বালিঘড়ী

মনালিছা পাঠক

সময় কাৰো বাবে ৰৈ নাথাকে ৷ ধুনীয়া হাতৰ আখৰৰ বহীখনত উজ্জ্বলকৈ লিখা এই বাক্যশাৰীয়ে তাহানিতেই সেই একেই উজ্জ্বলতাৰে মোৰ মনতো খাজ কাটি বহি ৰল চিৰদিনৰ বাবে ৷

খেলি থাকোঁতে কেতিয়ানো বেলিটো লহিয়াইছিল গমেই নাপাইছিলোঁ ৷ ছমহীয়া পৰীক্ষা দি উঠাৰ কিছুদিন পিছতেহচোন বছৰেকীয়া পৰীক্ষাৰ ৰুটিনখনে মোলৈ চাই মিচিকিয়াইছি ! লাহে লাহে বুজি উঠিছিলোঁ যে সঁচাকৈয়ে সময় কাৰো বাবে ৰৈ নাথাকে ৷

অফিচৰ মূৰ দাঙিব নোৱাৰা কামৰ বোজাৰ পৰা সাময়িক অব্যাহতিৰ আশাৰে দুদিন আগৰে পৰা মনে মনে স্বাগতম জনোৱা দেওবাৰটো পুৱা শুই উঠাৰ অলপ পিছতে যেন লুকাবলৈ আৰম্ভ কৰিছি ! বুজিছা, তেতিয়াও অনুভৱ কৰিছিলোঁ যে সময় কাৰো বাবে নৰয় ৷ সেই সময়ৰ সৈতে তাল মিলাই আগুৱাবলৈ চেষ্টা কৰি থাকোঁতেই অৱসৰলৈ মাত্র তিনিটা বছৰ থকা সময়ত নিজাকৈ ঘৰ এটা কৰিব নোৱাৰা কথাটো সোঁৱৰাই দি সময়ে মোৰ অসমর্থতাক যেন আনৰ আগত উদঙাই দিছি ! অপমানিত অনুভৱ কৰিছিলোঁ ৷ সময়ৰ সৈতে তাল মিলাইআগবঢ়াটো মোৰ পক্ষে সম্ভৱ নহল ৷

ৰাতিপুৱাই কিয়নো ইমান হতাশাৰ কথা উলিয়াইছা অগ্ণিভ জীৱনটোৰ প্রয়োজনীয় সকলোখিনিয়েই কৰিছা, আমি সুখী হলেইতো ই ! বুলি কৈ অগ্ণিভৰ মনটো পাতলাই দিবলৈ চেষ্টা কৰিলেও তাৰ হুমুনিয়াইটোৱে আহি শ্রুতিধাৰাৰ বুকুত ৰৈছিলহি ৷

থেতেলাই লোৱা ঔটেঙা কেহটুকুৰা তাই পাঁচফোৰণ দিয়া গৰম তেলত ঢালি দি আন্দাজমতে নিমখ অকণ ছটিয়াই দিলে ৷ এই নিমখখিনিৰ জোখৰ অলপ হীন– হলেই ঔটেঙাৰে ৰৌমাছ উদৰ পূৰাই খাবা বুলি সৰুতে চিঞৰি চিঞৰি পঢ়া কবিতাফাঁকিয়ে তাইক যেন ইতিকিং কৰি ! নিমখখিনিয়ে আঞ্জাখনত মেহন ৰোল লোৱাৰ দৰেতাহাঁতৰ সংসাৰখনত নিমখৰ ঠাইকণ কিহে অধিকাৰ কৰিছে, তাক ফঁহিয়াই চাবলৈ তাই চেষ্টা কৰিলে ৷

নানা সমস্যাৰে ভাৰাক্রান্ত অগ্ণিভে অফিচৰ আন সহকর্মীসকলৰ দৰে  গুৱাহাটীত নিজাকৈ ফ্লেট এটা আৰু গাড়ী এখন ক্রয় কৰিব নোৱাৰিলে ৷ হলেও তাই পিছে ইয়াৰ বাবে একেষাৰেই অগ্ণিভক দায়ী কৰিব নিবিচাৰে বা তাক পুৰুষৰ অযোগ্য বুলিও নাভাবে ৷  চাকৰিত সোমোৱাৰ পিছতে এবছৰৰ ব্যৱধানত দুজনীকৈ ভনীয়েকক বিয়া দিওঁতে, জন্মঘৰ আৰুনিজৰ বাঢ়ি অহা ঘৰখন চম্ভালোতে কিমানবাৰ সি অফিচৰ পৰা ধাৰ লৈছিল আৰু সেই ধাৰ পৰিশোধ কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল, সেয়া সিহঁত দুটাৰ বাহিৰে আনে জানো উপলব্ধি কৰিব পাৰিছি !

সেই অভাৱৰ মাজতো আলহীক ভাতসাঁজেৰে আপ্যায়ন কৰাত শ্রুতিধাৰাই কেতিয়াও কৃপণালি কৰা নাছিল ৷

কি মানুহ অ তই এতিয়ালৈ ঘৰ এটাও কৰিব পৰা নাহনে আৰু সেই মান্ধাতা দিনৰ বাইকখনৰো মোহ এৰিব পৰা নাই কথাৰ মাজত ছেগ বুজি অগ্ণিভলৈ মৰা এই অব্যর্থ শৰপাটেৰে আলহীয়ে শ্রুতিধাৰাকো আলহী সোধাৰ দাম দি গৈছিল ৷

মুখেৰে একো নকলেও, কোনো প্রতিক্রিয়া নেদেখুৱালেও মুহূর্ততে তাইৰ বুকুখন মোচৰ খাই গৈছিল ৷ অগ্ণিভেও তাইৰ আগত অপমানিতবোধ কৰিছিল ৷ তাৰেই প্রতিক্রিয়া হিচাপে লাহে লাহে সি তাইৰ প্রতি অনাহক কঠোৰ হৈ পৰিছিল ৷ অদৃশ্য হাতুৰীৰ কোবত নিৰপৰাধী মানুহজনীৰ বুকুখন বহুদিনলৈ বিষাই থাকিছিল ৷

তাইৰ কষ্ট আৰু ত্যাগৰ স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰা অগ্ণিভক তথাপি তাই আগৰ দৰেই ভাল পায়৷ অগ্ণিভৰ মুখত প্রশান্তিৰ ভাব আৰু ওঁঠত হাঁহিটোৰ বাদে আন একোকেহ তাই উপহাৰ হিচাপে আশা কৰা নাহ ৷ অথচ তাৰ ৰু ব্যৱহাৰে শ্রুতিধাৰাৰ ওঁঠত অনবৰতে লাগি থকা হাঁহিটো ম্লান কৰি আনিছিল ৷

বেচনত লেটিয়াই ভজা বেঙেনাৰ টুকুৰাকেহটা কেৰাহীৰ পৰা তুলি থৈ তাই দুয়োৰে বাবে পানী দি চাহৰ চচপেনটো গেছত তুলি দিলে ৷  তিতি থকা হাতখন চাদৰৰ আঁচলটোত মোহাৰিবলৈ লৈ তাইৰ চকু ৰঙাপাৰীৰ নিজে বোৱা চাদৰখনত ৰৈ গল ৷

বৈ ভাল লাগে বুলি প্রতিবছৰেই গামোচা, চাদৰ আদি বৈ আচলতে তাই সেইবোৰ কিনাৰ খৰচহে কমাইছিল ৷ ঘৰুৱা কামৰ ফাঁকে ফাঁকে প্রতিৱেশী মানুহকেইঘৰৰ দুই–এটা কাপোৰ চিলাই দিয়ো তাই দুপইচা উপার্জন কৰিছিল ৷ কীর্তন পুথিখনৰ মাজত থৈ দিয়া সেই পইচাকেইটাৰ লগতে ভগা–ছিঙা বস্তু লোৱা বেপাৰীকেইটাৰ পৰা পোৱা পইচাকেইটাই বছৰটোৰ মূৰত কমকেইটা টকা হৈছিলগৈে! কিন্তু তাইৰ সেই সহায়খিনিকে স্বীকৃতি দিবলৈ অগ্ণিভ অসমর্থ আছিল, তাৰ পুৰুষত্বত যেন আঘাত লাগি !

