প্রাঞ্জল প্ৰতীম বৰা
হঠাতে হোৱা বা দীৰ্ঘদিনৰ পৰা হোৱা বুকুৰ বিষ বা Chest Pain বহুতো কাৰণ থাকে। মাংসপেশীৰ বিষ, Muscle spasms, বুকুত দুখ পোৱা, গেষ্ট্ৰাইটিছৰ সমস্যা, গেষ্ট্রিক বা Peptic ulcer, GERD, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা আদিকে কৰি বিভিন্ন কাৰণৰ বাবে আমাৰ বুকুৰ বিষৰ সমস্যা হ’ব পাৰে। তাৰে ভিতৰত এটা মন কৰিবলগীয়া কাৰণ হ’ল Angina (এনজাইনা) ৰ বাবে হোৱা বুকুৰ বিষ ।
Angina (এন্জাইনা) কি ?
এন্জাইনা হ’ল একপ্ৰকাৰৰ বুকুৰ বিষ, আৰু এই বিষ তেতিয়া হয়, যেতিয়া আমাৰ হৃদযন্ত্ৰৰ ওপৰত কোনো লোড বা ওজন পৰে। যেনে ধৰক আপুনি ওজন দাঙিছে, ব্যায়াম কৰিছে বা এনে ধৰণৰ কাম কৰিছে য’ত আপোনাৰ হাৰ্টৰ ওপৰত লোড পৰিছে আৰু আপুনি এনে কামবোৰ কৰিলেই বুকুত বিষ অনুভৱ কৰে। লগতে এই বিষ অকল বুকুতেই নহয়, কান্ধৰ বিষ, গলধন, হাত আদিতো অনুভৱ কৰিব পাৰে। লগতে উশাহ চুটি, ভাগৰ ভাগৰ লগা আদি লক্ষণো দেখা দিয়ে। জিৰণিত থকা অৱস্থাত কোনো সমস্যা নাথাকিব পাৰে। কাৰণ এজাইনাৰ সমস্যা হাৰ্টত ব্লক থকাৰ বাবে হ’ব পাৰে। আৰু হৃদযন্ত্ৰই জিৰণিত থকা অৱস্থাত থাকোঁতে প্রয়োজনীয় তেজ পাই থাকিব পাৰে। কিন্তু থিয় থৈ থকা অৱস্থাত জোৰ পৰা কাৰ্যকলাপ কৰাৰ লগে লগে ব্লক থকাৰ বাবে হৃদযন্ত্ৰৰ কোনো অংশই তেজ কমকৈ পাই এনে বিষ আৰু অস্বস্তি অনুভৱ কৰিব পাৰে। অৰ্থাৎ আমি ক’ব পাৰোঁ যে এন্জাইনা হ’ল আমাৰ হৃদযন্ত্রই অক্সিজেনযুক্ত তেজ সঠিকভাৱে নাপালে আমি অনুভৱ কৰা বুকুৰ বিষ। এন্জাইনাৰ ফলত হোৱা বুকুৰ বিষে কেতিয়াবা আমাৰ হৃদযন্ত্ৰৰ বিসংগতিও সূচায়। গতিকে ইয়াক প্ৰথম অৱস্থাতেই চিনি পোৱা দৰকাৰ।
এন্জাইনা হ’ল একপ্ৰকাৰৰ কৰ’নাৰী আৰ্টাৰী ডিজিজ। আমাৰ হৃদযন্ত্ৰলৈ তেজ পৰিবহণ কৰা ধমনীসমূহত চৰ্বি জমা হৈ ঠেক হৈ পৰিলে হৃদযন্ত্রই প্রয়োজনীয় অক্সিজেনযুক্ত তেজ নাপায়, ফলত এনে ধৰণৰ বুকুৰ বিষ হ’ব পাৰে।
এন্জাইনা ২ প্ৰকাৰৰ-
