মেট্ৰিক–হায়াৰ ছেকেণ্ডাৰী উত্তীর্ণৰ পিছত অধ্যয়নৰ বিষয়

ডঃ বুলজিৎ  বুুাগোহাঁহ

সাধাৰণতে, প্রায়বোৰ ছাত্রছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভর্তি কৰিব নতুবা বৃত্তিমুখী(vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে বিবুধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নির্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব, সেই বিষয়েও জানিব বিচাৰে ৷ কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীর্ণ হৈ শিক্ষার্থীসকলে নিজৰক্ষতা  প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে ৷ গুৰুত্বপূর্ণ কথাটো হল, নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ শিক্ষার্থীসকলে যদি কেৰিয়াৰ নির্বাচন কৰি লব পাৰে, তেন্তে সেই ক্ষেত্রখনত অতি সহজে  আগুৱাই যাব পাৰিব ৷ এইক্ষেত্রত শিক্ষার্থীজনে সর্বপ্রথমে নিজেই নিজক অন্তর্মুখী নে বহির্মুখী নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পর্যবেক্ষণ কৰিব লাগিব ৷ ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি, যেনে বাস্তৱধর্মী(Realistic), অনুসন্ধানী(Investigative), শৈল্পিক(Artistic), সামাজিক (Social), উদ্যমী(Enterprising), গতানুগতিক(Conventional) ব্যক্তিত্ব আদি ৷ ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদর্শিতা অনুসৰি শিক্ষার্থীসকলে কোনটো কেৰিয়াৰ নির্বাচন কৰিলে সুফল লাভ কৰিব, সেহ সম্পর্কে জানিবলৈ কেৰিয়াৰ পৰামর্শদাতাৰ সহায়ো লব পাৰে ৷

আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ বাবে সুবিধা আছে যদিও নতুন নতুন পাঠ্যক্রমৰ সকলো বিষয় বর্তমান শিক্ষানুষ্ঠানসমূহত উপলব্ধ নোহোৱাৰ বাবে প্রত্যেক বছৰে বহুসংখ্যক ছাত্রছাত্রী উচ্চ শিক্ষা লাভৰ বাবে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত নামভর্তি কৰিব লগা হয় ৷ উল্লেখ্য যে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীতো যে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ উপৰি কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে, সেই সম্পর্কে বহুতো ছাত্রছাত্রী জ্ঞাত নহয় ৷ যিকোনো মহাবিদ্যালয/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধত/ডিগ্রীৰ মর্যাদ/ব্যৱস্থ/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবছাহটৰ পৰা লাভ কৰিব পাৰি ৷ যেনে শিক্ষা মন্ত্রালয়(https://education.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ(https://www.ugc.ac.in), ৰাষ্ট্রীয় মূল্যাংকন আৰু স্বীকৃতি পৰিষদ(http://www.naac.gov.in), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা(http://www.aiu.ac.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(httpsÊ.//www.aicte-india.org), দূৰ শিক্ষা পৰিষদ(https://deb.ugc.ac.in),  ৰাষ্ট্রীয় চিকিৎসা আয়োগ(https://www.nmc.org.in), ভাৰতীয় দন্ত পৰিষদ(https://dciindia.gov.in), ৰাষ্ট্রীয় হোমিপেথী আয়োগ(http://nch.org.in), ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ বাবে ৰাষ্ট্রীয় আয়োগ(https://ncismindia.org), ভাৰতীয় নার্ছিং পৰিষদ(http://www.indiannursingcouncil.org), আর্কিটেকচাৰ পৰিষদ(https://www.coa.gov.in), ভাৰতীয় বাৰ পৰিষদ(http://www.barcouncilofindia.org), ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদ(https://ncte.gov.in) আদি৷ শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হব লাগিব ৷ তদুপৰি উত্তীর্ণ হোৱা ছাত্রছাত্রীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত ৷ সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীর্ণৰ হাৰ, নামভর্ত্তিৰ প্রক্রিয়া, পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সাসুবিধা, আর্থিক সাহায্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত ৷ ইয়াৰ উপৰি জানিব লগা আন দিশবোৰৰ কিছুমান হল শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে  নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অর্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাছ ইণ্টাৰভিউ হয় নে নহয়, খেলাধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি ৷ লগতে প্রাক্তন ছাত্রছাত্রীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী, সেহ বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হলে শিক্ষার্থীসকলৰ চাকৰি লাভ কৰাতো অধিক সুবিধা হয় ৷ উল্লেখ্য যে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে উত্তীর্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে ৷ সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীর্ণ হলেই ছাত্রছাত্রীসকলে বিজ্ঞান শাখাত নামভর্তি কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰিবৰ বাবে বাধ্য কৰায়, কিন্তু এনে হোৱা উচিত নহয় ৷ ছাত্রছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নামভর্তি কৰিব, তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় ৷ যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে ৷ যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে, তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নামভর্তি কৰিব পাৰে৷ সেহদৰে সাহিত্যৰ বিষয়ত আগ্রহীসকলে কলা শাখাত নামভর্তি কৰিব পাৰে ৷ আকৌ কোনো ছাত্রছাত্রীৰ যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে, তেন্তে গণিত বিষয়সহ কলা শাখাত নামভর্তি কৰিব পাৰে ৷ সেইদৰে গণিতত ৰাপ থকা ছাত্রছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টো নোলোৱাকৈ বিজ্ঞান শাখাত নামভর্তি কৰিব পাৰে, একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্রছাত্রীয়ে গণিত বিষয়টো নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰিব পাৰে ৷ কিন্তু এহখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে বিজ্ঞান শাখাত নামভর্তি কৰা ছাত্রছাত্রীসকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নির্বাচন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব ৷ ইয়াৰ উপৰি কোনটো শাখাত কি কি বিষয় অন্তর্ভুক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পর্কে ছাত্রছাত্রীসকলে এক সম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নির্বাচন কৰা ক্ষেত্রত যথেষ্ট সুবিধা ইব৷ ইয়াৰ উপৰি শাখা নির্বাচন কৰোঁতে ছাত্রছাত্রীসকলৰ হবী(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে ৷ কিয়নো এই হবীসমূহেই ছাত্র জীৱন, কর্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে ৷ কোনো ব্যক্তিৰ ভৱিষ্যৎ জীৱনত হয়তো হবীয়েই এদিন কেৰিয়াৰ হব পাৰে ৷  ছাত্রছাত্রীসকলৰ শাখা নির্বাচন কৰাৰ ক্ষেত্রত অভিভাৱকসকলৰ আর্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে ৷ যিসকল ছাত্রছাত্রীয়ে সোনকালে উপার্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত

