ফার্মাচী পাঠ্যক্রম

ডঃ বুলজিৎ বুুাগোহাঁই

ফার্মাচী পাঠ্যক্রম পঢ়ি শিক্ষার্থীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে ৷ ফার্মাচী পাঠ্যক্রমক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষার্থীগৰাকীয়ে এই বিষয়ত ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, পিএইচডি আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷

ফার্মাচীৰ স্নাতক আৰু ডিপ্লমা পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা চূড়ান্ত পৰীক্ষাত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান বা গণিত আৰু ইৰাজী বিষয়ৰ সৈতে উত্তীর্ণ হব লাগে ৷ ফার্মাচীৰ স্নাতকৰ তৃতীয় ষান্মাসিক লেটাৰেল এণ্ড্রীত নামভর্তিৰ বাবে ফার্মাচী আইনৰ ১২নং ধাৰাত ভাৰতীয় ফার্মাচী পৰিষদৰ দ্বাৰা অনুমোদিত প্রতিষ্ঠানৰ পৰা ডি ফার্ম পাঠ্যক্রমত উত্তীর্ণ হব লাগে ৷

ফার্মাচীৰ স্নাতক ডিগ্রীৰ পাঠ্যক্রম(B. Pharm.) পঢ়াৰ সুবিধা থকা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হলঃ  ডিব্রুগড বিশ্ববিদ্যালয় আৰু ইয়াত আসনৰ সংখ্যা ৫০খন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ, গুৱাহাটী আৰু ইয়াত আসনৰ সংখ্যা ১০০খন, অসম বিশ্ববিদ্যালয় আৰু ইয়াত আসনৰ সংখ্যা ৫০খন , অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু ইয়াত আসনৰ সংখ্যা ১০০খন, এন ই এফ কলেজ অৱ ফার্মাচী আৰু হয়াত আসনৰ সংখ্যা ১০০খন, ৰয়েল স্কুল অৱ ফার্মাচী আদি ৷

ফার্মাচীৰ ডিপ্লমা পাঠ্যক্রম(D.Pharm.) পঢ়াৰ সুবিধা থকা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হলঃ  ইনষ্টিটিউট অৱ ফার্মাচী, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড় আৰু ইয়াত আসনৰ সংখ্যা ১০০খন, ইনষ্টিটিউট অৱ ফার্মাচী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, ইনষ্টিটিউট অৱ ফার্মাচী, শিলচৰ চিকিৎসা মহাবিদ্যালয়, ইয়াত আসনৰ সংখ্যা ৬০খন, ক্রেছেণ্ঢ এডুকেচনেল ড্রাষ্ট আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ, গুৱাহাটী আৰু হয়াত আসনৰ সংখ্যা ৬০খন, হাম এ কে কলেজ অৱ ফার্মাচী ডেণ্ঢেল এণ্ড মেডিকেল ছায়েঞ্চ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, হুদা গ্রুপ অৱ ইনষ্টিটিউচন আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, জে বি ইনষ্টিটিউট অৱ ফার্মাচী আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, নেফ কলেজ অৱ ফার্মাচী আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, নেটেছ ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, প্রতীক্ষা ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ আৰু হয়াত আসনৰ সংখ্যা ৬০খন, ৰহমান ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ এণ্ড ৰিছার্চ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, আল্লামা টি আৰ কলেজ অৱ ফার্মাচী আৰু হয়াত আসনৰ সংখ্যা ৬০খন, আছাম ফার্মাচী ইনষ্টিটিউট আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ তেজপুৰ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, গোৱালপাৰা ফার্মাচী ইনষ্টিটিউট আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, নেফ কলেজ অৱ ফার্মাচিউটিকেল এডুকেচন এণ্ড ৰিছার্চ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, নেপেডছ কলেজ অৱ ফার্মাচিউটিকেল ছায়েঞ্চ আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, ৰিজনেল কলেজ অৱ ফার্মাচিউটিকেল ছায়েঞ্চ আৰু হয়াত আসনৰ সংখ্যা ৬০খন, ৰয়েল স্কুল অৱ ফার্মাচী আৰু ইয়াত আসনৰ সংখ্যা ৬০খন, স্কুল অফ ফার্মাচী দ্য আছাম কাজিৰঙা ইউনিভার্ছিটী আৰু ইয়াত আসনৰ সংখ্যা ৬০খন আদি ৷

