কেশৱ মহন্তৰ গীতত লোক–সাংসৃক্তিক সমল

ডঃ  লীনা ডেকা

সমন্বয়েই লোক–সংসৃক্তিৰ ধর্ম ৷ সৰু–বৰ জাতি–জনজাতিৰ সাংসৃক্তিক উপাদানৰ সহায়ত জাতীয় সংসৃক্তি গঢ় লৈ উঠে ৷ অসমৰ লোক–সংসৃক্তিও এই নিয়মৰ ভেটিতে গঢ় লৈ উঠিছে ৷ লোক–সংসৃক্তি কেৱল আদিম যুগ আৰু সংসৃক্তিৰ বিচাৰতে সীমাবদ্ধ নহয় ৷ বর্তমানৰ লোক–সংসৃক্তিবিদসক্ বাস্তৱ ব্যৱহাৰিক দৃষ্টিৰে লোক–সংসৃক্তিৰ মূল্যায়ন কৰে৷ শংকৰদেৱৰ পৰা আৰম্ভ কৰি বর্তমানলৈকে সাহিত্যিকসকলে তেওঁলোকৰ অমূল্য ৰচনাৰাজিত লোক–সংসৃক্তিৰ প্রতিফলন ঘটাইছে আৰু এইদৰে বিৱর্তনৰ পথত ই গতি কৰিছে ৷

আধুনিক অসমীয়া সাহিত্যিকসকলৰ ভিতৰত জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষুপ্রসাদ ৰাভাই অসমীয়া লোক–সংসৃক্তিৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায় ৷ এওঁলোকৰ ৰচনাৰাজিত লোক–সংসৃক্তিৰ ভালেমান উপাদান সোমাই আছে ৷ গীতি–সাহিত্যতো জ্যোতিপ্রসাদ, বিষুপ্রসাদ ৰাভা, পার্ৱতিপ্রসাদ বৰুৱা, আনন্দিৰাম দাস আদিয়ে তেওঁলোকৰ গীতত লোক–সাংসৃক্তিক উপাদান প্রচুৰ পৰিমাণে প্রয়োগ কৰিছে ৷

আধুনিক সময়ৰ গীতি–সাহিত্যৰ এগৰাকী বলিষ্ঠ গীতিকাৰ হল কেশৱ মহন্তৰ  খণ্ডবাক্য, প্রবাদ পটন্তৰ, লোকভাষা আদিৰ প্রয়োগে কেশৱ মহন্তৰ গীতসমূহক এক নতুন মাত্রা প্রদান কৰিছে ৷ দৈনন্দিন জীৱনত কথা–বতৰা পাতোঁতে ব্যৱহাৰ কৰা অনেক শব্দ, খণ্ডবাক্য তেওঁৰ গীতত ব্যৱহাৰ হোৱা দেখা যায় ৷ কেতিয়াবা কেতিয়াবা একেটা গীততে কেইবাটাও প্রবাদ বাক্য প্রয়োগ হোৱাও দেখা যায় ৷ উদাহৰণস্বৰূপে কুঁৱলী আঁতৰি যা এই গীতটো লক্ষ্য কৰা যাওক

কথাই কথাই কথা বাঢ়ে

খৰিকাত বাঢ়ে কাণ

* * *

আইৰ সমান হব কোন

নৈৰ সমান বব কোন

বোলে, ভোক লাগিলে সাপে ধৰিবই বেং

* * *

এশ গৰু মাৰিলে বোলে বাঘৰো মৰণ

পালোঁ তাৰ অতপালি জানা ৰাজভগন৷ ৷

ঠিক এইদৰে আদা বেপাৰী জাহাজৰ খবৰ, টাটিও বাটিব  হাবিয়ো কাটিব, উৰহীৰ নেপাব ওৰ, নিজকেই হেৰুৱাই পোৱা, বৰতীয়া যৌৱন, শুই থকা শিয়ালে ধৰিব নোৱাৰে হাঁহ, খেনোক দেখি আদৰ সাদৰ,খেনোক দেখি দুৱাৰ বান্ধ আদি প্রবাদ বাক্যসমূহে কেশৱ মহন্তৰ গীতসমূহক লোক–জীৱনৰ আপুৰুগীয়া সম্পদলৈ পর্যবসিত কৰিছে৷

