কৃত্রিম বুদ্ধিমত্তা (AI): জনা-নজনা অনেক কথাৰ সমাহাৰেৰে..

34

পুলকেশ ৰায় বৰুৱা

প্রযুক্তিবিদ্যাৰ শেহতীয়া চমকপ্ৰদ আলোচ্যৰ বিষয় হৈ পৰিছে কৃত্রিম বুদ্ধিমত্তা। আপোনাৰ-মোৰ-আমাৰ সবৰে দৈনন্দিন জীৱনশৈলীত লাগি থকা অনেক কামৰ কাম কৰিবলৈ ব্যৱহৃত হৈছে কৃত্রিম বুদ্ধিমত্তা। সমস্যা সমাধানৰ বহু আহিলাই কামত লাগিলেও কৃত্রিম বুদ্ধিমত্তাক যেন সবাৰো ওপৰত স্থান দিছে। মন-মনন-মগজক লৈ কচৰ‍ কৰি কৰি মানুহে সাজি উলিয়াইছে বুদ্ধিমান যন্ত্র। বিজ্ঞানীৰ অনেক জল্পনা-কল্পনাৰ মিঠা পৰিণতি হ’ল কৃত্রিম বুদ্ধিমত্তা। বুদ্ধিমত্তা হ’ল এক বর্ণনাত্মক ধাৰণা। ই এজন ব্যক্তিৰ বা ব্যক্তি সমষ্টিৰ নিৰ্দিষ্ট গুণক প্রতিনিধিত্ব কৰে। ‘সামগ্ৰিকভাৱে জীৱনৰ নতুন অৱস্থাৰ সৈতে পর্যাপ্তভাৱে খাপ খাব পৰা ক্ষমতাই হ’ল বুদ্ধিমত্তা’— আৰ. পিণ্টাৰ। দার্শনিক বাৰ্টৰ মতে বুদ্ধিমত্তা হ’ল জন্মগত সাধাৰণ চেতনাদায়ক ক্ষমতা। মুঠতে এতিয়া এই বুদ্ধিমত্তাক ব্যৱহাৰিক যন্ত্ৰবিদ্যাৰ দৃষ্টিকোণেৰে ব্যাখ্যা কৰিলে ই কৃত্রিম বুদ্ধিমত্তাৰ ৰূপ পাব। অর্থাৎ যন্ত্ৰৰ দ্বাৰা প্রদর্শিত বুদ্ধিমত্তাকে কৃত্রিম বুদ্ধিমত্তা বুলিব পাৰি । মানুহে প্রাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ নিয়ন্ত্রিত যন্ত্রমানৱে সম্পন্ন কৰে, তেতিয়া তাকেই কৃত্রিম বুদ্ধিমত্তা বুলি কোৱা হয় ।

গোটেই মানৱ জাতি এতিয়া কম্পিউটাৰৰ কী-ব’ৰ্ডৰ নিৰ্দেশতেই উঠা-বহা কৰে। কৃত্রিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটা শাখা, য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কৰ্ষণ কৰি কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা চলোৱা হয়। ই কম্পিউটাৰ বিজ্ঞানৰ এক শাখা হ’লেও পৰিসংখ্যা, গণিত, অর্থনীতি, মনোবিজ্ঞান, নেন’ বিজ্ঞান, ভাষা বিজ্ঞান, জীৱ বিজ্ঞান আদি বহু বিষয়ৰ একত্ৰিত ৰূপৰ ফলতে আধুনিক কৃত্রিম বুদ্ধিমত্তা আজিৰ পৰ্যায় পাইছেহি। ১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত AI শব্দটো প্ৰথমবাৰৰ বাবে হৈছিল উচ্চাৰিত। ১৯৫৬ চনত কৃত্রিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে হৈছিল অন্তর্ভুক্ত। ১৯৭৪ চনৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্থৱিৰ হৈ পৰিছিল। ১৯৮০ চনৰ আৰম্ভণিৰ সময়ছোৱাত AI ৰ গৱেষণাই নতুন উদ্যম লাভ কৰিছিল। সময়ৰ অগ্ৰগতিৰ লগে লগে ১৯৯০ চনৰ শেষৰ পিনে আৰু একবিংশ শতিকাৰ আগছোৱাত AI-এ কিছুমান ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গ’ল।

