মমী বৰা
ওৰেনিশা বৰষুণে ঢোৱাই পেলোৱা পৃথিৱী। সেমেকা পুৱাটো। কাউৰীয়ে কা কা কৰোঁতেই উঠে চুবুৰিটোৰ মানুহবোৰ । দিনটোলৈ মানুহবোৰৰ অনেক কাম থাকে। সাদৰী বৰ্মাও পুৱা বৰ সোনকলে উঠে। তেওঁৰ ভাগৰ কামবোৰ বহুদিনৰ আগতেই বোৱাৰীয়েক ৰূপালীয়ে আঁজুৰি ল’লে। তথাপি চোতাল সৰা, সেৰেঙাকৈ পথাৰলৈ আহ-যাহ কৰা, এনেয়ে ছাপ্লাই টেপৰ পানী এবাল্টি ধৰা আদি একেবাৰে গাত নলগা কামবোৰ কৰিবলৈ বিচাৰে। বোৱাৰীয়েক ৰূপালীয়েহে পিছে সেইবোৰনো আপোনাৰ কামনে বুলি শাহুৱেকৰ হাতৰ কামবোৰ কাঢ়ি লয়। পাকঘৰটো ইটো সিটো কাম বঢ়ায় তেওঁ। সেয়ে আকাৰে ইংগিতে শাহুৱেক পাকঘৰলৈ নোযোৱাটোকে বিচাৰে ৰূপালীয়ে। বুজি পায় তেওঁ। সেয়েহে জেঙা নলগা বাহিৰৰ কামবোৰত হাত দিয়ে। ৰূপালীৰো বন এটা কমক বুলি। সাদৰী বৰমাই ৰঙামাটিৰে পিৰালিকেইটা মোচাৰ কামটো হাতত লয়। এতিয়ালৈ পিৰালি মোচাৰ কামটো তেওঁৰ ভাগৰ হৈ পৰিছে। ভঁৰালৰ তলত সেয়েহে হেঁপাহ পলুৱাই ৰঙামাটিৰে ঢাপটো ওখ কৰি থয়। ফাগুন-চ’তমহীয়া তিনিদিনীয়াকৈ লোকৰ হতুৱাই ৰঙামাটি কঢ়িওৱাটো তেওঁৰ এটা চখ। ৰঙামাটিবোৰৰো ভাগ থাকে- পিছফালৰ বাৰাণ্ডাত থকাবোৰ মূল ঘৰটোৰ বাবে। গোসাঁই ঘৰৰ গাতে লাগি থকা ভাগ গোসাঁই ঘৰৰ বাবে। আৰু ভঁৰালৰ তলত সেয়া তেওঁৰ ভাগৰ পিৰালি মচিবলৈ। তেওঁৰ সকলো কামেই এনেদৰেই চিজিল।
বোৱাৰীয়েক শাহুৱেকতকৈও এখোপ চৰা। একো কাম-বনলৈ এলাহ নাই। পুৱাই উঠি যি আৰম্ভ কৰে। অৱশ্যে দামুৰিকেইটা, উমনিত থকা হাঁহকেইজনীক অলপ বেছিকৈ হৃদয়ৰ উত্তাপ দিবলৈ ভাল পায় তাই। জগিবলগীয়া গাইজনীৰ লগত বেছিকৈ লাগি থকাৰ বাবে এবাৰ খঙতে গিৰীয়েকে ঘৰৰ গোটেইসোপা গৰু বেছিছিল। কিন্তু গৰু নোহোৱাকৈ জানো সিহঁত জীয়াই থাকিব পাৰে! আকৌ গৰু এজনী আনে। ডাঙৰ হয়। এদিন আকৌ গোহালি আগৰ নিচিনা হয় । তাৰ পিছত শাহুৱেকে মচি-কাচি থোৱা পিৰালিটোৰ তুলসীজোপাত পানী ঢালি গোসাঁই ঘৰত সোমায় । গিৰীয়েক মৃগেনে টাউনত ট্ৰেন্সপ’ৰ্ট অফিচ ধৰিবগৈ লাগে। গতিকে পুৱা অলপ ব্যস্ততা থাকে। গাঁওখনত টাউনলৈ গৈ চাকৰি ধৰা মানুহৰ সংখ্যা কম। যাবলগীয়া কেইজনক উলিয়াই পঠিওৱা ঘৈণীয়েকবোৰৰ ব্যস্ততা সকলোৱে বুজি পায়। একে সময়তে ল’ৰা-ছোৱালী উলিয়াই পঠিওৱা, তামোলে-চালিয়ে, কেতিয়াবা ঘৰুৱা শাক-পাচলি, চাউল, মাছে-পুঠিয়ে টাউনীয়া আপোন মানুহলৈ টোপোলা বান্ধি দি মানুহটোক উলিয়াই পঠোৱাত কম সময় নালাগে। অৱশ্যে ৰূপালীৰ কথা যেন কিছু সুকীয়া। কিছু উকা। সেইজনী ৰূপালীয়ে মাজে মাজে কান্দে। কিয় কান্দে বুজাই বুজি পায়। মুখৰ মাত নোহোৱা মৃগেনটোকো তেতিয়া কেহেৰাজ বৰণীয়া দেখি। যি সময়ত মৃগেনৰ চকুত সত-সহস্ৰ সম্ভাৱনাই পাৰ ভাঙি থাকিব লাগিছিল। সেই সময়ত মৃগেন উদাস মনেৰে চাকৰিলৈ অহা-যোৱা কৰে। আচলতে ৰূপালীৰ হিয়াভঙা কান্দোনে মৃগেন মানুহটোক ভৰা লুইতৰ বলীয়া বানৰ দৰে অজানিতে উটুৱাই নি ক’ৰবাত পেলায়গৈ। ৰূপালীৰ কান্দোন আৰু মৃগেনৰ বুকুৰ মাজত এডাল সাকো থাকে। ৰূপালীৰ যন্ত্রণাকাত মুখখন দেখি মৃগেনে ভাবে এই সাকোডাল ভাঙি দিয়া যাওক । কিন্তু ৰূপালীয়ে নামানে ৷ এই যন্ত্ৰণাৰ ভৰ সহিবলৈ নাৰীক ভগৱানে শক্তি দিছে। এয়া তাইৰ অহংকাৰ। টোপাল টোপাল যন্ত্ৰণাৰ অহংকাৰত জী উঠাৰ যত্ন কৰি সফল নহয় তাই।
বাৰিষা-খৰালি খেতি চপাবৰ সময়ত মৃগেনে প্রায়ে কামৰ পৰা ছুটী লয়। ঘৰখনলৈ থাউকতে আহি সহায় কৰি দিয়া মানুহৰ অভাৱ নাই। সকলো কাম-বন ভালদৰেই চলে। ভালদৰে নচলে মাথোঁ মানুহ তিনিটাৰ অন্তৰৰ একেবাৰে গভীৰ অংশ। বিয়াৰ দহটা বছৰৰ পাছতো ৰূপালী মাক হ’ব পৰা নাই। মাত্র তিনি মাহ দিনহে তাই মাতৃত্বৰ বোজা কঢ়িয়াব পাৰে। কি জানো অভিমানত তিনি মাহৰ পিছতে ধাৰাসাৰ পৃথিৱীলৈ বৈ আহে সেই অস্তিত্ব। ইয়াতকৈ দুখ আৰু তাইৰ কি থাকিব পাৰে? এই কথাটোৰ বাহিৰে সাদৰী বৰ্মাৰো চিন্তা কৰিবলৈ একো নাই। মৃগেনেনো মনৰ কথা কাক ক’ব! শিৱসাগৰ- ডিব্ৰুগড়, গুৱাহাটী যিয়ে য’তে কয় তাতে চিকিৎসা কৰে। নামঘৰ-মন্দিৰ, পূজা-পাতল, চোৱোৱা, মৃতকৰ কাম আদিবোৰ মাকৰ ভাগৰ । ৰূপালীয়ে শিৱপূজা, সোমবৰীয়া-শনিবৰীয়া-বৃহস্পতিবৰীয়া আদি ব্ৰতবোৰ কৰে। দিনবোৰ মাথোঁ গৈ থাকে। একোৱেই কামত নিদিয়ে। মাজে মাজে কেতিয়াবা অত্যধিক নোখোৱাৰ বাবে ৰূপালীৰ মূৰ ঘূৰায়, গা-বেয়া কৰে। হকে-বিহকে অতিপাত দৰব- পাতি খোৱাৰ বাবেই মাহেকীয়া অনিয়মীয়া হয়, প্রয়োজনতকৈ বেছিদিন বাঢ়ে। সেইবোৰ লক্ষণে দেখা দিলে সিহঁতে ভাল পায়। তাই আশা কৰে । গিৰীয়েক আৰু শাহুৱেকেও। পিছে সেই আশা নিৰাশা হয়৷ অতিপাত দৰব-পাতি খোৱাৰ বাবেই যে এনেকুৱা হয়— সেই কথাবোৰ পিছত এবাৰ ডাক্তৰেহে বুজাই দিলে। আশাৰ সেই সীমনাৰ পৰা উভতি অহা দিনটোত জুহালত জ্বলিব লগা জুইকুৰা তিনিওৰে বুকুত জ্বলে।
