ববিতা শৰ্মা
অসমীয়া সংগীতক বিশ্বদৰবাৰত চিনাকি কৰি দিয়া ব্যক্তিগৰাকীয়েই হ’ল আমাৰ সকলোৰে মৰমৰ ভূপেনদা । ড° ভূপেন হাজৰিকা। কবি, সাহিত্যিক, ৰাজনীতিবিদ হেম বৰুৱাই “অসমৰ সাৰুৱা মাটিত আপোনাআপুনি জাতিষ্কাৰ হোৱা কিছুমান বনৰীয়া ফুল’ আখ্যা দিয়া মালিতা, আইনাম, ধাইনাম, ল’ৰা-ধেমালিৰ গীত, বিয়ানাম, বিহুনাম আদিয়ে লিখিত সাহিত্যৰ আত্মপ্রকাশৰ বহু পূৰ্বেই অসমীয়া সংগীতৰ বৰভেটি নিৰ্মাণ কৰি তুলিছিল। শংকৰী যুগত দুয়োজনা গুৰুৱে বৰগীত আৰু ভটিমা ৰচনা কৰি এই ভেটি গজগজীয়া কৰিলে ৷ ঊনবিংশ শতিকাত সুন্দৰৰ দুই পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই থলুৱা সুৰৰ সাধনাৰে বিষ্ণু ৰাভা সংগীত আৰু জ্যোতি সংগীতেৰে অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰে। বিষ্ণু-জ্যোতিয়ে কাটি দিয়া সুন্দৰৰ বাটেৰে পৰৱৰ্তী সময়ত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, বাউলী কবি কমলানন্দ ভট্টাচাৰ্য, কামৰূপী লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে, কোকিলকণ্ঠী দীপালী বৰঠাকুৰ আদি অজস্র শিল্পীয়ে অসমীয়া সংগীতক উন্নতিৰ জখলাত আগবঢ়াই লৈ যায়। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ। পূব অসমৰ পৌৰাণিক আখ্যানৰ চহৰ কুণ্ডিলত (বৰ্তমানৰ শদিয়া) স্বর্গীয় নীলকান্ত হাজৰিকাৰ ঔৰসত আৰু স্বৰ্গীয়া শান্তিপ্রিয়া হাজৰিকাৰ গৰ্ভত এটি শিশুৰ জন্ম হৈছিল। এই শিশুটিয়েই পৰৱৰ্তী সময়ত অসমীয়া সংগীতক এক বিশেষ মর্যাদাৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰি অসমীয়া সংগীত জগতৰ ভোটাতৰা হৈ চিৰদিনৰ বাবে জিলিকি উঠিল। এই শিশুটিয়ে হ’ল অসমীয়াৰ নয়নৰ মণি, হিয়াৰ আমঠু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা।
ড° ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ বাবে কেৱল এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। একাধাৰে গীতিকাৰ, সুৰকাৰ তথা অসমীয়া সংগীত জগতৰ অদ্বিতীয় কণ্ঠশিল্পী ড° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা আৰু অমৃত কণ্ঠৰে কণ্ঠ নিগৰুৱা গীতবোৰক অসমীয়া সংগীত জগতত ‘ভূপেন্দ্ৰ সংগীত’ নামেৰে জনা যায়। সংগীতজ্ঞ হিচাপে ড° হাজৰিকাৰ খ্যাতি নিজ ৰাজ্য, নিজ দেশৰ সীমাৰ পৰিধি ভেদি দেশ- বিদেশ ব্যাপী পৰিছিল। তেওঁ অসমৰ উপৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু চুবুৰীয়া দেশ বাংলাদেশৰো জনপ্রিয়তাৰ শীৰ্ষৰ শিল্পী। সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ অ, আ, ক, খ নিশিকাকৈয়ে তেখেতে পোন্ধৰশতকৈয়ো অধিক গীত ৰচনা কৰি কণ্ঠদান কৰিছিল । তেওঁৰ গীতসমূহ ভাৰতবৰ্ষৰ অনান্য ভাষালৈ অনূদিত হোৱালৈ চাই তেওঁ যে কিমান উচ্চস্তৰৰ শিল্পী আছিল, তাক সহজে অনুমান কৰি ল’ব পাৰি । তেওঁৰ গীতে জাতি, ধর্ম, বয়স, সময়, স্থান আদিৰ প্ৰাচীৰ ভাঙি এক সার্বজনীন জনপ্রিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল বাবেই তেওঁ গণশিল্পী আখ্যা পাইছিল। ভূপেন হাজৰিকাৰ মনত সংগীতৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিছিল মোমায়েকৰ ঘৰখনৰ সাংস্কৃতিক পৰিৱেশে। হাজৰিকাৰ পিতৃয়ে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত শিক্ষকৰ চাকৰি পাই শদিয়া এৰি গুৱাহাটীলৈ উভতি আহে। থাকিবলৈ লয় শহুৰেক ৰতিকান্ত দাসৰ ভৰলুমুখৰ ঘৰত। ৰতিকান্ত দাসৰ ঘৰখনত সংগীতৰ এক সুপৰিৱেশ আছিল ৷ অকালতে পৰলোকগামী হোৱা তেওঁৰ বৰপুত্ৰ অনাথবন্ধু এজন সুদক্ষ চেতাৰ বাদক আৰু ভাল কণ্ঠশিল্পী আছিল। তেওঁলোকৰ ঘৰখনত হাৰমনিয়াম, তবলা আদি বাদ্যযন্ত্রও আছিল। মাহীয়েক ভৱপ্রিয়া দাসে শিশু ভূপেনক এখন নতুন হাৰমনিয়াম কিনি দিছিল। ভূপেন হাজৰিকাই সেইখন বজাবলৈ আৰম্ভ কৰিছিল। আনহাতে হাজৰিকাৰ মাতৃ শান্তিপ্রিয়াও সুন্দৰ কণ্ঠৰ অধিকাৰী আছিল । ঘৰত তেওঁৰ কণ্ঠত সততে বৰগীত, লোকগীত বিয়ানাম আদিৰ সুৰ নিগৰিছিল। এইবোৰ শুনি শুনি হাজৰিকাই তেতিয়াই ইয়াৰ সুৰবোৰ আয়ত্ত কৰি লৈছিল। ‘ঘৰখনেই শিশুৰ শিক্ষাৰ প্ৰথম পঢ়াশালি’ বুলি প্ৰচলিত কথাষাৰ সত্য বুলি প্ৰমাণিত কৰি হাজৰিকা সময়ত এজন কিংবদন্তি সংগীতজ্ঞ ৰূপে প্রতিষ্ঠিত হ’ল।
১৯৩০ চনৰ ৩০ জানুৱাৰী। কটন কলেজিয়েট স্কুলত এখন সভা অনুষ্ঠিত হৈছিল। সভাত এটি শিশুৱে নিজে হাৰমনিয়াম বজাই এটি সুন্দৰ গীত পৰিৱেশন কৰিছিল। সভাৰ সভাপতি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ আসনৰ পৰা উঠি গৈ তামোল খাই থকা মুখখন ধুই আহি শিশুটিক চুমা এটি যাঁচি ‘বৰ ডাঙৰ শিল্পী হ’ব এওঁ’বুলি আশীৰ্বাদ দিছিল। নিজৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণত এই কথা বেজবৰুৱাই এনেদৰে উল্লেখ কৰিছে—–
‘গুৱাহাটীৰ গৱৰ্ণমেণ্ট স্কুলৰ ছাত্ৰসকলৰ বিশেষ অনুৰোধত আবেলি তেওঁলোকৰ সভালৈ গ’লোঁ ।… ছাত্ৰসকলৰ সভাত এটি কম বয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰমনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গীত গাইছিল । মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ । তাহানি কালত কলিকতাত ‘মাষ্টাৰ মদন’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ। আজি অসমীয়া ‘মাষ্টাৰ মদন’ক দেখি বৰ সন্তোষ পালোঁ।’