ন ন কথা, ন ন আৱিষ্কাৰৰ ঘাইশিপা হৈ পৰিছে AI ৰ বহুল প্রয়োগ। Alexa, John Paul, Netflix, Apple, Flying Drones, Echo, Siri, Google, Amazon, Cogito ইত্যাদিত AIৰ চকুত লগা ব্যৱহাৰ হৈ আহিছে। আজিৰ ইণ্টাৰনেট ব্য ৱহাৰকাৰীসকলৰ বাবে Google Search Engine হৈছে প্ৰতি পল-অনুপলৰ সংগী। অনুমানজনিত সন্ধানত (Predictive Search) AI ৰ উল্লেখযোগ্য ব্যৱহাৰ হয়। গীত শুনা কিছুমান এপ্লিকেচন, ম’বাইল বেংকিং, ই-কমাৰ্চৰ ৱেবছাইট, স্বাস্থ্য সম্পর্কীয় সতর্কবাণী অথবা জাননী দিবলৈ ব্যৱহাৰ হোৱা Page, চাকৰি সম্বন্ধীয় ৱেবছাইট লিংক, গুগ্ল মেপৰ দৰে যাত্ৰা সহায়কবোৰৰ কাৰক, জি-মেইলৰ কথোপকথনত ব্যৱহাৰ হোৱা স্মার্ট ৰিপ্লাইবোৰ আদি-ইত্যাদি সৱ কামৰ মূল আধাৰ AI।

কৃত্রিম বুদ্ধিমত্তাই দিবা-নৈশ চৌব্বিশ ঘণ্টাই কাম কৰি যাব পাৰে। সেয়েহে মানুহৰ অবিহনে Helping Center, System Genereted Messege আদিৰ যোগেদি চৌব্বিশ ঘণ্টাৰ যিকোনো সময়তে সহায় কৰিবলৈ সক্ষম হৈ থাকে। সঠিকভাৱে কৃত্রিম বুদ্ধিমত্তা যন্ত্ৰত যদি প্ৰগ্ৰেমিং কৰা থাকে, তেন্তে ই নিয়াৰিকৈ কাম কৰিব পাৰে। মানুহৰ দৰে ভুল নকৰে। বোমা নিষ্ক্রিয়কৰণ, কয়লা খনন, অগ্নিনির্বাপণ আদি দৰকাৰী কামবোৰত কৃত্রিম বুদ্ধিমত্তাই যিকোনো বিপদ-আপদ বা জৰুৰীকালীন কামবোৰত মানুহৰ সলনি কাম কৰিব পাৰে বা মানুহৰ লগতে সকলো সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিব পাৰে। আজিকালি বেংকবোৰে বেংক একাউণ্ট খুলিবলৈ যিবিলাক তথ্যপত্ৰৰ প্ৰয়োজন হয়, সেই নথিপত্রসমূহ শুদ্ধ নে অশুদ্ধ চিনাক্তকৰণ প্ৰক্ৰিয়া আদি কাম কৃত্ৰিম বুদ্ধিমত্তাই খন্তেকতে বহু পৰীক্ষা কৰিব পাৰে। যিবিলাক কাম দৈনন্দিন মানুহৰ দ্বাৰা কৰিবলৈ অসুবিধাৰ সৃষ্টি হয় বা বিৰক্তিকৰ, সময়ৰ অধিক খৰচ হয়, সেইবিলাক কাম AI-এ নিমিষতে অতি তৎপৰতাৰে কৰিব পাৰে। AI-এ সিদ্ধান্ত লোৱাত মানুহক সহায় কৰিব পাৰে, অধিক কষ্টকৰ কামত মানুহৰ সলনি ব্যৱহাৰ কৰিব পাৰি, AIৰ দ্বাৰা কৰা কামৰ যিকোনোতে ভুল হোৱাৰ সম্ভাৱনা কম থাকে।

কৃত্রিম বুদ্ধিমত্তাৰ এই সৰ্বত্ৰ হোৱা বহুল প্রয়োগৰ বাবে আমাৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে নেকি বাৰু? আইফোন নির্মাতা Foxconn কোম্পানীয়ে অলপতে ষাঠি হাজাৰ ফেক্টৰী বনুৱাক কামৰ পৰা অব্যাহতি দি ৰবটক স্থান দিছে। আজি আমেৰিকাৰ পেট্ৰ’ল পাম্পত কোনো কৰ্মচাৰী নাথাকে। বজাৰত স্বয়ংচালিত গাড়ী হোৰাহোৰে আহি আছে। খ্যাতনামা বিজ্ঞানী ষ্টিফেন হকিঙে কৃত্রিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ মানৱজাতিৰ বাবে এক ভয়ানক বিপদ বুলি অভিহিত কৰি দিছিল আগজাননী। এলন মাস্কেও AIক মানৱতাৰ বাবে বিপদ বুলি আখ্যা দিছিল। তেওঁৰ মতে কৃত্রিম বুদ্ধিমত্তাৰ জন্ম দিয়া মানে আসুৰিক শক্তিক আমন্ত্রণ কৰা।

