সোৱাদ-সহজলভ্যতাই মাতিছে স্বাস্থ্যলৈ ভাবুকি

33

আধুনিক জীৱনৰ ব্যস্ততাৰ মাজত সময় বচাবলৈ মানুহে অতি সহজ বিকল্প হিচাপে বাছি লয় ফাষ্টফুডক। কলেজত পঢ়া ছাত্ৰ-ছাত্ৰী নাইবা কাৰ্যালয়ত কাম কৰা ব্যক্তি সকলোৱে আজিকালি বেছিভাগ সময়ত ফাষ্টফুডৰ আশ্ৰয় লয় । মচমচীয়া চিকেন, নুডলছ, ম’ম’ বা বাৰ্গাৰৰ সোৱাদে নিজৰ এক নিৰ্ভৰযোগ্য ঠাই গঢ়ি তুলিছে আমাৰ দৈনন্দিন জীৱনত।

কিন্তু এই সোৱাদৰ পিছফালে লুকাই আছে এক নীৰৱ বিপদ-স্বাস্থ্যৰ ওপৰত হ’ব পৰা গভীৰ কু-প্ৰভাৱ ৷ সোৱাদৰ মোহত পৰি আমি নিজৰ শৰীৰক যে কেনেদৰে ধ্বংস কৰি আছো, সেয়া বুজিও যেন নুবুজাৰ ভাও ধৰি থাকোঁ। আজি আলোচনা কৰিম ফাষ্টফুড কেনেকৈ আমাৰ স্বাস্থ্যৰ বাবে এক নীৰৱ কিন্তু বিপজ্জনক ফান্দ হৈ পৰিছে।

ফাষ্টফুডৰ আকৰ্ষণঃ

ফাষ্টফুডৰ মূল আকৰ্ষণ হৈছে ইয়াৰ সোৱাদ, সহজলভ্যতা আৰু দ্ৰুততা। ব্যস্ত জীৱনত সময়ৰ অভাৱৰ বাবে বহুতে ঘৰতে ৰন্ধা খোৱাৰ সলনি ৰেষ্টুৰেণ্ট বা ঠেলাৰ ফাষ্টফুডক বাছি লয়। এজন বন্ধুৱে ম’ম’খাইছে, দেখিয়েই আন বন্ধুৱে খাইছে— এইদৰে চলি আছে এক ধৰণৰ প্ৰভাৱ । তদুপৰি টিভি, ম’বাইল আৰু সামাজিক মাধ্যমত দেখা চমকপ্রদ বিজ্ঞাপনে এই অভ্যাসক আৰু বঢ়াই দিয়ে ।

ফাষ্টফুড খোৱাৰ পিছত মিঠা এক তৃপ্তি পোৱা যায়, যিটো ক্ষণিকলৈ হ’লেও মনৰ আনন্দ বঢ়ায়। ফলস্বৰূপে মানুহে এই সোৱাদৰ আসক্তিত পৰি যায় আৰু তাৰ ক্ষতিৰ দিশটো মনেই নকৰে ।

ফাষ্টফুডৰ গঠন আৰু উপাদানঃ

ফাষ্টফুডৰ সোৱাদৰ পিছত থাকে কিছুমান উপাদান, যিবোৰ স্বাস্থ্যৰ বাবে উপযুক্ত নহয় । এইবোৰ খাদ্যত সাধাৰণতে উচ্চ পৰিমাণৰ চেনি, নিমখ, তেল আৰু ৰিফাইন কৰা ময়দা ব্যৱহাৰ কৰা হয়। তদুপৰি বহু ফুড আইটেমত বেছিভাগ সময়ে ৰিঅ’ইউজ্‌ড তেল আৰু কৃত্ৰিম সোৱাদ-বৃদ্ধিকাৰী ৰাসায়নিক ব্যৱহাৰ হয়