সাদৰী বৰ্মা গাঁৱৰ অনুষ্ঠানবোৰত আগস্থান পোৱা মানুহ। গাঁৱৰ সকাম-নিকামবোৰত তেওঁ গুৰি ধৰোঁতা। লাহে লাহে তেওঁক এটা দুখে চেপি পেলাবলৈ ধৰিছে। ৰূপালীক বিয়া পাতি অনাৰ পিছৰ প্ৰায়বোৰ বোৱাৰীয়ে দুই- তিনিটা ল’ৰা-ছোৱালীৰ মাক হ’ল। নমহীয়া সকামবোৰ ভাঙে তেওঁ। তেওঁৰ ক্ষেত্ৰত ক’ত জানো কেণাটো লাগিল। মৰিবলৈ দুটা দিন থাকোঁতে ভাইগইনো তেওঁক ইমান প্ৰতাৰণা কৰিব লাগেনে? উঠোতে-বহোঁতে ভগৱানক তেওঁৰ এটাই প্রার্থনা— নাতি এটাৰ মুখ দেখুওৱা প্ৰভু।
কিন্তু এইবাৰ যেন ভগৱানে শুনিলে। বৰ আচৰিত ধৰণেৰে ৰূপালীৰ দিন পাঁচ মাহ বাঢ়ি যায়। ইয়াৰ আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। সাদৰী বৰ্মাৰ গাত তত নাই। সকলোৰে প্ৰাৰ্থনাৰ অন্তত ভগৱানে চকু মেলি চালে৷ কথাটো চুবুৰিটোত ঘুনুক-ঘানাককৈ প্ৰচাৰ হ’ল। বৰপুখুৰীৰ পাৰত, ৰাতিপুৱা টেপৰ ওচৰত গোটখোৱা মানুহ কেইগৰাকীয়ে ছল পালেই কথাটো উলিয়াই। হওক তেওঁ— কমখন শাস্তি পালেনে নিমাতী ৰূপালীজনীয়ে। সকলোৰে আশীৰ্বাদ আছে তাইৰ লগত। লোকৰ ল’ৰা-ছোৱালীক কেনেকৈ বুকুৰ মাজত সুমুৱাই মৰম কৰে। সকলোৰে চকুত পৰে সেই দৃশ্য। অকল ল’ৰা-ছোৱালীকেইনে? গোহালিৰ গাভিনী গাইজনীক জানো তাই কমখন আদৰ যতন লয় ?
ৰূপালীৰ বুকুখনো ভাললগাৰে ভৰি পৰে । বুকুৰ মাজত সুমুৱাই সেই অস্তিত্বক কিমানবাৰ যে তুলি-তালি ডাঙৰ কৰিছে। তাইৰ দৃঢ় বিশ্বাস আছিল। সপোন সদায় সপোন হৈ নাথাকে, এদিন নহয় এদিন ফলিয়াবই। সেই কলিতে মৰহি যোৱা আধাফুটা মাতে এইবাৰ তাইক মাতিবই। দহ বছৰীয়া দুখ, তিনিমহীয়া যন্ত্রণা নিমিষতে নাইকিয়া হয় তাইৰ ৷
পুৱা সোনকালে সাৰ পাইছিল সাদৰী বৰ্মা। বিমলাৰ ডাঙৰজনী বোৱাৰীয়েক মঞ্জুৰ নমহীয়া সকাম ভাঙিবলৈ আছে। আদিৰ পৰা অন্তলৈকে দায়িত্ব তেওঁৰ। বিছনাত থাকোঁতেই তেওঁ ভাবিছিল কথাবোৰ- বিমলাই যেনিবা পিঠাচাউলকেইটা তিয়াই থ’ব। কালিয়েই তেওঁ কৈছিল তিনি কেজিমান চাউল তিয়াবলৈ। কল-বনবোৰ কাটোতে কিমান সময়নো লাগিব । প্ৰাৰ্থনাটোৰে হৃদয় উজাৰি আশীৰ্বাদ দিব লাগিব ৷ বোৱাৰীজনী উদ্ধাৰ হওক ৷
