ড° ৰুমী কলিতা
দুঃসাহসিক জীৱনক অভিজ্ঞ আৰু পূৰঠ কৰি লোৱা মার্কিন কথা-সাহিত্যিকসকলৰ ভিতৰত আর্নেষ্ট হেমিংৱে অন্যতম । সৰুকালৰ পৰা লাভ কৰা বিভিন্ন অভিজ্ঞতাক ভেটি হিচাপে লৈ ৰচিত হৈছে তেওঁৰ সাহিত্যৰাজি। দুখনকৈ বিশ্বযুদ্ধ, স্পেইনৰ গৃহযুদ্ধ, দুঃসাহসিক চিকাৰ, যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা আৰু দেশভ্ৰমণৰ অভিজ্ঞতাই তেওঁৰ সাহিত্যক দিছে এক ৰোমাঞ্চকৰ ৰূপ। তেওঁৰ সাহিত্যসমূহ আধুনিক জীৱন চেতনাৰে সমৃদ্ধ ।
ইলিন ই প্ৰদেশৰ ৱাৰ্ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক এজন চিকিৎসক আছিল। শৈশৱৰ বেছিভাগ সময় কান্ধত বন্দুকটো লৈ হাবিয়ে-বননিয়ে আৰু কেতিয়াবা হ্ৰদত নাও বাই কটাইছিল হেমিংৱে। দেউতাক ডাক্তৰ যদিও চিকাৰ আৰু মাছ ধৰাত তেওঁৰ বিশেষ ৰাপ আছিল। দুবছৰ বয়সৰ পৰাই হেমিংৱে দেউতাকৰ মাছ ধৰা কাৰ্যৰ সংগী হৈছিল। ইফালে মাক গ্ৰেচ এগৰাকী ধার্মিক মহিলা আছিল । এগৰাকী প্ৰতিভাৱান গায়িকা মাক আছিল গীৰ্জাৰ লগত আধ্যাত্মিক সূত্ৰেৰে বন্ধা । পিতৃ-মাতৃৰ এনে ভিন্নধর্মী ব্যক্তিত্বই হেমিংৱেকো অন্য ৰূপত গঢ় দিছিল। স্কুলীয়া জীৱনত হেমিংৱেই ফুটবল খেলিছিল। তর্ক প্রতিযোগিতা, অভিনয় আদিতো অংশগ্রহণ কৰিছিল৷
চৰকাৰী বিদ্যালয়ৰ যোগেদি শিক্ষা আৰম্ভ কৰা হেমিংৱেই অতি কম বয়সতেই শিক্ষা সাং কৰি মাত্ৰ সোতৰ বছৰ বয়সতেই ঘৰ এৰি এখন বাতৰিকাকতৰ সাংবাদিক হিচাপে কাম কৰিবলৈ লয়। বাতৰিকাকতৰ অভিজ্ঞতাই তেওঁক সাহিত্যিকৰূপে গঢ়ি তোলাত অৰিহণা আগবঢ়ালে।
১৯১৯ চনত হেমিংৱে আমেৰিকালৈ উভতি আহে । তেতিয়া তেওঁ যুদ্ধৰ আঘাতত একপ্ৰকাৰ পংগু হৈ পৰিছিল । আঘাত নিৰাময়ৰ বাবে তেওঁ অস্ত্ৰোপচাৰ কৰিব লগা হয় । কিছুদিন পিছত তেওঁ উত্তৰ মিচিগানলৈ যাত্ৰা আৰম্ভ কৰিলে। মিচিগানত দিনটোৰ বেছিভাগ সময় পঢ়া-শুনা কৰি আৰু মাছ মাৰি অতিবাহিত কৰাৰ উপৰিও ‘ট্ৰৰণ্ট ষ্টাৰ’ নামেৰে কানাডাৰ পৰা প্ৰকাশিত বাতৰি কাকতখনৰ সৈতে যুক্ত হৈ পৰে। কিন্তু তেওঁ উত্তৰ আমেৰিকাৰ মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ লগত নিজকে খাপ খুৱাব নোৱাৰা হৈ পৰাত কাকতখনৰ বৈদেশিক সংযোগ ৰক্ষক হিচাপে পেৰিছলৈ যাত্ৰা কৰে। ক্ৰমে সাংবাদিকতা আৰু লিখাৰ অনুশীলনে তেওঁলৈ কঢ়িয়াই আনিব ধৰিলে খ্যাতি আৰু অৰ্থ । এই সময়ছোৱাতে প্রখ্যাত ঔপন্যাসিক জেম্চ কয়েচ আৰু কবি এজৰা পাউণ্ডৰ স’তেও তেওঁৰ সম্পৰ্ক ঘটে। তেওঁ কবিতা, গল্প লিখি এজৰা পাউণ্ডক চাবলৈ দিয়ে। টি. এছ. এলিয়ট অধ্যয়নে তেওঁৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ কথা তেওঁ উল্লেখ কৰি কৈছে— ‘I learned how to do that by reading T.S. Eliot’.