চিপছ, বাৰ্গাৰ পেটিছ, চিকেন ফ্রাই, ম’ম’ আৰু পেকেটজাত নুডুলছৰ দৰে খাদ্যবোৰত প্ৰটিন বা ভিটামিনৰ অভাৱ থাকে, আৰু ইবোৰত ফাইবাৰো কমেই পোৱা যায়। ফলত এনে আহাৰে পেটৰ সমস্যা, ওজন বৃদ্ধি আৰু দীঘলীয়া অসুখৰ বীজ ৰোপণ কৰে।

স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ

ফাষ্ট ফুড খোৱাৰ ফলত হোৱা স্বাস্থ্য সমস্যাসমূহ বেছি সময়ত ধীৰে ধীৰে দেখা দিয়ে, আৰু আৰম্ভণিতে আমি সেইবোৰ বুজিও নাপাওঁ । অতিপাত তেল, চেনি আৰু নিমখযুক্ত খাদ্যবোৰ দীর্ঘকাল খালে ওজন বাঢ়ি যায়, যাৰ ফলত স্থূলতা দেখা দিয়ে। স্থূলতা হৈছে বহু অসুখৰ মূল— ডায়বেটিছ, উচ্চ ৰক্তচাপ, হৃহৃদৰোগ আদিৰ আৰম্ভণি ।

ইয়াৰ উপৰি ফাষ্টফুডত ফাইবাৰৰ অভাৱ থকাৰ বাবে পেটৰ সমস্যা যেনে- গেছ, এচিডিটি আৰু কোঁহৰ অভিযোগ অহৰহ দেখা যায়। কৃত্রিম ৰং আৰু সংৰক্ষক দ্রব্য লিভাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । অলপ অলপকৈ ই দেহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে।

ই শাৰীৰিক নহয়, মানসিক স্বাস্থ্যতো ইয়াৰ কু-প্ৰভাৱ পেলায়। অতিপাত প্রস্তুত খাদ্য খালে মনৰ একো একোটা অংশ অলস হৈ পৰে, ফলত হতাশা, অলসতা আৰু মূঢ়তা দেখা দিয়ে। শিশু আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত এই প্ৰভাৱ আৰু গভীৰ। পঢ়াত মন নলগা, অলপতে ক্লান্ত হোৱা আৰু শৰীৰিক বৃদ্ধি বাধাপ্রাপ্ত হ’ব পাৰে।

সঁচাকৈয়ে, সোৱাদৰ মূৰত স্বাস্থ্য হেৰুৱাব পৰা এক নীৰৱ বিপদ এই ফাষ্টফুড।

অসমত পৰিস্থিতিঃ

অসমত মানুহে খোৱাৰ পদ্ধতিত আৰু দৈনন্দিন খাদ্যৰ বাছনিত বর্তমান এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। আগতে য’ত মানুহে গৃহৰ পৰিষ্কাৰ, সুস্থ আহাৰ খাই সুস্থ থাকিবলৈ গুৰুত্ব দিছিল, আজিকালি তাৰ ঠাই ল’লে বাহিৰৰ ফাষ্টফুডে। নগৰাঞ্চলৰ লগতে গাঁও-চহৰৰ সীমা ধৰি দোকান-বাণিজ্য কেন্দ্র, শিক্ষানুষ্ঠান আৰু বজাৰত ফাষ্টফুডৰ দোকান বহুত বৃদ্ধি পাইছে। বিশেষকৈ কিশোৰ, কিশোৰী আৰু যুৱকসকলে সোৱাদৰ আশাত এই ধৰণৰ খাবলৈ আগ্ৰহী হৈ পৰিছে।

এই পৰিৱৰ্তনৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে গুৱাহাটীত। গুৱাহাটী হৈছে অসমৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত চহৰ। গুৱাহাটী কেৱল ৰাজনীতি আৰু বাণিজ্যৰ কেন্দ্ৰস্থল নহয়, ই শিক্ষাৰ ক্ষেত্ৰতো অসমৰ অন্যতম মুখ্য গন্তব্যস্থান। বিভিন্ন ঠাইৰ পৰা ছাত্র-ছাত্রী, কোচিং লোৱা যুৱক- যুৱতী আৰু চাকৰি বিচাৰি অহা লোকে এই চহৰত ঘৰ-ঘৰুৱা পৰিৱেশৰ পৰা আঁতৰি একাকী জীৱন যাপন কৰে।

