অসমৰ প্ৰতিভাই পুনৰ উজলাই তুলিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ আকাশ। অসমৰ তাঁতৰ নগৰী সুৱালকুছিৰ কন্যা ভৈৰৱী আৰাধ্যা ডেকাই তেলুগু চলচ্চিত্ৰ জগতত মুখ্য অভিনেত্ৰীৰূপে সফল আত্মপ্ৰকাশ কৰি ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁৰ প্ৰথম তেলুগু ছবি ‘Kotha Malupu’ত মুখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ইতিমধ্যে দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
সৰুৰে পৰাই অভিনয়ৰ প্ৰতি গভীৰ আগ্ৰহ থকা ভৈৰৱীয়ে নিজৰ সপোন পূৰণৰ বাবে বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি গৈছে। অভিনয়ৰ সুযোগ বিচাৰি তেওঁ বহু অডিচনত অংশগ্ৰহণ কৰে। আৰম্ভণিতে তেলুগু ভাষা নজনাৰ বাবে বিভিন্ন বাধাৰ সন্মুখীন হ’লেও তেওঁ হাৰ নামানি ভাষাটো শিকিবলৈ বিশেষ চেষ্টা কৰে। প্ৰায় দুই-তিনিবছৰ ধৰি ভাষা আৰু অভিনয় দুয়োটাত নিজকে দক্ষ কৰি তুলাৰ পিছতেই তেওঁৰ হাতত আহে ‘Kotha Malupu’ ছবিখনৰ সুযোগ।
Kotha Malupu’ ছবিখনত ভৈৰৱীয়ে ‘ৱৰলক্ষ্মী’ নামৰ কনসীমা অঞ্চলৰ এগৰাকী সৰল, চঞ্চল আৰু স্বাভাৱিক গাঁৱৰ যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে। চৰিত্ৰটোক বাস্তৱসন্মতভাৱে উপস্থাপন কৰিবলৈ তেওঁ শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় এমাহ ধৰি সেই অঞ্চলত থাকি স্থানীয় ভাষা, সংস্কৃতি, জীৱনশৈলী, পোছাক-পৰিচ্ছদ আৰু মানুহৰ আচাৰ-ব্যৱহাৰ অধ্যয়ন কৰিছিল। এই নিষ্ঠা আৰু প্ৰস্তুতিৰ ফলত তেওঁৰ অভিনয় যথেষ্ট স্বাভাৱিক আৰু বিশ্বাসযোগ্য হৈ উঠিছে।
ছবিখনত ভৈৰৱীৰ বিপৰীতে অভিনয় কৰিছে জনপ্ৰিয় গায়িকা সুনীথাৰ পুত্ৰ আকাশ গোপাৰাজু। ছবিখন পৰিচালনা কৰিছে শিৱ বৰপ্ৰসাদ কেছানাকুৰ্থীয়ে। ৰোমাঞ্চ, হাস্যৰস, পৰিয়ালৰ অনুভূতি আৰু ৰহস্যৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ছবিখনে মুক্তিৰ পিছত দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে।
ভৈৰৱী আৰাধ্যা ডেকাৰ এই সফলতা কেৱল ব্যক্তিগত সাফল্য নহয়, ই অসমৰ যুৱ শিল্পীসকলৰ বাবেও এক প্ৰেৰণাদায়ক অধ্যায়। ভাষা, সংস্কৃতি আৰু ভৌগোলিক সীমাবদ্ধতাক অতিক্ৰম কৰি যে একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিব পাৰি, সেয়া তেওঁ পুনৰ প্ৰমাণ কৰি দেখুৱালে।
Comments are closed, but trackbacks and pingbacks are open.