বাতবিষৰ ফিজিঅ’থেৰাপী চিকিৎসা

29

ৰাজীৱ কাশ্যপ

বাতবিষ বা ৰিউমেটিক পেইন হৈছে একপ্ৰকাৰৰ অতি বেদনাদায়ক গাঁঠি বিষ, য’ত একেলগে কেইবাটাও গাঁঠি আক্রান্ত হয়। ডাঙৰ গাঁঠিত যেনে- আঁঠুৰ গাঁঠি, নিতম্বৰ গাঁঠি আদিতকৈ সৰু সৰু গাঁঠি যেনে- আঙুলিৰ গাঁঠিবোৰ আগতে আক্রান্ত হয় । এই বিষটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বাতবিষটো হৈছে একপ্ৰকাৰৰ অ’ট’ইমিউনু (Auto Immune) বা স্ব-প্ৰতিৰোধ প্ৰক্ৰিয়া ৷ আমি জানো যে আমাৰ দেহত বেমাৰৰ বীজাণু প্ৰৱেশ কৰিলে তাক ধ্বংস কৰিবলৈ এটা স্ব-প্ৰতিৰোধ ব্যৱস্থা আছে, যাক ৰোগ প্ৰতিৰোধ তন্ত্ৰ বোলে। অজ্ঞাত কাৰণবশতঃ দেহত কোনো বীজাণুৰ আক্ৰমণ নোহোৱাকৈয়ে একপ্ৰকাৰৰ এণ্টিজেন-এণ্টিব’ডী বিক্রিয়া হয় আৰু ইয়াৰ ফলত দেহৰ গাঁঠিসমূহৰ এটা ‘চাইনোভিয়াম’ (Synovium) নামৰ আৱৰণটো প্ৰথমে আক্রান্ত হয়। ইয়াৰ পিছত গাঁঠিটোৰ হাড়ৰ ওপৰত থকা ‘আর্টিকুলাৰ কাৰ্টিলেজ’টো ক্ষয় যায় আৰু হাড় দুডালৰ মূৰ দুটা উন্মুক্ত হৈ পৰে। লাহে লাহে হাড় দুডাল ক্ষয় যাবলৈ ধৰে। বেমাৰটো যিমানে বাঢ়ি যায় সিমানেই গাঁঠিটোৰ সঞ্চালন বাধাগ্রস্ত হয় আৰু ইয়াৰ পিছৰ পৰ্যায়ত গাঁঠিসমূহৰ কিছুমান বিসংগতিয়ে দেখা দিয়ে।

বাতবিষ এটা অতিশয় বিষদায়ক বেমাৰ। এই বেমাৰটো সাধাৰণতে প্রাপ্তবয়স্ক লোকৰ হোৱা দেখা যায়। মতা মানুহতকৈ মাইকী মানুহৰ এই ৰোগ অধিক হোৱা দেখা যায়৷ আগতে উল্লেখ কৰি আহিছোঁ যে বংশগত কাৰকৰ বাবে এই ৰোগ হ’ব পাৰে। ধূমপান আৰু অতিমাত্ৰা ওজন বৃদ্ধিও ইয়াৰ কাৰক হ’ব পাৰে।

বাতবিষৰ লক্ষণঃ

  • এটা বা ততোধিক গাঁঠিৰ বিষ ।
  • গাঁঠিসমূহ ওখহি উঠে, ৰঙা পাৰে আৰু গাঁঠিটোৰ সঞ্চালনত বিষ অনুভৱ হয়।
  • পুৱা শুই উঠাৰ পিছত কেইঘণ্টামানলৈ গাঁঠিসমূহৰ জঠৰতা অনুভৱ হয় ।
  • ৰক্তহীনতা।
  • মাংসপেশীসমূহৰ আকাৰ সৰু হৈ যায়, যাক Muscle Wasting বুলি
    কোৱা হয় ৷
  • অষ্টিঅ’পৰচিছ।
  • গাঁঠিসমূহৰ ছালৰ তলত কিছুমান ন’ডিউল (Nodules) সৃষ্টি হয়।
  • গাঁঠিসমূহত কিছুমান বিসংগতি সৃষ্টি হয়।
  • কিছুমান গাঁঠি একেবাৰে লৰচৰ কৰিব নোৱাৰা হয় ।

ওপৰৰ লক্ষণসমূহ দেখা পালে আমি ব্যক্তি এজন বাতবিষত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিব পাৰোঁ। কিন্তু সেইটো নিশ্চিত কৰিবলৈ তেজৰ চিৰামত ৰিংমেটিক ফেক্টৰ (RA Factor) পৰীক্ষা কৰা হয়। তদুপৰি এক্সৰে কৰিলেও গাঁঠিসমূহৰ বিসংগতি, অষ্টিঅ’প’ৰচিছ, হাড়ৰ ঘনত্ব কমি যোৱা দেখা পোৱা যায়।

