ছলমান ৰুশ্বডীৰ কালজয়ী উপন্যাস ‘মিডনাইটছ চিলড্রেন’

1

ড° ৰুমী কলিতা

ব্ৰিটিছ ভাৰতীয় কথা সাহিত্যিক ছলমান ৰুশ্বডীৰ এখন বিখ্যাত উপন্যাস হ’ল ‘মিডনাইট’ছ চিলড্রেন’। এই উপন্যাসখন প্ৰকাশ হৈছিল ১৯৮১ চনত। প্ৰকাশৰ বছৰটোতেই উপন্যাসখনে লাভ কৰিছিল মেন বুকাৰ বঁটা তাৰ পাছতে উপন্যাসখনে লাভ কৰে জেমচ টেইট পুৰস্কাৰ। এই উপন্যাসখন ৰচিত হৈছে স্বাধীনতাৰ আগৰ আৰু স্বাধীনতাৰ পাছৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক আদি দিশৰ পৰিৱৰ্তনৰ পটভূমিত। উপন্যাসখনৰ নাট্যৰূপো দিয়া হৈছিল। ৰয়েল শ্বেইক্সপীয়েৰ কোম্পানীয়ে এই নাটখনি লণ্ডনত মঞ্চস্থ কৰিছিল। ‘মিডনাইট ছ চিলড্রেন’ উপন্যাসখনি হৈছে কল্পকাহিনীৰ আধাৰত সৃষ্ট বিংশ শতিকাৰ ইংৰাজী সাহিত্যৰ অন্যতম উল্লেখযোগ্য সৃষ্টি।

যাদুকৰী বাস্তৱবাদৰ ধাৰাৰে লিখা উপন্যাস খনত ১৯৪৭ চনৰ ১৫ আগষ্টৰ মধ্যৰাত্ৰি জন্ম লাভ কৰা ছালিম ছিনাই নামৰ শিশুটিৰ জীৱনৰ লগত ভাৰতবৰ্ষৰ ইতিহাসক একেডাল সূতাৰে বন্ধা হৈছে ।

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাৰ নির্দিষ্ট মুহূৰ্তত জন্ম গ্রহণ কৰা ছালিমে প্রতীকীভাৱে জাতিটোকেই মূৰ্ত কৰি তুলিছে যাৰ ফলত ব্যক্তিগত পৰিচয় আৰু জাতীয় ইতিহাসৰ মাজত অন্তৰংগ আৰু অবিচ্ছেদ্য সম্পৰ্ক স্থাপিত হৈছে। ৰুশ্বডীয়ে মাজনিশাৰ ল’ৰা-ছোৱালীৰ ধাৰণাটোৰ যি পৰিচয় দিছে সি হৈছে স্বাধীনতাৰ প্ৰথম ঘণ্টাত জন্ম লোৱা এহেজাৰ এটা সন্তানৰ এটা গোট। (a group of one thousand and one children )। যাৰ প্ৰত্যেকৰে অসাধাৰণ শক্তি আছে আৰু টেলিপেথিক যোগাযোগৰ জৰিয়তে তেওঁলোক আন্তঃসংযোগী। এই কল্পনাপ্রসূত কাঠামোৱে আধুনিক ভাৰতৰ বৈচিত্র্য, বহুত্ব আৰু খণ্ডিতকৰণৰ এক শক্তিশালী উপাদান হিচাপে কাম কৰিছে। ঐতিহাসিক পৰিঘটনাক কল্পনাৰ সৈতে মিহলি কৰি উপন্যাসখনে চৰকাৰী ইতিহাস লেখাৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছে আৰু অতীতৰ পুনর্গঠনত স্মৃতি, বিষয়বস্তু আৰু আখ্যানৰ ভূমিকাক আগস্থান দিছে।

উপন্যাসখনে ঔপনিৱেশিক আঘাত, সাংস্কৃতিক সংকৰতা আৰু উত্তৰ ঔপনিৱেশিক জাতি এটাৰ পৰিচয়ৰ সংকটৰ গভীৰ অন্বেষণো কৰিছে। ‘মিডনাইটছ চিলড্রেন’ উপন্যাসখন কেৱল ঐতিহাসিক আখ্যান হিচাপেই নহয়, সমসাময়িক দক্ষিণ এছিয়াৰ বাস্তৱতাক গঢ় দিয়া ক্ষমতা, ৰাজনীতি আৰু বিভাজনৰ অবিৰত উত্তৰাধিকাৰৰ সমালোচনাত্মক মন্তব্য হিচাপেও আত্মপ্রকাশ কৰে ।

