বলীউডৰ পৰা অৱসৰৰ পিছত অৰিজিত সিঙৰ প্ৰথমটো স্বতন্ত্ৰ গীত “ৰেইনা”

24

বলীউডৰ প্লেবেক সংগীতৰ পৰা অৱসৰ লোৱাৰ পিছত মুক্তি পালে অৰিজিত সিঙৰ প্ৰথমটো স্বতন্ত্ৰ গীত “ৰেইনা”

আজি কেইদিনমান পূৰ্বে ভাৰতীয় সংগীত জগতৰ অন্যতম জনপ্ৰিয় তথা আৱেগময় কণ্ঠশিল্পী অৰিজিত সিঙে (Arijit Singh) বলীউডৰ প্লেবেক গায়নৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। এই ঘোষণাৰ পিছত তেওঁৰ অনুৰাগীসকল কিছু পৰিমাণে হতাশ হৈছিল যদিও বৰ্তমান সিঙে তেওঁলোকৰ বাবে এক বিশেষ উপহাৰ আগবঢ়াইছে। সামাজিক মাধ্যমত যথেষ্ট সঁহাৰি লাভ কৰি আলোড়ন সৃষ্টি কৰা তেওঁৰ প্ৰথমটো স্বতন্ত্ৰ গীত “ৰেইনা” ইতিমধ্যে বিশেষ গুৰুত্ব আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই গীতটোৰ সুৰ সংযোজন কৰিছে প্ৰখ্যাত সংগীত পৰিচালক শেখৰ ৰাভজিয়ানীয়ে আৰু গীতৰ কথা ৰচনা কৰিছে প্ৰিয়া চৰাইয়াই। যোৱা ২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এই গীতটোৱে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে লাখ লাখ দৰ্শকৰ সঁহাৰি লাভ কৰি এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।ৰেইনা গীতৰ অফিচিয়েল ভিডিঅ’টো ইউটিউব চেনেল Garuudaa Musiic-ত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে, যিটো দুয়োজন শিল্পীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো শ্বেয়াৰ কৰে।

শেহতীয়াকৈ অৰিজিত সিঙে স্পষ্টভাৱে জনাইছে যে যদিও তেওঁ নতুন প্লেবেক প্ৰকল্পসমূহৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তথাপিও তেওঁৰ কেইবাটাও অসমাপ্ত গীত আছে, যিসমূহ আগন্তুক বছৰসমূহত পৰ্যায়ক্ৰমে মুক্তি লাভ কৰিব। তথাপি “ৰাইনা” গীতটোৱে বিশেষ গুৰুত্ব বহন কৰে, কিয়নো ই তেওঁৰ প্ৰথমটো স্বতন্ত্ৰ সংগীত প্ৰকল্প, যি কোনো চলচ্চিত্ৰৰ সৈতে সম্পৰ্কিত নহয়। এই পদক্ষেপক তেওঁৰ সংগীত জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে বিবেচনা কৰা হৈছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.