তেওঁৰ এনেয়ে ভাবিবলৈ মন গ’ল ৰূপালীৰ সকামত কিমান চাউল লাগিব বাৰু! অলপ বেছিকৈয়ে যোগাৰ কৰিব লাগিব। গোট গাঁওখনৰ মাইকী মানুহসোপাকে মাতিব লাগিব । টাউনৰ পৰা আগতীয়াকৈ বস্তুবোৰ আনিব। সেইদিনা তেওঁ সেৱকী হ’ব। বিমলাহঁতে সকাম ভাঙিব। হঠাৎ ৰূপালী-মৃগেনৰ কাষৰ পৰা সেই পাৰ ভঙা উছাহ আহি তেওঁক আঁকোৱালি ল’লেহি। পুৱাৰ বেলিটোৰ দৰে হাঁহি। মাকৰ দৰে লাহী-পাহি আঙুলিবোৰ, বাপেকৰ দৰে কেঁকোৰা কেঁকুৰি চুলিবোৰ। সৌৱা, সৌৱা বাপেকৰ স’তে চাইকেলত উঠিবলৈ সদায় সদায় আমনি। তেওঁ আনিবগৈ লাগে। কোব মাৰি উঠি যায় তেওঁ। উস্, বিছনাতহে দেখোন। নাই, নাই বেলেগ এটা কথাহে ভাবি আছিল তেওঁ। তেওঁ আচল কথাটো ভাবিলে—
‘আজি পিঠাচাউলকেইটা দুঘৰৰ ঢেঁকীত খুন্দিব লাগিব। তেতিয়াহে সোনকালে হ’ব।’ তেওঁ গৈ কল-বন, তামোল-পাণবোৰ কাটিলেই হ’ব। এনেয়েয়ো এইভাগ সকামলৈ সকলো সোনকালে আহিবই। ৰূপালী আৰু মঞ্জুৰ কথা ভাবি ভাবি কেতিয়ানো তেওঁ কাপোৰ পিন্ধিলে, কেতিয়ানো মূৰত তেল সানিলে, ৰূপালীয়ে যতনাই থোৱা গাখীৰ পানীকণ খাই ওলাই আহিল ধৰিবই নোৱাৰিলে।
তেওঁগৈ কামবোৰ লৰালৰি কৰিলে। এইভাগকাম বৰ পৰিপাটী আৰু আউল নলগাকৈ কৰিব লাগে। তেওঁৰ উচপিচনিৰ অন্ত নাই। সাদৰীৰ একান্ত মনোযোগ দেখি কোনোবা এজনীয়ে মাত লগালে— বৰ্মায়ে নিজেও কৰিব লাগিব যে, সেই কাৰণে ইমান লৰালৰি কৰিছে আক’।
‘আপোনাৰ ঘৰত কিন্তু টাউনৰ পৰা অনা ৰসগোল্লাৰে চাহ খুৱাব লাগিব ।’
‘গাঁৱৰ এজনী বোৱাৰীও বাদ পৰিব নালাগিব কিন্তু।’
‘পোঁৱতী সকাম ন মাহৰ আৰম্ভণিতেই পাতিব অ’ বৰ্মা।’ কথাবোৰ ঘৰখনৰ ভিতৰৰ পৰাও ভাহি আহিল ।
অ’ অ’ বুলি কোনোবা দুজনীমানে শলাগে। তেওঁ মনতে ভাবে—‘অকল ৰসগোল্লাই নে! তহঁতে আৰু যি বিচাৰ আইহঁত। মুঠতে নমাহ হোৱালৈকে ৰূপালীজনীক আশীর্বাদ দেহঁত।’ তেওঁ সকামলৈ বুলি আগবঢ়াই থোৱা সামগ্ৰীসমূহৰ ফালে চকু ফুৰায়। ৰূপালীৰ সকামত ইয়াতকৈ ডাঙৰ মনোহৰ কল লাগিব । গাখীৰ… কিমান গাখীৰ আনিব বাৰু ? যিমান মানুহ মাতিব তাৰ ওপৰতহে গাখীৰৰ পৰিমাণ নিৰ্ভৰ কৰিব। কিমান মানুহ মাতিব বাৰু? সেই দিনালৈ পিঠাগুড়ি তিনিটামান ঢেঁকীত দিয়াব লাগিব । নহ’লে পিছত বৰ লৰালৰি হয়। এৱাঁ গাখীৰ, চেনি, ঘিউ-মৌ লিৰিকি-বিদাৰি তেওঁ কথাবোৰ ভাবি থাকিল ।
যোগাৰবোৰ শেষ হৈছিল। কোনোবা এজনীয়ে মঞ্জুক ওলাই আহিবলৈ ক’লে। ভয় ভয় ভাব এটা লৈ এখুজি দুখুজিকৈ মঞ্জু ওলাই আহিল। এইজনী মঞ্জুৰ তোলনি বিয়া খোৱাৰ কথা মনত আছে সাদৰীৰ। মঞ্জুৰ সম্পৰ্কীয় এজনী জেঠায়েকে কমখন নাছিছিল নে !