অগ্ণিভৰ মতে শ্রুতিধাৰাই কথাবোৰ ভাবিবই নাজানিলে, চিন্তা কৰিবলৈও নিশিকিলে ৷

অথচ তাৰ অশান্তিৰ, ভয়ৰ ক্ষুদ্রাতিক্ষুদ্র কাৰণটোকো সি শ্রুতিধাৰাৰ আগত বর্ণনা কৰি থাকিছিল ৷ এবাৰ–দুবাৰ নহয়, কেইবাবাৰো সি শ্রুতিধাৰাৰ আগত সেই সমস্যাসৃষ্ট সম্ভাব্য বিপদৰ বর্ণনা কৰিছিল ৷

তাক চাকৰিৰ পৰা বর্খাস্ত কৰিলে কি হব, সিহঁতে কি খাব, মানুহে কি ক! সি নির্দোষী বুলি কোনে বিশ্বাস কৰিব ইত্যাদি অমূলক চিন্তাৰে অনাগত দিনৰ ভয়াৱহ ছবি এখন অগ্ণিভে তাইৰ বুকুত চিত্রায়িত কৰিছিল ৷ অগ্ণিভক নিৰাপদে ৰাখিবলৈ নিতৌ ভগৱানৰ চৰণত তাই আকুলভাৱে প্রার্থনা কৰিছিল ৷ কিন্তু একেবোৰ কথাকে শুনি থাকিবলৈ লাহে–লাহে তাইৰো ধৈর্যৰ অভাৱ হৈছিল ৷

উহ! নিজকে তাইৰ কেতিয়াবা বুকুত জুইকুৰা লৈ ফুৰা বেলিটোৰ দৰেই অনুভৱ হয় ৷ হাওলি পৰিব খোজা মানুহজনক পোন কৰি ৰাখিবলৈ গৈ তাই যে হামকা হৈ পৰিছে ৷ হামকা হৈ থাকি আকাশলৈ চাব নোৱাৰা হোৱা অৱস্থাটোৰ বাবে তাইৰ নিজৰ প্রতি পুতৌ জন্মে ৷

পুতে !

পুতৌ তাইৰ যে অগ্ণিভৰ প্রতিও জাে! দীর্ঘদেহী স্থিতপ্রজ্ঞ যেন লগা পুৰুষজনৰ ভিতৰৰ শিশুটিৰ সৈতে কাৰো পৰিচয় নোহোৱাটোকে তাই বিচাৰে ৷ এইজন মানুহেহতো এটা সময়ত নিজৰ সংসাৰখনৰ উপৰি জন্মঘৰখনো সমানে চম্ভালিছিল ৷ কেতিয়াৰ পৰা যে সি তাইৰ ওপৰত নির্ভৰশীল হৈ পৰি! অথচ তাৰ ভিতৰৰ শিশুটো শুই থাকিলে অগ্ণিভক তাইৰ হেলাৰঙে হেজাৰ সমস্যা মোকাবিলা কৰিব পৰা এজন দৃ মনৰ পুৰুষ যেন লাগে ৷

কথাবোৰে তাইৰ মনত অগা–দেৱা কৰি থকাৰ মাজতে তাই চাহ দুকাপ বাকিবলৈ ললে ৷ কি ! বস্তুবোৰ তাই ক্রমশঃ অস্পষ্ট দেখিবলৈ ধৰিলে ৷  যেন তাইৰ চৌদিশ ধোঁৱাই আৱৰি ধৰিছে ৷ অথচ সেই ধোঁৱাত তাইৰ চকু লাপোৰাও কৰা নাই ৷ তাই চকু দুটি মোহাৰিপুনৰ মেলি চালে ৷ অকণো পৰিৱর্তন নেদেখি তাই অগ্ণিভক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, অগ্ণিভ, এইফালে আহাচোন ৷ অগ্ণিভ

আপ্রাণ চেষ্টাৰে তাই যিমানেই চিঞৰিছে, কিন্তু প্রকৃততে কোঠাটোৰ পৰা ওলাই গৈ কাষৰে কোঠাটোত লেপটপত ব্যস্ত অগ্ণিভৰ কাণত পৰিব পৰাকৈ তাইৰ শীর্ণ মাতত শক্তি নাই ৷ লাহে–লাহে তাই উশাহ–নিশাহত কষ্ট অনুভৱ কৰিবলৈ ধৰিলে ৷ দীঘল দীঘলকৈ উশাহ টানিবলৈ চেষ্টা কৰিও বিফল হল ৷ মুখেৰে বতাহকণ টানি লবলৈও তাই যেন অক্ষ! ক্রমে অৱশ হৈ তাই মাটিতে বহি পৰিল ৷ শেষ চেষ্টা হিচাপে কাষতে পোৱা বাটি এটা তাই অগ্ণিভ থকা কোঠাটোলৈ দলিয়াই দিলে৷ তাৰ ওচৰত নপৰিলেও শব্দৰ উৎসৰ ফালে ঘূৰি চোৱা অগ্ণিভে দেখিলে পাকঘৰৰ মজিয়াত তাই পৰি আছে ৷

