মোক এটি সুৰ কৰি তোলা

বর্ণালী কটকী ওজা

আধুনিক সংগীতৰ প্রধান বৈশিষ্ট্য হৈছে কথা আৰু সুৰৰ সংযোজন ৷ সুৰৰ ইন্দ্রজালেৰে গীতৰ কথাংশক শ্রোতাৰ হূদয়ত স্পর্শ কৰিব পৰাটোৱেই আধুনিক গীতৰ সার্থকতা ৷ মিঠা ভাষা, মধুৰ কল্পনাৰ ৰহণ, গভীৰ জীৱনবোধেৰে শ্রোতাৰ মন বিমুগ্ধ কৰিব পৰাৰ কৌশল যিসকল গীতিকাৰৰ আছে তেৱেঁই সফল ৷ সুৰৰ ক্ষেত্রত কব পাৰি গান কবিতাতকৈ স্বতঃস্ফূর্তভাৱে মানুহৰ মাজলৈ যায় তাৰ সুৰৰ বাবে ৷ সুৰ যদি হূদয়ত  ৰৈ যোৱা নহয়, তেন্তে গীতে স্থায়িত্ব নাপায়  ৷ প্রখ্যাত কবি–গীতিকাৰ কেশৱ মহন্তৰ এই মন্তব্যৰ আধাৰত যদি কওঁ, গীত একোটাৰ সুৰ নির্ভৰ কৰে সুৰকাৰজনৰ গীতৰ কথাংশৰ বিষয়ত জ্ঞান, সুৰ প্রয়োগৰ দক্ষতা, পৰিৱেশ, পৰিস্থিতি আৰু পৰিৱেশনৰ ওপৰত ৷

গীতসমূহত ন ন সম্পৰীক্ষা কৰি সুৰেৰে, কথাৰে, নতুন ভংগিমাৰে সজাই–পৰাই তুলি আধুনিক অসমীয়া সংগীত জগতত যাউতিযুগীয়া আসনত অধিষ্ঠিত হৈ আছে মুকুল বৰুৱা ৷ অসমীয়া সংগীত জগতত মুকুল বৰুৱা  চিৰপৰিচিত  নাম ৷ তেওঁৰ প্রসিদ্ধি বিশেষভাৱে সুৰকাৰ ৰূপে যদিও গীতিকাৰ হিচাপেও তেওঁ উল্লেখযোগ্য স্বাক্ষৰ বহন কৰি থৈ গৈছে ৷