অলপতে ছৌদি আৰবত বিশ্বৰ প্ৰথমটো মানৱসদৃশ ৰবটক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ৰবটটো হেনছন ৰবটিক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল। যাৰ নাম হ’ল ছ’ফিয়া। ছ’ফিয়াই মানুহৰ লগত কথোপকথন কৰিব পাৰে, কথোপকথনৰ মাজেৰে মানুহৰ মুখমণ্ডলৰ ভংগিমা পর্যবেক্ষণ কৰি মানুহৰ অনুভূতিবোৰ বুজিব পাৰে, মানুহৰ দৰেই অনুভূতিবোৰৰ অংগি-ভংগি প্ৰকাশ কৰিব পাৰে। মুঠ কথা হ’ল ছ’ফিয়াই মানুহৰ দৰেই সকলো আৱেগ, অনুভূতি, খং আদি প্ৰকাশ কৰিব পাৰে। ছ’ফিয়াই বাৰ্তালাপৰ মাজে মাজে ব্যংগও কৰিব জানে। ছ’ফিয়াক এবাৰ ৰবটটোৰ নিৰ্মাতা ড° ডেভিদ ফেছন কৰা প্রশ্নৰ উত্তৰ ছ’ফিয়াই ব্যংগ কৰি কৈছিল, ‘I will destroy human’.

কৃত্রিম বুদ্ধিমত্তাৰ গডফাডাৰ জিঅ’ফ্ৰে হিণ্টনে নিজৰ কামৰ বাবে অনুশোচনা কৰিছে। তেওঁ AIৰ বাবে ভৱিষ্যতে সৃষ্টি হ’ব পৰা পৰিস্থিতিক লৈ শংকিত। অলপতে হিণ্টনে গুগ্‌লৰ পৰা পদত্যাগ কৰিছে। ২০১৮ চনত তেওঁক AIৰ ওপৰত যুগান্তকাৰী কামৰ বাবে ‘টুৰিং বঁটা’ আগবঢ়োৱা হৈছিল। তেওঁ এতিয়া দাবী কৰিছে যে তেওঁ যি প্ৰযুক্তিক লৈ কাম কৰিছে, তাৰ পৰিণতি যথেষ্ট ভয়াৱহ । তেওঁৰ মতে সমাজৰ এটা শ্ৰেণীয়ে AIৰ ব্যৱহাৰৰ ধৰণক লৈও হিণ্টনে উদ্বিগ্নতা প্রকাশ কৰিছে। তেওঁ অশনি সংকেত লৈ দাবী কৰে যে AI ই পৃথিৱীখনক এনে এটা ঠাইলৈ লৈ গৈছে, য’ত ক্ৰমান্বয়ে কি ‘সঁচা’ আৰু কি ‘মিছা’ সেইটো বিচাৰি উলিওৱাটো প্ৰবল কঠিন হৈ পৰিছে। নিয়োগৰ বহল ক্ষেত্ৰখনৰ ওপৰতো AI ঋণাত্মক প্ৰভাৱৰ বিষয়ে হিণ্টন চিন্তিত। তেওঁ স্বীকাৰ কৰে যে AIৰ নিজাববীয়াকৈ কাম কৰাৰ ক্ষমতা আছে। AIই আনকি মানুহৰ বুদ্ধিমত্তাকো অতিক্ৰম কৰাৰ নিশ্চিত ক্ষমতা আছে। ফলত বিশ্বৰ বিভিন্ন সংস্থাত ক্রমশঃ চাকৰিৰ পৰা অপসাৰণৰ হাৰ বৃদ্ধি পাব পাৰে। নিবনুৱা সমস্যাৰ কৰালগ্ৰাসত পৰি গোটেই বিশ্ব ককবকাব পাৰে।

১৯৮৪ চনত জেমছ কেমেৰুনৰ বিখ্যাত ছবি ‘দ্য টাৰমিনেটৰ’ আৰু তাৰ পিছত ধাৰাবাহিকভাৱে নিৰ্মাণ কৰা মানুহ আৰু মেচিনৰ বুদ্ধিমত্তাৰ মহাসমৰ চিনেমাবোৰত একেই শংকা ব্যক্ত কৰি আহিছে। AI পক্ষপাতিত্ব আৰু বৈষম্য ৰো উদাহৰণ হৈ পৰিব পাৰে। AI প্ৰণালীবোৰ ডাটাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়, যদি প্রশিক্ষণ তথ্যত পক্ষপাতিত্ব থাকে বা সামাজিক কু- সংস্কাৰ প্ৰতিফলিত কৰে, AI এলগৰিথিমে এই পক্ষপাতিত্ববোৰৰ স্থায়িত্ব বঢ়াব পাৰে। ফলস্বৰূপে নিয়োগ, ঋণ দিয়া আৰু আইন প্ৰৱৰ্তনৰ গৰে ক্ষেত্ৰত বৈষম্যমূলক ফলাফল হ’ব পাৰে।

