শব্দ আৰু সুৰৰ যাদুকৰ দ্বিজেন্দ্র মোহন শর্মা

27

ববিতা শৰ্মা
জৱাহৰ নৱোদয় বিদ্যালয়
মহাদেৱপুৰ নামচাই, অৰুণাচল প্ৰদেশ

সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ’লে প্ৰাণ টানি ধৰে…।’

গীতৰ এক বিশেষ সন্মোহিনী শক্তি আছে, যাৰ বলত গীতে শ্রোতাৰ হৃদয়ত ঘৰ বান্ধে। গীতৰ সুৰ হৈ পৰে শ্ৰোতাৰ হৃদয়ৰ সুৰ। এতিয়া কথা হ’ল গীত কি? গীত হ’ল কথা, সুৰ, তাল আৰু কণ্ঠ সংমিশ্রিত এক কাব্যিক ৰূপ। গীতে শ্ৰোতাৰ শৱণেন্দ্ৰিয়ক উদ্দীপিত কৰি হৃদয় স্পৰ্শ কৰে। কথা হ’ল গীতৰ শৰীৰ আৰু সুৰ হ’ল আত্মা ৷ গতিকে গীত এটি জনপ্ৰিয় হোৱাৰ আঁৰত গীতৰ কথা আৰু সুৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সুৰ আৰু কণ্ঠই গীতক আকৰ্ষণীয় কৰে, কিন্তু গীতৰ কথাই শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰে। গীত এটিক শ্রোতাৰ হৃদয়ৰ গীত কৰি তোলাৰ ক্ষেত্ৰত গীতিকাৰৰ বিশেষ ভূমিকা আছে। আধুনিক অসমীয়া গীতি সাহিত্যত কেইবাজনো স্বনামধন্য গীতিকাৰে নিজৰ সৃষ্টিকৰ্মৰ মাজেৰে শ্ৰোতাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। এওঁলোকৰ ভিতৰত বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আনন্দিৰাম দাস, পুৰুষোত্তম দাস, পাৰ্বতিপ্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, তফজ্জুল আলি, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, নিৰ্মলপ্ৰভা বৰদলৈ, ড° ভূপেন হাজৰিকা, হীৰেন ভট্টাচাৰ্য, ড° লক্ষহীৰা দাস, ৰত্ন ওজা, জয়ন্ত বৰুৱা, ৰমেন বৰুৱা, ইদ্রিছ আলি, দ্বিজেন্দ্র মোহন শৰ্মা, সূর্যকুমাৰ ৰাজা, দিগন্ত ভাৰতী, মানস ৰবীন, জুবিন গাৰ্গ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ষাঠিৰ দশকত গীতিকাৰ ৰূপে আত্মপ্রকাশ কৰি অসমৰ শ্ৰোতাক কেইবাটাও জনপ্রিয় গীত উপহাৰ দিয়া এই তালিকাৰ এটি জনপ্রিয় নাম হ’ল দ্বিজেন্দ্ৰ মোহন শর্মা। দ্বিজেন্দ্র মোহন শৰ্মাৰ জন্ম হৈছিল ১৯৪৮ চনত গুৱাহাটীত। পিতৃ আনন্দ মোহন শৰ্মা আৰু মাতৃ গিৰিজাবালা শৰ্মা। শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি হিন্দুস্থান ফার্টিলাইজাৰ কৰ্প’ৰেচনৰ জনসম্পৰ্কৰক্ষী আৰু বিজ্ঞাপন বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰে৷ নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ ৰূপে স্বীকৃতি লাভ কৰা দ্বিজেন্দ্ৰ মোহন শৰ্মা গীতিকাৰ, সুৰকাৰ পুৰুষোত্তম দাসৰ প্ৰিয় আছিল। প্রায় সাত শতাধিক গীতেৰে অসমীয়া আধুনিক গীতি সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়োৱা দ্বিজেন্দ্র মোহন শৰ্মাই ভালেমান কোৰাছ ৰচনা কৰাৰ উপৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ বাবেও গীত লিখিছিল। ‘মোৰ গীত’ আৰু ‘অন্তৰংগ জোনাক’ শৰ্মাৰ দুখন প্রকাশিত গীতৰ সংকলন। জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, খগেন মহন্ত, দিলীপ চৌধুৰী, চাৰু গোহাঁই, বীণা ভাগৱতী, বৈকুণ্ঠনাথ গগৈ, ৰিদিপ দত্ত, জে পি দাস, ৰুবি সিনহা, মঞ্জুমালা ফুকন, জুবিন গাৰ্গ প্ৰমুখ্যে অসমৰ ভালে কেইগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত শৰ্মাৰ গীতে শ্রোতাৰ হৃদয় জিনিবলৈ সক্ষম হয়। এইসকল কণ্ঠশিল্পীৰ উপৰি শৰ্মাৰ পত্নী বিউটি শৰ্মা বৰুৱায়ো তেওঁৰ ভালেমান গীতত কণ্ঠদান কৰিছিল আৰু সেই গীতসমূহে শ্ৰোতাৰ মৰম বুটলিবলৈও সক্ষম হয়। বিউটি শর্মা বৰুৱাই দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ প্ৰায় তিনিশ মান গীতত কণ্ঠদান কৰিছে। এই গীতসমূহৰ ভিতৰত জীয়ৰী জীৱন সামৰি পিতৃ-মাতৃ, ভাই-ভনী আৰু ওপজা ঘৰখন চিৰদিনৰ বাবে এৰি বোৱাৰী জীৱন আদৰিবলৈ প্ৰস্তুত হোৱা ছোৱালীবোৰৰ মানসিক অৱস্থা সুন্দৰকৈ ফুটাই তোলা ‘বেছি দিন লগতে নাথাকো’, বিয়াৰ দিনা মাহ-হালধিৰে নোৱাই ধোৱাই কইনা সজোৱা দাপোণমতীৰ বিয়াৰ বৰ্ণনাৰে ‘মাহ-হালধিৰে নোৱালে ধুৱালে’ আৰু পুৱতিনিশা বিয়া ভগাৰ পাছত কইনা বিদায় মুহূৰ্তৰ ৰভাতলীৰ বৰ্ণনাৰে ৰচিত ‘টোপ টোপ ৰভাতলীত’ গীতকেইটিয়ে শ্রোতাৰ বিশেষ মৰম লাভ কৰিছিল—

