সৃষ্টিৰাজিৰ এক চমু আলোকপাত

এলি আহমেদ

বর্ণালী কটকী ওজা

অসমৰ আকাশৰ এটি সুৰীয়া গীতৰ নাম এলি আহমেদ, কবিতা কবিতা লগা স্নিগ্ধ এছাটি সুবাসৰ নাম এলি আহমেদ হয়তো বিশ্ববিজয়ী শিল্পী ভূপেন হাজৰিকাই তেওঁক মৰমতে মাতিছিল ৰং বুলি, পখিলা বুলি মাতিছিল নলিনীবালা দেৱীয়ে নির্মলপ্রভা বৰদলৈয়ে নাম থৈছিল বেলি ব্রজেন বৰুৱাই  গীত বুলি নিৰুপমা বৰগোহাঞিয়ে দশভুজা আৰু বন্বুূবর্গই জুই বুলি মাতিছিল ধেমালিতে ৷ একপ্রকাৰ বৰেণ্য ব্যক্তিসকলে কৰা এই নামকৰণসমূহ তেওঁৰ কর্মৰাজিৰ পৰিচয়সূচক স্বীকৃতি বুলিব পাৰি৷

অসমৰ তথা ভাৰতৰ এগৰাকী বৰেণ্য গীতিকাৰ, লেখিকা এলি আহমেদ চিত্রনাট্যকাৰ, পৰিচালক, নির্দেশক, কষ্টিউম ডিজাইনাৰ, অভিনেত্রী আৰু সমাজকর্মীও ৷ সর্বজনপ্রিয় আমাৰ সকলোৰে মৰমৰ এলি বাইদেউৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ এটি সংসৃক্তিৱান পৰিয়ালত জন্ম হৈছিল ১৯৩৪ চনৰ ১৪ মার্চত৷ তেওঁৰ পিতৃ আছিল শল্য চিকিৎসক ডাঃ আব্দুৰ ৰচিদ আৰু মাতৃৰ নাম আছিল হামিদা ৰচিদ৷ নিচেই কম বয়সতে এলি আহমেদ মাতৃহাৰা হয়৷

এলি আহমেদ এসমৰ সুৱদিসুৰীয়া সংগীতৰ জগতখনৰ লগত পৰিচিত হয় শৈশৱ কালতে৷ সৰুৰে পৰা তেওঁ গীত লিখিছিল আৰু গাইছিল ৷ কিন্তু পুৰণিকলীয়া সংস্কাৰী মনোভাবেৰে চালিত আইতাকে মাতৃহাৰা নাতিনীয়েকক গান গোৱাত বাধা দিছিল৷ নাতিনী এলিয়ে যুক্তি দিছিল যে আজানতো সংগীতৰ সপ্তস্বৰ সা ৰে গা মা সোমাই থাকে, কোৰানো পপা হয় সেই  সুৰতেই গতিকে গান গোৱাত বাধা কত সৰুৰে পৰাই গুৰুজনাৰ নাট ভাওনাৰ সৈতেও জডিত আছিল তেওঁ৷ স্বৰচিত কবিতা আৰু শিশু পদ্য আবৃত্তি কৰি নিজৰ প্রতিভা উজলাবলৈ সক্ষম হৈছিল শৈশৱ কালতে৷

১৯৬৫ চনত তেওঁ চাকৰি সূত্রে গুৱাহাটীলৈ আহে সমাজ কল্যাণ বিভাগৰ এগৰাকী প্রশিক্ষক ৰূপে৷ তেতিয়াৰে পৰা তেওঁ স্থায়ীভাৱে গুৱাহাটীৰ বাসিন্দা হল আৰু সামাজিক তথা সাংসৃক্তিক ক্ষেত্রখনত এক সুকীয়া স্থানত অৱতীর্ণ হবলৈ সক্ষম হল৷ ১৯৬৭ চনত ৰং চৰা নামেৰে এটি সাংসৃক্তিক দল গঠন কৰি বিশেষভাৱে শিশুসকলৰ সাংসৃক্তিক দিশৰ উত্তৰণৰ বাবে নিঃস্বার্থভাৱে কাম কৰিছিল৷ এই চৰাৰে সাংসৃক্তিক অনুষ্ঠানসমূহত মহিলাসকলক অভিনয় শিকোৱাতো গুৰুত্ব দিছিল তেওঁ৷ গুৱাহাটীৰ বিভিন্ন মঞ্চত অভিনীত হৈছিল এলি আহমেদ ৰচিত আৰু পৰিচালিত বিভিন্ন নাটক৷ ৰং চৰা আৰম্ভ কৰাৰ অনেক দিনৰ আগতেই ১৯৬২ চনত নাজিৰাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত এলি বাইদেউৰ উদ্যোগত ভাগ্যৰ চকৰি ঘূৰে শীর্ষক এটি সংগীতানুষ্ঠান পৰিৱেশিত হৈছিল ৷