‘মিডনাইটছ চিলড্রেন’ উপন্যাসখনৰ বৰ্ণনাশৈলী বিশেষ মনোগ্ৰাহী আৰু অভিনৱ। উপন্য সিখন সম্পূৰ্ণ প্ৰথম পুৰুষত বর্ণিত, য’ত ছালিম ছিনাইয়ে নিজৰ জীৱনৰ কাহিনী তেওঁৰ পত্নী পদ্মাৰ আগত বৰ্ণনা কৰিছে। এই আত্মজৈৱনিক বর্ণনাত তেওঁ প্ৰায়েই কাহিনীৰ মাজত বিৰতি লৈ কাহিনী কোৱাৰ প্ৰক্ৰিয়াটোৰ ওপৰতে মন্তব্য কৰে। যাৰ ফলত পাঠকে অলপ অস্থিৰতা অনুভৱ কৰে। উপন্যাসখনত ৬৫০ পৃষ্ঠা আৰু ৩০টা অধ্যায় আছে। যিবোৰে স্মৃতি, ইতিহাস আৰু কল্পনাৰ এক জটিল কিন্তু সংগঠিত ৰূপত আগবাঢ়ে। গাঠনিক দিশৰ ফালৰ পৰা উপন্যাসখন তিনিটা ভাগত বিভক্ত। প্রথম ভাগত ছালিমৰ পৰিয়ালৰ পূর্ব ইতিহাস বিশেষকৈ তেওঁৰ ককাদেউতাক আদম আজিজৰ ১৯১৫ চনৰ কাশ্মীৰৰ জীৱন আৰু ঔপনিৱেশিক ভাৰতৰ সামাজিক, সাংস্কৃতিক পৰিৱেশৰ চিত্ৰণ কৰা হৈছে। দ্বিতীয় ভাগত ছালিমৰ শৈশৱ, তেওঁৰ অতিলৌকিক শক্তি আৰু স্বাধীনতাৰ প্ৰথম ঘণ্টাত জন্ম হোৱা ‘Midnight’s Children Conference’ ৰ গঠন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তৃতীয় ভাগত ছালিমৰ পৰৱৰ্তী জীৱন, পাকিস্তানৰ সৈতে যুদ্ধ আৰু ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ ৰাজনৈতিক দমনৰ বাস্তৱতা প্ৰতিফলিত হৈছে। বিষয়বস্তুৰ ফালৰ পৰা উপন্যাসখন যাদুকৰী বাস্তৱবাদৰ এক উল্লেখযোগ্য উদাহৰণ, য’ত ইতিহাসক ব্যক্তিগত স্মৃতি, কল্পনা আৰু পৌৰাণিক উপাদানৰ সৈতে মিশ্ৰণ কৰি পুনৰ নিৰ্মাণ কৰা হৈছে।

‘মিডনাইট’ছ চিলড্রেন’ উপন্যাসখন কথক ছালিম ছিনাইৰ এক শক্তিশালী আৰু আত্মপ্রতিফলিত ঘোষণাৰে আৰম্ভ হৈছে ‘I was born in
the city of Bombay… once upon a time No that wont do there’s no getting away from the date. I was born in Doctor Narlikar’s Nursing Home on August 15th 1947.’ (মোৰ জন্ম হৈছিল বোম্বে চহৰত এসময়ত । নাই সেয়া নহ’ব তাৰিখটোৰ পৰা আঁতৰি যোৱাৰ কোনো উপায় নাই । মোৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত ডাক্তৰ নাৰ্লিকাৰৰ নাৰ্ছিং হোমত) এই কথাখিনিয়ে উপন্যাসখনৰ কেন্দ্ৰীয় আখ্যান কৌশল প্রতিষ্ঠা কৰে, সেয়া হৈছে নায়কৰ ব্যক্তিগত ইতিহাসক জাতিৰ ৰাজনৈতিক ভাগ্যৰ সৈতে সংযোগ কৰা। ভাৰতৰ স্বাধীনতাৰ নিৰ্দিষ্ট মুহূৰ্তত ছালিমৰ জন্মই তেওঁক প্ৰতীকীভাৱে জাতিটোৰ মূৰ্ত ৰূপলৈ ৰূপান্তৰিত কৰে। আৰম্ভণিৰে পৰাই ৰুশ্বডীয়ে ব্য ক্তিগত পৰিচয় আৰু জাতীয় ইতিহাসৰ অবিচ্ছেদ্যতাক আগস্থানত ৰাখিছে।