গুৱাহাটীৰ যোৰপুখুৰীপাৰত মুকুল বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনত ৷  শ্রদ্ধাৰ নন্দৰাম বৰুৱা আছিল তেওঁৰ পিতৃৰ নাম আৰু মাতৃ আছিল ঊষাৰাণী দেৱী৷ জন্মসূত্রে তেওঁ আছিল প্রখ্যাত কবি–গীতিকাৰ নলিনীবালা দেৱীৰ নাতি অর্থাৎ জী–নাতি ৷  সেইসূত্রে মুকুল বৰুৱাৰ আইতাকৰ দেউতাক অর্থাৎ ককাদেউতাক কর্মবীৰ নবীনচন্দ্র বৰদলৈও আছিল এগৰাকী গীতিকাৰ আৰু সুৰকাৰ ৷ আইতাক নলিনীবালা আছিল এক শুৱলা কণ্ঠৰ অধিকাৰী, পুৰণি অসমীয়া গীত গোৱাৰ উপৰি তেওঁ বাংলা গীতো বৰ সুন্দৰকৈ গাব জানিছিল ৷ আনহাতে কীর্তন–নামঘোষাৰ পদসমূহো তেওঁ অতি সুন্দৰকৈ গাইছিল ৷ তেনে এটা সংগীতময় পৰিৱেশত ডাঙৰ হোৱা মুকুল বৰুৱাই জন্মগতভাৱে লাভ কৰা সাংগীতিক প্রতিভাক বিকশিত কৰাৰ পূর্ণ সুযোগ লাভ কৰিছিল ৷ শৈশৱতে সেয়ে তেওঁ সংগীতৰ প্রতি গভীৰভাৱে আকৃষ্ট হৈছিল ৷ ককাক নবীনচন্দ্র বৰদলৈও সংগীতানুৰাগী হোৱাৰ সুবাদতে তেওঁলোকৰ ঘৰলৈ অসম আৰু বংগৰ প্রসিদ্ধ সংগীত শিল্পীসকলৰ আগমন হৈছিল৷ প্রায় প্রতি সন্ধিয়া গীত–মাতৰ আসৰ বহিছিল তেওঁলোকৰ ঘৰত ৷ নিতৌ শুনি থকা সুৱদী সুৰবোৰৰ সংশ্রৱত নিষ্চয় তেওঁৰ মনৰ মাজতো সুৰৰ মায়াজাল গোঁঠাত সহায়ক হৈছিল ৷ এনে লাগে যেন মুকুল বৰুৱা জন্মতে সুৰকাৰ হৈহে উপজিছিল ৷ সহজাত প্রতিভাৰে প্রোজ্জ্বল এনে সংগীতকাৰ নিষ্চয় বিৰল ৷ এখন সুৰৰ মৌচাকৰ অক্ষয় ভাণ্ডাৰ স্বৰূপ আছিল সংগীতকাৰ মুকুল বৰুৱা ৷ শ্রোতাই নিষ্চয় ভাবে যে মিঠা সুৰ এটা নিগৰি নিগৰি ওলাই আহি শ্রোতাৰ হূদয়ৰ মণিকোঠত কেনেকৈ বহিব পাৰে তাৰ উত্তৰত তেওঁ মাথোঁ জনাইছে, গীতৰ কথাখিনিৰ অনুভূতি, ৰূপ, ৰং আদি সুৰৰ মাজেদি প্রকাশ কৰিবলৈ যত্ন কৰে ৷ গীতৰ সুৰৰ মাজত গভীৰ কথা বা বাক্যাংশৰ সৈতে এটা পৰিণত সৃষ্টিশীল মনৰ আনন্দময় ক্রিয়া–প্রতিক্রিয়াৰ অনুভূতি লাভ কৰিব পাৰি, ই যেন কথা আৰু সুৰৰ একপ্রকাৰৰ অশৰীৰী ৰমণ ৷ মুকুল বৰুৱাৰ গীতৰ ৰচনা নির্বাচন প্রায়েই সুখদায়ক হয় আৰু যতেই তেওঁ সুৰৰ সৈতে সেই ৰচনাৰ শুভ পৰিণয় ঘটাব পাৰিছে তাতেই একোটা সার্থক গীতৰ জন্ম হৈছে ৷ কেৱল শ্রুতিমধুৰ সুৰেৰেই যে একোটা নিটোল গীতৰ সৃষ্টি নহয়, তাৰ বাবে যে ভাল ৰচনাৰো প্রয়োজন এই কথাটো মুকুল বৰুৱাই জানে৷তফজ্জুল আলি সাধাৰণতে আমি শুনা এনে বহু গীত আছে, যত কথা আৰু সুৰৰ বিসংগতি– তেনে ধৰণৰ গীত বৰ পীডাদায়ক হৈ পৰে ৷ এইগৰাকী বৰেণ্য সংগীতকাৰৰ ক্ষেত্রত কথা আৰু সুৰৰ বিসংগতি কোনো এটা গীততো নাই ৷ বৃন্দ গীত আৰু অর্কেষ্ট্রা ৰচনাতো তেওঁ নিপুণতাৰ পৰিচয় দিছিল ৷