অনন্য প্রতিভাধৰ নাৰীগৰাকীয়ে বহুকেইখন অসমীয়া চলচিচত্রৰ বাবে গীত লিখিছে৷ চলচিচত্রৰ বাবে গীত লিখাৰ বাবে তেওঁ প্রথমবাৰৰ বাবে অনুপ্রেৰণা পাইছিল প্রখ্যাত চলচিচত্র নির্মাতা ব্রজেন বৰুৱাৰ পৰা৷ এদিন নাটকীয়ভাৱে ফাঁচীবজাৰত ব্রজেন বৰুৱাৰ সৈতে সাক্ষাৎ হৈছিল ভায়েকৰ লগত বজাৰ কৰি থাকোঁতে৷ অসামান্য প্রতিভাধৰ ব্রজেন বৰুৱাই তেওঁক এটি গীত লিখিবলৈ অনুৰোধ কৰিছিল, যিটো গীতৰ সুৰ তেওঁ তাতেই এলিক শুনাই দিছিল৷

ৰাতিটোৰ ভিতৰতে এলিয়ে ব্রজেন বৰুৱাৰ পৰা শুনা সুৰৰ ওপৰত ভিত্তি কৰি লিখি উলিয়ালে সেই বিখ্যাত কালজয়ী গীতটো

ফুল ফুল ফুল অ কলি মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

মেলিলে পাহি, উৰিলে আহি

জানানে ফুলৰে কাণত

অলিয়ে কিনো কথা কয়

যি কথা শুনিলে ফুলৰ

চাৱনি লাজুক লাজুক হয়৷

এলিৰ মাতৃৰ ঘৰুৱা নাম ফুল আছিল৷ ফুলৰেই আৰম্ভ কৰি ফুলতেই শেষ কৰা গানটো ডক্তৰ বেজবৰুৱা ছবিত আৰোপিত হৈছিল৷ অতি জনপ্রিয় এই গীতটোৰ নেপথ্য শিল্পী দুগৰাকী আছিল দ্বীপেন বৰুৱা আৰু নির্মলা মিশ্র৷ ব্রজেন বৰুৱাৰ পৰিচালনাৰে ডক্তৰ বেজবৰুৱাৰ সংগীত পৰিচালক আছিল ৰমেন বৰুৱা৷ গীতিকাৰ হিচাপে এলি আহমেদৰ ফুল ফুল ফুলেই আছিল টার্নিং পইণ্ট৷ তাৰ পিছতেই নিপ বৰুৱাৰ ছবি বৰুৱাৰ সংসাৰৰ বাবে লিখিলে

গা গা আজি গাই যা গা

এই গীতকে গা

গা গা নাচি নাচি

নিজক পাহৰি যা

এই গীতটোও ৰমেন বৰুৱাই সুৰেৰে সজাই দ্বীপেন বৰুৱাৰ কণ্ঠেৰে গোৱাই প্রভুত জনপ্রিয়তা অর্জন কৰিছিল৷ আজিও শ্রোতা ৰাইজৰ মাজত সমানেই আদৰৰ গা গা আজি গাই যা গীতিকাৰ এলি আহমেদৰো নিজৰ প্রিয় গীত৷ এই গীতটোৱে সমাজলৈ এটি বার্তা কিিয়াইছে যে জীৱনটো মানুহে হাঁহি হাহি পাৰ কৰিব লাগে৷ যাতনা কাৰনো নাথাকে হাঁহিব লাগে নিজক পাহৰি৷ প্রতিজন মানুহে গীতটো গাব পাৰে প্রাণ খুলি