জীৱনৰ প্ৰথমখন গীতৰ সভাতে এজন প্ৰবাদ পুৰুষৰ আশিসেৰে ধন্য হোৱা শিশুটিয়েই হ’ল ড° ভূপেন হাজৰিকা। ইতিমধ্যে হাজৰিকাৰ পিতৃয়ে বিদ্যালয় পৰিদৰ্শকৰ পদত নিযুক্তি লাভ কৰি ধুবুৰীত যোগদান কৰিছিল। ধুবুৰীত হাজৰিকাৰ সেই সময়ৰ বিখ্যাত লোকগীতৰ শিল্পী আব্বাছউদ্দিনক লগ পোৱাৰ সৌভাগ্য ঘটিছিল। ধুবুৰীত তেওঁ বিহগী কবিৰ ‘দহিকতৰা’ গাই প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। এয়া হ’ল সংগীত শিল্পী হিচাপে হাজৰিকাৰ দ্বিতীয়খন প্লেটফৰ্ম। ধুবুৰীত ছমাহমান থকাৰ পাছত নীলকান্ত হাজৰিকা সপৰিয়ালে অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তেজপুৰলৈ আহে। তেজপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিত তেওঁ মাকে শিকাই দিয়া ‘জয় জয় যাদৱ জলনিধি যাদৱ ধাতা’ বৰগীতটি পৰিৱেশন কৰি অসমীয়া সংস্কৃতিৰ দুই পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্যলৈ আহে। ইয়াতে তেওঁ লাভ কৰে সংগীত চৰ্চাৰ তৃতীয়খন প্লেটফর্ম। অসমীয়া সাংস্কৃতিক জগতৰ দুই প্রবাদ পুৰুষৰ হাতত ধৰি হাজৰিকাৰ সংগীতৰ জয়যাত্ৰা আৰম্ভ হয়। ১৯৩৭ চনত তেওঁ বিষ্ণু-জ্যোতিৰ লগত ‘জয়মতী কুঁৱৰী’ আৰু ‘শোণিত কুঁৱৰী’ নাট দুখনৰ নাৰী কণ্ঠত গীত ৰেকৰ্ডিং কৰিবলৈ কলকাতালৈ যায়। ৰেকৰ্ডিঙৰ মাজতে ৰূপকোঁৱৰে হাজৰিকাৰ কণ্ঠত আন এখন ৰেকৰ্ড কৰোৱাৰ কথা চিন্তা কৰি কলাগুৰুক নিজৰ মনোভাব জনায়। কলাগুৰুৱে লগে লগে ‘উলাহতে নাচি বাগি হ’লি বিয়াকুল’ আৰু ‘কাষতে কলচী লৈ যায় ঐ ৰচকী বাই’ গীত দুটি ৰচনা কৰে। বিষ্ণু-জ্যোতিৰ যুটিয়ে গীত দুটিত সুৰ সংযোজন আৰু বাদ্য সংগত কৰি চেনোলা মিউজিকেল প্রডাক্টছ কোম্পানীত বাণীবদ্ধ কৰে। সেই সময়ৰ বংগদেশৰ পৰা প্ৰকাশিত ‘ৰেকৰ্ড সংগীত’ নামৰ আলোচনীখনৰ বেটুপাতত ডিঙিত এটা সোণৰ পদক ওলমি থকা শিশু ভূপেন হাজৰিকাৰ এখন ফটো প্ৰকাশ পালে। বেটুপাতৰ গোলাকাৰ ফটোখনৰ তলত লিখা হৈছিল ‘আমাদেৰ কনিষ্ঠতম শিল্পী’। বিষ্ণু-জ্যোতিৰ আশিসধন্য হৈ সংগীত জগতত নিজৰ যাদুকৰী কণ্ঠ আৰু গায়নশৈলীৰে দেশে-বিদেশে হাজাৰ হাজাৰ শ্রোতাক মুগ্ধ কৰি ড° হাজৰিকাই আগবঢ়াই লৈ যায় তেওঁৰ সংগীতৰ অবিৰত যাত্রা। সুন্দৰৰ সাধকজনে সুন্দৰৰ সৰু-বৰ আলিয়েদি যাযাবৰী যাত্ৰা কৰি দাদাচাহেব ফাল্কে, চামেলি মেমচাহাব কথাছবিৰ সংগীত পৰিচালনাৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আদি ভালেমান খ্যাতি আৰু সন্মানৰ অধিকাৰী হৈ অসমী আইৰ নাম জিলিকাই তুলিলে ।