ফিজিঅ’থেৰাপী চিকিৎসাৰ লক্ষ্যঃ

বাত বিষ চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণকৈ আৰোগ্য কৰিব নোৱাৰি। ফিজিঅ’থেৰাপী চিকিৎসা বেমাৰটোৰ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি কৰা হয়। যিহেতু এই বেমাৰটো আৰোগ্য কৰিব পৰা নিৰ্দিষ্ট ঔষধ নাই, ইয়াৰ লক্ষণ সাপেক্ষিক চিকিৎসাত ফিজিঅ’থেৰাপী চিকিৎসাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই চিকিৎসা পদ্ধতিৰ লক্ষ্যসমূহ হৈছে—

  • বিষ আৰু উখহা হ্ৰাস কৰা ৷
  • গাঁঠিসমূহৰ নিয়মিত সঞ্চালন অক্ষুণ্ণ ৰখা।
  • মাংসপেশীৰ ক্ষয় ৰোধ কৰা ।
  • গাঠিসমূহৰ জঠৰতা দূৰ কৰা আৰু গাঁঠিৰ বিসংগতি ৰোধ কৰা।
  • মাংসপেশীৰ সংকোচনত বাধা দিয়া।

সাধাৰণতে ভিটামিন ‘চি’ এই বিষৰ ৰোগীৰ বাবে অতি প্রয়োজনীয়। সেয়েহে ভিটামিন ‘চি’ ৰ দৰব বা ভিটামিন ‘চি’ যুক্ত খাদ্য যেনে- নেমু টেঙা, কমলা টেঙা, আমলখি, শিলিখা আদি যথেষ্ট পৰিমাণে খাব লাগে।

ফিজিঅ’থেৰাপী চিকিৎসাঃ

একেবাৰে আৰম্ভণি স্তৰত যাক Acute Stage বুলি কোৱা হয়, বিষ কমাবলৈ গাঁঠিসমূহক জিৰণি দিব লাগে। এই স্তৰত গাঁঠিসমূহৰ যাতে কোনো ধৰণৰ সঞ্চালন নহয়, তাৰ বাবে ২-৩ সপ্তাহলৈ স্প্লিন্ট (Splint) ব্যৱহাৰ কৰা হয়। তাৰ পিছত স্প্লিন্ট গুচাই ৰোগীজনক নিজে কৰিব পৰা Active Exercises কৰিব দিয়া হয়। পেৰাফিন ৱাক্স বাথ থেৰাপীটো এইক্ষেত্ৰত বহুত উপযোগী।

বাতবিষৰ চিকিৎসাৰ বিষ কমোৱাই হৈছে প্ৰথম আৰু প্ৰধান লক্ষ্য। বিষ কমিবলৈ পেৰাফিন বাক্স বাথ থেৰাপীৰ উপৰি হট্ পেক্চ, ইনফ্ৰা ৰেড থেৰাপী, শ্বৰ্ট ৱেভ ডায়েথাৰ্মী  আদি ব্যৱহাৰ কৰা হয়। মাংসপেশীৰ সংকোচন আৰু ইয়াৰ বিষ কমিবলৈ আইচ পেক থেৰাপী ব্যৱহাৰ কৰিব পাৰি ।
গাঁঠি সমূহৰ নিয়মিত সঞ্চালন অক্ষুণ্ণ ৰখাটো ফিজিঅ’থেৰাপী চিকিৎসাৰ অন্য তম প্রধান লক্ষ্য। বিষ আৰু উখহি থকা বাবে গাঁঠিসমূহৰ নিয়মিত সঞ্চালনত ব্যাঘাত হয়। তদুপৰি মাংসপেশীসমূহ সংকুচিত হোৱা বাবে গাঁঠিটোৰ নিৰ্দিষ্ট সঞ্চালন পৰিমাণ কমি যায়। Proprioceptive Neuromuscular Facilitation, Hold Relax, Contract Relax আদি পদ্ধতিৰে ব্যায়াম কৰিলে মাংসপেশীৰ সংকোচন হ্রাস হয় আৰু গাঁঠিসমূহৰ সঞ্চালন উন্নত হয়। মাংসপেশীৰ শক্তি বঢ়াবলৈ কিছুমান Resisted Exercise ৰোগীৰ বাবে উপযুক্ত হয়। তদুপৰি গাঁঠিৰ বিসংগতি নহ’বলৈ কিছুমান স্প্লিন্ট, Orthoses ৰোগীক ব্যৱহাৰ কৰিব দিয়া হয়। হাইড্ৰ’থেৰাপীও বিষ কমোৱা আৰু গাঁঠিসমূহৰ সঞ্চালন উন্নত কৰাত সহায়ক হয়। হাইড্ৰ’থেৰাপীত কুহুমীয়া গৰম পানীৰ (যাৰ উষ্ণতা ৩৩-৩৬ ডিগ্রী চেণ্টিগ্রেড) এটা ডাঙৰ টাবৰ ভিতৰত ৰোগীজনক বহুৱাই পানীৰ ভিতৰতে গাঁঠিসমূহৰ সঞ্চালন কৰোৱা হয়। বাতবিষৰ চিকিৎসাত হাইড্ৰ’থেৰাপী বহুত উপযোগী হয় ৷

বাতবিষৰ চিকিৎসাত ফিজিঅ’থেৰাপীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনোধৰণৰ বিশেষ পার্শ্বক্রিয়া নোহোৱাকৈ বাতবিষ উপশম কৰাত ফিজিঅ’থেৰাপীয়ে সহায় কৰে।

ফোন : ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.