এই সকলোৰে মাজত ঘৰতে বনোৱা আহাৰৰ বিকল্প হিচাপে ফাষ্টফুডেই সহজ বিকল্প হৈ পৰিছে। বেছিভাগে দিন-ৰাতি ৰেষ্টুৰেণ্ট আৰু ঠেলাগাড়ীৰ পৰা ফাষ্টফুড খাই জীৱন পাৰ কৰে। কিন্তু এই অভ্যাসে দীর্ঘকালত নিশ্চয়েই স্বাস্থ্যৰ ওপৰত এক গভীৰ কু-প্ৰভাৱ পেলাব। ইমিউন ছিষ্টেম কমি যোৱা, হজমজনিত সমস্যা আৰু মানসিক অলসতা ইতিমধ্যে দেখা দিয়া সমস্যাবোৰহে আগন্তুক বিপদ সংকেত।

পাৰম্পৰিক আহাৰৰ গুৰুত্বঃ

অসমীয়া পৰম্পৰাগত আহাৰ কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয়, পুষ্টিৰ ক্ষেত্ৰতো যথেষ্ট সমৃদ্ধ। জহা চাউল, লাও-মানকচু, টেঙা মাছৰ জোল, চিৰা-মুড়ী— এই খাদ্যত প্রাকৃতিকভাৱে পোৱা যায় প্ৰচুৰ ফাইবাৰ, ভিটামিন আৰু খনিজ। এনে আহাৰ সহজে হজম হয় আৰু শৰীৰ ৰাখিবলৈ সহায় কৰে ।

এই ধৰণৰ আহাৰে শৰীৰক কেৱল শক্তি নিদিয়ে, ই দীর্ঘকাললৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে ৷ আগৰ যুগত মানুহে বাহিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ, এইবোৰ ঘৰুৱা খাদ্যৰে সুস্থ, দীঘল আৰু সক্ৰিয় জীৱন পাৰ কৰিছিল।

ফাষ্টফুডৰ স্বাদ সাময়িক হৈ থাকিলেও ইয়াৰ ক্ষতি দীঘলীয়া আৰু গভীৰ। ব্যস্ত জীৱনৰ সুবিধাৰ নামত আমি যি খাদ্য বাছি লৈছোঁ, সেইটো আমাৰ স্বাস্থ্যৰ ওপৰত নীৰৱে আঘাত হানি আছে। বিশেষকৈ যুৱপ্ৰজন্ম এই সন্দৰ্ভত সজাগ হোৱাৰ সময় সমাগত।

কিন্তু ফাষ্টফুড একেবাৰে এৰিব নালাগে, কিন্তু তাৰ পৰিমাণ কমাই, পৰম্পৰাগত আহাৰলৈ ঘূৰি যোৱাটো অত্যন্ত প্রয়োজন। ঘৰতে বনোৱা সৰল আহাৰেই জীৱনৰ সঁচা ভিটামিন।

