ফলমূলৰ বাকলিৰে সৌন্দর্য চর্চা

গীতাশ্রী হাতীবৰুৱা

ফলমূলৰ বাকলিও আপোনাৰমোৰ সৌন্দর্য চর্চাৰ সামগ্রী হব পাৰে, কেনেকৈ জানো আহক৷ দৈনন্দিন জীৱনত আমি খাদ্যৰ তালিকাত যিকোনো ফল ৰাখোৱেহ নহয় জানো৷ এই ফল আমি খোৱাৰ উপৰি ছালচুলিৰ সৌন্দর্য সাধনাতো ব্যৱহাৰ কৰোঁ৷ আমি তাৰ আগতে ফলটোৰ বাকলিটো এৰুৱাই লওঁ আৰু বাকলিটো পেলাই দিওঁ৷ এতিয়াৰ পৰা এই বাকলি পেলাই নিদি বিভিন্ন ধৰণে সৌন্দর্য চর্চাত ব্যৱহাৰ কৰোঁ আহক৷

প্রথমেই জানো আহক কমলা টেঙাৰ বাকলি কেনেকৈ আৰু কি কি ধৰণেৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ কমলা টেঙাৰ বাকলি ৰদত শুকুৱাই ভালকৈ গুড়ি কৰি এটা এয়াৰ টাইট কণ্টেইনাৰত ভৰাই থলে বহু দিনলৈ ভালে থাকে ৷ যেতিয়া প্রয়োজন হয় উলিয়াই ব্যৱহাৰ কৰিলেই হল ৷

যিসকলৰ ছালখন খুব শুকান আৰু অলপো উজ্জ্বলতা নাথাকে, তেওঁলোকে কমলা বাকলিৰ গুড়িৰ লগত দৈ আৰু মৌ মিলাই মুখত লগালে সুফল পাব ৷ এই পেকটো দহ বা পোন্ধৰ মিনিট ৰখাৰ পিছত ধুই পেলাব ৷ মুখৰ উপৰি ডিঙি আৰু হাততো লগাব পাৰে৷ সপ্তাহত অতিকমেও দুই বা তিনি দিন লগাব ৷

কমলা বাকলিৰ গুড়িৰ লগত মৌ, গোলাপ জল আৰু দৈ মিহলাই স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ বজাৰৰ পৰা কিনা স্কার্বতকৈ বহুগুণে উত্তম ৷

এতিয়া যিহেতুকে গৰমৰ দিন আৰু এই দিনকেইটাত আমি নেমুৰ চৰবত খাওঁ আৰু তাৰ বাকলি পেলাহ দিওঁ৷ বাকলিখিনি পেলাই নিদি মিক্সিত পেষ্ট বনাই তাৰ লগত চেনি আৰু এক চামুচ অলিভ অইল লগাই হাত দুখনত লগাই লাহে লাহে মালিচ কৰি ধুই পেলাব ৷ মন কৰিব আপোনাৰ হাত দুখন একেদিনাই নিমজ হৈছে ৷

নেমু বাকলি সৰু সৰুকৈ কাটি গা ধোৱা পানীখিনিত আধা ঘণ্টা  মানৰ আগতে তিয়াই থৈ সেই পানীৰে গা ধুলে গাৰ পৰা ওলোৱা দুর্গন্ধ দূৰ কৰে আৰু নিজকে সতেজতা অনুভৱ হব ৷

কলৰ বাকলিটো পিচি তাৰ লগত বেচন আৰু দৈ মিহলাই ফেচমাক্স হিচাপে লগাব পাৰি ৷

কলৰ বাকলিৰ ভিতৰ ফালটোত আধা চামুচ চেনি একেবাৰে মিহিটো নাউবা পিচি লব লৈ স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

আৰু বহুত এনেকুবা ফল আছে যাৰ বাকলি সৌন্দর্য সাধনত ব্যৱহাৰ কৰিব পাৰি ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.