আজি আপোনালোকৰ বাবে এটা সৰল আৰু সুস্বাদু জলপানৰ ৰেচিপি আগবঢ়োৱা হৈছে, যাতে আপুনিও সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰে। অতি কম সামগ্ৰী আৰু সহজ পদ্ধতিত বনাব পৰা এই জলপানে আপোনাৰ ৰান্ধনীঘৰো সুগন্ধিময় কৰি তুলিব।
কি কি লাগিবঃ
বৰাচাউল তিনি কাপ
গাজৰ তিনিটা
আপেল দুটা
চেনি আধাকাপ
কিচমিচ্ আধাকাপ কাপ
ঘি এক চামুচ
ডিচপ’জেবল কফি কাপ তিনিটা
পানী এক লিটাৰমান (প্রয়োজনমতে)
ইলাচিৰ গুড়ি আধা চামুচ
তৈয়াৰ কৰা প্ৰণালীঃ
বৰাচাউলখিনি তিনি/চাৰি ঘণ্টামান সময় পানীত তিয়াই কোমল কৰি ধুই পানী টুকি ল’ব। গাজৰকেইটাৰ বাকলি গুচাই ৰুকি ল’ব। আপেল দুটাৰো বাকলি গুচাই ৰুকি ল’ব। বৰাচাউলখিনি পাত্ৰ এটাত ৰাখি তাত ঘি এক চামুচ দি মিহলাই ল’ব। তাৰ পিছত তাত ৰুকি লোৱা গাজৰ, আপেল, ইলাচি গুড়ি আৰু চেনি ঢালি ভালদৰে মিহলাব। এতিয়া ডিচপ’জেবল কফি কাপকেইটা লৈ কাপৰ তলিৰ সোঁমাজতে ফুটা এটা কৰিব। এতিয়া প্ৰেছাৰ কুকাৰটোত পানী এক লিটাৰ দি উতলিবলৈ দি ঢাকোনখন বন্ধ কৰি দিব। কুকাৰৰ হুইচেলটো খুলি থ’ব। এতিয়া ডিচপ’জেবল কফি কাপটোত বৰাচাউলৰ মিশ্ৰণ দি ভর্তি কৰি ওপৰটো চামুচেৰে সমান কৰি দিব। (হেঁচিব নালাগে) কুকাৰৰ পানী উতলিবলৈ ধৰিলে ভাপ ওলাবলৈ আৰম্ভ কৰিব। এতিয়া বৰাচাউল ভৰোৱা কফি কাপ এটা কুকাৰৰ হুইচেল লগোৱা অংশত ভৰাই কাপটোৰ ওপৰত সৰু বাটি বা প্লেট এখন দি ঢাকি দিব। প্ৰায় চাৰি মিনিটমান সময় ৰখাৰ পিছত দেখিব বৰাচাউলখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া কফি কাপটো নমাই আন এটা বৰাচাউল ভৰোৱা কফি কাপ আগৰ ঠাইত দি ঢাকি দিব। ঠিক একেদৰে বাকীখিনি বৰাচাউলো বনাই ল’ব। কাপটো নমোৱাৰ পাঁচ মিনিটমান সময়ৰ পিছত কাপটো প্লেট এখনত লুটিয়াই দিলে বৰাচাউলৰ জলপানখিনি ধুনীয়াকৈ কাপ সাঁচত ওলাই আহিব। তেতিয়া সেই কাপটোত বৰাচাউল ভৰাই আকৌ বনাব পাৰিব। এতিয়া বৰাচাউলৰ জলপানখিনি ক্ৰীমৰ লগত পৰিৱেশন কৰক। আপেল আৰু গাজৰৰ সোৱাদৰ এই জলপানবিধ খাবলৈ খুউব জুতিলগা হয়। ক্রীম নোহোৱাকৈয়ো খাই ভাল পাব ।
পিংকি বৰুৱা
ফোনঃ ৭৫৭৬৮-৭২৫৪২
Comments are closed, but trackbacks and pingbacks are open.