সাধাৰণভাৱে নল’ব গেছ, এচিডিটি, পেটফুলা আৰু কোষ্ঠকাঠিন্য…

4

ৰিতুমণি সাহা (খাদ্য বিশেষজ্ঞ)
লোকেল ফুড ৱিছডম ডায়েট ক্লিনিক, বঙাইগাঁও

আপুনি সপ্তাহত তিনি-সাত দিনে যদি গেছ/গেষ্ট্রিক, পেটফুলা আৰু কোষ্ঠকাঠিন্য ত (constipation) ভুগি আছে- ই সাধাৰণ নহয়, যদিও আজিকালি প্ৰায়ে বেছিভাগ মানুহে এই সমস্যাত ভুগি আছে। কিন্তু স্বাস্থ্যৰ ই স্বাভাৱিক অৱস্থা নহয়। এতিয়া আপুনি ইয়াক আওকাণ কৰিব পৰিছে, কিন্তু ই যেতিয়া দীর্ঘকালত জটিল সমস্যাৰূপে আহিব, তেতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ নহ’ব। উক্ত সমস্যাবোৰ আপুনি ঔষধ খাই ঠিক কৰিব পাৰে, কিন্তু ঔষধে ইয়াক সম্পূৰ্ণৰূপে গুৰিৰ পৰা ঠিক কৰিব পাৰেনে? এয়া মন কৰিবলগীয়া কথা । পি পি আই (PPI) মেডিকেচন, এণ্টাচিড বা laxative ঔষধবোৰে অলপ সময়ৰ কাৰণে সমস্যাৰ সমাধান দিয়ে যেন লাগে। কিন্তু বেমাৰৰ আচল কাৰণত কাম কৰিব নোৱাৰে। প্রথমে অলপ পৰিমাণে খাই থাকিলে আপুনি আৰোগ্য অনুভৱ কৰিব। পিছত পৰিমাণ বাঢ়ি বাঢ়ি গৈ আপুনি এই ঔষধসমূহৰ ওপৰত সম্পূর্ণভাৱে নিৰ্ভৰশীল হৈ পৰিব আৰু এটা সময় ই শৰীৰত কাম কৰা কমাই দিব বা বন্ধ কৰি দিব। এই ঔষধসমূহে দীর্ঘ সময়ত শৰীৰৰ হজম ক্ষমতা আৰু শৰীৰৰ নিজক নিজে ঠিক কৰাৰ ক্ষমতা কমাই দিয়ে।

এনেধৰণৰ বেমাৰত কেতিয়াবা বা প্ৰায়ে (antibiotic) এণ্টিবায়’টিক ল’ব লগা হৈ থাকে । কাৰণ আমাৰ শৰীৰত থকা ক্ষতিকৰ বেক্টেৰিয়াবোৰ মাৰিব লাগে। কিন্তু সঘনে এণ্টিবায়’টিক ল’লে ই শৰীৰৰ লাগতিয়াল বেক্টেৰিয়াবোৰকো মাৰি পেলায়। ফলস্বৰূপে বিভিন্ন ধৰণৰ বেলেগ বেমাৰ যেনে- গেষ্টিক আলচাৰ, হেলিক’বেক্টৰ (H. Pylori) বেক্টেৰিয়া সংক্রমণ, কলন আলচাৰ বা কেঞ্চাৰ, IBD, IBS, পাইলছ বা হিমৰইড ইত্যাদি আনকি শৰীৰৰ লাভদায়ক বেক্টেৰিয়া বা জীৱাণুৰ সংখ্যা আৰু বৈচিত্র্য কম হোৱাৰ বাবে ইনফ্লেমেটৰি ডিজিজ যেনে- আর্থ্রাইটিজ, এলার্জি, IBD, মেদবহুলতা এই ধৰণৰ জটিল স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ যুক্ত হৈ আছে। সেয়াই গেছ, এচিডিটি, পেটফুলা, কোষ্ঠকাঠিন্য সমস্যাসমূহক সাধাৰণ বুলি অৱহেলা নকৰিব বা পৰিত্ৰাণ পাবলৈ সম্পূর্ণভাৱে ঔষধৰ ওপৰত নিৰ্ভৰ নহ’ব। নিজৰ জীৱনশৈলীত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। সঠিক খোৱা-বোৱাৰ ধৰণ আৰু জীৱনশৈলীয়ে এই সমস্যাসমূহৰ মূল কাৰণৰ পৰা ঠিক কৰাত সহায় কৰিব ।

ডায়েট আৰু জীৱনশৈলী পৰিৱৰ্তনে কেনেকৈ কাম কৰিব?

১) পেটৰ এচিড বেলেন্স কৰিব- পেটৰ এচিডৰ মাত্ৰা কম-বেছি হোৱাৰ বাবে এচিডিটি পেটফুলা সমস্যা হয়। সঠিক ডায়েটে এই এচিডৰ মাত্ৰাক বেলেন্স কৰাত সহায় কৰি বা ক্ষতিকৰ বেক্টেৰিয়াৰ প্ৰজনন হোৱাত বাধা দিব। যেনে- H, Pylori বেক্টেৰিয়া যি বহুতভাৱে ক্ষতি কৰিব পাৰে।

২) অন্ত্ৰৰ জীৱাণুৰ সংখ্যা আৰু বৈচিত্ৰতা বৃদ্ধি কৰিব- আমাৰ অন্ত্ৰত লাখ লাখ জীৱাণু থাকে, যিয়ে আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বচাই ৰাখে, হজম শক্তি ভালে ৰাখে আৰু মানসিকভাৱে সুখী-সন্তুষ্টি অনুভৱ কৰাতো ইয়াৰ অৰিহণা আছে। গেছ বা এচিডিটি বা বেলেগ বিভিন্ন ধৰণৰ গাট্ সমস্যাৰ কাৰণে বা এইবোৰ চিকিৎসাত ঔষধৰ বাবে অন্ত্ৰৰ এই লাভদায়ক জীৱাণুবোৰৰ সংখ্যা আৰু বৈচিত্ৰতা কম হ’ব ধৰে। ডায়েট বা সঠিক জীৱনশৈলীয়ে ইয়াৰ সংখ্যা আৰু বৈচিত্ৰতা বঢ়োৱাত সহায় কৰে। আৰু বিভিন্ন ধৰণৰ সমস্যা সেয়া মধুমেহ, মেদবহুলতা, এলার্জি, বা ইনফ্লেমেটৰি ডিজিজসমূহ যেনে- Psoraisis, আথ্রাইটিজ, IBD, IBS হোৱাৰ সম্ভাৱনা কমায় আৰু যদি এই ধৰণৰ বেমাৰৰ লগত ভুগি আছে ইয়াক গুৰিৰ পৰা ঠিক কৰাতো সহায় কৰিব ।

আজিৰ সময়ত যিমানবোৰ ৰোগ আছে তাক ঠিক কৰিবলৈ Gut healthৰ ওপৰত কাম কৰিলে অতি সহজে ঠিক কৰা যাব। সেয়াই অকল ওজন কমোৱাত আৰু ঔষধৰ ওপৰত নিৰ্ভৰ নহয়, নিজৰ Gut healthত কাম কৰিবলৈ চেষ্টা কৰক।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.