১)
বেছি দিন লগতে নাথাকো
দেউতা মনত নিদিবি দুখ
বেছি দিন লগতে নাথাকো
দেউতা মনত নিদিবি দুখ
এই ঘৰ এৰিবতো লাগিবই
মা মৰম কৰিবি মোক…।
*******

2)
মাহ-হালধিৰে নোৱালে ধুৱালে
কইনা সজালে
কোনে দাপোণমতী
কইনা সজালে কোনে…।
*******

৩)
টোপ টোপ ৰভাতলীত
পুৱাৰ নিয়ৰ সৰে
আগলতি কলাপাত
লৰে কি চৰে
আজি আইজনীৰ বিয়া
আয়তী উকলি দিয়া… ।

এই তিনিওটি গীতেই যেন এটি আনটির পৰিপূৰক। প্রথমটি গীতত বিয়াৰ প্ৰস্তুতিপর্বত ছোৱালী এজনীৰ মানসিক অৱস্থা, দ্বিতীয়টি গীতত বিয়াৰ দিনা গহনা-গাঁথৰি আৰু পাট-মুগা কাপোৰেৰে জোন হৈ জিলিকা কইনাজনীৰ ওপজা ঘৰ এৰি যোৱাৰ দুখ আৰু নতুন জীৱন আদৰাৰ সুখ মিলি মনত সৃষ্টি হোৱা উগুল-গুগুল ভাব আৰু তৃতীয়টি গীতত পুৱতিনিশা বিয়া ভগাৰ পাছত কইনাৰ বিদায়পর্বৰ নিখুঁত ছবি ফুটি উঠিছে। এই তিনিটি গীতৰ উপৰি বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত প্রাণ পাই উঠা ছিজেন্দ্ৰ মোহন শৰ্মাৰ আন দুটামান জনপ্রিয় গীত হ’ল-

