পৃথিৱীৰ বাবে এটা দিন

41

ভাৰ্গৱ কুমাৰ বৰুৱা

এই পৃথিৱীৰ প্ৰতিটো দিন, প্ৰতিটো ৰাতি, প্ৰতি বসন্ত কিম্বা শৰৎ ধৰি লোৱা হওক প্ৰতিটো ঋতু, প্ৰতিপল-অনুপল কাৰ বাবে ? আমাৰ বাবেই। আমি কোন আৰু পৃথিৱী কোন ? সেই প্রশ্নও আমাৰ বাবেই আৰু আৰু ইয়াৰ সমিধানো আমাৰেই বাবে । সৃষ্টিৰ ৰহস্যৰ পৰা সৰলতম ৰূপলৈ যি বিৱৰ্তন আৰু ৰূপান্তৰ সেয়া কোনে, কাৰ বাবে, কিয় সংঘটিত কৰি আহিছে, সেই কথা স্থিৰ হৈ ভাবিবলৈ জানো আমাৰ সময় আছে? হয়তো আছে! কিন্তু আমি সেই সময়লৈ নিজক লৈ নাযাওঁ। অৱশ্যেই বহু সংকেত, সকীয়নি ইত্যাদি আমাক সময়ে দি থাকে, এচাম মানুহো নথকা নহয় যি এই বাটৰ যাত্ৰাৰ যাত্ৰী। কিন্তু আমি সাধাৰণ মানুহবোৰ যিয়ে দৈনিক ফর্দিৰ আটাইকেইটা আইটেমত শুদ্ধ চিন দি নিশ্চিন্ত মনে সুহুৰি বজাই ঘৰমুৱা হওঁ আৰু ম’বাইলৰ স্ক্ৰীনত নতুবা টেলিভিছনৰ পৰ্দাত দুনিয়া বিচাৰি আমাৰ বহুমূলীয়া মতামত আগবঢ়াওঁ, সেইখিনি মানুহৰ বাবেও পৃথিৱীয়ে সমানে বাটোৱাৰা কৰে প্ৰতিটো দিন, ৰাতি আৰু দিব পৰা সকলোখিনি আৰু বিনিময়ত আমি প্রশ্নবোধক চিহ্ন তলৰ বিন্দুটোত নিজকে ওলোমাই ৰাখোঁ, ৰাখোঁ নে ?

এতিয়া অলপ পোনাই আহোঁ মূল বিষয়লৈ, সৃষ্টিৰ দিনৰ পৰাই আমি আহৰণ কৰি আহিছোঁ নিজৰ বাবে প্ৰকৃতি বা পৃথিৱীৰ পৰা। কি পোৱা নাই, কি লোৱা নাই আৰু কি দিয়া নাই আমাক পৃথিৱীয়ে। এয়া শাশ্বতঃ যে এই সেই আহৰণৰ নীতি স্বাভাৱিক আৰু প্ৰেক্টিকেল । কিন্তু ওভোতাই দিয়াৰ নিয়মটো সৌ সিদিনাৰ পৰাহে আমি সাৰ্বজনীন আৰু বিধিগতভাৱে ‘পালন’ কৰিবলৈ লৈছোঁ। ইয়াত ‘পালন’ শব্দটোক বিশেষভাৱে চিহ্নিত কৰাৰ কাৰণ আছে। পৰৱৰ্তী পৰ্যায়ত তাৰ আলোচনা নিশ্চয় হ’ব। এনেকুৱা কথা নহয় যে ইয়াৰ আগতে পৃথিৱীক কৃতজ্ঞতা জনোৱা প্ৰথা নাছিল বা তেনে মনৰ অভাৱ আছিল। কিন্তু বছৰৰ জোখাৰে চাব গ’লে এই প্রথাক ‘পালন’ পালন কৰাৰ যি বিধি আৰু সাৰ্বজনীনতা সেয়া আমাৰ মাজলৈ আহিছে মাত্র কেইদশকমান আগতেহে অর্থাৎ ১৯৭০ চনৰ পৰা ৷

অলপ মান ফালৰি কাটি আহোঁ পুনৰ আমাক কোনেও জীৱনৰ নৈমিত্তিক দিনবোৰ ‘দিৱস’ হিচাপে ‘পালন’ কৰিবলৈ বা উদ্‌যাপন কৰিবলৈ বিশেষ বিধি নিশিকায় বা আৰোপ নকৰে সেয়া আন বহু কথাৰ দৰেই স্বতঃস্ফূর্ত। তেনে ক্ষেত্ৰত আমি বিশেষ কিছুমান কামৰ বাবে কিয় ‘দিৱস’ৰ দোহাই দি ৰৈ থাকোঁ। তাতে আকৌ ডাউনলোড, আপলোডৰ কৰণীয়খিনিৰ সংযোগ হৈছেহি মাত্ৰ আৰু বা কত কি?

