দৈনিক ৰাশিফল ২৩ ফেব্ৰুৱাৰী ২০২৬

28

১০ ফাগুন, সোমবাৰ , ইং ২৩ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মজলীয়া ফল। বাঞ্ছিত কর্মত কিছু অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা। বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ স্থগিত ৰাখক। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বন্ধুবৰ্গৰ পৰা উৎসাহ পাব। বুদ্ধিজীৱী তথা সংস্কৃতিপ্ৰেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজাপৰাৰ অভাৱ। শুভ ৰং মেৰুন, শুভ সংখ্যা ৫।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): পূৰ্বৰ দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফলস্বৰূপে মনত শান্তি আহিব। মানসিক অযথা চিন্তা নিয়ন্ত্ৰণ কৰক। শুভ ৰং কমলা, শুভ সংখ্যা ২।

৪.কৰ্কট ৰাশি(ড,হ):

ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং বগা, শুভ সংখ্যা ৩।

৫.সিংহ ৰাশি (ম,ট): পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্ৰত হ’ব পাৰে। আৰ্থিকত ব্যয়। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।

৬.কন্যা ৰাশি(ঠ,প,ন): শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রূপ। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং ক’লা, শুভ সংখ্যা ৭।

৭.তুলা ৰাশি(ৰ,ত): সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে। ধন প্ৰাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

৮.বৃশ্চিক ৰাশি(ন,য): উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তানৰ লগত মিলি ভাল পাব। কৰ্মস্থানত বাধা কম। আৰ্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা, শুভ সংখ্যা ২।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): কর্মক্ষেত্ৰত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কৰ্মস্থানত যোগ্যতা থাকিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

১০.মকৰ ৰাশি(খ,জ): অস্থিৰতা পাৰিলে বৰ্জন কৰক৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্ৰিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কৰ্মক্ষেত্ৰত কোনো নভবা প্ৰসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ ভাব আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): কৰ্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব৷ ভ্ৰমণৰ ফলত আনন্দ। বিদ্যাত ভালেই দেখা যায়। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

You might also like

Comments are closed, but trackbacks and pingbacks are open.