গুৱাহাটীত প্রাথমিক শিক্ষা আৰু হাইসুক্লীয়া শিক্ষা জীৱনৰ অন্ত পেলাই মুকুল বৰুৱা গৈছিল উচ্চ শিক্ষা লাভৰ অর্থে কলিকতালৈ ৷ তাত থকা কালতে তেওঁৰ কলিকতা অনাতাঁৰ কেন্দ্রৰ সৈতে সংযোগ ঘটে৷ সেয়া আছিল অসমত অনাতাঁৰ কেন্দ্র স্থাপন হোৱাৰ পূর্বৰ কথা৷ কলিকতা কেন্দ্রৰ পৰা অসমীয়া অনুষ্ঠানৰ আধাঘণ্টীয়া সম্প্রচাৰত তেওঁ নিয়মীয়া গায়ক হোৱাৰ যোগ্যতা অর্জন কৰিছিল ৷ সেই সময়ত ভাৰতৰ শিক্ষা আৰু সংসৃক্তিৰ প্রাণকেন্দ্র আছিল কলিকতা ৷ কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস, দিলীপ শর্মা প্রমুখ্যে শিল্পীসকলৰ সান্নিধ্য লাভ কৰাৰ সুযোগো পাইছিল তেওঁ ৷ সেই তেতিয়াই অর্থাৎ ১৯৪৮ চনত তেওঁ কলিকতা কেন্দ্রত গায়ক হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ পৰৱৰ্তী  কালত যেতিয়া ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্র প্রতিষ্ঠা হয়, তেতিয়া মুকুল বৰুৱা কলিকতা কেন্দ্রৰ পৰা আহি গুৱাহাটী কেন্দ্রত ষ্টাফ আর্টিষ্ট হিচাপে যোগদান কৰে আৰু নতুন কর্মক্ষেত্রতেই তেওঁৰ সংগীত যাত্রাৰ অসাধাৰণ সৌধ নির্মিত হয় ৷ সংগীতকাৰগৰাকীয়ে আকাশবাণী গুৱাহাটী কেন্দ্রত চাকৰিত নিযুক্ত হৈছিল ১৯৪৮ চনতে ৷ ১৯৮৭ চনলৈকে অৱসৰ লোৱালৈকে সুদীর্ঘ চাৰিটা দশকত সহস্রাধিক গীতত সুৰ আৰোপণ কৰিছিল ৷ সুৰ সংৰচনাৰ ক্ষেত্রত তেওঁ কোনো নির্দিষ্ট ধাৰাক অনুসৰণ নকৰাকৈ নিজৰ যোগ্যতাক গুৰুত্ব দিছিল ৷ তাৰ সুফলো পাইছিল শ্রোতা মণ্ডলীয়ে ৷

