বৰ্ণালী শৰ্মা বশিষ্ঠ
কাণৰ আভৰণ বুলিলে ইয়াৰিঙৰ কথাই মনলৈ আহে। ইয়াৰিং কেৱল গহনা সামগ্ৰী নহয়, ই এবিধ ষ্টাইল ষ্টেটমেন্টো। এযোৰ সুন্দৰ ইয়াৰিঙে পৰিধান কৰা পোছাকক তুলি ধৰাৰ উপৰি পিন্ধোতাৰ ব্যক্তিত্বক উদ্ভাসিত কৰে। লগতে ইয়াৰিঙে সমগ্ৰ মুখমণ্ডলৰ সুন্দৰতাও বৃদ্ধি কৰিব পাৰে। সেয়েহে ইয়াৰিং ফেশ্বনৰ এবিধ অভিন্ন অংগৰ নিচিনা বুলি কোৱা হয়, যাৰ বাবে প্ৰতিগৰাকী ফেশ্বনপ্রেমীয়ে নিজৰ জুৱেলাৰী কালেকশ্যনত বহু ধৰণৰ কাণৰ আভৰণ- বিশেষকৈ ইয়াৰিং ৰখাত গুৰুত্ব আৰোপ কৰা দেখা যায়। এই লেখাত পাঁচবিধ অলটাইম ট্রেণ্ডিং ইয়াৰিং সম্পর্কে চমুকৈ উল্লেখ কৰা হৈছে।
হুপঃ ক্লাছিক আৰু সময়নিষ্ঠ ইয়াৰিং হিচাপে হুপ সদায়েই ফেশ্বনৰ সংগী হৈ আহিছে। সৰু, সূক্ষ্ম লুপৰ পৰা ডাঙৰ চাৰ্কললৈ উপলব্ধ হুপে যিকোনো পোছাকতেই হুপ পিন্ধোতাক সহজেই গ্লেম যোগায়। আধুনিক ডিজাইনবোৰত মুকুতা বা মিশ্র ধাতুৰ সৈতে বিশেষ টাচ থাকে, যিয়ে হুপক অনন্য মাত্ৰা প্ৰদান কৰে ।
ডাংলাৰঃ চকচকীয়া আভাৰে অনন্য সুন্দৰ ডাংলাৰ হ’ল ইয়াৰিঙৰ আন এটা অলটাইম ফেভাৰিট ট্ৰেণ্ড। ডাংলাৰ সাধাৰণতে ৰাতিৰ অনুষ্ঠান বা উৎসৱৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি ফেশ্বনপ্রেমীৰ মাজত চৰ্চিত। এই ইয়াৰিং যিকোনো পোছাকতে খাপ খায়। মেখেলা-চাদৰ, চুৰিদাৰ, টপ-পেণ্ট, শাড়ী বা যিকোনো পোছাকতে পিন্ধোতাৰ সৌন্দৰ্য দুগুণে চৰাব পাৰে ৰূপালী ডাংলাৰে ৷ বিশেষকৈ ডীনাৰ পাৰ্টী, বিয়াৰ ৰাতিৰ অভ্যর্থনা আৰু অন্য যিকোনো উৎসৱৰ ৰাতিৰ উপস্থিতিত ডাংলাৰ দীপ্তিময় চমক হিচাপে পৰিচিত ।
ষ্টাডঃ কাণৰ দৈনন্দিন পৰিধানৰ বাবে ষ্টাড উপযুক্ত বিবেচিত। এইবিধ ইয়াৰিং দেখিবলৈ তেনেই সৰু হ’লেও দৃশ্যমান। ষ্টাড ইয়াৰিঙে কোনো লুকক অতিমাত্ৰা প্ৰভাৱিত নকৰে। অৰ্থাৎ এইবিধ ইয়াৰিং পিন্ধিলে পিন্ধোতাৰ প্ৰকৃত সৌন্দর্য অটুট ৰাখি অধিক সুন্দৰতাৰে তুলি ধৰে। মুকুতাৰ সৈতে কৰা সূক্ষ্ম ডিজাইনৰ ষ্টাড দিন বা ৰাতি, ঘৰুৱা বা আনুষ্ঠানিক পৰিৱেশ— যিকোনো সময়তে পৰিধান কৰিব পৰা যায় ৷
ষ্টেটমেণ্টঃ শীর্ষ পাঁচ সৰ্বপ্ৰিয় আৰু সদায় প্ৰিয় ইয়াৰিঙৰ অন্তৰ্ভুক্ত হৈ আহিছে ষ্টেটমেণ্ট। ই সহজে আনৰ চকুত পৰা এবিধ কৰ্ণ আভৰণ। উজ্জ্বল ৰং, ডাঙৰ আকৃতি, সূক্ষ্ম ডিজাইনৰ কৰ্ণ আভৰণ ষ্টেটমেন্টে পিন্ধোতাক তুলি ধৰি এক বিশেষ ৰূপ দিয়ে। যিকোনো ষ্ট্রেইট আৰু পৰম্পৰাগত পোছাকৰ সৈতে ষ্টেটমেণ্ট পৰিধান কৰিলে কাণৰ সুন্দৰতা যেন আলোকিত হৈ উঠে।
পার্লঃ কাণৰ অলটাইম ফেভাৰিট ট্রেণ্ড পাৰ্ল। ইয়াক গ্ৰেছ আৰু এলিগেন্সৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বাঅ’ৰোক পাৰ্ল আৰু জ্যামিতিক ডিজাইনে পৰম্পৰাগত পাৰ্ল ইয়াৰিঙক কণ্টেম্প’ৰেৰী ধৰণেৰে উপস্থাপন কৰে। পাৰ্ল বিশেষকৈ কৰ্মস্থল, যিকোনো অনুষ্ঠানৰ উপৰি বিবাহ বার্ষিকী, জন্মদিন আদিৰ দৰে বিশেষ দিনত পৰিধানৰ বাবে বিশেষভাৱে উপযুক্ত বিবেচিত।
এযোৰ সুন্দৰ ইয়াৰিং পৰিধানে ষ্টাইলিছ, গ্লেমাৰাছ আৰু ফেশ্বনেবল লুক দিয়াৰ উপৰি পিন্ধোতাৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বৰো বহিঃপ্ৰকাশ কৰে ৷ আজিকালি বিভিন্ন ইয়াৰিং উপলব্ধ হোৱাৰ উপৰি সময়ে সময়ে বিভিন্ন কর্ণ আভৰণ ট্ৰেণ্ডত থাকে যদিও হুপ, ডাংলাৰ, ষ্টাড, ষ্টেটমেণ্ট আৰু পাৰ্ল কাণৰ অলংকাৰৰ অলটাইম ফেভাৰিট কালেকচন। এই আভৰণে পিন্ধোতাৰ ষ্টাইলক এক নতুন উচ্চ মাত্রা দিব পাৰে ।
ফোনঃ ৯১০১১-৮৩৯৩৮
Comments are closed, but trackbacks and pingbacks are open.