-সলনি হৈছে বলীউড চিনেমাৰ ট্ৰেণ্ড-
আগতে ভিলেইন কেৱল কাহিনীটোক আগুৱাই নিয়াৰ মাধ্যম আছিল যদিও এতিয়া পৰিস্থিতি সলনি হৈছে। ডিচেম্বৰ মাহত মুক্তি পোৱা ‘ধুৰন্ধৰ’ ছবিখনত ৰহমান ডাক’ইটৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় খান্নাই। তেওঁৰ বিপজ্জনক কিন্তু ষ্টাইল দৰ্শকে বাৰুকৈয়ে আদৰি লৈছে।
বিশেষকৈ তেওঁৰ ওপৰত চিত্ৰগ্ৰহণ কৰা FA9LA গীতটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তেওঁ নিজেই কৰিঅ’গ্ৰাফী কৰা কেইছেকেণ্ডমানৰ নৃত্যটো ইণ্টাৰনেটত বনজুইৰ দৰে বিয়পি পৰিল। মুখ্য চৰিত্ৰত ৰণবীৰ সিং কিন্তু চৰ্চিত বিষয় হৈছে অক্ষয় খান্নাৰ খলনায়ক অৱতাৰ। এতিয়া দৰ্শকৰ পছন্দ নায়কতকৈ খলনায়কহে।
Comments are closed, but trackbacks and pingbacks are open.