১৷ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই টি আইৰ বিভিন্ন ট্ৰেডত

২৷ পলিটেকনিকৰ বিভিন্ন বিভাগত

৩৷ উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত কল/বাণিজ/বিজ্ঞান পঢ়িব পাৰে 

ঔদ্যোগিক  প্রশিক্ষণ  প্রতিষ্ঠান বা আই টি আইঃ

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই টি আইৰ বিভিন্ন  ট্ৰেডত পঢ়িবলৈ শিক্ষাগত অর্হতা বেলেগ বেলেগ হয় ৷ আই টি আইত নামভর্তিৰ বাবে আবেদন অনলাহন যোগেদি কৰিব লাগে৷ হয়াৰ ৱেবছাইট   ঠিকনাটো হল https://itiassam.admissions.nic.in আবেদন কৰোঁতে এটা মেইল আই ডি আৱশ্যক হয় ৷ গতিকে প্রার্থীসকলে এটা মেইল আই ডি খোলাৰ প্রয়োজন আছে ৷ এই পাঠ্যক্রমত নামভর্তিৰ হোৱা বর্ষৰ  আগষ্টত প্রার্থীৰ বয়স ১৪ বছৰৰ কম হব নালাগে ৷ নম্বৰৰ ওপৰত ভিত্তি কৰি নামভর্তি হয় ৷  

অষ্টম শ্রেণী উত্তীর্ণসকলে এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ, প্লাম্বাৰ, ড্রেছ মেকিং,  ছুয়িং টেকনলজী, এমব্রইডাৰী আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন  ট্ৰেডত অধ্যয়নৰ বাবে নামভর্তি কৰিব পাৰে ৷    