১৯৩৬ চনত স্পেইনৰ গৃহযুদ্ধ আৰম্ভ হয় । হেমিংৱে স্পেইনলৈ আহি স্পেইনৰ পৰিস্থিতি দেখি অবাক হৈ গ’ল। চৌদিশে কেৱল তেজৰ নৈ। কোনোবা ৰাজতন্ত্রী, কোনোবা সমাজতন্ত্রী আন কোনোবা ফেচিষ্টবাদী। মুঠতে তাত কোনো নিৰপেক্ষ নহয়। ভায়ে ভাইৰ বিৰুদ্ধে যুঁজিছে।
এবছৰৰো অধিক কাল হেমিংৱেই এই বিভিন্ন দলবোৰৰ লগত মিলামিছা কৰিলে। এই যুদ্ধই তেওঁৰ মনত যি প্ৰভাৱ পেলালে তাৰ ফলশ্রুতিত সৃষ্টি হয় তেওঁৰ যুগান্তকাৰী উপন্যাস— ‘For whom the Bell Tolls’.
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিউবালৈ আহি তাৰ উপকূল ভাগত শতাধিক মাইলৰ পহৰাৰ দায়িত্ব লয় হেমিংৱেই। এই যুদ্ধত তেওঁ নিজেও হাতত অস্ত্ৰ তুলি লৈছিল।
হেমিংৱেৰ জীৱনত বৈচিত্র্যময়তাৰ শেষ নাই। তেওঁৰ মৃত্যুও এক অসাধাৰণ ঘটনা। স্পেইনৰ গৃহযুদ্ধৰ মাজৰ পৰা বাচি অহা হেমিংৱেই নিজৰ বন্দুকৰ গুলীতেই এদিন প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু এনেকৈয়ে এক জন্মগত সৃজনী প্রতিভা ধৰাৰ বুকুৰ পৰা চিৰবিদায় লৈছিল।
‘দ্য অ’ল্ড মেন এণ্ড দ্য চী’ আর্নেষ্ট হেমিংৱেৰ এখন কালজয়ী উপন্যাস। গ্ৰন্থখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে এজন বুঢ়া মাছমৰীয়াই সাগৰত এটা মাছ ধৰাৰ ঘটনাক লৈ। প্ৰকৃতিৰ স’তে মানুহৰ চিৰন্তন সংগ্ৰামৰ ওপৰত ভেটি কৰি উপন্যাসখনৰ কাহিনীটো গঢ় লৈ উঠিছিল। সীমিত পৰিসৰৰ মাজত জীৱনৰ গভীৰ তত্ত্ব পৰিস্ফুট কৰি তুলিব পৰা হেতুকে এই গ্ৰন্থখনক মহৎ গ্ৰন্থৰ শাৰীত পেলাব পাৰি। ‘Esquri” নামৰ কাকতত মাছমৰীয়াসকলৰ জীৱন আৰু মাছ ধৰাৰ প্ৰতি থকা নিচাৰ কথা বৰ্ণাই লিখা প্ৰৱন্ধটোক কাহিনী আকাৰত উপন্যাসখনত দাঙি ধৰা হৈছে।
সাগৰৰ প্রতি সকলোৰে এক গভীৰ আকর্ষণ আছে। মাছমৰীয়াসকলৰো সাগৰৰ প্ৰতি এক তীব্র আকর্ষণ আছে আৰু এই আকৰ্ষণৰ তাড়নাতেই তেওঁলোকে পুৰুষানুক্ৰমে চলি অহা মাছ ধৰা বৃত্তিটো এৰিব নোৱাৰে। উপন্যাসখনৰ নায়ক ছান্তিয়াগো নামৰ কিউবাৰ মাছমৰীয়াজনে সাগৰত মাছ ধৰি জীৱিকা উপাৰ্জন কৰিছিল। মাছমৰীয়া হিচাপে তেওঁৰ এক নাম আছিল। তেওঁৰ দেহৰ অংগ-প্ৰত্যংগত বাৰ্ধক্যৰ চাপ স্পষ্ট যদিও তেওঁৰ চকুযুৰি তেতিয়াও উজ্জ্বল আৰু অপৰাজেয়। তেওঁৰ সাহস আৰু ধৈৰ্য অইন মাছমৰীয়াসকলৰ ঈৰ্ষাৰ কাৰণ। ছান্তিয়াগোৰ নিজৰ বুলিবলৈ কোনো নাই । সাগৰৰ পাৰৰ এখন গাঁৱৰ এটা জুপুৰিত বুঢ়াই নিঃসংগ জীৱন যাপন কৰে। মেনোলিন নামৰ সৰু ল’ৰা এজনৰ লগত বুঢ়াই সাগৰত মাছ ধৰিব যায়। যোৱা চৌৰাশী দিন ধৰি বুঢ়াই এটিও মাছ ধৰিব পৰা নাই। মেনোলিনৰ মাক-দেউতাকে অৱশ্যে ছান্তিয়াগোৰ দৰে বুঢ়া লোক এজনৰ লগত মাছ মাৰিব যোৱাটো খুব সহজভাৱে ল’ব পৰা নাই, কাৰণ তেওঁলোকৰ মতে মেনোলিনে আন মাছমৰীয়া এজনৰ লগত কাম কৰি অধিক ধন উপাৰ্জন কৰিব লাগে। অনিচ্ছাকৃতভাৱে মেনোলিনে ছান্তিয়াগোৰ লগ এৰিবলগীয়া হৈছে। নিঃসংগ বয়সিয়াল ছান্তিয়াগোৰ মনত কোনো ক্ষোভ নাই, তেওঁ অকলেই সাগৰত নাও মেলি দিয়ে। এইদৰে সুদীৰ্ঘ চৌৰাশী দিন ছান্তিয়াগো উভতি আহি আছে শুদা হাতেৰে। বুঢ়াৰ প্ৰতি মেনোলিনৰ অন্তৰ সহানুভূতিৰে উপচি পৰে।
চৌৰাশী দিনৰ বিফলতাৰ পিছত পঁচাশী দিনৰ দিনাখন পুনৰায় নতুন আশা বুকুত বান্ধি বুঢ়াই সাগৰত নাও মেলি দিয়ে। সিদিনাখন পাৰৰ পৰা বহু দূৰলৈ নাও বাই বাই গৈ এটা প্ৰকাণ্ড মার্লিন মাছ ধৰিবলৈ সক্ষম হয়। মাছটোৱে নাওখন টানি লৈ আহি থাকিল । মাছটোৰ লগত যুঁজি যুঁজি বুঢ়া ভাগৰি পৰে। বৰশীৰ সূতাৰ ঘঁহনিত বুঢ়াৰ হাতৰ পৰা তেজ ওলাবলৈ ধৰে। তেওঁ দ্বিতীয় নিশাৰ শেষ প্ৰহৰত মাছটো খুঁচি মাৰিবলৈ সক্ষম হয়। বুঢ়াৰ মনত আনন্দৰ সীমা নাই । মাছটো নাওখনৰ লগত বান্ধি দি বুঢ়াই ঘৰমুৱা নাও মেলি দিয়ে কিন্তু বুঢ়াৰ ভাগ্য প্রসন্ন নাছিল। সমুদ্ৰ তীৰলৈ ধীৰে ধীৰে নাও বাই আহি থাকোতে জাকে জাকে হাংগৰবোৰে মাছটোক আক্ৰমণ কৰে। বুঢ়াই আকৌ হাংগৰবোৰৰ লগত যুঁজিব লগাত পৰিল। তেওঁ মাছটোক ৰক্ষা কৰিবলৈ আপ্রাণ চেষ্টা কৰিলে যদিও পুৱা যেতিয়া তেওঁৰ নাও পাৰত লাগিল তেতিয়া মাছটোৰ জকাটোৰ বাহিৰে অইন একো অৱশিষ্ট নাছিল। বুঢ়াই কোনোমতে জুপুৰি পাই বিছনাত দীঘল দি পৰিল। পুৱা মেনোলিন আহি বুঢ়াৰ দুয়োখন হাতৰ অৱস্থা দেখি চকুলো টুকিবলৈ ধৰিলে। আনফালে বুঢ়াৰ লগৰ মাছমৰীয়াসকল বন্দৰত উপস্থিত হৈছে। বুঢ়াই ধৰা মাছটোৰ জঁকাটো দেখি সিহঁতে আশ্চর্য প্রকাশ কৰিছে। বুঢ়াই মেনোলিনৰ সৈতে অনাগত দিনৰ বিষয়ে আঁচনি পাঙি পুনৰ শুই পৰে। সপোনত তেওঁ সিংহৰ খেল উপভোগ কৰিবলৈ ধৰিলে।