অ জীৱন নামৰ এই জীৱন, হাঁহিৰে ভৰা জীৱন

কান্দিনো ভাগৰো কিয়

আমাৰ জীৱন এই জীৱন, প্রেমেৰে ভৰা জীৱন

কান্দিনো ভাগৰো কিয়

আৰু তাৰ পিছত তেওঁ লিখি গল অনেক গীত৷ তেওঁ গীত ৰচনা কৰিছিল এইসমূহ কথাছবিৰ বাবে বৰুৱাৰ সংসাৰ, সাদৰি, সোণমইনা, প্রতিদান, দেৱতা, দেৱী, বৰদৈচিলা, ধ্রুৱতৰা, ৰিক্সাৱালা, ককাদেউতাৰ ঘৰজোঁৱাই, যখিনী ইত্যাদি৷

শম্ভু গুপ্তা আৰু দাৰা আহমেদে যুটীয়াভাৱে পৰিচালনা কৰা দেৱী নামৰ কথাছবিখনৰ দুটিমান গীত সেই সময়ত মানুহৰ মুখে মুখে চলিছিল৷ ছবিখনে মুক্তি লাভ কৰিছিল ১৯৮৪ চনত৷ এটি গীত আছিল

ৰভাতলীত বহিছে যে, সেইজনী কোন

ইমানকৈ সাজিছে মেনকা দেখোন৷

ভালকৈ আজি সাজ, মলুৱাই পাব লাজ

বান্দৰীক সজালে ধুনীয়া ৰূপলৈ৷

নাকটো ফেঁচা চকু তেলেকা

দৰাটো কিনো চাবা পথালি কোমোৰা

চকুত কাজল ওঁঠত তেল, দুগালত তেজ ফুটে

চকু নহয় মার্বল গাল নহয় ফুটবল

আঙুৰ যে টেঙা অ দেহি শিয়ালৰ কথা

পাহৰি কিয়নো অ দেহি উজুটি খোৱা

চেহেৰা কিনো চাবা অ দেহি, অসুৰ অসুৰ লগা৷

বিয়াঘৰৰ  ৰভাতলী এখনৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দৃশ্যসজ্জাৰ উপৰি গীতটোৰ কথাংশত থকা শব্দ, চিত্রকল্পসমূহেই যথেষ্ট৷ তেনেদৰে সাদৰি, সোণমইনা, ৰিক্সাৱালা আদি ছবিৰ গীতসমূহো কাহিনীয়ে দাবী কৰা অনুসৰি সহজ কথাৰে সাহিত্যিক মূল্য সমৃদ্ধ আৰু চিত্তাকর্ষক হৈছে৷

দূৰদর্শনৰ বিভিন্ন ধাৰাবাহিকৰ বাবেও এলি আহমেদে বহুতো গীত লিখিছে৷ উদাহৰণস্বৰূপে, প্রগতি কী ঔৰ, গধূলি, শাহু আই, নর্তকী, জীৱনধাৰা, শিক্ষাবন্তি, অপবাদ ইত্যাদি৷ আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰগৰাকীৰ মোৰ মন ক্ষণে ক্ষণে নামৰ গীতিসংকলনখনত সন্নিৱিষ্ট মুঠ ৫২টা গীতেই সুৰত সুমধুৰ হৈ পৰিছে৷ গীতসমূহৰ মাজত হাঁহি–কান্দোন, প্রেম–বিষাদ, প্রকৃতিপ্রেম, স্বদেশপ্রেম ইত্যাদিৰ সু–সমন্বয় ঘটিছে৷