গীত ৰচনাৰ ক্ষেত্রত কথা আৰু সুৰক বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে সমান গুৰুত্ব দিছিল ৷ ৰবীন্দ্রনাথৰ ভাষাৰে, মোৰ গীতৰ কবিতাবোৰত বাক্যৰ আসুৰিকতাক মই প্রশ্রয় দিয়া নাই, অর্থাৎ এনেবোৰ ভাৱ, এনেবোৰ কথা মই ব্যৱহাৰ কৰোঁ, যিবোৰে সুৰৰ লগত সমানভাৱে আসন ভাগ কৰি বহিবৰ কাৰণে প্রতীক্ষা কৰে ৷ ডঃ  নির্মলপ্রভা বৰদলৈৰ ভাষাত,  কথা আৰু সুৰৰ সমন্বয়ে গীতক এনে এক সুষমা প্রদান কৰে যে ইয়াৰ আবেদন প্রকাশৰ অতীত হৈ পৰে, কেৱল হূদয়ত অনুভূত হয় এক পৰমানন্দ ৰস ৷ এইগৰাকী কবি–গীতিকাৰে মুকুল বৰুৱাৰ প্রসংগত কৈছিল, মুকুল ককাইদেৱে সদায় ধূপ এডাল লাই হাৰমনিয়ামটো সোঁহাতেৰে চুই মূৰত লগাই প্রণাম কৰে ৷ তাৰ পিছত এক মিনিট মান ধ্যান কৰি সুৰত বহে ৷ ট্ৰেডিচনেল সুৰৰ যেন ভঁৰাল আছিল মুকুল ককাইদেউ ৷ ঐশ্বর্যময় সেই সুৰবোৰৰ পৰা ইটোৰ লগত সিটো বঢ়িয়াকৈ ব্লেণ্ড কৰি মুকুল ককাইদেৱে অভিনৱ সুৰবোৰ দিছিল ৷ মুকুল ককাইদেউৰ লগত প্রতিটো গীতেই একেলগে বহি লিখা ৷ মোক এটি সুৰ কৰি তোলা গীতটোৰ  সুৰ সঞ্চাৰণ কৰাৰ সময়খিনিও আছিল গীতিকাৰগৰাকীৰ বাবে অবিস্মৰণীয় ৷ এই প্রসংগত তেওঁ কৈছে, বর্ষামুখৰ আবেলি এটাত মুকুল ককাইদেউ আৰু মিহিৰ বৰদলৈ আহি মিহিৰ বৰদলৈৰ সুৰৰ শৰাইৰ কাৰণে গীত এটা বিচাৰিছিল৷ তাৰ পিছতে ঘটিছিল এটা আমোদজনক ঘটনা সেই আসৰত উপস্থিত আছিল জ্যোতিনাথ বৰদলৈও,  মুক্তিনাথ শর্মা বৰদলৈৰ পুত্র ৷ সেইদিনা তেনেকৈয়ে গীতিকাৰ আৰু সুৰকাৰ একেলগে বহিছিল ৷ গীতিকাৰ নির্মলপ্রভাই প্রতিটো শাৰী কৈ গৈছিল আৰু সুৰকাৰে এশাৰী এশাৰীকৈ সুৰ দি গৈছিল ৷ সুৰৰ আৱেশত মগ্ণ গীতিকাৰগৰাকীয়ে শুনি গৈছে মন্ত্রমুগ্ধ হৈ গীতৰ শেষৰ অন্তৰাটোতে গায়কৰ লাগিল কেণা, আহা বৰষাৰে আকাশৰে প্লাৱনেৰে আহা সুগভীৰ সাগৰৰে লহৰৰে আকুলতম গতিকে লৈ ক্রমে সুৰ উচ্চৰ পৰা উচ্চতৰলৈ গতি কৰিছে নাই পৰা নাই গায়কে, সুৰকাৰৰ তীক্ষ্ণ বাণ নিক্ষেপ গায়কলৈ নোৱাৰিলে আমুকক  মাতি দিওঁ, তেওঁ গাব নাই চেষ্টা কৰিছে গায়কে, কিন্তু পৰা নাই টানিব ৷ গীতিকাৰৰ বুজনি, পাৰিবা কিয় নোৱাৰিবা অৱশেষত পৰীক্ষাত উত্তীর্ণ হল গায়ক মিহিৰ বৰদলৈ ৷ আৰু এটা কালজয়ী গীত শ্রোতাই লাভ কৰিলে ৷ সার্থক হল গীতিকাৰ–সুৰকাৰ–গ সন্মিলিত প্রচেষ্টা ৷ সেই নিশা প্রফুল্লিত মনেৰে তেওঁলোক ঘৰলৈ ঘূৰি যোৱাৰ বাটত সুৰকাৰ আৰু গায়কজনে সুৰটো পাহৰি যোৱাৰ আশংকাত গীতানগৰৰ পৰা যোৰপুখুৰীৰ পাৰলৈকে গুণগুণাই আহি আছিল মোক এটি সুৰ কৰি তোলা ৷ সেই সুমধুৰ ক্ষণক সুঁৱৰি তেওঁলোকৰ একালৰ সতীর্থ শ্রদ্ধাৰ জ্যোতিনাথ বৰদলৈ যথেষ্ট আৱেগিক হৈ পৰিছিল ৷ বর্তমান নতুন প্রজন্মৰ মাজত এই গীতটো জনপ্রিয় কৰি তুলিছে  অংগৰাগ পাপন মহন্তই ৷ তেওঁৰ সুৰাৰোপিত এই গীতটোত পাষ্চাত্যৰ সুৰৰো ক্ষীণ আভাস এটি ৰিণি ৰিণি ভাহি উঠিছে ৷ গীতটোৰ কথা–সুৰ আৰু কণ্ঠ ইমান একাত্ম হল যে গীতটোৱে আটাইৰে অন্তৰ দকৈ স্পর্শ কৰিলে ৷ ডঃ  নির্মলপ্রভা বৰদলৈঃ জীৱন জীৱন বৰ অনুপম শ্রোতাৰ হূদয় জিনা এই গীতটো উল্লেখ নকৰাকৈ নোৱাৰি