সাধুকথা, নিচুকনি গীত আদিৰ আলমতো কেশৱ মহন্তই ভালেকেইটি গীত ৰচনা কৰিছে৷ তেজীমলাৰ সাধুৰ আর্হিত তেওঁ ৰচনা কৰিছে তেজীমলা তেজীমলা গীতটো৷ একেদৰে চিলনী জীয়েকৰ সাধুটিৰ আলমত ৰচনা কৰিছে বীণৰে তাঁৰগছ লোৰে কি চে/জোনাকী আই মোৰ আগতে পৰে নিচুকনি গীতৰ আর্হিত ৰচনা কৰা কেশৱ মহন্তৰ অন্য এটি গীত

ঘুমটি যোৱা মোৰ সোণ এ

মোৰ পূর্ণিমাৰ জোন এ

সৰগৰ পৰা পাৰিজাত আনি

কোঁচ ভৰাই ভৰাই দিম৷

কেশৱ মহন্তৰ গীতত বিয়ানাম, বিহুনাম, আইনামৰ সুৰো শুনা যায়৷ যেনে কাউৰী পৰে, আই অ শিপিনী, দেহা কলা হলে থাকে দুদিনলে, কাৰঘৰ পাটনাদ আছিল আদি গীত বিয়ানামৰ সুৰ অতি স্পষ্ট৷ বিহুসুৰীয়া অনেক গীত ৰচনা কৰিছে কেশৱ মহন্তই ৷

ভৌতিক সংসৃক্তিৰ সমলেৰে কেশৱ মহন্তৰ গীতসমূহ সমুজ্জ্বল হৈ আছে ৷ অসমৰ লোক–সমাজত প্রচলিত লোক–শিল্প, লোক–স্থাপত্যবিদ্যা, লোক–আভৰণৰ প্রতিফলন কেশৱ মহন্তৰ ভালেমান গীততে দেখা যায়৷ গৃহনির্মাণ পদ্ধতিৰো পৰিচয় কেশৱ মহন্তৰ গীতে দাঙি ধৰিছে ৷ যথা

পাৰে কৈ দে

ইকৰাৰে পঁজাটি মোৰ মনতে জিলিকি

* * *

অ শহুৰৰ লৰ/বুকু ডাঠ কৰা

শালগছৰ টঙিত বহি ৰখা পথৰাডৰা৷

* * *

অসমীয়া শিপিনীৰ তাঁতশাল, মহুৰা, চেৰেকী, যতৰ, উঘা কি নাই কেশৱ মহন্তৰ গীতত

যতৰৰ শালতে কিনো কলি লাগে

* * *

মহুৰাৰ পাকতে পীৰিতি পকাইছোঁ

যাচো কেনে কৰি কাক

* * *

চেৰেকীৰ চকৰি আঁত

চেৰেকী চকৰি পৰিছে ভাগৰি

উঘাত মোৰ নুঘূৰে হাত৷

লোক–সমাজত লোক–প্রথা বা লোকাচাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷  সমাজ আৰু পৰিয়ালৰ মাজত জন্ম–মৃত্যু–বিবাহ–ক্ আদি সংক্রান্তীয় বিভিন্ন ৰীতি–নীতি, আচাৰ পদ্ধতি গঢঞ লৈ উঠে৷ এই সকলোৱে লোক–সংসৃক্তিৰ এটা সুকীয়া শ্রেণীৰ জন্ম দিছে, যাক লোকাচাৰ বা লোক–প্রথা আখ্যা দিয়া হৈছে ৷ কেশৱ মহন্তৰ গীতত লোকাচাৰসমূহৰ প্রতিফলনো দেখা যায় ৷

আমাৰ সমাজত বিবাহ অনুষ্ঠানত হোম পুৰা এটা বিধি ৷ বিয়াৰ আগত আকৌ অধিবাস হয় ৷ কেশৱ মহন্তৰ গীতত এই বর্ণনাও পোৱা যায়

