নিজৰ প্রতি অৱহেলা বিপদজ্জনক

ৰীণা দেৱী

 প্রায়ে দেখা যায় যে ঘৰ সংসাৰৰ এশ এটা কামত ব্যস্ত থাকি মহিলাসকলে নিজৰ দেহাটোৰ যত্ন লবলৈ পাহৰে অথবা নিজক অৱহেলা কৰি আহে, যি কাৰণত তেওঁলোক বিভিন্ন ভয়ানক ৰোগৰ চিকাৰ হয় ৷ কেৱল এয়ে নহয়, শৰীৰত কোনো ৰোগৰ লক্ষণ স্পষ্ট হোৱাৰ সংকেত দিয়াৰ পিছত শৰীৰলৈ অহা পৰিৱর্তনকো তেওঁলোকে গুৰুত্ব নিদিয়ে, যাৰ ফলত নানা সমস্যাৰ মুখামুখি হবলগীয়া হয় ৷ সেই হেতু মহিলাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্রত সতর্কতা অৱলম্বন কৰা আৱশ্যক ৷ জানো আহক কোনবোৰ এনে সংকেত, যাৰ যোগেদি আমাৰ শৰীৰে বাৰে বাবে সকীয়নি দিয়ে ৷

  •  মূৰ ঘূৰণি ঃ

বহু সময়ত মূৰ ঘূৰোৱাটো এটা সাধাৰণ সমস্যা ৷ কিন্তু কেতিয়াবা শৰীৰত হৰমনজনিত সমস্যা বা ৰক্তচাপ কম বা বেছি হোৱাটোও ইয়াৰ প্রধান কাৰণ হব পাৰে ৷ এমিনিয়াৰ সমস্যা হলে অথবা শৰীৰত পানীৰ অভাৱ হলেও মূৰ ঘূৰাব পাৰে ৷ যদি এই সমস্যা সঘনাই হৈ থাকে, তেতিয়াহলে তৎক্ষণাৎ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে ৷

  •  ভাগৰ অনুভৱ কৰা ঃ

চিকিৎসকৰ মতে দিনটো দৌৰা–ঢপৰা কৰি কাম–কাজৰ মাজত অধিক ব্যস্ত থাকিব লগা হোৱাত এটা সময়ত ভাগৰ লগাটো তেনেই স্বাভাৱিক ৷ কিন্তু এই ভাগৰুৱা ভাব যদি সুনিদ্রাৰ পিছত, আৰাম কৰাৰ পিছত আৰু চাহ বা কফী পি উঠাৰ পিছতো নকমে, তেন্তে ই হূদযন্ত্র সম্বন্ধীয় সমস্যা, উচ্চ ৰক্তচাপ, এনিমিয়া, থাইৰয়ড বা লিভাৰৰ সমস্যাৰ কাৰণে হব পাৰে ৷ এই সমস্যাটোৰ প্রতি যদি আৰম্ভণিতে ধ্যান দিয়া নহয়, তেতিয়া ই গম্ভীৰ ৰূপ ধাৰণ কৰিব পাৰে ৷ সেয়ে শীঘ্রে পৰীক্ষা কৰোৱাৰ প্রয়োজন ৷

  • মাংসপেশীৰ বিষঃ

অত্যধিক ব্যস্ততা বা যন্ত্রসদৃশ জীৱন যাত্রাৰ হেতু মাংসপেশীত বিষ অনুভৱ কৰাটো স্বাভাৱিক কথা ৷ মাংসপেশীৰ বিষ যিকোনো বয়সৰ ব্যক্তিৰেই হব পাৰে ৷ কিন্তু আজিকালি ত্রিশ–চল্লিশ বছৰ বয়সৰ ব্যক্তিৰ মাজত এই সমস্যা দ্রুতগতিত বাঢ়িব ধৰিছে ৷ চাকৰিয়াল যুৱতীসকল এই সমস্যাত আক্রান্ত হোৱাৰ হেতু তেওঁলোকৰ কার্যক্ষমতা লোপ পাব ধৰে ৷ এনেস্থলত প্রথমতে ফিজিথেৰাপিষ্টৰ পৰামর্শ লওক৷ যদি তেওঁ আপোনাক চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিবলৈ কয়, তেন্তে পলম নকৰি যোগাযোগ কৰক ৷