1. Stable Angina: এই অৱস্থাত ভোগা এজন লোকে কাম কৰি থকা অৱস্থাত বা খোজ কাঢ়ি থকা অৱস্থাত হঠাতে বুকুৰ বিষ অনুভৱ কৰে। বহি দিয়াৰ লগে লগে বা জিৰণি ল’লে বিষ নোহোৱা হয়। বিষ সাধাৰণতে ৫ মিনিটতকৈ বেছি নাথাকে । ষ্টেবল এন্জাইনা অৱস্থাত থকা এজন লোকৰ তেজ পৰিবহণ কৰা ধমনীত চৰ্বি জমা হোৱাৰ ফলত হৃদযন্ত্রই প্রয়োজনীয় পৰিমাণতকৈ কম অক্সিজেনযুক্ত তেজ পায়। জিৰণি বা কষ্ট নকৰাকৈ থাকিলে হৃদযন্ত্রই নিজৰ কাম চলাই নিব পাৰে, কিন্তু কোনো কষ্ট হোৱা কাম কৰিলে হৃদযন্ত্রই নিজৰ কাম কম অক্সিজেনযুক্ত তেজৰ সহায়ত চলাবলৈ অসুবিধা পায়, ফলত বুকুৰ বিষ অনুভৱ হয়।
2. Unstable Angina: এই অৱস্থাত তেজ পৰিবহণ কৰা ধমনীৰ কোনো অংশ ব্লক হৈ যায় বা Repture হৈ পৰে। ফলত হৃদযন্ত্ৰৰ এটা অংশলৈ সম্পূর্ণ তেজৰ চলাচল বন্ধ হৈ পৰে। গতিকে আনষ্টেবল্ এন্জাইনা অৱস্থাত ভোগা এজন লোকৰ জিৰণি লোৱাৰ লগে লগে বা বহি দিয়াৰ লগে লগে বা কেতিয়াবা ঔষধ লোৱাৰ পিছতো বিষ নকমে। ৩০-৪৫ মিনিটলৈকে বুকুৰ বিষ থাকিব পাৰে আৰু কেতিয়াবা হার্ট ব্লক (Myocardial infraction) লৈকেও যাব পাৰে।
লক্ষণ
- বুকুৰ বিষ। বিশেষকৈ বুকুত হেঁচা মাৰি ধৰাৰ দৰে Stabbing pain বা বিষ।
- বুকুৰ বাঁওফালে বিষ। বুকুৰ পৰা বাঁও হাত, কান্ধ আৰু বুকুৰ পৰা ওপৰলৈ ডিঙি বা খুঁতৰিলৈ বিষ আহিব পাৰে ।
- উশাহ চুটি হোৱা।
- ভাগৰ লগা ।
- মূৰ ঘূৰোৱা বা Dizziness অত্যধিক ঘাম ওলোৱা
- Abdominal discomfort বা পেটৰ অসুবিধা আৰু বিষো হ’ব পাৰে (বিশেষকৈ মহিলাসকলৰ)
- বুকুৰ ধপধপনি বঢ়া বা Palpation.
এনেধৰণৰ লক্ষণসমূহ বুকুৰ বিষৰ লগত থাকিলে ততালিকে চিকিৎসকৰ পৰামৰ্শৰ প্রয়োজন। প্রয়োজনীয় ব্যায়াম আৰু ঔষধ সময়মতে আৰম্ভ কৰিলে এজন লোক সুস্থ হৈ উঠাতো সম্ভৱ হয়। বিশেষকৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বেছি পৰিমাণৰ কলেষ্টৰেল আদিৰ সমস্যা থকা লোকসকল এইক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ আৰু দীৰ্ঘদিন ধৰি হৈ থকা যিকোনো বুকুৰ বিষৰ বাবে সচেতন হোৱাটো প্ৰয়োজনীয়। ইয়াৰ লগতে তেলজাতীয় খাদ্য, ৰিফাইন তেল আদি সম্পূর্ণভাৱে বৰ্জন কৰা, লাহে লাহে দিনত দুবাৰ হ’লেও খোজকঢ়া, যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি আৰু ফাইবাৰৰ্জাতীয় খাদ্য লোৱা, খোৱা আৰু শোৱাৰ সময় নিয়মীয়া কৰাৰ লগতে মানসিক চাপৰ পৰা সম্পূৰ্ণ দূৰত থকাৰ প্ৰয়োজন ।
Comments are closed, but trackbacks and pingbacks are open.