এটা নিজান পৰিৱেশত সকাম আগবাঢ়িল । সাদৰী বৰ্মাই ‘নাজানোহো আৱাহন নাজানোহো বিসর্জন’ ঘোষাৰে গোৱা কাকূতিৰে চৰাঘৰ গহীন হৈ পৰিল। কাকূতিৰ বাহিৰে কাৰো মাত ক’তো নুশুনি । সকলোৱে অদৃশ্যৰ ওচৰত প্ৰাৰ্থনা জনালে ভগৱানে মঞ্জুক কৃপা কৰক। এতিয়াৰ পৰা আৰু কেইদিন মানৰ পিছতেই তাইৰ গৰ্ভৰ সন্তানে এই পৃথিৱীৰ পোহৰ দেখিব। ভগৱানৰ দেৱদূত সেই শিশু কোনো বিঘিনি নোহোৱাকৈ যেন এই পৃথিৱীলৈ আহে। এই সময় কিমান যন্ত্রনাদায়ক সেয়া সকলোৱে বুজি পায় ।
এটা সময়ত সকলো ঘৰাঘৰি যায় । পদুলিমুখলৈ আহি মঞ্জুৱে সকলোকে বিদাই দি পিছলৈ নোচোৱাকৈ ঘৰলৈ ওভতে। সাদৰী বৰ্মাই হাতত লৈ অহা পিঠাগুড়িৰ খোলটো পোনাৰ মাকলৈ আগবঢ়াই দিয়ে। সিহঁতৰ ল’ৰা- ছোৱালীকেইটাই খাব। তেওঁলোকৰ ঘৰতনো কোনে খাব!
ৰূপালীয়ে এই জলপান এনেয়েও খাব নাপায় । সেইকথা বৰ্মাই জানেই। তথাপিও লগত অহা আটাইকেইজনী মানুহেই তেওঁক দঢ়াই দঢ়াই কৈ পঠাইছে ৰূপালীক যেন এয়া চুবলৈও নিদিয়ে।
ঘৰ পায়েই তেওঁ আগফালৰ ডাঁৰডালত মেলি থোৱা কাপোৰবোৰ এটা এটাকৈ সামৰি- সূতৰি ঠায়ে ঠায়ে থ’বলৈ বুলি লৈ গ’ল । কাপোৰ-কানি ধুবলৈ ৰূপালীক তেওঁ হকা-বধা কৰিছেই। হাঁহে তাই । কয়— এতিয়াৰ পৰা আৰু তাই তিয়নিকেইখনো নুধুবনে? বহুপৰ দেখা নাই ৰূপালীক। দুপৰীয়া ভাত-পানী খাই জিৰাইছে ছাগে তাই। সাদৰী বৰ্মাই সিহঁতৰ কোঠালিটোৰ দুৱাৰখনৰ ফাঁকেৰে তাইক বাহিৰৰ পৰাই ভুমুকিয়াই চায় ৷ আৰু ৰূপালীক সেই ঠাইত দেখি তেওঁৰ তালুৰ আগে জীউ উৰি যায়। সেই অভিশপ্ত চুৱা ঠাইকণ। বুজিবলৈ একো বাকী নাথাকিল তেওঁৰ। হে হৰি, এয়াকেহে লিখা আছিলনে তেওঁলোকৰ ভাইগত। ৰূপালীয়েও ভিতৰৰ পৰাই দেখিলে শাহুৱেকে ভুমুকিয়াই চোৱা। তাইৰ উচুপনিবোৰ কান্দোন হৈ ওলাল এইবাৰ। মজিয়াখনতে বহিলৈ সাদৰী বৰমাই এটা হুমুনিয়াহ এৰে। নাই, তেওঁ দুৰ্বল হ’লে নহ’ব এতিয়া । তেওঁ তাইক বুজনি দিব লাগিব। শাহুৱেকে নুবুজালেনো বুজাব কোনে ?