কঁকালত গাগৰি গাগৰি
মৰম যায় নিজৰি নিজৰি
অ’ খোজত যায় জুনুকা বাজি হে…।
*******

দীঘলকৈ ওৰণি নল’বা মাজনী অ’
অ’ হৰি হে হোম জুই জ্বলিছে
চোৱা ঐ ৰাম ৰাম… ।
*******

উজনিমুৱা ৰে’লগাড়ীখন
সাজ গধূলিতে আহে যে
শিমলুগুৰি জংচনতে
দছটা মিনিট ৰখে যে…।
******

মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো
মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো
বড়ো চিফুঙৰে মাত…।
*******

সন্ধ্যা হ’লে চন্দ্ৰমুখী ফুলিলে
জাক পক্ষী জাক
যেতিয়া উভতি আহে… ।
*******

ডুগ ডুগ মাদলৰে মাত অ’
ৰিমঝিম মাদলৰে মাত
দূৰণিৰ কোন বাগিচাত
এটি কলি দুটি পাত
চাওতালী ছোৱালীৰ তত্‌ নাই গাত … ।
*******

সিপাৰে যমুনাৰ বালি ৰূপোৱালী
গোসাঁই গৰখীয়া তাত
ইপাৰে যমুনাৰ কদমৰ ছায়া
ৰাধাই পানী অনা ঘাট … ।

বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই চিৰসেউজ গীতসমূহৰ বাহিৰেও আন আন শিল্পীসকলৰ কণ্ঠত প্রাণ পাই উঠা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কিছুমান গীতৰ জনপ্ৰিয়তা সঁচাকৈয়ে ঈর্ষণীয়। তেনে দুটিমান গীত হ’ল—

দুনীয়া আমাৰ আস্তানা
দিল মচগুল মাস্তানা
দুনীয়া আমাৰ আস্তানা
দিল মচগুল মাস্তানা
জীৱন বাটত কিমান যে বেগানা
তুমিও পলৰীয়া আমিও পলৰীয়া
আজব দুনীয়া জামানা…।
(খগেন মহন্ত আৰু সংগীবৃন্দ, বিভ্ৰাট
বোলছবি
********

পৰিচয়বিহীন যাযাবৰ নগৰী
অকলশৰীয়া ম‍ই বিচাৰিছো লগৰী
পৰিচয়বিহীন যাযাবৰ নগৰী
অকলশৰীয়া মই বিচাৰিছো লগৰী…।
(জে. পি. দাস)
*******

মধু জোন জ্বলিছে
মধু ৰাতি নামিছে
জীৱনৰে গধূলিতে
মায়া চাকি জ্বলিছে…। (জে. পি. দাস)
*******

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰ নিবিড় মৰমত …। (চাৰু গোহাঁই)
*******

ৰহেদৈ অ’ এয়া
নিৰ্মলা নদীৰে ঘাট
কৃষ্ণচূড়াৰ ছায়াৰে আৱৰা
তাৰ সেন্দূৰীয়া বাট…। (বীণা ভাগৱতী)
*******

অ’ সৰু ভনীটি
মুগা ৰিহা পিন্ধিলি
লাহটি খোপাতে কপৌ ফুল গুঁজিলি
দেখি মৰম লাগি যায় হায়
দেখি মৰম লাগি যায় … । (ৰিদিপ দত্ত)
*******

ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰা
ফুল ফুলক
সূর্যমুখী ফুল প্রিয়তমা,
তোমাৰ খোপাত … ।
(বৈকুণ্ঠনাথ গগৈ/ জুবিন গাৰ্গ)
*******

ৰিমঝিম ঝিম বৰষুণ পৰিলে
ঝুনুকা কঁপাই বিজুলী নাচিলে
তোমালৈ মনত পৰে
মৌচুমী মেঘ নামিলে
অ’ মেঘ নামিলে…। (মিনু বৰুৱা)
*******

