ড° ৰুমি কলিতা
একবিংশ শতিকাৰ দক্ষিণ কোৰিয়াৰ এগৰাকী বিখ্যাত লেখিকা হান কাং ৰচিত ‘দ্য ভেজিটেৰিয়ান‘ বৌদ্ধিকভাৱে সমৃদ্ধ আৰু ব্যক্তিগত বিদ্রোহক সার্বজনীন সাহিত্যলৈ ৰূপান্তৰিত কৰা এখন কালজয়ী উপন্যাস।
১৯৭০ চনৰ ২৭ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ ছিউলত জন্মগ্ৰহণ কৰা হান সৰুৰে পৰাই মানুহৰ দুখ-কষ্টৰ অন্ধকাৰ বাস্তৱৰ সৈতে পৰিচিত আছিল। সৰুকালিৰ এই উপলব্ধিয়ে তেওঁৰ নৈতিক আৰু সাহিত্যিক চেতনাক গভীৰভাৱে গঢ় দিছিল। সৰুকালিতে লাভ কৰা অভিজ্ঞতাবোৰেই ভৱিষ্যৎ জীৱনত সাহিত্যৰ ক্ষেত্ৰখনত আজীৱন দায়বদ্ধতাৰে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল। কলেজীয়া জীৱনত হান কাং কোৰিয়ান আধুনিকতাবাদী কবি য়ি ছাঙৰ ‘মই বিশ্বাস কৰো যে মানুহ উদ্ভিদ হ’ব লাগে’ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই বাক্যশাৰীৰ শক্তিশালী প্রকাশ ঘটিছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্রশংসিত উপন্যাস ‘দ্য ভেজিটেৰিয়ান’ত য’ত হিংসা ত্যাগ কৰি মানৱৰ নিষ্ঠুৰতাৰ পৰা পলায়নৰ ইচ্ছা কেন্দ্ৰীয় বিষয়বস্তু হৈ পৰিছে।
ছিউল ইনষ্টিটিউট অৱ আৰ্টছৰ সৃজনীশীল ৰচনাৰ অধ্যাপক হান কাঙে ‘দ্য ভেজিটেৰিয়ান’ উপন্যাসখনৰ বাবে ২০১৬ বৰ্ষত ইণ্টাৰনেচনেল বুকাৰ প্ৰাইজ আৰু ২০২৪ বৰ্ষত সাহিত্যৰ ন’বেল বঁটাৰে সন্মানিত হৈছিল। ২০২৩ বৰ্ষত ৰয়েল ছ’চাইটী অৱ লিটাৰেছাৰৰ আন্তৰ্জাতিক লেখক হিচাপে স্বীকৃতি লাভ কৰা হান কাং হৈছে সাহিত্যত ন’বেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা।
হান কাঙৰ মনস্তাত্ত্বিক তথা ৰূপকধর্মী উপন্যাস ‘দ্য ভেজিটেৰিয়ান’ গাঁথনিক দিশেৰে তিনিটা ভাগত বিভক্ত। সেই তিনিটা ভাগ হ’ল — ১) The Vegetarian) (দ্য ভেজিটেৰিয়ান অর্থাৎ নিৰামিষভোজী), 2) Mongolian Mark (মংগোলীয়ান মার্ক অর্থাৎ মংগোলীয় মোহৰ), ৩) Flamming trees (ফ্লেমিং ট্রি অর্থাৎ জ্বলন্ত বা অতিশয় উজ্জ্বল গছ)। হান কাঙৰ ১৯৯৭ চনত প্ৰকাশিত “The Fruit of my women” নামৰ গল্পটোৱে ‘দ্য ভেজিটেৰিয়ান’ উপন্যাসখনৰ ক্ষেত্ৰত পূৰ্বসূৰীৰ দৰে কাম কৰিছে। গল্পটিত আধুনিক নাগৰিক জীৱনত সদায় দুখভোগ কৰি অহা এগৰাকী মহিলাৰ কাহিনী বর্ণিত হৈছে যিগৰাকী মহিলা লাহে লাহে এজোপা গছলৈ ৰূপান্তৰিত হয় আৰু গছজোপাত ফলো ধৰে। এই সকলোবোৰ ঘটনা মহিলাগৰাকীৰ স্বামীয়ে প্ৰত্যক্ষ কৰে। এই গল্পত যিদৰে আধুনিক সমাজৰ বিচ্ছিন্নতা, পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ অত্যাচাৰ আৰু ৰূপান্তৰ (Metamorphosis) আদি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে, ঠিক একেদৰে ‘দ্য ভেজিটেৰিয়ান’ উপন্যাসতো মানুহৰ হিংসা, পিতৃপ্রধান সমাজত মহিলাৰ অৱনমিত স্থান আৰু মানৱ শৰীৰৰ পৰিসীমাৰ পৰা পলায়নৰ ইচ্ছাৰ কথা ব্যক্ত কৰা হৈছে।