এই যে ‘পৃথিৱীৰ বাবে এটা বিশেষ দিন’ ‘ধৰিত্ৰী দিৱস’, ‘ধৰণী দিৱস’ বা ‘আৰ্থ ডে” (প্ৰতিবছৰৰ ২২ এপ্রিল, ১৯৭০ চনৰ পিছৰ পৰা (সেই বিশেষ দিনটো কিয় আমি পৃথিৱীৰ বাবে পালন কৰিব লাগে আৰু কি কৰিব লাগে বা কেনেকৈ । সেই প্রশ্নবোৰৰ উত্তৰ হয়তো এ.আই, চাট্‌জিপিটি আদিয়ে মুহূৰ্ততে আমাক সুন্দৰ আৰু পৰিকল্পিত ৰূপত দি দিব। কিন্তু আমাৰ সত্তা বা জমিৰে আমাক কেতিয়াৰ পৰা কেতিয়ালৈ পৃথিৱীৰ বাবে আমি আমাৰ জীৱন উদ্‌যাপন কৰিবলৈ শিকাব তাৰ উত্তৰ ক’ত পাম? আহক তথাপি এই বিশেষ দিনৰ উদযাপনৰ উপলক্ষ আৰু অলপ ইতিহাস খুঁচৰি চাওঁ ।

এই বিশেষ দিন বা দিৱস উদযাপনৰ উপলক্ষ বা উদ্দেশ্য একেবাৰে সৰল আৰু পোনপটীয়া প্রকৃতি বা পৃথিৱীৰ সুৰক্ষা, প্রকৃতি বা পৃথিৱীৰ ধাৰণ ক্ষমতাৰ ভাৰসমতা বজাই ৰখা আৰু প্ৰকৃতি পৃথিৱীৰ সংৰক্ষণ। এইকেইটা একেবাৰে চিধা আৰু সহজ কাৰ্যকে আমি কৰিম বা কৰিছোঁ বুলি সংকল্প লোৱা আৰু তাক কাৰ্যকৰী কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য আৰু এই কথাখিনিৰ ইতিহাস কিন্তু অলপ আগৰ পৰা টানি আনিব লাগিব প্ৰসংগ ৰক্ষাৰ খাতিৰত । বিগত শতিকাৰ ৭০ ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত প্রদূষণ এক উদ্বেগৰ বিষয় হৈ পৰিছিল, সেই সময়তে এক ব্যতিক্রমী ৰাজনৈতিক নেতা তথা ছেনেটৰ আৰু প্ৰকৃতি প্রেমী Gaylord Nelson য়ে এক বৃহৎ গণআন্দোলনৰ পোষকতা কৰে, যাৰ জৰিয়তে সেই প্ৰদূষণ ৰোধ আৰু প্ৰকৃতিৰ সুৰক্ষা তথা আগত প্ৰজন্মৰ বাবে এক সুন্দৰ পৰিৱেশ থৈ যাব পাৰি, লগতে আটাইতকৈ ডাঙৰ কথাটো হ’ল পৃথিৱী বা প্ৰকৃতিৰ প্ৰয়োজনৰ সময়ত পৃথিৱীৰ ওচৰত থিয় দি কিছু হ’লেও হাতউজান দিব পাৰি। যি আন্দোলনত যোগ দিছিল প্ৰায় ২ কোটি লোকে। তাৰ পাছৰ পৰাই এই বিশেষ দিনটো ‘ধৰিত্ৰী দিৱস’ হিচাপে পালন কৰা হৈ আহিছে। ১৯৯০ চনত এই আন্দোলনে আন্তর্জাতিক ৰূপ লয় আৰু পৃথিৱীৰ প্ৰায় ১৪০ দেশত ২২ এপ্রিল তাৰিখটো পৃথিৱীৰ বাবে পালন কৰে। বৰ্তমান এই পৰিসংখ্যা ১৯০ হৈছে। এই ক্রমবর্ধমান পৰিসংখ্যাই যোগাত্মকতা সূচায়— এয়া কাৰ্যকৰী আৰু ফলপ্ৰসূ হওক।

যিয়েই নহওক প্রকৃতি আৰু পৃথিৱীৰ বাবে যদি আপুনি, মই, আমি সকলো সন্তানৰ দৰে পৃথিৱীও আমাৰ বাবে মাতৃ বা পিতৃৰ দৰে, তেনেস্থলত পিতৃ বা মাতৃ দিৱসৰ দোহাই দি পিতৃ-মাতৃক যেনেকৈ আমি কৃতজ্ঞতা জনাবলৈ ৰৈ থাকিব নালাগে কেৱল এটা দিনৰ বাবে কিয় আমি পৃথিৱীৰ দিন বুলি ভাবিছোঁ। প্ৰতিটো দিন, প্ৰতিটো ৰাতি, প্ৰতি বসন্ত কিম্বা শৰৎ ধৰি লোৱা হওক প্ৰতিটো ঋতু, প্ৰতিপল, অনুপল আমাৰ হওক পৃথিৱীৰ বাবে আৰু এই পৃথিৱীৰ বাবে উদযাপন কৰাৰ একোটা মনৰ সেই মনৰ তাগিদা হওক স্বতঃস্ফূর্ত। পৃথিৱীয়ে আমাক সকলো দিছিল, দি আছে আৰু দিব আমি ভাৰসমতা বজাই ৰাখি ল’ব জানিলে। কিছু আমিও দিওঁ আহক । সেয়া ‘ধৰিত্ৰী দিৱস’ৰ বিশেষ দিনটোতে নহয়, আমি জীয়াই থকা প্ৰতিটো দিনেই বিশেষ আৰু পৃথিৱীৰ আশীৰ্বাদৰ কৃতজ্ঞতাস্বৰূপে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.