শুকান বতৰৰ ফেচিয়েল 

অজন্তা উপমন্যু

ফাগুন মাহ যিহেতু শুকান আৰু ধূলিময় হয়, লগে লগে ছালত তেল আৰু পানীৰ অভাৱ ঘটি ছাল শুকান হৈ পৰে৷ ছালত থকা তৈল গ্রন্থিবোৰৰ সক্রিয়তা কমি ছালৰ স্বাভাৱিক আর্দ্রতা নোহোৱা হয় ৷ ছালত মৃতকোষৰ তৰপ বান্ধি ছালৰ উজ্জ্বলতা কমি লেতেৰা আৰু কলা পৰা যেন লাগে ৷ কেতিয়াবা বেছি গৰম পানী ব্যৱহাৰ কৰিলে নাইবা বেছি জুইৰ সেক ললেও ছাল ৰুক্ষ আৰু অনুজ্জ্বল হৈ পৰে ৷ অৱশ্যে দৈনিক কিছুসময় ৰাহি কৰি ছালৰ প্রয়োজনীয় পৰিচর্যা কৰিলে ছালৰ স্বাভাৱিক সৌন্দর্য অটুট থাকে ৷ লগতে সুসন্তুলিত খাদ্যাভাষেও শুকান বতৰতো ছাল ধুনীয়া কৰি ৰাখে ৷ কেতিয়াবা দেখা যায় দৈনন্দিন অতি ব্যস্ততাৰ বাবে পার্লাৰলৈ গৈ ফেচিয়েল আদি কৰাবলৈ সময়ৰ অভাৱ হৈ পৰে ৷ তেনে ক্ষেত্রত ঘৰতেই যিকোনো সময়তেহ সহজতে পোৱা ঘৰুৱা সামগ্রীৰে নিজেই ফেচিয়েল কৰি লব পাৰি ৷ 

  •  প্রথমে ছালখন কেঁচা গাখীৰেৰে পৰিষ্কাৰ কৰি লব লাগে ৷ এটুকুৰা কপাহ গাখীৰত তিয়াই সমগ্র মুখমণ্ডল আৰু ডিঙি পৰিষ্কাৰ কৰি লব লাগে ৷ 
  •  এখন কোমল টাৱেল কুহুমীয়া গৰম পানীত তিয়াহ সামান্য চেপি মুখৰ ওপৰত কিছুসময় মেলি ৰাখিব লাগে ৷ ইয়াৰ ফলত ছালত থকা পর্চ Pores)বোৰ মেল খায় আৰু সহজতে ছালত থকা ব্লেক হেড্চ (Black heads)বোৰ উলিয়াই পেলাব পাৰি ৷ 
  •  এচামুচ কফী পাউডাৰত এচামুচ মৌ মিহলাই মুখত লগাই আঙুলিৰ আগেৰে ঘূৰাই ঘূৰাই লাহে লাহে মালিচ কৰিব লাগে ৷ কফীত থকা কেফেইন নামৰ পদার্থবিধে ছাল উজ্জ্বল কৰে লগতে ছালৰ মৃতকোষ আঁতৰ কৰে ৷ এতিয়া সাধাৰণ পানীৰে মুখ ধুই পেলাব লাগে ৷ 
  •  এতিয়া মালিচৰ বাবে এচামুচ মৌৰ লগত এচামুচ অলিভ অহল নাইবা এলমণ্ড অহল নাহবা বিশুদ্ধ নাৰিকল তেল মিহলাই লাহে লাহে পোন্ধ । বিশ মিনিট সময় মালিচ কৰিব লাগে ৷ মনত ৰাখিব লাগে যাতে মালিচ সদায় ওপৰৰ দিশে হয় ৷ মৌ যিহেতু এণ্টিক্সিডেণ্ট পদার্থ ইয়াৰ ব্যৱহাৰে ছাল উজ্জ্বল কৰে ৷ তৈলাক্ত ছালত তেলৰ সলনি প্রাকৃতিক এলভেৰাৰ বিজলুৱা অংশ লব পাৰে৷ মালিচৰ অন্তত তিতা কপাহেৰে মুখ পৰিষ্কাৰ কৰি পেলাব লাগে ৷ 
  •  এচামুচ হালধি গুড়ি নাইবা কেঁচা হালধি পিহি লগত এচামুচ মৌ মিহলাই সমগ্র মুখমণ্ডল আৰু ডিঙিত পেক হিচাপে লগাই পোন্ধ/বিশ মিনিট ৰাখিব লাগে৷ হালধিত থকা ঔষধি গুণে ছালৰ নানান সমস্যা যেনে একনে, পিমপলচ্, ব্লেক হেড্চ, হোৱাহট হেড্চ আদি নোহোৱা কৰি ছাল নিমজ আৰু উজ্জ্বল কৰে ৷ হালধি এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাচ পদার্থ৷ হয়াক সঘনাই ব্যৱহাৰ কৰিলেও ছালৰ একো ক্ষতি নকৰে আৰু হয়াক সকলো ধৰণৰ ছালতেই ব্যৱহাৰ কৰিব পাৰি ৷ এতিয়া পেক আঁতৰাই মুখখন পানীৰে ভালদৰে পৰিষ্কাৰ কৰি ছালৰ প্রয়োজনীয় মহশ্বৰাহজাৰ লগাব লাগে ৷ এই ফেচিয়েল সপ্তাহত অন্ততঃ দুবাৰ কৰিলে ছাল উজ্জ্বল, মিহি আৰু মোলায়েম হৈ পৰিব ৷ 

ছালৰ পৰিচর্যাৰ লগতে কম পৰিমাণৰ তেল মচলাযুক্ত সুষম আহাৰ, বতৰৰ ফল, টেঙা, তিতা, শাকপাচলি, চালাদ, ফলৰ ৰস আৰু পানী পর্যাপ্ত পৰিমাণে খাব লাগে ৷

You might also like
Leave A Reply

Your email address will not be published.