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাসকলে নামভর্তি কৰিব পৰা  এবছৰীয়া পাঠ্যক্রমবোৰ  হল ষ্টেনোগ্রাফাৰ এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ ইংৰাজী Stenographer & Secretarial Assistant (English), ফেশ্বন ডিজাইন এণ্ড টেকনলজী(Fashion Design & Technology), ডেক্সটপ পাব্লিচিং ডি টি পি অপাৰেটৰ Desk Top Publishing (DTP) Operator, মাচ্টি মিডিয়া এনিমেচন এণ্ড এছপিচিয়েল এফেক্ট(Multi Media Animation and Special Effects), ডিজিটেল ফটোগ্রাফাৰ,(Digital Photographer), অট বডি পেণ্ঢিং মেকানিক(Mechanic Auto Body Painting), ছেক্রেটেৰিয়েল প্রেকটিচ ইংৰাজী Secretarial Practice (English), কচমেটলজী(Cosmetology), ফ্রণ্ঢ অফিচ এছিছটেণ্ট Front Office Assistant, ফায়াৰ  টেকনলজী এণ্ড  ইণ্ডাষ্ট্রিয়েল   ছেফ্টি মেনেজমেণ্ট(Fire Technology & Industrial Safety Management), কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট(Computer Operator & Programming Assistant) 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ উত্তীর্ণ হোৱাসকলে নামভর্তি কৰিব  পৰা দুবছৰীয়া পাঠ্যক্রমবোৰ হল ইলেকড্রিচিয়ান(Electrician), মটৰ ভেহিকল মেকানিক,(Mechanic Motor Vehicle), ড্রাফটমেন মেকানিক( Draughtsman Mechanical), ফিটাৰ(Fitter), মেচিনিষ্ট(Machinist), টার্নাৰ(Turner), ড্রাফটমেন চিভিল(Draughtsman Civil), ছার্ভেয়ৰ(Surveyor), চিভিল ইঞ্জিনীয়াৰিং এছিছটেণ্ট(Civil Engineering Assistant), ইলেকট্ৰনিকছ মেকানিক(Electronics Mechanic), ইনষ্ট্রুমেণ্ট মেকানিক(Instrument Mechanic), ৰেফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক(Refrigeration & Air Conditioner Technician), ইনফর্মেচন এণ্ড কমিউনিকেচন টেকনলজী মেইটেনেঞ্চ(Information & Communication Technology System Maintenance), মেনটেনেঞ্চ মেকানিক কেমিকেল প্লাণ্ট(Maintenance Mechanic Chemical Plant), এগ্রিকালচাৰেল মেচিনাৰী মেকানিক(Mechanic Agricultural Machinery)

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ উত্তীর্ণ হোৱাসকলে নামভর্তি কৰিব  পৰা এবছৰীয়া পাঠ্যক্রম ডিজেল ইঞ্জিন মেকানিক(Mechanic Diesel), পাম্প অপাৰেটৰ কাম মেকানিক(Pump Operator cum Mechanic), প্লাষ্টিক প্রচেছিং অপাৰেটৰ(Plastic Processing Operator), ড্রেক্টৰ মেকানিক(Mechanic Tractor), চয়ল টেষ্টিং এণ্ড ক্রপ টেকনিচিয়ান(Soil Testing and Crop Technician), অট বডী ৰিপেয়াৰ মেকানিক(Mechanic Auto Body Repair), ছোলাৰ টেক নিচিয়ান ইলেকট্ৰিকেল Solar Technician (Electrical )  

ছয়মহীয়া এটা  ছিমেষ্টাৰ বডো টাইপ ৰাইটিং পাঠ্যক্রমৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হব লাগে ৷

অসমৰ চৰকাৰৰ অধীনত আৰু ব্যক্তিগত খণ্ডৰ ঔদ্যোগিক প্রশিক্ষণবোৰৰ নাম জানিবৰ বাবে শিক্ষার্থীসকলে https://itiassam.admissions.nic.in ৱেবছাইটত চাব পাৰে ৷

National Council for Vocational Training (NCVT) অধীনৰ পাঠ্যক্রমত উত্তীর্ণ প্রার্থীসকলক এনচিভিটি (NCVT) প্রমাণপত্র প্রদান কৰে আৰু State Council for Vocational Training (SCVT) অধীনৰ পাঠ্যক্রমত উত্তীর্ণ প্রার্থীসকলক এছচিভিটি(SCVT) প্রমাণপত্র প্রদান কৰে ৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা প্রশিক্ষণ গ্রহণ কৰিলে সেই প্রতিষ্ঠানখন National Council for Vocational Training (NCVT) বাState Council for Vocational Training (SCVT) স্বীকৃতিপ্রাপ্তিৰ মর্যাদাৰ সবিশেষ জানি ললে ভাল হয় ৷ অধ্যয়ন কৰা  ট্ৰেডৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিব পাৰে ৷ ইয়াৰ উপৰি স্বনিয়োজনৰ ব্যৱস্থা কৰিব পাৰে ৷

