৷ লক্ষ্ণৌত গৈ তিনি বছৰ থাকি দেশৰ আগশাৰীৰ বাঁহীবাদকৰ তালিম লৈছেছা, তথাপি আৰু শিকিবলগীয়া আছে বুলি ভাবোঁ৷

সকলো গুণী শিল্পীয়েই ঠিক আপোনাৰ দৰেই কয়৷

প্রায় এঘণ্টা ধৰি বিভিন্ন প্রসংগৰ কথা পতাৰ পিছত মালৱিকাই হাতৰ মবাইল ফোনটোত সময় চাই উঠি কলে, আজিলৈ আহঁো৷

বহাৰ পৰা থিয় হৈ নীলোৎপল কাকতিয়ে কলে, আহিব৷ মুখত হঁাহিৰ ৰেশ টানি মানুহজনে মালৱিকাক উদ্দেশ্যি কলে, এদিন মা–দেউতাকো লৈ আহিব৷ কথা পাতিম, ভাল লাগিব৷

ইয়াৰ পিছত বিগত পাঁচ মাহ ধৰি মালৱিকাই অফিচ বন্ধ পালেই আগতীয়াকৈ ফোন কৰি নীলোৎপল কাকতিৰ ঘৰ ওলায়গৈ৷ পাকঘৰত সোমাই  বনকৰা লৰাটোক আঁতৰাই মালৱিকাই নিজে লুচি–ভাজি বনাই নীলোৎপল কাকতিৰ সন্মুখত পৰিৱেশন কৰাৰ দৰে কামবোৰ আন্তৰিকতাৰে কৰিবলৈ ললে৷

সংসাৰৰ সমস্ত চিন্তা–ভাৱনা দূৰত থৈ মালৱিকাই নীলোৎপল কাকতিৰ সৈতে গভীৰ আলাপত মগ্ণ হৈ থাকে৷ কেতিয়াবা কথাৰ আঁত হেৰালে উঠি গৈ সৰু ঘৰটোৰ বস্তুবোৰকে বাৰে বাৰে সজায়৷

এদিন গভীৰ আকুলতাৰে মালৱিকাই নীলোৎপল কাকতিৰ দুহাতত ধৰি কৈ উঠিল, কাকতি, মই আপোনাক ভাল পাব ধৰিছেছা৷ মানুহজনৰ দুহাত নিজৰ দুহাতৰ মাজত ৰাখি মালৱিকাই কলে, আপুনি যদি আন কাৰোবাৰ কথা ভবা নাই, তেন্তে মই আপোনাৰ ছছা হৈ থাকিব খোজেজা৷

মালৱিকাৰ দুহাতৰ পৰা  নিজৰ হাত দুখন লাহেকৈ আঁতৰাই নীলোৎপল কাকতিয়ে কলে, ক্ষন্তেকীয়া আৱেগত সিদ্ধান্ত লৈ ওৰে জীৱনটো কষ্ট ভোগাৰ আয়োজন নকৰিব৷

মই এজনী কিশোৰী নহয় যে নভবা নিচিন্তাকৈ চগাৰ দৰে জুইত জজাপ দি! ত্রিশটা বসন্ত পাৰ কৰা মই এজনী জীৱনটো সম্পর্কত অভিজ্ঞ যুৱতী৷ নীলোৎপল কাকতিৰ ঘনিষ্ঠ হৈ বহি মালৱিকাই কলে, মই মা–দেউতাক মোৰ সিদ্ধান্তৰ কথা কেতিয়াবাই জনালোঁ৷ কেৱল আপোনাৰ সন্মতিৰ বাবে বাট চাই আছেছা৷

সকলো ফালৰে পৰা গুণী–জ্ঞানী মানুহ এজনক সৰু জীয়েকে স্বামী হিচাপে নির্বাচন কৰাত মালৱিকাৰ দেউতাকে আপত্তি নকৰিলে৷ দুর্ঘোৰ আপত্তি কৰিলে কেৱল মালৱিকাৰ ভিনীহিয়েক দুজনে৷ তেওঁলোকৰ মতে নীলোৎপল কাকতি শিক্ষিত তথা বিত্তৱান হলেও, তেওঁ এজন অন্ধ ব্যক্তি৷ এজন অন্ধ মানুহৰ সৈতে এজনী ছোৱালী কোনোপধ্যে সুখী হব নোৱাৰে৷

সকলো বাধা–বিঘিনি পাৰ কৰি মালৱিকাৰ বিয়া তাইৰ মনে বিচৰা নীলোৎপল কাকতিৰ সৈতে হল৷

ফুলশয্যাৰ নিশা গভীৰ আকুলতাৰে স্বামী নীলোৎপল কাকতিক আলিংগন কৰি মালৱিকাই স্বগতোক্তি কৰিলে, মোৰ দুচকুৰে তুমি আকাশ চাবা৷

ফোন ঃ ৯৪৩৫৩-৫০৪৬৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.