গীত ৰচনা কৰোঁতে গীতিকাৰসকলে কিছুমান বিশেষ দিশত চকু দিবলগীয়া হয়৷ চলচিচত্রৰ বাবে গীত লিখাটোও সিমান সহজ কাম নহয়৷ কাহিনীটোৰ ওপৰত ভিত্তি কৰি চৰিত্রই কেতিয়া কি পৰিৱেশত, কেনেকৈ, কত গান গাব লাগিব সেই চৰিত্র নাৰী নে পুৰুষ হব, সাজসজ্জা কেনেকুৱা হব ইত্যাদি কথাবোৰ বিচাৰ কৰি লব লাগে৷ তদুপৰি বহিঃদৃশ্য নে অন্তঃভাগৰ দৃশ্য হব সেই কথাবোৰো চাব লগা হয়৷ এলি আহমেদে এই সমস্তখিনি অধ্যয়ন কৰি গীত লিখে বাবে গীতসমূহ ৰাইজে আঁকোৱালি লয়৷ আনহাতে গীতিকাৰ এলি আহমেদে বিচাৰে গায়ক–গায়িকাসকলে পৰিৱেশন কৰিবলৈ লোৱা গীতসমূহৰ ৰচয়িতা আৰু সুৰকাৰৰ নাম শ্রদ্ধাসহকাৰে উল্লেখ কৰাটো উচিত৷ যিদৰে সন্তানৰ পৰিচয় পিতৃ–মাতৃৰ জৰিয়তেহে সম্পূর্ণ, তেনেদৰে গীত একোটাৰ গৰাকীও গীতিকাৰ–সুৰকাৰৰ অবিহনে সম্পূর্ণ নহয়৷ গায়ক–গায়িকাসকলে তেওঁলোকৰ নাম ললে ৰাইজ উপকৃত হয় আৰু গীতিকাৰ– সুৰকাৰেও পায় স্বীকৃতি৷ সংগীত জগতৰ নৱপ্রজন্মক লৈ তেওঁ যথেষ্ট আশাবাদী৷ নৱপ্রজন্মৰ মাজতো এনেকুৱা বহুতো প্রতিভা আছে যিসকলে পুৰণি গীতসমূহৰ চর্চা চলাই আছে নতুনৰ লগে লগে৷ তেওঁ ভাবে যে নতুন প্রজন্মৰ এয়া নৈতিক দায়িত্ব৷

বিভিন্ন দিশত তেওঁ নিজস্ব প্রতিভাৰে উজলি আছে৷ নাৰী সবলীকৰণৰ বিষয়টোত গুৰুত্ব দি তেওঁ ১৯৭০ চনৰে পৰা ওৰণি নামেৰে এখন আলোচনী নিজা উদ্যোগত প্রকাশ কৰি আহিছে, যি অতি দুৰূহ কাম৷ কেতিয়াবাই ৫০ বছৰ উকলি গল ওৰণিৰ৷ উল্লেখযোগ্য যে আলোচনীখনৰ প্রতিটো সংখ্যাৰে বিষয়বস্তু ভিন ভিন যেনে, শিক্ষয়িত্রী, লেখক, সাংবাদিক, প্রশাসনিক বিষয়া,  অভিনেত্রী, ধাত্রী ইত্যাদি৷ নাৰী সবলীকৰণৰ বাবে এয়া যেন তেওঁৰ দীর্ঘম্যাদী প্রচেষ্টা৷ স্বাভাৱিকতেই ওৰণিৰ আঁৰত তেওঁ অসীম কষ্ট স্বীকাৰ কৰিছে লেখা, বিজ্ঞাপন আদিৰ বাবে৷

এলি আহমেদে ধ্রুৱতৰা, বৰদৈচিলা, বনফুল, জনমভূমি ইত্যাদি অসমীয়া কথাছবিসমূহৰ বাবে চিত্রনাট্য লিখাৰ উপৰি কেইবাখনো তথ্যচিত্রৰো চিত্রনাট্য প্রস্তুত কৰিছে, তাৰে ভিতৰত অল্ড মনুমেণ্ট অব্ আহোম এইজ, চাইল্ড চাইকলজি, মহাশ্বেতা, চৈয়দ আব্দুল মালিক, দ্য মিল্ক্ ইত্যাদি৷ চলচিচত্রৰ কলা নির্দেশক আৰু কষ্টিউম ডিজাইনাৰ হিচাপেও তেওঁ স্বাক্ষৰ ৰাখি থৈ গৈছে৷ তেওঁৰ কেইটামান গল্পক লৈ নির্মাণ হোৱা ছবিকেইখন হৈছে, বৰুৱাৰ সংসাৰ, যখিনী, বনফুল, মুখাগ্ণি আৰু জনমভূমি৷

