দৈনিক ৰাশিফল ২২ জানুৱাৰী ২০২৬

32

🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নমজ্ঞ🌞
৮ মাঘ, বৃহস্পতি বাৰ , ইং ২২  জানুৱাৰী ২০২৬
সূৰ্যোদয় ঘঃ- ৬/১৫/৩৯
সূৰ্যাস্ত ঘঃ ৪/৫১/৫৩
ৰাশিঃ কুম্ভ ৰাশি।
তিথিঃ শুক্লা  চতুৰ্থী । ৰাঃঘঃ- ১/৩০/৩৬ যোৱাত শুক্লা পঞ্চমী তিথি আৰম্ভণি হক্সব।
নক্ষত্ৰঃ শতভিষা , ঘঃ ২/১৩/৫৫ লৈ ।
শুভ সংখ্যাঃ ৬/৩
শুভ ৰংঃ  হালধীয়া / ৰঙা ।
আদ্যঋতুঃ দূৰ্ভগা  যোগ ।
মৰণৰ দোষঃ নাই। ঘঃ ২/১৩/৫৫ যোৱাত দ্বিপদ।
যাত্ৰাঃ নৈঋত কোনত নাই । ৰাজ্ঞঘঃ ১/৩৩/৩৬  যোৱাত দক্ষিণ দিশত নাই।
যোগিনীঃ  নৈঋত কোনত । ৰাঃঘঃ- ১/৩৩/৩৬  যোৱাত দক্ষিণ দিশত।
ভক্ষ্যাভক্ষ্যঃ- মূলা খোৱা নিষেধ। ৰাঃঘঃ- ১/৩০/৩৬  যোৱাত বেল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল)-  মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ’ব, হঠাতে হাতলৈ ধন- সম্পত্তি বাঢ়িব, লগতে আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব)- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, লগতে আজি আপোনাৰ যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ)-  মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ)- কৰ্কট ৰাশিৰ  জাতক-জাতিকা সকলৰ   আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহক্সলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ কৰ্মত শুভ বুলি কব পাৰি, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব।

৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশি  জাতক-জাতিকা সকলৰ আজিৰ  দিনটোত মনৰ আশা পূৰণ হ’ব লগতে আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজিৰ দিনটোত আপোনাৰ আনন্দ মনে পাৰ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি-(দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

‘সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দুঃখ  ভাগভৱেৎ।।

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

 

জ্যোতিষী

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-জ্ঞ নৱগ্ৰহ জ্যোতিষালয় জ্ঞ
কামাখ্যা মন্দিৰ গেট  (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোনঃ ৯১০১০-৯৬৪৮/৯৫৭৭১-৩৬২০৫

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.