শেহতীয়াকৈ ফ্র’জেন খাদ্য মানুহৰ মাজত অত্যধিক প্রচলন হ’ব ধৰিছে। উল্লেখ্য যে ঔদ্যোগিক খাদ্য বিক্রীত ফ্ৰ’জেন খাদ্যৰ প্ৰথম ব্য ৱহাৰ ১৮০০ চনৰ আশে-পাশে আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। ক্লেৰেন্স বাইৰ্ডছেই ৯০ বছৰতকৈও অধিক পূৰ্বে বিশ্বত ফ্লেছ ফ্ৰীজিঙৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। ৬ মাৰ্চৰ দিনটো ৰাষ্ট্ৰীয় হিমায়িত খাদ্য দিৱস হিচাপে পালন কৰা হয় । প্রথম সম্পূর্ণ ফ্র’জেন খাদ্য আচলতে বাণিজ্যিক বিমান সংস্থাৰ বিমানৰ বাবে প্ৰস্তুত কৰা খাদ্য আছিল। ব্ৰিটিছ ফ্ৰ’জেন ফুড ফেডাৰ্চেনে কয়— ‘ফ্রীজিঙে আচলতে খাদ্যৰ পুষ্টিকৰ মূল্য সংৰক্ষণ কৰাত সহায় কৰিব পাৰে।’ আন যিকোনো পেকেটত ভৰোৱা খাদ্যতকৈ ফ্ৰ’জেন খাদ্যৰ পুষ্টিগুণ বেছি বুলিও তেওঁলোকে মত পোষণ কৰিছে। ১৯৫০ চনত নিউ জাৰ্ছীত নিজাকৈ ইটালীয় বিশেষ দোকান থকা চেলেপ্টানো ভাতৃদ্বয়ে ১৯৫৭ চনত প্ৰথম ফ্ৰ’জেন পিজ্জাৰ ধাৰণা প্ৰচলন কৰিছিল।

মানি চলিবলগীয়া নিয়ম-

♦ ফ্ৰ’জেন খাদ্য কিনি ৰান্ধিলে কেইটামান কথা মনত ৰাখিব লাগে ৷ এনে খাদ্য কিনাৰ আগতে লেবেল পৰীক্ষা কৰিব লাগিব। যদি ম্যাদ উকলি গৈছে, তেন্তে কিনা বা খাব নালাগে ।

♦ আইচক্ৰীমৰ ক্ষেত্ৰত বহুতে এই কথা মনত নাৰাখে । ‘বহুতে আইচক্ৰীম খোৱাৰ সময়ত লেবেলটো চেক নকৰে। কিন্তু পেকেটত ম্যাদ উকলি যোৱাৰ তাৰিখ লিখা থাকে। বিশেষকৈ পূজাৰ সময়ত বহুতে মুহূর্ততে আইচক্রীম কিনি খাবলৈ আৰম্ভ কৰে। যিহেতু আইচক্ৰীম মূলতঃ গাখীৰেৰে তৈয়াৰ কৰা হয় আৰু গাখীৰ নষ্ট হ’ব পাৰে, সেয়েহে ম্যাদ উকলি যোৱাৰ তাৰিখ পৰীক্ষা কৰি আইচক্ৰীম কিনিব ।

♦ ফ্র’জেন খাদ্য ৰন্ধা আগতে ঠিক যি লাগে সেইখিনি উলিয়াই লওক । গোটেই পেকেটটো কোঠাৰ উষ্ণতালৈ আনি আধাখিনি উলিয়াই আন আধাখিনি পুনৰ ফ্ৰীজত নাৰাখিব। ইয়াৰ ফলত খাদ্য নষ্ট হয়। কাৰণ আপুনি থৈ দিয়া খাদ্যখিনি উষ্ণতাৰ পৰিৱৰ্তনৰ বাবে পচি যাব পাৰে ।

♦ ফ্ৰ’জেন খাদ্য কিনাৰ সময়ত লেবেলত পৰীক্ষা কৰি চাব লাগে যে কোনো ধৰণৰ যোগকৰণ বা সংৰক্ষক ব্যৱহাৰ কৰা হৈছে নেকি । কিছুমান যোগকৰণে কেৱল তিতা লগাই নহয়, খাদ্যত থকা ভিটামিন আৰু খনিজ পদার্থও ধ্বংস কৰে। গতিকে এই বিষয়ে সাৱধান হোৱাটো প্রয়োজন।

♦ ছীল কৰা পেকেটটো খোলাৰ আগতে কিমান দিন খাব লাগে পৰীক্ষা কৰক। কিছুমান খাদ্য ছীল খোলাৰ ১-৫ দিনৰ ভিতৰত, কিছুমান ১ সপ্তাহৰ ভিতৰত খাব লাগে। কিছুমান খাদ্য বেছিদিন ৰাখিব পাৰি ।