পলিটেকনিক 

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়৷ পলিটেকনিক এডমিচন টেষ্ট Polytechnic Admission Test (PAT) প্রৱেশ পৰীক্ষাৰ জৰিয়তে এহ পাঠ্যক্রমত নামভর্তিৰ সুবিধা আছে ৷ এই পৰীক্ষাত অৱতীর্ণ হবৰ বাবে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত  আৰু বিজ্ঞান বিষয়ত নূ্যনতম ৪০ শতাংশ, অনুসূচিত জাতিৰ প্রার্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রার্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীর্ণ হব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বর্ষৰ ৩১ ডিচেম্বৰত সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স ২০ বছৰ  মাহৰ ভিতৰত হব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রার্থীৰ বয়স ২৩ বছৰ  মাহৰ ভিতৰত হব লাগে৷ এহ প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আবেদন কৰিব লাগে ৷ ইয়াৰ ৱেবছাইট ঠিকনাটো হলhttps://dte.assam.gov.in এই পৰীক্ষাৰ প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ লগতে গণিত আৰু বিজ্ঞান বিষয়ত মুঠ ১০০ নম্বৰৰ প্রশ্ণ সন্নিৱিষ্ট কৰা হয় ৷

অসমৰ পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হলঃ এগ্রিকালচাৰ, চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্ৰি কল, ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনীয়াৰিং, ইনষ্ট্রুমেনটেছন, টেক্সটাইল টেকনলজী, ফেশ্বন টেকনলজী, গার্মেণ্ঢ টেকনলজী, এগ্রিকালচাৰ, আর্কিটেক্ট এছিষ্টণ্ঢ, প্রিণ্টিং   টেকনলজী, বায়মেডিকেল হঞ্জিনীয়াৰিং, মাইনিং ইঞ্জিনীয়াৰিং , মেডিকেল ইলেকট্ৰনিক্স ইঞ্জিনীয়াৰিং, ফুড প্রচেচিং টেকনলজী আদি ৷    

অসমত থকা পলিটেকনিকবোৰৰ নাম শিক্ষার্থীসকলে নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ ৱেবছাহট(https://www.aicte-india.org) পৰা জানিব পাৰিব ৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ  শ্রেণীৰ  পিছতঃ  কলা  শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীর্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি   সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসই  যেনে সমাজশাস্ত্র, অর্থনীতি, ভূগোল, সাহিত্য ইংৰাজী, অসমীয়া, হিন্দী, বাংলা, সংসৃক্ত ইত্যাদি,  মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পর্যটন, পৰিৱেশ কলা, নৃতত্ত্ব বিজ্ঞান, আহন ইত্যাদি স্নাতক পাঠ্যক্রম ৷

স্নাতক পাঠ্যক্রমত উত্তীর্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হল স্নাতকোত্তৰ এম  আৰু পি এইচ ডি ৷

কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজকর্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয/মহাবিদ্যালয/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কেৰিয়াৰ গিিব পাৰে৷

কলা শাখাৰ যিকোনো স্নাতক উত্তীর্ণ শিক্ষার্থীয়ে অসম লোকসেৱা আয়োগ  পি এছ চিৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ হউ পি এছ চিৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য হঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীর্ণ হব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীর্ণ শিক্ষার্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আহনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা হোটেল মেনেজমেণ্ঢ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীর্ণ শিক্ষার্থীয়ে পাঁচ বছৰীয়া সংযুক্ত হংৰাজ/গণসংযো/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান এন ডি এত নামভর্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ হচ্ছা থাকে৷ যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীর্ণসকলে হউ পি এছ চিৰ অধীনত অনুষ্ঠিত এন ডি  পৰীক্ষাত বাছনি হৈ এহ প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভর্তি কৰিব পাৰে৷

যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীর্ণসকলে ফাহন আর্টছ, দৃশ্য কলা ভিজুৱেল আর্টছ, আভ্যন্তৰীণ সজ্জা হণ্ঢেৰিয়ৰ ডিজাহন, প্রায়োগিক কলা এপ্লাহড আর্ট, ফেশ্বন ডিজাহন, অলংকাৰ সজ্জা জুৱেলাৰী ডিজাহন হত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