কালি অধিবাস কি/কৰা ব্রত ধৰিলা

* * *

হোম জুই ধৰিলে

ধোঁৱাই চকু ধৰিছে

ঘিউ দিব নাজানে

জোঁৱাই লাজত পৰিছে ৷

লোক–বিশ্বাসো লোকাচাৰৰে উপাদান ৷ খঙত কাৰোবাক অভিশাপ দিলে সি ফলিয়ায় বুলি লোক–সমাজে বিশ্বাস কৰে ৷ কেশৱ মহন্তই এই বিষয়েও দৃষ্টি ৰাখিছিল আৰু নিজৰ গীতত তাক স্থান দিছিল ৷ সপোন দেখা, সপোন ফলিওৱা আদি বিশ্বাসে লোক–সমাজক আচ্ছন্ন কৰি আছে ৷ কেশৱ মহন্তই গীতত লিখিছে

সপোন তোমাৰ ৰূপৰ শিখা

বিচাৰিলোঁ কত নিশা ৷

বিহু উৎসৱৰ নিয়ম–নীতি, পৰম্পৰা এই সকলোৱে সুসজ্জিত হৈ কেশৱ মহন্তৰ গীতে অসমীয়া সমাজখনকে প্রতিফলিত কৰিছে ৷ উদাহৰণস্বৰূপে আজিৰ মান দিনটো নেপাবি চেনাই ঐ

আজি মানুহৰ বিহু

চৰাঘৰৰ মজিয়া ভালকৈ ঁতাই ল

ভিতৰতে পাতোঁ বিহু ৷

লোক–পৰিৱেশ্য কলা লোক–সংসৃক্তিৰ অন্য এক বিভাজন ৷ লোক–পৰিৱেশ্য কলাই অসমৰ লোক–সংসৃক্তিক বৈচিত্র্য প্রদান কৰিছে ৷ ই মানুহৰ অন্তৰত জাতীয় ভাব আৰু সাংসৃক্তিক চেতনা সঞ্চাৰ কৰে৷ ইয়াৰ আকৌ তিনিটা বিভাজন আছে

ক লোক–সংগীত

খ লোক–নাট্য

গ লোক–নৃত্য৷

গীতিকাৰ কেশৱৰ ভালেকেইটা গীততে লোক–সংগীত, লোক–নৃত্য আৰু লোক–নাট্যৰ বিষয়বস্তু তথা সুৰ প্রয়োগ হোৱাটো লক্ষ্য কৰিব পাৰি ৷ মাৰে পূজা, ওজাপালিৰ আর্হিত গীতিকাৰ কেশৱ মহন্তই ৰচনা কৰিছে

সর্পই দংশিলে অ বেউলা

নৈয়ে নৈয়ে নে

জীৱন নদীৰ ঢৌৱে ধুৱাই

আত্মা ঘূৰাই দে

অ বেউলা৷

কেশৱ মহন্তৰ গীতত সমাজৰ স্বৰূপ প্রতিফলিত হৈছে৷ তেওঁৰ পূর্বৱর্তী গীতিকাৰ জ্যোতিপ্রসাদ আগৰৱালা, বিষুপ্রসাদ ৰাভা বা পার্ৱতিপ্রসাদ বৰুৱাৰ আদর্শৰে তেৱোঁ তেওঁৰ গীতত সমাজৰ প্রতি থকা দায়বদ্ধতাক অতি সযতনে প্রাঞ্জলভাৱে প্রকাশ কৰিছে৷ সমাজৰ বাস্তৱ ৰূপটোকে উন্মোচন কৰিবলৈ বিচাৰিছিল কবি–গীতিকাৰ কেশৱ মহন্তই৷ সামাজিক বৈষম্যই সৃষ্টি কৰা লোক–সমাজৰ শোষিত ৰূপটোও তেওঁৰ গীতত মূর্ত হৈ উঠিছে৷

