ভাৰতীয় সংগীত জগতৰ এগৰাকী জীৱন্ত কিংবদন্তি আছিল আশা ভোছলে। সাত দশকৰো অধিক সময় ধৰি নিজৰ সুমধুৰ কণ্ঠৰে তেওঁ কোটি কোটি শ্ৰোতাৰ হৃদয় জয় কৰি আহিছিল। তেওঁৰ বহুমুখী প্ৰতিভা আৰু যিকোনো ধৰণৰ গান (শাস্ত্রীয় সংগীতৰ পৰা পপ গানলৈ) গাব পৰা ক্ষমতাই তেওঁক অনন্য কৰি তুলিছিল।
তেওঁ ৮ ছেপ্টেম্বৰ, ১৯৩৩ চনত মহাৰাষ্ট্ৰৰ চাংলীত জন্মগ্ৰহণ কৰে। তেওঁ বিখ্যাত শাস্ত্ৰীয় সংগীতশিল্পী পণ্ডিত দীননাথ মংগেশকাৰৰ কন্যা । ভাৰতৰত্ন লতা মংগেশকাৰ তেওঁৰ জ্যেষ্ঠ ভগ্নী। তেওঁৰ আন ভাই-ভনীসকল হ’ল মীনা খড়িকা, ঊষা মংগেশকাৰ আৰু হৃদয়নাথ মংগেশকাৰ ৷ দেউতাকৰ মৃত্যুৰ পিছত পৰিয়ালটোক সহায় কৰিবলৈ আশা আৰু লতা মংগেশকাৰে চলচ্চিত্ৰত গান গাবলৈ আৰু অভিনয় কৰিবলৈ আৰম্ভ কৰে। ১৯৪৩ চনত মাৰাঠী ছবি ‘মাঝা বাল’ত তেওঁ প্ৰথমটো গীত গায় । ১৯৪৮ চনত ‘চুনৰিয়া’ ছবিৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্র জগতত খোজ পেলায়।
তেওঁ প্ৰথমে কম বাজেটৰ আৰু বি গ্রেড ছবিসমূহত গান গাবলৈ সুবিধা পাইছিল। আৰম্ভণিতে তেওঁক লতা মংগেশকাৰ বা গীতা দত্তই প্রত্যাখ্যান কৰা গানবোৰহে গাবলৈ দিয়া হৈছিল। কিন্তু ‘৫০ ৰ দশকৰ শেষৰ ফালে অ’ পি নায়াৰ, এছ ডি বর্মন আৰু পৰৱৰ্তী সময়ত আৰ ডি বৰ্মনৰ দৰে সংগীত পৰিচালকৰ সৈতে কাম কৰি তেওঁ নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলে। ১৯৫৭ চনত বি আৰ চোপ্ৰাৰ ‘নয়া দৌৰ’ বোলছবিখনৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।
তেওঁ কণ্ঠ নিগৰুৱা বিখ্যাত গীতসমূহ হ’ল- ঝুমকা গিৰা ৰে’, দম মাৰো দম, চৰা চৰা, ইয়ে মেৰা দিল, পিয়া তু অব টো আজা, পৰ্দে মে ৰহনে দো, যে মেৰা দিল । ইন আখো কী মস্তি, দিল চিজ ক্য হে, মেৰা কোচ সমান, ৰঙ্গীলা ৰে, ৰাধা কেইছে না জলে আদি কালজয়ী গীতসমূহে প্ৰতিটো প্ৰজন্মক আকৰ্ষণ কৰে।
কেৱল বলীউডৰ গানেই নহয়, গজল, ভজন, পপ আৰু ভাৰতীয় শাস্ত্রীয় সংগীততো পাৰদৰ্শিতা দেখুৱাইছে। তেওঁ ২০টাতকৈও অধিক ভাষাত হাজাৰ হাজাৰ গীত গাইছে। কেৱল হিন্দী গীতেই নহয় বহুকেইটা অসমীয়া গীততো তেওঁ কণ্ঠদান কৰিছে। ভূপেন হাজৰিকাৰ সহযোগত তেওঁ অসমীয়া গীতত সুৱদী কণ্ঠ নিগৰাইছিল।
১৯৬৯ চনত চিকমিক বিজুলী শীর্ষক ছবিখনত ‘পক্ষীৰাজ ঘোঁৰা’ গীতটো গাইছিল আশা ভোছলে আৰু কিশোৰ কুমাৰে। আনহাতে ১৯৭৮ চনৰ মন প্ৰজাপতি শীর্ষক চিনেমাখনৰ এটা জনপ্রিয় গীত ‘এই ধুনীয়া গধূলি লগন’ গীতটো কোকিলকণ্ঠী গায়িকাগৰাকীয়ে অনন্য মাত্ৰা প্ৰদান কৰিছিল। ভূপেন হাজৰিকাৰ সহযোগত পৰিৱেশন কৰা এই গীতো সঁচাকৈ অসমীয়া চলচিত্ৰ জগতত এক অভিনৱ সৃষ্টি। ইয়াৰ উপৰি অ’ জুলী, মিলন মাধৱী, দূৰে দূৰে থাকি, অভিমানী বন্ধু ইত্যাদি প্রায় ১৩টাতকৈ অধিক অসমীয়া গীতত কণ্ঠ দান কৰিছে।
আশা ভোছলেৰ নামত বিশ্বৰ আটাইতকৈ বেছি গীত বাণীবদ্ধ কৰা শিল্পী হিচাপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে। তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটাসমূহ হ’ল-দাদাচাহেব ফাল্কে বঁটা, পদ্মবিভূষণ, ফিল্মফেয়াৰ লাইফটাইম এচিভমেন্ট, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২ বাৰ। ১৯৯৭ চনত তেওঁ প্ৰথম ভাৰতীয় গায়িকা হিচাপে গ্ৰেমী পুৰস্কাৰৰ কাৰণে মনোনয়ন পাইছিল।
আশা ভোছলেৰ ব্যক্তিগত জীৱন আছিল সংগ্রামপূর্ণ। মাত্র ১৬ বছৰ বয়সতে তেওঁ পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ গণপতাও ভোছলেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যদিও এই বিবাহ বেছিদিন নিটিকিল। পিছলৈ ১৯৮০ চনত তেওঁ বিখ্যাত সংগীত পৰিচালক আৰ ডি বর্মন (পঞ্চমদা)ৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হয়। সংগীতৰ লগতে তেওঁ ব্যৱসায়ৰ লগতো জড়িত আছিল। ডুবাই, আবুধাবি আৰু কুৱেইটত তেওঁৰ আশাছ নামৰ বহুকেইখন ৰেস্তোৰাঁ আছে।
১২ এপ্রিল ২০২৬, দেওবাৰে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। তেওঁৰ বিয়োগে ভাৰতীয় সংগীতৰ এটা সোণালী যুগৰ সমাপ্তি ঘটালে ।
Comments are closed, but trackbacks and pingbacks are open.