উপন্যাসখনৰ মূল বিষয়বস্তু এনেধৰণৰ ছিউলত বাস কৰা আপাত দৃষ্টিত এগৰাকী সাধাৰণ মহিলা য়ং হ্যয়ে এটা বেয়া সপোন দেখাৰ পাছত মাংস খাবলৈ এৰি নিৰামিষহাৰী হৈ পৰে। মাংস খাবলৈ পৰিত্যাগ কৰা কাৰ্যই কেৱল তাইৰ যে খাদ্যাভ্যাসৰে পৰিৱৰ্তন কৰে তেনে নহয় । তাইৰ স্বামী, পিতৃ আৰু পৰিয়ালৰ অন্য সদস্যৰ সৈতে থকা সম্পৰ্কতো ভাঙোন তথা জটিলতা আনি দিয়ে। অৱশেষত তাই সমাজৰ পৰা তথা পৰিয়ালৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। পৰিয়াল আৰু সমাজৰ কঠোৰ নীতি-নিয়মে তাইক উদ্ভিদ হ’ব বিচৰা নিষ্ক্রিয় অথচ এগৰাকী বিপ্লৱী নাৰীলৈ ৰূপান্তৰিত কৰে।
তিনিটা সুকীয়া ভাগত গঠিত উপন্যাসখনৰ প্ৰথম ভাগটো ঔপন্যাসিকে য়ং হ্যয়ৰ স্বামী মিষ্টাৰ চিয়ঙৰ দ্বাৰা প্ৰথম পুৰুষত বৰ্ণনা কৰিছে। এই অংশত য়ং হ্যয়ে এটা দুঃস্বপ্নৰ পিছত মাংস খোৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ কাহিনী চিত্ৰিত কৰা হৈছে। সমাজৰ প্ৰচলিত কঠোৰ নীতি-নিয়ম আৰু সাংসাৰিক জীৱনত বশ্যতাৰ বিৰুদ্ধে য়ং হ্যয়ে কৰা নীৰৱ বিদ্রোহে তাইৰ স্বামীক যথেষ্ট অসুবিধাত পেলায়। ফলস্বৰূপে তেওঁলোকৰ দাম্পত্য জীৱন ভাঙোনমুখী হৈ পৰে, পৰিয়ালৰ সদস্যসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়। স্বামী-স্ত্ৰীৰ মাজত হোৱা মনোমালিন্য এনেকুৱা এটা পৰ্যায়ত উপনীত হয় যে দুয়োৰে মাজত বিবাহ বিচ্ছেদ পর্যন্ত হয়।
প্রথম অধ্যায়ৰ আৰম্ভণিতে মিষ্টাৰ চিয়ঙে কৈছে— ‘Before my wife turned vegetarian I’d always thought of her as completely unremarkable in every way’ অর্থাৎ ‘মোৰ পত্নী নিৰামিষহাৰী হোৱাৰ আগলৈকে মই তেওঁক কোনো দিশৰ পৰাই গুৰুত্ব দিব লাগে বুলি ভবা নাছিলো।’ইয়াৰ দ্বাৰা বুজা যায় যে মিষ্টাৰ চিয়ঙে গতানুগতিক আৰু অলক্ষণীয় জীৱন-যাপন কৰিছিল। য়ং হ্যয় পিতৃতান্ত্রিক সমাজ ব্যৱস্থাত বাস কৰে, য’ত মহিলাৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব দিয়া নহয়। কিন্তু য়ং হ্যয়ে নিজৰ সিদ্ধান্তক সন্মান জনাই মাক-দেউতাক আৰু স্বামীয়ে কৰা বহু চেষ্টাকো গুৰুত্ব নিদি মাংস খোৱাৰ পৰা বিৰত থাকে। নিজৰ সিদ্ধান্তত অটল হৈ তাই কয় যে- “I don’t need to eat not now. I can live without it. All need is sunlight and water.”