আমি খাওঁ নিমখ দিয়া চাহ পানী

চাহাবে দিয়া চাহৰ গুৰিত

চিকাৰূপীয়া চেনি৷

* * *

হেনো তোৰ সাজেপতি আধাপেটী

হেনো তোৰ ঢেঁকী আছে খুৱালি উদি

তোৰ খোজেপতি লটিঘটি

হেনো তোৰ তাঁতখন আছ চকুমুদি৷

নিষ্পেষিত এই লোক–সমাজৰ কথা কবলৈ যাওঁতে গীতিকাৰ মহন্তই লোক–সমাজত ব্যৱহূত নানান ধৰণৰ আচবাব, জীৱন ধাৰণৰ পদ্ধতিৰ কথাও কবলৈ পাহৰা নাই৷ লোক–সমাজত পৰম্পৰাগতভাৱেই লোক–কাহিনীসমূহে প্রভাৱ বিস্তাৰ কৰি আহিছে৷ তেজীমলা তেজীমলাৰে কবি–গীতিকাৰ কেশৱ মহন্তই লোক–সুৰটোকে লক্ষ্য কৰা নাই, তেজীমলা যে জনপ্রাণত আজিও উজ্জীৱিত, সেই কথাও গীতেৰে প্রকাশ কৰিছে৷ একেদৰে বেউলা–লখিন্দৰৰ লোক–কাহিনীটোৰ জৰিয়তে কবি মহন্তই কবলৈ গৈছে মৃত্যুকো ভয় নকৰি, সেও নামানি কিদৰে বেউলাই মৃত্যুৰ কৰালগ্রাসৰ পৰা আঁজুৰি আনিছে জীৱন৷ লোক–সমাজখন সহজ–সৰল প্রাণৰ চহা মানুহৰ৷ তথাপি শোষণ–নিষ্পেষণত জুৰুলা লোক–সমাজে এদিন গৰজি উঠিবও জানে৷ জানে প্রতিবাদৰ ভাষা৷ অসমৰ লোক–সমাজৰ সহজ–সৰল গ্রাম্য পৰিৱেশ, সহজ লোক–ভাষা, লোক–কৃষ্টি, লোক–ধর্ম, লোক–ঔষধ এই সকলো কেশৱ মহন্তৰ গীতত উজ্জ্বল ৰূপত প্রকাশ পাইছে৷ মহাত্মা গান্ধীয়ে অসমলৈ আহি অসমীয়া শিপিনীৰ বয়ন শিল্প দেখি অভিভূত হৈ অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচেৰ দৰে সোণসেৰীয়া মন্তব্য কৰাৰ নিচিনা গীতিকাৰ কেশৱ মহন্তই গীতত প্রকাশ কৰিছে অসমীয়া নাৰীৰ তাঁতশিল্পৰ কথা

আই অ শিপিনী

কেঁচা ৰদৰ ৰেঙনি

এচেৰেঙা গালে–মুখে পৰে

কিনো ফুল বাছিছা

কিনো কথা গাঁথিছা

মন মোৰ উৰে উৰে৷

অসমীয়া সংসৃক্তি সমন্বয়ৰ সংসৃক্তি ৷ বিভিন্ন জাতি–জনজাতিৰ সাংসৃক্তিক উপাদানৰ সমন্বয়ত জাতীয় সংসৃক্তি গঢ় লৈ উঠিছে ৷ কবি–সাহিত্যিক–গীতি বিভিন্ন জাতি–জনজাতিৰ সাংসৃক্তিক সমলেৰে তেওঁলোকৰ ৰচনাৰাজি চহকী কৰি তোলে ৷ গীতিকাৰ কেশৱ মহন্তৰ গীতত আছে অসমীয়াৰ বিহু, নিচুকনি গীত, বিয়ানাম, সাধুকথা, প্রবাদ–পটন্তৰ, ফকৰা যোজনা, লোক–নৃত্য লোক–নাট্যৰ প্রতিফলন ৷ মিচিংসকলৰ বানে কেবাঙৰ কথা কবলৈও তেওঁ পাহৰা নাই ৷ যেনে

বানে কেবাঙত বৰ মেল পাতিছে

খেৰাই বাগৰুম্বাৰ লাহত হালিছে গাই ঐনিতম ৷

মিচিঙৰ ঐনিতম, বডোসকলৰ খেৰাই নৃত্য, বাগৰুম্বা এই সকলো মিলি অসমীয়া সংসৃক্তিৰ ভঁৰাল চহকী কৰিছে ৷ ইয়াত সমন্বয়ৰ চানেকিও পোৱা যায় ৷ কৰম পূজা, তুছু পৰৱ, আলি–আয়ে–লৃগাং এইবোৰ লোক–উৎসৱৰ প্রতিফলন কেশৱ মহন্তৰ গীতত পোৱা যায় ৷ যথা