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ফার্মাচীৰ স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্রম(M.Pharm.) পঢ়াৰ সুবিধা আছে ৷ ডিব্রুগড় বিশ্ববিদ্যালয়, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েঞ্চ, গুৱাহাটী আৰু নিপাৰ, গুৱাহাটীত ফার্মাচীৰ স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্রম(M.Pharm.) আৰু পিএইচডি পঢ়াৰ সুবিধা আছে ৷

অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানবোৰ জানিবৰ বাবে শিক্ষার্থীসকলে ভাৰতীয় ফার্মাচী পৰিষদৰ হল ৱেবছাইট( www.pci.nic.in)ত চাব পাৰে ৷

এই শিক্ষানুষ্ঠানবোৰত ফার্মাচীৰ বিভিন্ন পাঠ্যক্রম ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, পিএইচডিআদিত নামভর্তিৰ প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় ৷ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ৷

ফার্মাচীৰ  স্নাতকোত্তৰ পাঠ্যক্রমত নামভর্তিৰ বাবেGRADUATE PHARMACY APTITUDE TEST (GPAT) নামৰ এটা সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় আৰু পৰীক্ষাৰ সবিশেষ জানিবৰ বাবে আগ্রহী শিক্ষার্থীয়ে নেচনেল টেষ্ট এজেঞ্চীৰ(National Testing Agency, NTA) ৱেবছাইট(https://gpat.nta.nic.in) চাব পাৰে ৷

ফার্মাচীৰ বিভিন্ন পাঠ্যক্রমত ভাৰতৰ যিকোনো শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা, ডিগ্রীৰ মর্যাদ/ব্যৱস্থা, স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি লব লাগে ৷ এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদসংস্থা আদিৰ ৱেবছাইটৰ পৰা লাভ কৰিব পাৰি ৷ যেনেভাৰতীয় ফার্মাচী পৰিষদ(www.pci.nic.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(www.aicte-india.org) আদি ৷

ফার্মাচীৰ শিক্ষাগত অর্হতা ওপৰত ভিত্তি কৰি চৰকাৰীবেচৰকাৰী বিভিন্ন খণ্ডত বিভিন্ন পদ, যেনেফার্মাচিষ্ট(Pharmacist), মেডিকেল ৰিপ্রিজেণ্ঢটেটিভ(Medical Representative), মার্কেটিং ছেলছ মেনেজাৰ(Marketing sales manager), ড্রাগ্ ইন্সপেক্টৰ(Drug inspector), ড্রাগ্ কণ্ড্রলাৰ(Drug controller), ড্রাগ্ থেৰাপিষ্ট(Drug Therapist), হাস্পতাল ড্রাগ কোর্ডিনেটৰ(Hospital Drug Coordinator), হেল্থ ইন্সপেক্টৰ(Health Inspector) আদি হিচাপে নিযুক্তি লাভ কৰিব পাৰে ৷ ইয়াৰ উপৰি মহাবিদ্যালয/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷ ফার্মচিষ্টসকলে নিজাকৈ দৰবৰ দোকান খুলি স্বাধীন ব্যৱসায়ী হব পাৰে৷ সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷ ফার্মাচিটিকেল ছায়েঞ্চ গৱেষণাও এটা কেৰিয়াৰ হব পাৰে৷

শিক্ষাগত অর্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া কেইটামান ফার্মাচীৰ কোম্পানী হল ছান ফার্মাচিউটিকেলছ ইণ্ডাষ্ট্রিজ লিমিটেড(https://sunpharma.com), এবট ইণ্ডিয়া লিমিটেড(https://www.abbott.co.in), অৰবিন্দ ফার্মা লিমিটেড(https://www.aurobindo.com), চিপলা লিমিটেড(https://www.cipla.com), ডাঃ ৰেড্ডীৰ লেবৰেটৰী(https://www.drreddys.com), লুপিন লিমিটেড (https://www.lupin.com), মেনকাইণ্ড ফার্মা লিমিটেড(https://www.mankindpharma.com), টৰেণ্ঢ ফার্মাচিউটিকেলছ লিমিটেড(https://www.torrentpharma.com) আদি ৷

ফোনঃ  ৯৪৩৫১৮৮৬৩০

You might also like
Leave A Reply

Your email address will not be published.