‘নেকান্দিবি আই ৷ ভগৱানে নিদিলে ক’ৰ পৰা পাবি। নিদিলে, এইবাৰো নিদিলে। কেইমাহনো আছিল আৰু? উস্ প্ৰভু, কিয় এনে কৰিলা?’ সাদৰী বৰ্মাৰ চকুলো নিগৰে ৷ ৰূপালীৰ কান্দোন কোঠা ভেদি ওলাই আহে। মাজে মাজে ৰূপালীয়ে কান্দে। সেই কান্দোনৰ কাৰণ সকলোৱে বুজি নাপায়। যি বুজি পায়, তেওঁৰো চকুলো ওলায়।
ৰূপালী নবৌ কোনোদিন মাক হ’ব নোৱাৰিলে। এক অলিখিত কাহিনীৰ দৰে ৰূপালী নবৌৰ কথা গাঁওখনত থাকি গ’ল। পিছলৈ ৰূপালী নবৌক লৈ বহু কথাই বিয়নী মেল গৰম কৰিলে। উঠি অহা ছোৱালীহঁতক মাককে ৰূপালী নবৌৰ উদাহৰণ দিয়ে। অমুক নকৰিবি বাজি হ’বি । তমুক নকৰিবি কইনা কালৰ দোষে চুব— ল’ৰা-ছোৱালী নহ’ব। ৰূপালীৰ গতিয়েই গতি হ’ব। ৰূপালী নবৌৱে ইমান দোষ কৰিছিল নে? ইমান পাপ কৰিছিল নে ৰূপালী নবৌৱে? ৰূপালী নবৌ, ৰূপালী নবৌ…
নিঃশব্দ কেবিনটোত এখন ফেনে অনুৰাগীৰ উপস্থিতি ঘোষণা কৰিছে। ভাবিব আৰু কৰিবলগীয়া সকলো কাম একাষৰীয়া কৰি অনুৰাগীয়ে এবাৰ ফেনখনলৈ আৰু এবাৰ নিজলৈ চালে। ঠিকেই আছেনে অনুৰাগী? ঠিকেইতো আছে। কিন্তু সেই অনাৱশ্যক কথাটোৱে বাৰে বাৰে অনুৰাগীক কিয় কোবাই গৈছে। ইমান সাধাৰণ কথা, অথচ ইমান অসাধাৰণ। টয়লেটৰ একোণত পৰি থকা ছেনিটেৰী নেপকিনৰ পেডবোৰে যে কাৰোবাৰ জীৱন এনেকৈ দুর্বিষহ কৰি তুলিব পাৰে অনুৰাগীয়ে ভবাই নাছিল। ৰূপালী নবৌৰ লগতো তেনেকুৱা হৈছিল নেকি বাৰু? যাৰ বাবে ৰূপালী নবৌ বাৰে বাৰে মাতৃত্বৰ ওচৰত হাৰি থাকিল? ধৰ্মৰাই উঠিল অনুৰাগীৰ বুকুখন। কি এই মাতৃত্ব ? কি এই প্রেগনেন্সী? আহ্ বাৰে বাৰে তাই কিমানক ক’ব—‘গাইনী প্রব্লেম আছে মোৰ । বৰ জটিল এই মাতৃত্ব। মহা যন্ত্রণা এই আই ভি এফ।’ আই ভি এফৰ যন্ত্ৰণাই কোঙা কৰি পেলায় মুহূৰ্ততে অনুৰাগীক । তিনিটা মাহৰ সেই মৃত্যুমুখী যাত্ৰাৰ পৰা উভতি অহাৰ পাছত গিৰীয়েক অনিৰুদ্ধৰ চকুহালত যেতিয়া ‘আকৌ এবাৰ প্লীজ, অনুৰাগী…’ ফুটি উঠে অনুৰাগীৰ তেজৰ প্ৰবাহ বন্ধ হৈ যাব খোজে। অথচ অনিৰুদ্ধৰ বুকুতেই ঈশ্বৰত্বৰ সন্ধান বিচাৰি পাইছিল অনুৰাগীয়ে। লাহে লাহে আঁতৰি যায় অনিৰুদ্ধ। চকুপানী একেলগ হোৱা ৰাতিবোৰ এতিয়া অতীত। অনুৰাগীয়ে আকৌ এবাৰ ফেনখনৰ ফালে চালে। নাই, নোৱাৰে তাই অনিৰুদ্ধৰ কথা ৰাখিব । মৃগেন ককাইদেৱে ৰূপালী নবৌক গোটেই জীৱন আৱৰি ৰাখিছিল। অনিৰূদ্ধই নোৱাৰিলে। অনুৰাগীয়ে আকৌ এবাৰ ফেনখনলৈ চালে। ঘূৰি আছে। কুশলে আছেনে অনিৰুদ্ধ ? নতুনত্বৰ সন্ধানত সুখী নে অনিৰুদ্ধ ?