চিঞৰি চিঞৰি মাতিও কোনো সঁহাৰি নাপাই দুহাতেৰে কান্ধত ধৰি সিতাহক জোকাৰি দিলে ৷ নাই, সি জোকাৰি দিয়া ফালেই তাইৰ শৰীৰটোও হাওলি গৈছে ৷ তাইৰ চকুৱে–মুখে সি পানী অকণমান ছটিয়াই দিলে ৷ শৰীৰৰ উঠা–নমা নেদেখি সি তাইৰ নাকত হাত দি চালে ৷ ওলাই অহা গৰম বতাহৰ পৰশ সি নাপালে ৷ হঠাতে তাৰ কিবা মনত পৰাৰ দৰে সি তাইৰ বুকুত দুহাতেৰে মৃদু চাপ দি উশাহ ঘূৰাই অনাৰ চেষ্টা কৰিলে, কিন্তু সফল নহল ৷ এম্বুলেঞ্চ মাতিবলৈ সিটো কোঠাত থকা মবাইলটো আনিবলৈও তাৰ হাতত ইমান সময় নাই ৷ শেষ চেষ্টা হিচাপে সি তাইৰ ওঁঠত ওঁঠ দি জোৰে–জোৰে নিশাহ এৰিবলৈ ধৰিলে ৷ অৱশেষত তাৰ নিৰলস প্রচেষ্টাত তাই ধীৰে–ধীৰে উশাহ লবলৈ ধৰিলে ৷

শ্রুতিধাৰাক আই চি ইউলৈ নিয়াৰে পৰা অস্থিৰ মনেৰে বাহিৰত ৰৈ থকা অগ্ণিভৰ মনত ভাহি উঠিল দুবছৰ আগৰ সেই দিনটো

সিদিনা অফিচৰ পৰা অহা অগ্ণিভে আহিলা বুলি কোৱা শ্রুতিধাৰাক দৃষ্টিকটূভাৱেই উপেক্ষা কৰিছিল, আঁৰ চকুৰে তাইক সাজি–কাচি থকা দেখি কৰবাৰ পৰা এসোপামান বিৰক্তিয়ে আহি তাৰ কপালত যেন শাৰী পাতি বহি লৈছি ! তাইৰ কান্দি কান্দি ফুলি থকা মুখখনলৈ সি এবাৰো লক্ষ্য কৰা নাছিল ৷

ৰুটী ভাজিৰে চাহকাপ যতনাই দি থোকাথুকি মাতেৰে তাই কৈছিল, আজি দুপৰীয়া দেউতাক হেনো হাস্পতালত এডমিট কৰিছে ৷ অৱস্থা আগতকৈ বেয়া হোৱাত এতিয়া আই চি ইউত আছে ৷ ডাক্তৰে কোৱামতে অৱস্থা হেনো ক্রিটিকেল ৷ মই ফোন কৰি আমি যোৱা বাছখনত আজি ৰাতিৰ কাৰণে ছিংগল ছীটৰ টিকট এটা বুক কৰিছোঁ ৷

কিন্তু তাই যেন কেতিয়াও নোহোৱা–নোপোজা কাম এটাহে কৰিবলৈ ওলাইছি!

কি আজি ৰাতি

 উ! মই কাহলৈৰ বাবে সকলোখিনি ঠিক–ঠাক কৰি থৈছোঁ ৷ কাইলৈ দেউতাক চাই ৰাতিয়েই উভতিম ৷ কেৱল দিনটো মাত্র ৷ নহলে অগ্ণিভ, আজিয়েই নগলে

তাকেই ময়ো সুধিব খুজিছোঁ, আজিয়েই নগলে নহয়নে তোমাৰ বাধা মই দিয়া নাই, কিন্তু এনেকৈ হুৰমূৰকৈ যোৱাতকৈ দুদিন পিছত ধীৰে–সুস্থিৰে যোৱা ৷ তেতিয়ালৈ তোমাৰ দেউতা সুস্থ হৈ উঠিলে গৈ এনজয় কৰিব পাৰিবা ৷ এতিয়াতো সকলোৱে তেওঁৰ লগতেই ব্যস্ত থাকিব ৷ সময়তো আৰু শেষ হৈ নাযায় বা সময়ৰ পাখিও নাই যে উৰি যাব ৷ দুদিনমান পিছত যাবা ৷