উপন্যাসখনত ঐতিহাসিক সত্যক জেৰাৰ বাবে যাদুকৰী বাস্তৱবাদক আখ্যানমূলক মন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। মাজনিশাৰ ল’ৰা-ছোৱালীৰ সৈতে ছালিমৰ টেলিপেথিক সংযোগে ভাৰতৰ বৈচিত্ৰ্য আৰু বহুত্বক প্রতিফলিত কৰে।

‘মিডনাইট’ছ চিলড্রেন’ উপন্যাসত চৰিত্ৰায়ণ গভীৰ আৰু বহুস্তৰীয় আৰু পুৰুষানুক্ৰমে বিকাশ হোৱা দেখা যায়। কাহিনীৰ আৰম্ভণিতে আদম আজিজৰ চৰিত্ৰৰ মাধ্যমেৰে উপন্যাসখন ঐতিহাসিক আৰু প্ৰতীকাত্মক দিশত প্রতিষ্ঠা কৰে। তেওঁৰ পৰিচয় দিয়া হৈছে এইদৰে- ‘Doctor Aziz was a tall man, pressed flat against a wall of his family home, he measured twenty five bricks (a brick for each year of his life).’ এই শক্তিশালী পৰিচয়ে আজিজক পৰম্পৰা আৰু পশ্চিমীয়া আধুনিকতাৰ মাজত আৱদ্ধ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ স্বাধীনতা পূৰ্বৰ ভাৰতৰ বৌদ্ধিক আৰু সাংস্কৃতিক দ্বন্দ্বৰ প্ৰতিনিধি। তেওঁৰ যুক্তিবাদী মনোভাব আৰু অন্ধবিশ্বাসৰ পৰা বিচ্ছেদে উত্তৰ প্ৰজন্মৰ পৰিচয় সংকটৰ আগজাননী দিয়ে।

এই ঐতিহাসিক আৰু মানসিক বিভাজনে সৰ্বাধিক ৰূপ লাভ কৰে ছালিম ছিনাইৰ চৰিত্ৰত। যিয়ে নিজৰ জীৱনক ইতিহাসৰ সৈতে একাত্ম কৰি কয়- ‘I am the sum total of everything that went before me.’ বৈচিত্র্যপূর্ণ, অস্থিৰ আৰু স্মৃতিৰ ভাৰ বহন কৰা ছালিম ভাৰতৰ এক প্ৰতীকাত্মক ৰূপ, ইয়াৰ বিপৰীতে শিৱা হৈছে তেওঁৰ আদৰ্শগত প্রতিদ্বন্দ্বী যি হিংসা, ৰাজনৈতিক দমন আৰু ক্ষমতাৰ কঠোৰ ব্যৱহাৰৰ প্ৰতীক। এই দ্বৈততাই উপন্যাসখনত শক্তি আৰু নিপীড়নৰ মূল বিষয়বস্তুবোৰ গভীৰভাৱে উন্মোচিত কৰে। এই প্রতীকাত্মক চৰিত্ৰসমূহৰ লগতে পদ্মা নামৰ চৰিত্ৰটোৰ ভূমিকাও বিশেষ গুৰুত্বপূৰ্ণ । তেওঁ ছালিমৰ শ্রোতা, সমালোচক আৰু মানসিক আশ্রয়দাতা। পদ্মাই বাস্তৱবাদ, স্থিৰতা আৰু সাধাৰণ মানুহৰ যুক্তি সংগত দৃষ্টিভংগীৰ প্ৰতিনিধিত্ব কৰে । তেওঁ প্ৰায়েই ছালিমৰ জটিল আৰু কল্পনাপ্ৰধান কাহিনীভাগক বাধা দি স্পষ্টতা আৰু সঠিক সময়ানুক্ৰমৰ দাবী কৰে, যাৰ ফলত কাহিনী বাস্তৱ জীৱনৰ সৈতে সংযুক্ত হৈ থাকে। যদি ছালিম কল্পনা আৰু ঐতিহাসিক স্মৃতিৰ প্ৰতীক, তেন্তে পদ্মা সাধাৰণ জনজীৱনৰ ধাৰাবাহিকতা ৰক্ষা কৰা বাস্তৱবাদী কণ্ঠস্বৰ। তেওঁৰ উপস্থিতিয়ে কাহিনীটো সম্পূর্ণভাৱে বিমূর্ত হ’বলৈ নিদিয়ে। এইদৰে চলমান ৰুশ্বডীয়ে দেখুৱাব বিচাৰে যে ইতিহাস কেৱল ৰাজনৈতিক ক্ষমতাৰ দ্বাৰা নিৰ্মিত নহয় ই সাধাৰণ মানুহৰ জীৱন সংগ্ৰামৰ দ্বাৰাও নিৰ্মিত হয়।