লগতে এতিয়া বহুতে ঘৰত ফ্ৰীজত খাদ্য সাঁচি ৰাখি দীঘলীয়া সময় ধৰি সেই একে আহাৰ গৰমাই খোৱাৰ অভ্যাস গঢ়ি তুলিছে। ব্যস্ততাৰ কাৰণে সপ্তাহজুৰি ৰান্ধি ৰখা খাদ্য দিনে দিনে গৰমাই খোৱাৰ ফলত পুষ্টিগুণ হ্রাস পায়। লগতে ফ্ৰ’জেন ফুড সংৰক্ষণৰ বাবে ব্যৱহৃত কিছুমান কেমিকেল বা প্রিজাৰভেটিভ দীৰ্ঘকালত শৰীৰত বিষৰূপে প্ৰৱেশ কৰিব পাৰে ।

এটা গৱেষণাত দেখা গৈছে যে নগৰবাসীৰ প্রায় ৪৫ শতাংশ লোকে সপ্তাহত কমেও ৪ বাৰ বাহিৰৰ ফাষ্ট ফুড বা ফ্ৰ’জেন ফুড খায়, আৰু তেওঁলোকৰ মাজত হজমৰ সমস্যা, গেছ আৰু টোপনিৰ সমস্যা অধিক পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলে কৈছে, এনে খাদ্য অভ্যাস চলি থাকিলে আগন্তুক প্ৰজন্মৰ স্বাস্থ্যত গভীৰ সংকট দেখা দিব পাৰে।

অৱশ্যে সকলো ফ্ৰ’জেন খাদ্য একে ধৰণৰ নহয়। বহু ফ্র’জেন খাদ্য যথেষ্ট পৰিমাণে পুষ্টিকৰ হ’ব পাৰে। যেনে- ফ্ৰ’জেন শাক-পাচলি বা কম প্রস্তুতকৃত (minimally processed) খাদ্যবস্তু। কিন্তু আমাৰ অঞ্চলত দেখা গৈছে যে অধিকাংশ লোকে উচ্চ চেনিৰ সমাহাৰ থকা ফ্ৰ’জেন পিজ্জা, আইচক্ৰীম, পেষ্টি আৰু ৰেডিমেইড পেকেটত থকা আদি খাদ্যক অধিক প্রাধান্য দিয়ে। ইহঁতৰ সঘন ব্যৱহাৰে দীৰ্ঘকালত স্বাস্থ্যৰ ওপৰত ঘাতকৰূপে প্ৰভাৱ পেলাব পাৰে।

বহু পৰীক্ষাত দেখা গৈছে যে ফ্ৰ’জেন খাদ্য ত মনোছডিয়াম গ্লুটামেট থাকে, যিটো একপ্ৰকাৰৰ সোৱাদ বৃদ্ধিকাৰী। অৱশ্যে ই শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে নিশ্চিতভাৱে লেবেলটো ভালদৰে পঢ়ি তাৰ পিছত সেইবোৰ খাব। শস্য, মাছ, মাংস… সকলো সতেজ প্রতিদিনে কিনি খোৱাটোৱেই উত্তম। কিন্তু সাৱধান হওক, যাতে এই ফ্র’জেন খাদ্য, ফাষ্টফুড ইত্যাদি অভ্যাসত পৰিণত নকৰে যেন ।

ফাষ্টফুড আৰু ফ্ৰ’জেন খাদ্য দুয়োটাৰে নিজস্ব সুবিধা আৰু অসুবিধা আছে। ফাষ্টফুড দ্রুত সমাধানৰ বাবে উপযোগী, কিন্তু নিয়মীয়া ভোজনৰ বাবে ফ্ৰ’জেন খাদ্য স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হ’ব পাৰে, বিশেষকৈ যদি পুষ্টিকৰ বিকল্প বাছি লোৱা হয়। স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে দুয়োটাৰে ব্যৱহাৰ সংযত আৰু সুষম হোৱা উচিত।

মনত ৰাখিব, সোৱাদৰ মোহত নিজৰ স্বাস্থ্যক নষ্ট নকৰিব । খাদ্য বাছনিৰ লগতে জীয়াই থকাৰ পথো বাছক।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.