অগ্ণিভক তাই ভালকৈয়ে জানে৷ প্রতিবাদৰ এটা শব্দও উচ্চাৰণ নকৰাকৈ দুখৰ জোৱাৰভাটা এবুকু সামৰি তাই পিন্ধি থকা কাপোৰযোৰ সলাইছিল ৷

পিছদিনা দুপৰীয়ালৈ খবৰ আহিছিল ৷ সঁচাকৈয়ে সময় শেষ হৈ গৈছিল৷ পাখিলগা কাঁড় হৈ সময় উৰি গৈছিল ৷

তাইৰ অগ্ণিভক সুধিবলৈ মন গৈছিল, মোৰ দেউতাৰ ঠাইত তোমাৰ দেউতা হোৱাহেঁতেন তুমি এনেকৈ নির্বিকাৰ হৈ বহি থাকিব পাৰিলাহেঁতেন জানো ময়েইবা বাধা দিলোঁহেঁতেন জানো বৰং ময়ো তোমাৰ লগতে গলাহেঁতেন ৷ কাৰণ শহুৰ–শাহুৰ প্রতি মোৰ দায়িত্ব আছে ৷  কিন্তু অগ্ণিভ, দায়িত্ব কেৱল বোৱাৰীৰহে নেকি বিশ্বাসেৰে নিজৰ ছোৱালীজনীক ওৰেটো জীৱনৰ বাবে সমর্পণ কৰা মানুহহালৰ প্রতি জোঁৱায়েকৰ কৰণীয় একো নাথাকে নেকি সৰু দেওৰৰ মেট্ৰিক পৰীক্ষাৰ বাবেই মই মাৰ শ্রাদ্ধলৈ যাব পৰা নাছিলোঁ ৷ অথচ আজি! কোনো কাৰণ নোহোৱাকৈ দেউতাৰ শেষ সময়ছোৱাতো মোক তেওঁৰ ওচৰলৈ মোক যাবলৈ নিদিল ! খবৰটো শুনাৰ লগে লগে কিয় তুমি কব নোৱাৰিলা, বলা শ্রুতি, ময়ো যাম ৷ সকলোখিনি ঠিকে থাকিলে তুমি মোৰ লগত কাইলৈ উভতিবা আৰু নহলে তুমি ৰৈ দিবা বুলি

তোমাৰ প্রতি থকা প্রেমৰ বাবেই দেউতাৰ প্রতি থকা দায়িত্ব ত্যাগ কৰিছোঁনে নহয়, স্বেচ্ছাইনহয়, সেইটো কৰিবলৈ তুমি মোক বাধ্য কৰিলা ৷ যি মুহূর্তত তুমি মোক তেনে কৰিবলৈ বাধ্য কৰিলা, সেই মুহূর্ততে আমাৰ ভালপোৱাৰ নৈখন উভতি ববলৈ ধৰিলে ৷

কিন্তু তাই এটা শব্দও কোৱা নাছিল ৷ মাথোঁ অব্যক্ত যন্ত্রণাবোৰ আৰু প্রকাশ কৰিব নোৱাৰা বিষাদগধুৰ শব্দবোৰ হুমুনিয়াই এটি হৈ ওলাই আহিছিল তাইৰ অন্তর্ভেদী৷

কথাবোৰ ভাবি ভাবি আহ চি ইউৰ বাহিৰত অস্থিৰভাৱে পায়চাৰী কৰি থকা অগ্ণিভে কপালত জিলিকি উঠা বিন্দু বিন্দু ঘামৰ কণিকাবোৰ মোহাৰি ভাবিবলৈ ধৰিলে, আচলতে তুমি নাথাকিলে ঘৰৰ দায়িত্ব মূৰ পাতি লব লগাৰ ভয়তেহ সেইদিনা তোমাৰ জন্মদাতাৰ জীৱনৰ শেষ মূহূর্তত তোমাক তেওঁৰ ওচৰলৈ যাবলৈ নিদিলোঁ ৷ কিন্তু আজি তুমি গুচি গলে গোটেই জীৱনৰ বাবে মোৰ ঘৰৰ দায়িত্ব সময় কাৰো বাবে ৰৈ নাথাকে বুলি লিখা মানুহজনে সিদিনা সময় শেষ হৈ নাযায় বুলি কৈছিলোঁ ৷ কিন্তু তোমাৰসময়ো বাৰু শেষ হৈ আহিছে নেকি শ্রুতিধাৰা

ফোনঃ ৯১০১১-৬৯৩৫০

You might also like

Comments are closed, but trackbacks and pingbacks are open.