মোক এটি সুৰ কৰি তোলা

তোমাৰ প্রেমেৰে প্রেমেৰে

মোক এপাহ হাঁহি কৰি দিয়া

তোমাৰ নিবিড মায়াৰে৷৷

চুই দিয়া মোক ৰূপৰ কাঠিৰে

চুই দিয়া মোক সোণৰ কাঠিৰে

তোমাৰ মায়াৱী হাতেৰে

অলকানন্দা আজি বৈ যাওক

জীৱন মৰুৰ মাজেৰে৷ ৷

আহা বৰষাৰে, আকাশৰে, প্লাৱনেৰে

প্রতিশ্রুতি এটি হৈ

আহা সুগভীৰ, সাগৰৰে, লহৰৰে

আকুলতম গতিকে লৈ

তীৰ দুটি মোৰ উটি–বুৰি যাওক

অসীম জীৱন বন্যাৰে ৷ ৷

মুকুল বৰুৱাই কেৱল সুৰাৰোপণহে যে কৰিছিল তেনে নহয়, তেওঁ কেইবাটাও সফল গীতৰ গীতিকাৰো৷ শ্যামল মিত্রই কণ্ঠদান কৰা শুকুলা মেঘৰে জাক শীর্ষক ৰেডিৰ যোগেদি প্রচাৰিত হোৱা এই গীতটোৰ সুৰ নিঃসন্দেহে গীতিকাৰগৰাকীৰে ৷ অক্ষয় মহান্তিৰ কণ্ঠত, ভাৰতৰ নুমলী জী, ডঙ্ম ভূপেন হাজৰিকাৰ কণ্ঠত উদং পথাৰৰ উদং মন গীতকেইটাৰ গীতিকাৰো মুকুল বৰুৱা ৷

প্রসিদ্ধ সুৰকাৰজনে গীতৰ কথাংশক সুৰেৰে সজাবলৈ যত্ন কৰোঁতে গীতিকাৰৰ অনুভূতিক উপলব্ধি কৰি ৰং–ৰূপেৰে সজাবলৈ বিচাৰে৷ তেনেদৰে সুৰেৰে সজাই তোলা স্বর্ণোজ্জ্বল একাংশ গীত হল

  • লুইতে নেযাবা, অ লুইত কোঁৱৰ কথাঃ  লীলা গগৈ, কণ্ঠঃ  দীপালী বৰঠাকুৰ ৷
  • সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ মাজত তৃষাৰে নৈ ৷
  •  কথাৰে নহয় বন্ধু  কামত পৰিচয় ৷
  • জীৱন যুঁজত আছে সদায় জয়–পৰাজয় কথাঃ  পুৰুষোত্তম দাস, কণ্ঠঃ  ভূপেন হাজৰিকাঃ এই পাৰে মই নাৱৰ টিঙত গীত ৰচি ৰচি যাওঁ কথা লক্ষহীৰা দাস, কণ্ঠঃ মিহিৰ বৰদলৈ
  • অন্য নামেৰে নামাতিবা, মোৰ নাম আজি সাধনা কথাঃ নির্মলপ্রভা বৰদলৈ, কণ্ঠঃ ৰুণুমী ঠাকুৰ
  • অ ফুল অ ফুল নুফুল কিয় কথাঃ নির্মলপ্রভা বৰদলৈ, কণ্ঠঃ  পাৰবীন চুলতানা
  • অশ্রু সৰে নিৰৱধি, উজাগৰী এই ৰাতি কথাঃ নির্মলপ্রভা বৰদলৈ, কণ্ঠঃ হাচিনা হাজৰিকা
  • আইলৈ যেতিয়া মনত পৰে, দুগালে দুধাৰি অবুজ চকুলো নিজম ৰাতিও সৰে কথাঃ নির্মলপ্রভা  বৰদলৈ, কণ্ঠঃ মনীষা হাজৰিকা
  • ছৈ দিয়া গৰু গাড়ীত কণ্ঠঃ বীণা ভাগৱতী
  • হাতো নেমেলিবি কথাঃ  নির্মলপ্রভা বৰদলৈ, কণ্ঠঃ দীপালী বৰঠাকুৰ
  • স্মৃতিয়ে যেতিয়া আমনি কৰেহি কথাঃ প্রশান্ত কুমাৰ বৰদলৈ, কণ্ঠঃ মালবিকা বৰা

ডঃ লীলা গগৈৰ ৰচনাৰে এটি অতি জনপ্রিয় গীত লাইশ্রাম মেমাৰ কণ্ঠত মুকুল বৰুৱাৰ সুৰেৰে