আমি সকলোৱে জানো যে AI হৈছে এক স্বতন্ত্র প্রযুক্তি, যাৰ এক পৃথক সত্তা আছে, একেবাৰে মানুহৰ দৰে, সেয়েহে AI-এ নিজা সিদ্ধান্ত ল’বলৈ সক্ষম আৰু সেই অনুসৰি কাম কৰিব পাৰে। যিহেতু AI হৈছে আৱেগিক দিশ অবিহনে মানুহৰ বুদ্ধিমত্তা পুনৰুত্থান কৰাৰ এক প্রয়াস, AI চালিত বটবোৰ অতি বিপজ্জনক হ’ব পাৰে। কৃত্রিম বুদ্ধিমত্তা হৈছে মানৱ বুদ্ধিমত্তা আৰু যন্ত্ৰটোৰ নিপুণতা কিম্বা শক্তিৰ সহযোগিতা, এই যন্ত্ৰবোৰ মানুহতকৈ অধিক দক্ষ আৰু অদূৰ ভৱিষ্যতত আমাক উৎখাত কৰাৰ দিশত আত্মপ্রকাশ কৰাৰ সম্ভাৱনাই প্রবল। যদি পৃথিৱীৰ জীৱসমূহৰ বুদ্ধিমত্তাৰ তুলনা কৰা হয়, তেতিয়া চিম্পাঞ্জীৰ স্থান চাৰি বুলি ধৰা হয়, তেতিয়া মানুহৰ স্থান হ’ব দহ আৰু AIৰ স্থান হ’ব এহাজাৰ। এবাৰ ভাবকচোন, মানুহতকৈ কিমান বেছি বুধিয়ক হ’ব এই মেচিনবোৰ। মানুহৰ মগজু যদিও আটাইতকৈ জটিল সংৰচনা তথাপি ইয়াৰ ভাবিব পৰা এটা সীমা আছে। কিন্তু AI সম্পন্ন ৰবটৰ তেনে কোনো সীমা নাথাকিব। AI ক্ৰমশঃ শক্তিশালীৰ পৰা শক্তিশালী হৈ গৈ থাকিব আৰু মানুহৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ পৰিব। যি ইচ্ছা যায় তাকে কৰিব । অসীমিতভাৱে কম্পিউটিং ক্ষমতা ব্যৱহাৰ কৰিব । ছফটৱেৰৰ গতি পোহৰৰ বেগৰ সৈতে যদি সমান হয়, তেনে স্থলত এইবোৰে পোহৰৰ গতিত যাত্রা কৰিব আৰু কোনো সীমা নাথাকিব । মানুহৰ বাবে এই মেচিনবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হ’লেই মানুহ আৰু মেচিন বা বটৰ মাজত অন্তিম যুদ্ধ হ’ব আৰু এই পৃথিৱীৰ পৰা মানৱজাতিৰ অস্তিত্ব সেইদিনাই লোপ পাব।

অনেক কথাৰ সমাহাৰেৰে সংপৃক্ত কৃত্রিম বুদ্ধিমত্তা বোলা বিষয়টো। গভীৰ অধ্যয়নেৰে পুংখানুপুংখ ৰূপত অলেখ কথা লিখি উলিয়াব পাৰি। সীমিত ঠাই হেতু সামৰণিৰ পিনে আহিছোঁ ৷ ভৱিষ্যতত কৃত্রিম বুদ্ধিমত্তাৰ পৰা আমি পোৱা অপৰিসীম সুবিধাই কি ৰূপ পাব, তাক সময়েহে থিৰা কৰিব পাৰিব। কিন্তু এতিয়া আমি আসক্ত হৈ পৰা কৃত্রিম বুদ্ধিমত্তাক আমাৰ অধীনত আৰু ৰাখিব নোৱাৰিম। প্রযুক্তিগতভাৱে ভাল কামত লগালে ফলাফল ভাল পাম আৰু বেয়া কামত লগালে AIৰ ব্যৱহাৰে সমগ্ৰ মানৱজাতিক বিষময় কৰি তুলিব পাৰে।

ফোন : ৯৮৫৯৯-44556

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.