১৯৩৯ চনত তেওঁ প্ৰথম বোলছবিৰ গীতত কণ্ঠদান কৰে ৷ তেওঁ প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি ‘জয়মতী’আৰু ‘ইন্দ্ৰমালতী’ত অভিনয়ো কৰিছিল। ‘জয়মতী’ত তেওঁ ল’ৰাৰজাৰ আৰু ‘ইন্দ্ৰমালতী’ত এটি গৰখীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। পিতৃ নীলকান্ত হাজৰিকাৰ দ্বাৰা ৰচিত ‘অ’ মইনা কেতিয়া আহিলি তই’ বনগীতটিত সুৰ আৰোপ কৰি হাজৰিকাই সুৰকাৰ ৰূপে আত্মপ্রকাশ কৰিছিল। নিচেই কম বয়সতে ড° হাজৰিকাই তেওঁৰ জীৱনৰ প্ৰথম গীতটো ৰচনা কৰে –
কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান
মোৰ গুৰু ঐ পৱিত্ৰ বৰদোৱা থান।।
কোমল বয়সৰ ৰচনা হ’লেও গীতটিত প্ৰতিফলিত হৈছে নামৰ সুৰত আকাশ-বতাহ মুখৰিত হোৱা পৱিত্ৰ বৰদোৱা থানৰ মহিমা। গুৰুজনাই গুণমালা পুথি ৰচনা কৰি ‘হাতী মাৰি ভুৰুকাত ভৰোৱা’ৰ দৰে গীতটিও যেন পিতৃ পৰিচয়সহ গুৰুজনাৰ এখন সূক্ষ্ম আত্মজীৱনীহে। গীতটিৰ সুৰ টোকাৰী গীতৰ সুৰত সজোৱা । গীতটি সম্পর্কে ড° হাজৰিকাই কৈছে— “মই সদায় ভাবিছিলোঁ যে গীতেৰে সমাজখনৰ কিবা উন্নতি কৰিব পাৰি নেকি? সেই কাৰণে প্ৰথম গীত ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰু লিখিছিলোঁ।’ গীতটোৰ ৰচনা কাল ১৯৩৭ চন। মাত্ৰ এঘাৰ বছৰ বয়সতে এই অনন্য সুন্দৰ গীতটি ৰচনা কৰি তেওঁ ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’ কথাষাৰৰ সার্থকতাকে প্রতিপন্ন কৰিছিল।
এফালে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, আনফালে গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলন। পৃথিৱীব্যাপী পৰা অস্থিৰতাৰ এই জটিল সময়ছোৱাত ১৯৩৯ চনত মাত্ৰ তেৰ বছৰ বয়সত তেওঁ ৰচনা কৰে তেওঁৰ দ্বিতীয়টো কালজয়ী গীত —
অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
নতুন অসম গঢ়িম
নৰকংকালৰ অস্ত্র সাজিম
শোষণকাৰীক বধিম ।
সেই সময়ৰ সামাজিক পৰিৱেশৰ প্ৰতি বিতুষ্ট হৈ সমাজসেৱাৰ মনোভাবেৰে ৰচনা কৰা গীতটিত প্ৰতিফলিত হৈছে মার্ক্সবাদী চিন্তাধাৰা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গীতটি ১৯৪৮ চনত নির্মিত নটসূৰ্য ফণী শৰ্মা পৰিচালিত ‘চিৰাজ’ বোলছবিত দিলে। অসমৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ গীতটিৰ ‘নতুন ভাৰত’ শব্দ দুটাৰ ঠাইত ‘নতুন অসম’ শব্দ দুটা ব্যৱহাৰ কৰিলে। গীতটি কলাগুৰুৱে তেওঁৰ ‘মুক্তি দেউল’ নামৰ গ্ৰন্থখনতো সন্নিৱিষ্ট কৰিলে।
ফোন : ৯৯৫৪৫-৮৬০৫৯
Comments are closed, but trackbacks and pingbacks are open.