পৰেবতৰ চাঙতে চাঙতে চাঙতে

বাজিল তুখৰুং

ভৈয়ামত বাজিলে ঢোল

আই মোৰ অসমী পর্বতে ভৈয়ামে

বান্ধে চেনেহৰে ডোল

এই কালজয়ী গীতবোৰৰ সুৰৰ আৰু কথাৰ মাজত একপ্রকাৰৰ আনুভূতিক আনন্দময় উপলব্ধি হয় ৷ সেইদৰে কথা আৰু সুৰৰ অৱগাহনত একোটা সার্থক গীতৰ জন্ম হৈছে ৷ অৱশ্যে সুৰ শ্রুতিমধুৰ হলেই যে গীত এটি নিটোল হব তেনে কথা নহয়, কথাংশও হব লাগিব উন্নতমানৰ ৷ মুকুল বৰুৱাই তেনে উন্নতমানৰ কথাংশহে সুৰ দিয়াৰ বাবে নির্বাচন কৰিছিল ৷ বহুতো ক্ষেত্রত দেখা যায়, কথা আৰু সুৰৰ বিসংগতিৰ ফলত কিছুমান গীত শ্রোতাই হূদয়ংগম কৰিব নোৱাৰে ৷  সঁচা অর্থত মুকুল বৰুৱা সফল সুৰকাৰ হোৱাৰ সিও এক অন্যতম কাৰণ ৷

তেওঁৰ সুৰৰ আৰোপণত কেতিয়াবা যদি শাস্ত্রীয় সংগীতৰ প্রভাৱ পৰিছে, কেতিয়াবা লোকগীতৰ আধাৰত সজোৱা গীতৰ সুৰে প্রচুৰ সমাদৰ লাভ কৰিছে ৷ তেওঁ শাস্ত্রীয় সংগীতৰ শিক্ষা আহৰণ কৰিছিল শান্তি নিকেতনত ৷ তাত শিক্ষা আহৰণৰ কালছোৱাত তেওঁৰ ব্যক্তিত্বয়ো এক সুকীয়া গাম্ভীর্য আয়ত্ত কৰিছিল ৷

কেৱল সুৰকাৰেই নহয় গীতিকাৰ হিচাপেও মুকুল বৰুৱাই স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে৷ ডঃ ভূপেন হাজৰিকাই কণ্ঠদান কৰা এটি বিখ্যাত  গীতৰ স্রষ্টা মুকুল বৰুৱা

আই তোক কিহেৰে পূজিমে

আই তোৰ চৰণে দুখানি

আই অ কিহেৰে পূজিমে তোক

আই অ জীৱন দি পূজিমে তোক ৷

এই গীতটোৰ সুৰত নিষ্চিতভাৱে লোকগীতৰ সুৰৰ প্রভাৱ পৰিছে ৷ এই গীতটোৱে বিশেষভাৱে জনপ্রিয়তা অর্জন কৰাৰ অন্তৰালত এটা ঘটনা জড়িত হৈ আছে ৷  ১৯৭২ চনত মাধ্যম আন্দোলনৰ সময়ত কোনো দুর্বৃত্তৰ হাতত মঙলদৈৰ মোজাম্মিল হক নামৰ ফুলকুমলীয়া ছাত্রজনে মুকুল বৰুৱাৰ এই গীতটি প্রায়েই বেঞ্জুত বজাই পৰিৱেশন কৰিছিল ৷ সেই এটা স্পর্শকাতৰ কাৰণতো গীতটি মানুহৰ মুখে মুখে প্রচলিত হৈছিল৷ অসমীয়া আধুনিক সংগীতৰ ইতিহাসঃ  লোকনাথ গোস্বামী