যিসকল শিক্ষার্থীৰ নৃত্যগীত, নাটকৰ প্রতি আসক্তি আছে বা হয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে লব বিচাৰে, তেনে শিক্ষার্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীর্ণ যিসকল শিক্ষার্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীডা প্রশিক্ষক অথবা ফিটনেছ ড্রেহনাৰ হিচাপে কেৰিয়াৰ গিিব বিচাৰে, তেওঁলোকে শাৰীৰিক শিক্ষা বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ  শ্রেণীৰ  পিছত  বাণিজ্য  শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীর্ণ হোৱাৰ পিছত কি কি পিিব পাৰি  সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ যেনেহঞ্চিউৰেঞ্চ, কম্পিউটাৰ, বৈদেশিক বাণিজ্য, বেংকিং আৰু হঞ্চিউৰেঞ্চ, একাউণ্ঢিং আৰু বিত্ত, বাণিজ্য, অর্থনীতি আৰু একাউণ্ঢিং হত্যাদি স্নাতক পাঠ্যক্রম৷

স্নাতক পাঠ্যক্রমত উত্তীর্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হল স্নাতকোত্তৰ এম কম আৰু পি এহচ ডি৷

বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীর্ণ শিক্ষার্থীয়ে অসম লোকসেৱা আয়োগ  পি এছ চিৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ হউ পি এছ চিৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য হঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীর্ণ হব পাৰে৷

চি  চার্টার্ড একাউণ্ঢেঞ্চী  ভাৰতীয় চার্টার্ড একাউনটেণ্ঢ প্রতিষ্ঠানে চার্টার্ড একাউণ্ঢেঞ্চীৰ শিক্ষা আগববায়৷

কষ্ট একাউণ্ঢেণ্ঢ  হনষ্টিটিউট অৱ কষ্ট এণ্ড ৱকছ একাউনটেণ্ঢছ অৱ হণ্ডিয়াহ এহ পাঠ্যক্রম আগববায়৷

কোম্পানী ছেক্রেটাৰী  হনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ হণ্ডিয়াহ এহ পাঠ্যক্রম আগববায়৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ  পিছত  বিজ্ঞান  শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীর্ণ হোৱাৰ পিছত কি কি পিিব পাৰি  সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ যেনে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, অর্থবিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান হত্যাদি স্নাতক পাঠ্যক্রম৷

স্নাতক পাঠ্যক্রমত উত্তীর্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হল স্নাতকোত্তৰ এম এছ চি আৰু পি এহচ ডি৷

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীর্ণ শিক্ষার্থীয়ে অসম লোকসেৱা আয়োগ  পি এছ চিৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ হউ পি এছ চিৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য হঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীর্ণ হব পাৰে৷

ষ্টাফ ছিলেকচন কমিছনৰ কম্বাহণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱতীর্ণ হব পাৰে৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীর্ণ হোৱাৰ পিছত বিচিএ, বিবিএ, বিটেক/বিহ , বিআর্ক,  এমবিবিএছ , বিফার্ম,  বিএছচি নার্ছিং, আয়ুর্বেদিক, হোমিপেথিক, পশুপালন আৰু পশু চিকিৎসা, কৃষি, মীন, গার্হস্থ্য বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷ 

বেংক প্রবেচনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নূ্যনতম অর্হতাসম্পন্ন স্নাতকসকলে আবেদন কৰিব পাৰে৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীর্ণ হোৱাসকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত(Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia + Endoscopy), Dialysis Technician Course) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে৷ হয়াৰ বাবে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা চূডান্ত পৰীক্ষাত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত ৫০ শতাংশ নম্বৰৰ সৈতে উত্তীর্ণ হব লাগে৷ পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠানকেহখন হলহনষ্টিটিউট অৱ পেৰামেডিকেল ছায়েঞ্চ ডিব্রুগডহ্ল, হনষ্টিটিউট অৱ  পেৰামেডিকেল ছায়েঞ্চ গুৱাহাটীহ্ল, হনষ্টিটিউট  অৱ  পেৰামেডিকেল ছায়েঞ্চ শিলচৰহ্ল, হনষ্টিটিউট  অৱ  পেৰামেডিকেল ছায়েঞ্চ যোৰহাটহ্ল, হনষ্টিটিউট অৱ  পেৰামেডিকেল ছায়েঞ্চ বৰপেটা৷  

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হল

1. General Foundation Course

 

2. Accountancy and Auditing

 