এইদৰে আদম আজিজৰ আদৰ্শগত আৰম্ভণি, ছালিমৰ ভগ্ন পৰিচয়, শিৱাৰ দমনমূলক শক্তিৰ প্ৰতিনিধিত্ব আৰু পদ্মাৰ বাস্তৱবাদী কণ্ঠস্বৰৰ মাধ্য মেৰে ঔপন্যাসিকে স্বাধীনতাৰ আগৰ আৰু স্বাধীনতাৰ পাছৰ ভাৰতৰ ঐতিহাসিক, ৰাজনৈতিক আৰু মানসিক জটিলতাসমূহ প্ৰতিফলিত কৰা সমৃদ্ধ আৰু বহুমাত্ৰিক চৰিত্ৰ সৃষ্টি কৰিছে।

উপন্যাসখনৰ অন্যতম উল্লেখযোগ্য বিষয়ভিত্তিক চিন্তা হৈছে উত্তৰ ঔপনিৱেশিক ভাৰতৰ পৰিচয়ৰ সংকট। ছালিমৰ উৎপত্তি সম্পর্কে জৈৱিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিভ্ৰান্তিয়ে নতুনকৈ স্বাধীন জাতিটোৰ খণ্ডিতকৰণক প্ৰতিফলিত কৰে। তেওঁৰ ঘোষণা-‘মোক বুজিবলৈ হ’লে এখন পৃথিৱী গিলিব লাগিব’, এই কথাষাৰে আখ্যানৰ বিশালতা আৰু জটিলতা উন্মোচন কৰে। ইয়াৰ পৰা এইটোও বুজা যায় যে উত্তৰ ঔপনিৱেশিক বিষয়টো বুজিবলৈ ইতিহাস, সংস্কৃতি আৰু বৈপৰীত্যৰ সৈতে জড়িত হোৱাৰ প্ৰয়োজন । ৰাজনৈতিক ক্ষমতা আৰু অত্যাচাৰৰ চোকা সমালোচনাও উপন্যাসখনে আগবঢ়াইছে। জৰুৰীকালীন সময়ছোৱাক স্বৈৰাচাৰী হিংসাৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰা হৈছে, য’ত ৰাষ্ট্ৰ ক্ষমতাই ব্যক্তিগত স্বাধীনতাক ধ্বংস কৰে। মাজনিশাৰ ল’ৰা-ছোৱালীৰ প্ৰতীকী ৰূপে বৈচিত্ৰ্য আৰু গণতান্ত্রিক আকাংক্ষাৰ দমনৰ প্ৰতিফলন ঘটায়।

এইদৰে আধুনিক ভাৰতৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জটিলতাসমূহ বুজিবলৈ ৰুশ্বডীৰ গ্ৰন্থ অধ্যয়ন অপৰিহাৰ্য। তেওঁৰ গ্ৰন্থই একে সময়তে ভৱিষ্যৎ প্ৰজন্মক ইতিহাস আৰু ক্ষমতাৰ সৈতে জড়িত হ’বলৈ অনুপ্ৰেৰণা যোগায়। এনেদৰে আলোচনা কৰিলে দেখা যায় যে ‘মিডনাইট’ছ চিলড্রেন’ উপন্যাসখনে নৱপ্ৰজন্মক বহু পৰিমাণে উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব পাৰিব।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.