মাদল বাঁহীৰ ৰোল

ভঠেলি আলি আই লিগাং

বহাগ বিহুৰ ঢোল

বুকুৰ সুৰে আমি দুইকো কৰিছে সমান ৷

কেশৱ মহন্তৰ গীতত আছে অসমীয়া জাতি–সংসৃক্তিৰ বৈচিত্র্যপূর্ণ ৰং–ৰূপ–ৰস ৷ অসমীয়া সমাজ আৰু সংসৃক্তিৰ যথার্থ প্রকাশ ঘটিছে কেশৱ মহন্তৰ গীতত ৷ লোক–জীৱনৰ বিশ্বাস, পৰম্পৰা, আচাৰ ৰীতি–নীতি একোকে বাদ পৰা নাই মহন্তৰ গীতৰ পৰা৷ কাউৰী পৰে কলৰে পাততে কাউৰী পৰে কেশৱ মহন্তৰ এনে গীতে কাউৰীয়ে যে কলৰ পাতত বহি কিহবাৰ বাতৰি আনে, সেই ধৰণৰ লোক–বিশ্বাসৰ প্রতিফলন ঘটাইছে ৷ এয়া মাত্র এটা উদাহৰণহে ৷ গীতিকাৰ কেশৱ মহন্তৰ গীতত এনে ভালেমান লোক–সাংসৃক্তিক উপাদান ঠাহ খাই আছে ৷ তেওঁৰ গীতত ৰাজনৈতিক, অর্থনৈতিক চিত্রৰ লগতে বিপ্লৱৰ চিত্রখনো সুন্দৰভাৱে প্রতিফলিত হৈছে ৷ কিন্তু সকলো ক্ষেত্রতে লোক–সংসৃক্তিৰ দিশটোতহে তেওঁ অধিক গুৰুত্ব দিছিল যেন অনুভৱ হয় ৷ স্বৰূপার্থত জ্যোতিপ্রসাদ, বিষুপ্রসাদৰ পিছতে লোক–সংসৃক্তিক মাজত সর্বাধিক গুৰুত্ব দিয়া গীতিকাৰজন হল কেশৱ মহন্ত ৷ অৱশ্যে পৰৱর্তী সময়ত ভূপেন হাজৰিকায়ো তেওঁৰ গীতসমূহৰ মাজত লোক–সংসৃক্তিৰ সমলৰ সমন্বয় ঘটাইছে ৷

গীতিকাৰ কেশৱ মহন্তই তেওঁৰ গীতৰ জৰিয়তে ঐতিহ্য–পৰম্পৰা–লোক্ সমলৰ সার্থক প্রতিফলনেৰে বর্তমানৰ সমাজ ব্যৱস্থাৰ সৈতে জনসাধাৰণক মুখামুখি কৰিবলৈ প্রয়াস কৰিছে ৷ ঐতিহ্য–পৰম্পৰা বা লোক–সংসৃক্তি যে আমাৰ কলাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সেই কথা তেওঁ ভালদৰেই অনুধাৱন কৰিব পাৰিছিল ৷ তেওঁ কৈছিল অলিখিত ৰূপত বাগৰি অহা লোককলা সাহিত্যৰ ঐতিহ্যত সৃজনশীল কলা সাহিত্যৰ এক পৰম বলিষ্ঠ ঐতিহ্য ৷ লোক–কলাক অধিক গুৰুত্ব দিয়া কেশৱ মহন্ত আছিল আধুনিক মনৰ মানুহ, প্রগতিশীল ব্যক্তি ৷ তেওঁৰ মতে লোককলা–সংসৃক্তি স্থবিৰ নহয়, ই যেন এখন গভীৰ জীয়া নৈ বিভিন্ন কালত, বিভিন্ন সাঁচত, আধাৰত সি বিভিন্ন ৰূপ লৈ কেতিয়াবা কোবাল, কেতিয়াবা বিশাল আৰু কেতিয়াবা মৰাসুঁতি হৈ আকৌ নতুন সুঁতি হৈছে, কিন্তু ববলৈ এৰা নাই ৷

ফোন ঃ ৯৪৩৫৩-১০০১০

You might also like
Leave A Reply

Your email address will not be published.