3. Automobile Engineering Technology

 

4. Commercial Art

 

5. Commercial Garment making and Designing

 

6. Computer Technique

 

7. Horticulture

 

8. Inland Fisheries

 

9. Maintenance and Repairing of Electrical & Domestic Appliances                   

 

10. Mechanical Engineering Technology

 

11. Office Management

 

12. Office Secretary ship

 

13. Repair and Maintenance of Radio & TV Receiver

 

14. Repair and Maintenance of Power Driven Farm machinery

 

15. Textile Designing.

 

ছাত্রছাত্রী তথা অভিভাৱকসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ সবিশেষ তথ্য লাভৰ বাবে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ত খবৰ কৰিব পাৰে৷

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়৷ সাধাৰণ জ্ঞান দুহ প্রকাৰত ভাগ কৰিব পৰা যায়৷ পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs) সাধাৰণ জ্ঞান যিহেতু একে দিনাহ গোটোৱা সম্ভৱ নহয় হয়াৰ বাবে ছাত্রছাত্রীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন৷ পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এহ সকলো বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব৷ সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰিকাকত তথা বিভিন্ন আলোচনী নিয়মীয়াকৈ পপাৰ অভ্যাস গিি তুলিব লাগিব৷ যিহেতু দৈনিক বাতৰিকাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে৷ সেহদৰে নিয়মীয়াকৈ ৰেডিৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে৷ ছাত্রছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে হণ্টাৰনেট(Internet)ৰো সহায় লব পাৰে৷ তদুপৰি ছাত্রছাত্রীসকলে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আর্হি প্রশ্ণবোৰ সংগ্রহ কৰিব লাগে৷ এহক্ষেত্রত শিক্ষক তথা অভিভাৱকসকলে ছাত্রছাত্রীসকলক সজাগতা অনাত সহায় কৰিব পাৰে৷ সুক্ল পর্যায়ৰ পৰীক্ষাসমূহৰ সমান্তৰালভাৱে ভৱিষ্যতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্রছাত্রীসকল প্রস্তুত হব পৰাকৈ সেহ পৰীক্ষাসমূহৰ সাধাৰণ জ্ঞানৰ আর্হি প্রশ্ণবোৰ বিদ্যালয়ৰ শিক্ষকসকলেও দেখুৱাব পাৰে৷ সাধাৰণতে বহুসংখ্যক অভিভাৱকে নিজৰ সন্তান চিকিৎসক অথবা অভিযন্তা হোৱাটোৱে কামনা কৰে আৰু এহক্ষেত্রত কেতিয়াবা সন্তানৰ অনিচ্ছাসত্ত্বেও চিকিৎসক অথবা অভিযন্তা হিচাপে কেৰিয়াৰ গিিবলৈ জোৰ কৰা দেখা যায়৷ কিন্তু ছাত্রছাত্রীসকলৰ বাবে অন্যান্য বহুতো সুন্দৰ কেৰিয়াৰ আছে, যিবোৰৰ গুৰুত্ব সমাজত এজন চিকিৎসক অথবা অভিযন্তাতকৈ কোনোগুণে কম নহয়৷ সেয়েহে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও অযথা মানসিক হেঁচা প্রয়োগ নকৰি নিজ সন্তানক অন্যান্য কেৰিয়াৰ প্রতিও আকর্ষিত কৰিবৰ বাবে চেষ্টা কৰিব লাগে৷

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি প্রদান কৰা অনুষ্ঠানপ্রতিষ্ঠানস্ নিজস্ব ৱেবছাহটত প্রচাৰ কৰা বৃত্তিসমূহৰ সবিশেষ খবৰ ছাত্রছাত্রীসকলে ৰাখিব লাগে৷ বৃত্তিপ্রাপ্তসকলৰ বিষয়ে বাতৰিকাকত, আলোচনী আদিত প্রকাশ কৰা হয়৷ তেনে ব্যক্তি ছাত্রছাত্রীসকলে  ব্যক্তিগতভাৱে সাক্ষাৎ কৰিলেও বিশেষভাৱে লাভান্বিত হব৷ হয়াৰ উপৰি সম্পূর্ণ আৰু শুদ্ধ তথ্য লাভৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্রছপেক্টাছ(prospectus)সমূহো ভালদৰে পিি চাব লাগে৷

ফোন  ৯৪৩৫১৮৮৬৩০

You might also like
Leave A Reply

Your email address will not be published.