গাঁৱৰ পৰা গৈ গুৱাহাটীৰ কোনো এক অযত্নপালিত ভাৰাঘৰত অনুৰাগীয়ে কইনাকালৰ সাতটা দিন পাৰ কৰিছিল। শাহুৱেকৰ সীমাহীন প্রশ্ন—‘সেই দুকোঠলীয়া ভাৰাঘৰটোত তাই কোনোবা পুৰুষৰ মুখ দেখিছিল নেকি? ভালদৰে ধোৱা হৈছিল নে কাপোৰ-কানিবোৰ। নিয়ম- সংযমেৰে পাতিছিল নে অনুৰাগীৰ তোলনী বিয়া।’ শিক্ষিত-সম্ভ্ৰান্ত আৰু সময়ৰ সৈতে চলিব জনা সেই নাৰীক অনুৰাগীয়ে বাৰে বাৰে বুজাইছিল— স্ত্রীলোক ঋতুমতী হোৱাত প্ৰত্যেক মাহে মাহে জৰায়ুৰ অন্তঃআস্বাদনখন সম্পূৰ্ণৰূপে তলৰ পৰা ফাটি এৰাই আহে । যাৰ ফলত ৰক্তস্ৰাৱ হয়। তাকে আমি মাহেকীয়া হোৱা বোলো। পিছৰ ন-দহ দিনত পুনৰ কোষবৃদ্ধি হৈ সেই আস্বাদনখন পুনৰ গঢ় লৈ উঠে। সেই মাহেকীয়া হোৱা কেইদিনত জিৰণি ল’ব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে। কইনাকাল, সেই দিনবোৰৰ আৰম্ভণি মাথোঁ। নাই, কোনেও নুবুজিলে তাইক। আনকি এডিশ্যনেল এছ পি অনুৰাগীক টয়লেটত পৰি থকা ছেনিটেৰী নেপকিনকেইটালৈও চোঁচৰাই অনা হ’ল। ছেনিটেৰী নেপকিনবোৰ তেৱেঁই পেলায়। চাফা কৰে দেউতাকৰ বয়সৰ বাল্মীকিয়ে। সেই দোষে চুইছে তেওঁক। কাকো দোষ নিদিয়ে তাই। সেইবুলি অন্ধবিশ্বাসৰ বলিশালত পোত যোৱা এগৰাকী নাৰী হৈয়ে থাকিব নে তাই ? অনিৰুদ্ধই যি কথা নুবুজিলে, সেই কথা এই সমাজে বুজিবনে? নাই, নুবুজে। সময়ৰ শিকলি খুলি ওলাই আহে অনুৰাগী। হঠাতে অনুৰাগীয়ে ভাবিলে জমা হৈ থকা বহুকেইটা ছুটী মিলাই অনুৰাগী এবাৰ ৰুপালী নবৌৰ কাষলৈ যাব । কিয় জানো অনুৰাগীৰ ৰূপালী নবৌক এবাৰ চুই চাবৰ মন গৈছে। ৰূপালী নবৌক ক’বৰ মন গৈছে উমাল বুকুৰ অনেক কথা, অনেক সাধু। অনবৰত নিচুকনি গীতে নিচুকাই থকা জীৱন-যন্ত্ৰণাৰ কথা। সাৰ পাই থকা কণমানি পুতলাবোৰৰ কথা ।
ফোন : ৮৬৩৮৭-০৩০৮২
Comments are closed, but trackbacks and pingbacks are open.