মন পলাশৰ ছাঁত
গীতৰ বাঁহী বালে
মোৰ অজানা অচিনা
হৈ গৰখীয়া …। (ৰুবী সিনহা)
*******

তৰাৰ আখৰেৰে
নাম কোনে লিখিলে
মোৰ সংগী জীৱনৰে…।
*******

শৰতৰ সৰাপাত
থাক থাক সৰি থাক
অ’ আমি কোঁচ ভৰি
শেৱালি তুলিম…।
*******

ব’হাগ আহিল ঢোলৰ মাতত
ব’হাগ আহিল কুলিৰ গীতত
ব’হাগ আহিল পলাশ পাতত
ৰঙা নাহৰত… ।
*******

কি গীত গালে শেৱালি ফুলে
শৰৎ আহে মোৰ পদূলিলে
শৰৎ আহে মোৰ পদুলিলে… ।
*******

দেৱী বুলি মাতিছিলোঁ
আই তুমি ভগৱতী
দুর্গা বুলি মাতিছিলোঁ
আই তুমি দয়াৱতী…

(এই পাঁচোটি গীতত কণ্ঠদান কৰিছে মঞ্জুমালা ফুকনে)

বিষয়বস্তুৰ নির্বাচন, গীতৰ নিৰ্মাণশৈলী, বাছকবনীয়া শব্দচয়নেৰে শ্ৰোতাৰ মন জয় কৰা দ্বিজেন্দ্র মোহন শৰ্মাৰ গীতবোৰ আধুনিক অসমীয়া গীতি সাহিত্যৰ বহুমূলীয়া সম্পদ চিত্ৰকল্প আৰু গীতিধর্মিতা শৰ্মাৰ গীতৰ দুটি উল্লেখযোগ্য বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যই তেওঁৰ গীতসমূহক মনোগ্ৰাহী কৰি তুলিছে। আনহাতে ওপজা মাটিৰ সুবাস আৰু অসমীয়া জনজীৱনৰ নিভাঁজ চিত্ৰয়ো দ্বিজেন্দ্র মোহন শৰ্মাৰ গীতসমূহক বিশেষ কৰিছে। তেওঁৰ গীতত আছে এফালে জীৱনৰ সুখ-দুখ, হাঁহি কান্দোন, প্রেম-বিৰহৰ প্রতিচ্ছবি। কোনোবাটো গীতত যদি গ্ৰাম্য জীৱনৰ ছবি আঁকিছে, কোনোবাটোত আঁকিছে প্রকৃতিব নান্দনিক ছবি। কোনো ধৰণৰ জটিল আৰু দুৰ্বোধ্য শব্দ ব্যৱহাৰ নকৰাকৈ সহজ আৰু কোমল শব্দেৰে তেওঁ ৰচনা কৰি গৈছিল এটাৰ পাছত আন এটা গীত, যিবোৰ গীতৰ সম্মোহনে আলোড়িত কৰিছিল শ্রোতাৰ হৃদয়। শৰ্মা কেৱল এজন সফল গীতিকাৰেই নহয়, এজন সফল সুৰকাৰো । তেওঁৰ গীতৰ সুৰ অসমৰ মানুহৰ চিনাকি সুৰ। অসমৰ আন এগৰাকী বৰেণ্য গীতিকাৰ, শিল্পী, সাহিত্যিক তথা শিক্ষাবিদ ড° লক্ষহীৰা দাসে দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ বিষয়ে কৈছে, ‘দ্বিজেন্দ্র মোহন শর্মা কেৱল এগৰাকী অর্থবহ শব্দৰ সাৰ্থক যাদুকৰেই নাছিল, আছিল এগৰাকী ব্যতিক্রমী সুৰকাৰো। মাটি, মানুহ, জীবন-জগতৰ গভীৰ্ত্তালৈ গৈ তেওঁ সৃষ্টি কৰিছিল ভালেখিনি কালজয়ী গীত।’ আধুনিক অসমীয়া গীতি সাহিত্যৰ এইজনা মহান সাধকে ২০০৬ চনৰ ৬ মে’ত মৃত্যুক সাবটি লয়। দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীত আমাৰ শৈশৱ আৰু যৌৱনৰ গীত। হৃদয়ৰ সুৰ। এই গীতসমূহৰ চৰ্চা, আলোচনা আৰু পৰ্যালোচনাই নতুন প্রজন্মক গীতসমূহৰ লগত চিনাকি কৰাই দিয়াত সহায় কৰিব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.