‘দ্য ভেজিটেৰিয়ান’ গ্ৰন্থখনৰ দ্বিতীয় ভাগ ‘মংগোলীয়ান মার্ক’ত য়ং হ্যয়ৰ ভগ্নী পতিৰ যি শিল্প আৱেগ দেখুওৱা হৈছে সি মূলতঃ নান্দনিকতাৰ আৱৰণত গোপন দেহ আসক্তিৰ উদাহৰণ। য়ং হ্যয়ৰ শৰীৰত অঁকা ফুলসমূহেৰে মানৱ দেহক প্ৰকৃতিলৈ ৰূপান্তৰ কৰাৰ এক কল্পিত প্রয়াস দেখুওৱা হৈছে। ‘মংগোলীয়ান মার্ক’ত য়ং হ্যয়ৰ অনামী ভগ্নীপতি এজন ভিডিঅ’ শিল্পী যিজন তাইৰ দেহৰ প্ৰতি আসক্ত। তেওঁ য়ং হ্যৰ অসুৰক্ষিত অৱস্থাৰ সুযোগ লৈ তাইৰ গাত থকা জন্ম চিহ্ন এটিৰ ওপৰত যৌনতাৰ উপাদানেৰে ভৰপূৰ কেতবোৰ চিত্ৰ আঁকিবলৈ চেষ্টা কৰে । যাৰ ফলত এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু য়ং হ্যয়ৰ তাইৰ দেহত চিত্র আঁকিবলৈ দিয়া নীৰৱ সন্মতি তাইৰ সমাজৰ পৰা লাহে লাহে বিচ্ছিন্নতা আৰু মানৱ পৰিচয় ত্যাগৰ সূচক।
‘দ্য ভেজিটেৰিয়ান’ উপন্যাসখনৰ তৃতীয় ভাগৰ শিৰোনাম হৈছে Flaming Trees অর্থাৎ জ্বলন্ত গছ। এই অংশটি বৰ্ণিত হৈছে য়ং হ্যয়ৰ জ্যেষ্ঠ ভগ্নী ইন হ্যয়ৰ দৃষ্টিকোণেৰে। এই অংশত য়ং হ্যয়ৰ চূড়ান্ত ৰূপান্তৰ হোৱাৰ পৰৱৰ্তী পৰিস্থিতিৰ কথা বৰ্ণনা কৰা হৈছে।
ইন হ্যয়ে তেওঁৰ অত্যন্ত অপুষ্ট আৰু মানসিকভাৱে দুৰ্বল হৈ পৰা ভনীয়েকক এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰি তাইৰ যত্ন ল’বলৈ আৰম্ভ কৰে। উপন্যাসখনত ইন হ্যয় একমাত্ৰ চৰিত্ৰ, যিয়ে নিঃসংগতাৰ স’তে যুদ্ধ কৰা ভনীয়েক য়ং হ্যয়ক বুজিবলৈ চেষ্টা কৰিছিল। কাৰণ তেওঁৰ ভনী য়ং হ্যয় প্রনোৰেক্সিয়া নামৰ অসুখত ভুগি নিজকে উদ্ভিদলৈ ৰূপান্তৰিত হৈ আছে বুলি বিশ্বাস কৰি খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি প্ৰকৃতিৰ প্ৰচণ্ড ৰদ আৰু পানী খাই জীয়াই থকাৰ আকাংক্ষা কৰিছিল ।
হান কাঙৰ ‘দ্য ভেজিটেৰিয়ান’ উপন্যাসখনে ফ্রাঞ্জ কাফকাৰ অস্তিত্বৰ অৰ্থহীনতা আৰু ৰোমান কবি অভিডৰ পৌৰাণিক ৰূপান্তৰক একেলগ কৰি ৰূপান্তৰৰ সাহিত্যিক তত্ত্বটোক পুনৰ বিন্যাস কৰিছে। হান কাঙে উপন্যাসখনক এক সুকীয়া নাৰীবাদী আৰু পৰিৱেশ সমালোচনাৰ কাঠামোৰ ভিতৰত নিৰ্মাণ কৰিছে। হান কাঙৰ উপন্যাস হিংসা প্রতিৰোধী আৰু আধ্যাত্মিক পৰিৱেশ চেতনাৰ বহল উৎস হিচাপে সমগ্ৰ বিশ্বতে বন্দিত। ‘দ্য ভেজিটেৰিয়ান’ উপন্যাসখন বৰ্তমান প্ৰজন্মৰ বাবে প্ৰেৰণাৰ এক শক্তিশালী উৎস। যিয়ে দৈনন্দিন জীৱনত নিহিত হৈ থকা সূক্ষ্ম হিংসাৰ সন্মুখীন হ’বলৈ নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগায়। সংবেদনশীল গদ্য ভাষা আৰু পৰিৱৰ্তনমুখী দৃষ্টিভংগীৰ জৰিয়তে হান কাঙে প্ৰতিটো পৰিয়ালৰ ঘৰুৱা জীৱনৰ অন্তৰালত লুকাই থকা হিংসাৰ দুখ লগা ছবিখন উনে- মাচিত কৰি পঢ়ুৱৈক মানুহ হোৱাৰ প্ৰকৃত অৰ্থৰ দৰে কিছুমান মহাবিশ্বীয় প্রশ্নৰ মুখামুখি কৰি তুলিছে।
ফোনঃ ৮৮২২০-৮৩১৪৮
Comments are closed, but trackbacks and pingbacks are open.