প্রতীক, ৰূপক আদিৰ বহুল ব্যৱহাৰ হেমিংৱেৰ উপন্যাসৰ এক লক্ষণীয় দিশ। আলোচ্য উপন্যাস ‘দ্য অ’ল্ড মেন এণ্ড দ্য চী’ও হেমিংৱেৰ এই ক্ষমতাৰ উজ্জ্বল স্বাক্ষৰ । উপন্যাসৰ বুঢ়া মানুহ, সাগৰ ইত্যাদি বিভিন্ন প্রতীকৰ উপস্থাপনেৰে পৰিপূৰ্ণ হেমিংৱেই নিজেই কৈছে— ‘I tried to make a real old man, a real boy, a real sea, a real fish and real sharks, but if I made them good and true enough they would mean many things.’
উপন্যাসখনত মূলতঃ দুটা বিষয়বস্তুৰে অৱতাৰণা কৰা হৈছে। প্ৰথমটো হৈছে মানুহে জীৱনৰ সৈতে কৰা সংগ্ৰাম আৰু দ্বিতীয়টো হৈছে শিল্পীয়ে শিল্প সৃষ্টিৰ কাৰণে কৰা সংগ্রাম। হেমিংৱেৰ লিখনীত শিল্পীসত্তাৰ সংগ্রামে ছান্তিয়াগোৰ চৰিত্ৰৰ মাজেৰেই যেন প্ৰাণ পাই উঠিছে। হেমিংৱেৰ শিল্প সাধনা আৰু ছান্তিয়াগোৰ সাধনাৰ মাজত সাদৃশ্য আছে।
‘The thousand times he had proved it means nothing. Now he was proving it again. Each time was a new and he never thought about the past when he was doing it.’
হেমিংৱেই খুব সহজ-সৰল ভংগীৰে জীৱনৰ গভীৰ তত্ত্বসম্বলিত এই কাহিনীটো বৰ্ণনা কৰিছে। জীৱজগত, জন্ম-মৃত্যু সম্পর্কেও এক নতুন দৃষ্টিভংগী মাছমৰীয়া ছান্তিয়াগোৰ মাজেৰে লেখকে মূৰ্ত কৰি তুলিছে। হৃদয়ৰ গভীৰতাৰে ছান্তিয়াগো মাছটোৰ সৈতে যুক্ত হৈ পৰিছে। সাহস আৰু দৃঢ়তাৰে তেওঁ জীৱনৰ নতুন অৰ্থ বিচাৰি পাইছে।
সাহিত্যিক উপকৰণেৰে সমৃদ্ধ ‘দ্য অ’ল্ড মেন এণ্ড দ্য চী’ উপন্যাসখন সাহিত্যৰ বুৰঞ্জীত ধ্রুপদী সাহিত্যবোৰৰ ভিতৰত অন্যতম। কেৱল প্রাপ্তিয়েই নহয়, পাবলৈ কৰা নিৰলস প্রচেষ্টাতো যে আনন্দ অনুভৱ কৰিব পাৰি সেয়াই উপন্য সিখনৰ মূল বক্তব্য।
ফোনঃ ৮৮২২০-৮৩১৪৮
Comments are closed, but trackbacks and pingbacks are open.