নাট্যকাৰ হিচাপে এলি আহমেদৰ খ্যাতি, কথাটোনো কি চাকিনা জেঠাইৰ মণি, ককাদেউতাৰ সাধু, আমি অভিনয় কৰা নাই ইত্যাদিৰ কথা কব পাৰি৷ গল্পকাৰ এলি আহমেদকো আমি মনত ৰাখিম শিল্পীৰ হাতৰ কঁপনি, ডায়েৰীৰ পাতে পাতে, অংকুৰ, প্রেমৰ সংজ্ঞা, যি কথা কোৱা নহল, মন জেতুকাৰ পাত ইত্যাদি গল্প সংকলনৰ জৰিয়তে৷ পুৱতি নিশাৰ সপোন তেওঁৰ একমাত্র উপন্যাস৷ শিশু সাহিত্যিক হিচাপে এইগৰাকী বিৰল  প্রতিভাসম্পন্ন নাৰীয়ে ইতিমধ্যে শিশু সাহিত্যৰ ভঁৰাল চহকী কৰিছে অনেক গ্রন্থৰ জৰিয়তে৷ উদাহৰণস্বৰূপে, দুখন ঘৰ এখন চোতাল, মই কেতিয়া আইতা হম, আমাৰ কুমলীয়া মন, জীউৰাম, জোনবাই এ এটি তৰা দিয়া, লুকাভাকু, ইত্যাদি৷ জীৱনীমূলক গ্রন্থকেইখন হল, গোপীনাথ বৰদলৈ, কলাগুৰু বিষুপ্রসাদ ৰাভা, বুৰঞ্জীবিদ বেণুধৰ শর্মা, পদ্মশ্রী নলিনীবালা দেৱী, অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, মহীয়সী অমলপ্রভা দেৱী ইত্যাদি৷

এলি আহমেদে তেওঁৰ কর্মৰাজিৰ স্বীকৃতি স্বৰূপে লাভ কৰিছে অনেক সন্মান

  • বনফুল গ্রন্থৰ বাবে প্রাপ্তবয়স্ক্ শিক্ষা বিষয়ত ৰাষ্ট্রীয় সাহিত্য বঁটা ৰজ্ঝজ্জ্ছ
  • নির্মলপ্রভা বৰদলৈ বঁটা চ্ঙ্মৰৰ
  • অমলপ্রভা দাস বঁটা চ্ঙ্মৰ্ব
  • বাল  সাহিত্য পুৰস্কাৰ চ্ঙ্মৰপ্ত
  • পদ্মশ্রী সন্মান চ্ঙ্মৰজ্জ
  • বয়োজ্যেষ্ঠ সন্মান চ্ঙ্মৰজ্ঝ

অসমীয়া হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত এইগৰাকী বহুমুখী প্রতিভাৰ অধিকাৰী এলি আহমেদ সম্পূর্ণ অকলশৰীয়া৷ জীৱনত পোৱা নানা ঘাত–প্রতিঘাত, বিষাদ–বেদনাই কাবু কৰিব নোৱাৰিলে৷ কাৰণ প্রচণ্ড মনোবলক সাৰথি কৰি হাঁহি হাহি জী থকাৰ মন্ত্রৰে দীক্ষিত তেওঁ৷ সিদিনালৈকেজ্জ্বজ্ঝ বছৰ অতিক্রম কৰা এলি বাইদেৱে ঘৰুৱা সকলো কাম নিজেই কৰাৰ কথা আমি জানো৷ তথাপি প্রকৃতিৰ নিয়মত আমি বন্দী৷ এলি বাইদেউ বর্তমান ৰোগাক্রান্ত৷ কৃপাধন্য নেদেখাজনৰ ওচৰত তেওঁৰ আৰোগ্য প্রার্থনা কৰিছোঁ৷ আশা কৰিছোঁ অসমবাসী তথা চৰকাৰে এলি আহমেদৰ প্রতি যথাযোগ্য সন্মান প্রদর্শন কৰিব৷

ফোন ঃ ৯১০১৪-৩৯৭৮৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.