ৰেডিৰ যোগেদি প্রচাৰিত হোৱা কেইবাখনো সংগীতালেখ্য তেওঁ পৰিচালনা কৰিছিল ৷ মুকুল বৰুৱাই সংগীত পৰিচালনা কৰা অসমীয়া চলচিচত্রকেইখন হল সৰাপাত, তেজীমলা, চাকনৈয়া , কোলাহল আৰু  সোণপখিলী ৷ ১৯৫৬ চনত মুক্তিপ্রাপ্ত আনোৱাৰ হুছেইন পৰিচালিত সৰাপাত চলচিচত্রৰ ছটাকৈ গীতৰে সংগীত পৰিচালনা কৰিছিল মুকুল বৰুৱাই ৷ চলচিচত্রখনত ডঃ  লক্ষহীৰা দাসে গোৱা আৰু ৰচনা কৰা এৰি দিয়া প্রিয় মই যাওঁ, তোমাৰ সুৰে সুৰে গীত গাই যাওঁ শীর্ষক গীতকেইটাৰ উপৰি পূর্বাঞ্চল বাসিনী সোণৰে অসমভূমি, ৰূপে মনোহৰা প্রকৃতিৰে লীলাভূমি,  গুণদা দাসৰ কণ্ঠত সোণৰে পুতলী বাছা মোৰ, গাই যাওঁ দুয়ো ৰচা যত গীত আৰু ডঃ  বীৰেন্দ্রনাথ দত্তৰ কণ্ঠৰ ঘোৰ অমানিশা কিয়নো ওলালি অ  গীতকেইটাৰ গীতিকাৰ আৰু সুৰকাৰ আছিল মুকুল বৰুৱা ৷

আকাশবাণীযোগে প্রচাৰিত মুকুল বৰুৱাই সুৰ আৰোপণ কৰা সমৱেত গীতকেইটাৰ ভিতৰত উল্লেখযোগ্য হল চৈ দিয়া গৰুৰ গাড়ীত কাৰ বিয়া যায়, টোপাটোপে কপালৰ ঘাম যদি নসৰে, জয় জোৱান জয় কিষাণ ইত্যাদি ৷

শিল্পীগৰাকীৰ আন এক বিশেষ প্রতিভা বিকশিত নোহোৱাকৈয়ে থাকি গ’ল ৷ তেওঁ চাকৰি কৰা কালত অনাতাঁৰ কেন্দ্রত নাটক অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ হৈছিল ৷ কেতিয়াবা কোনো পৰিস্থিতিত কোনোবা অভিনয় শিল্পী অনুপস্থিত থাকিলে তেওঁ সেই চৰিত্রটোৰ হুবহু কণ্ঠত অভিনয় কৰিব পাৰিছিল ৷ শ্রোতাই গমেই নাপায় ৷ হয়তো অভিনয় চর্চা কৰা হলে এদিন তেওঁ সফল অভিনেতাই হলহেঁতেন ৷

উল্লেখ্য যে সংগীতকাৰজনৰ সুপুত্র বিপুল বৰুৱাও এগৰাকী প্রতিভাশালী গীতিকাৰ, সুৰকাৰ আৰু গায়ক৷ অনাতাঁৰ কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত গায়ক–গীতিকাৰজনেও সমৃদ্ধ কৰিছে আধুনিক সংগীতৰ ভঁৰাল ৷

আকাশবাণী গুৱাহাটীৰ সংগীত শাখাৰ প্রযোজক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক মুকুল বৰুৱাৰ অভিনৱ খ্যাতি কিন্তু সুৰকাৰ হিচাপেহে অধিক ৷ সুৰ জগতৰ অপ্রতিদ্বন্দ্বী সম্রাটগৰাকী অসমীয়া আধুনিক গীতৰ পৃথিৱীত স্বগৰিমাৰে প্রোজ্জ্বল হৈ থাকিব ৷ ১৯৯৭ চনত এইগৰাকী সুৰ সম্রাটৰ গুৱাহাটীৰ নিজা বাসগৃহত দেহাৱসান হয় ৷ নিঃসন্দেহে অসমৰ মাটি, মানুহ আৰু প্রকৃতিক সুৰেৰে সজাই আধুনিক গীতৰ ভেটিটো সুদৃ কৰি থৈ গল মুকুল বৰুৱাই ৷

লেখাটো যুগুত কৰাত সহায় কৰিলেঃ

জীৱন জীৱন বৰ অনুপমঃ  ডঃ নির্মলপ্রভা বৰদলৈ

অসমীয়া আধুনিক সংগীতৰ ইতিহাসঃ লোকনাথ গোস্বামী

অনিল ভট্টাচার্য তেজপুৰ

জ্যোতিনাথ বৰদলৈ গুৱাহাটী ৷

You might also like
Leave A Reply

Your email address will not be published.