  •  কঁকালৰ বিষঃ

যিকোনো কাৰণত আঘাত পালে বা ভুল পদ্ধতিৰে ব্যায়াম কৰিলে কঁকালৰ বিষ হব পাৰে ৷ শৰীৰত চর্বিৰ মাত্রা বাঢ়িলে, হাড়বোৰ দুর্বল হলে, হতাশগ্রস্ত হলে, ত্রুটিপূর্ণ শাৰীৰিক ভংগিমাৰে টান বিছনাত শুলেও এনে হব পাৰে ৷ যদি সঘনে বিষ অনুভৱ কৰে, তেতিয়াহলে ইয়াৰ কাৰণ জনাৰ বাবে চিকিৎসকৰ ওচৰ চাপিব লাগে ৷

  •  মূৰৰ বিষ ঃ

মূৰৰ বিষ কেৱল ৰোগগ্রস্ত হলেই নহয়, অন্য বহু কাৰণতো হব পাৰে ৷ যেনে টোপনি ক্ষতি হলে, সঠিক চছমাৰ ব্যৱহাৰ নকৰিলে, হতাশগ্রস্ত হলে, অতিমাত্রা হুলস্থূলীয়া স্থানত সময় অতিবাহিত কৰিলে অথবা চুলিকোছা টানি বান্ধিলে হব পাৰে ৷ কাৰণ যিয়েই হওক, চিকিৎসকৰ পৰামর্শ লোৱা দৰকাৰ ৷ ই মাইগ্রেনৰ কাৰণো হব পাৰে ৷

  •  অত্যধিক খজুৱতিঃ

কেতিয়াবা কিছু সময়ৰ কাৰণে এলার্জি বা খজুৱতি হোৱাটো চিন্তা কৰিবলগীয়া বিষয় নহয় ৷ কিন্তু যদি অধিক খজুৱতি হয়, তেতিয়া চিকিৎসকৰ পৰামর্শ লওক৷ বহু সময়ত যকৃতৰ স্বাস্থ্যৰ অৱনতিৰ ফলতো এনেকুৱা হব পাৰে৷

  •  সঘনাই হোৱা ৰঃ

প্রায়ে ৰ হৈ থকাটো কোনো গম্ভীৰ ৰোগৰ সংকেতো হব পাৰে ৷ উদাহৰণস্বৰূপে টাইফয়েড, হেপাটাইটিছ বি, জণ্ডিচ, মেলেৰিয়া, ডেংগু, লিভাৰ নষ্ট হব ধৰা ইত্যাদি ৷ যদি আপুনি সঘনাই হৈ থকা ৰৰ প্রতি ধ্যান নিদিয়ে, তেন্তে ই ঘাতক ৰূপ ধাৰণ কৰিব পাৰে ৷

  •  ওঁঠৰ বৰণ সলনি হোৱাঃ

যদি আপোনাৰ ওঁঠযুৰিৰ বৰণ হঠাতে সলনি হব ধৰিছে বা নীলা–কলা দাগৰ সৃষ্টি হোৱা দেখিছে তেতিয়াহলে পৰীক্ষা কৰাওক ৷ ওঁঠৰ বৰণ অকস্মাৎ সলনি হোৱাটো কোনো ভয়ানক ৰোগৰ সংকেত হব পাৰে ৷

  •  প্রস্রাৱৰ হালধীয়া বৰণঃ

শৰীৰটো ঠিকমতে হাইড্রেট হলে প্রস্রাৱৰ বৰণ পৰিষ্কাৰ হয় ৷ কিন্তু হালধীয়া বৰণৰ প্রস্রাৱ হোৱাৰ কাৰণ হৈছে পনীয়া পদার্থ কম মাত্রাত সেৱন কৰা ৷ যদি শৰীৰৰ যত্ন লোৱাৰ পিছতো সমস্যাটো নকমে ৷ তেনেহলে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ শীঘ্রে চিকিৎসকৰ কাষ চাপক ৷

  •  নাকৰ শব্দ বাঢ়ি যোৱাঃ

উশাহ লওঁতে কিবা কাৰণত কষ্ট পালে বা শুই থকা অৱস্থাত নাকৰ শব্দ হব পাৰে ৷ সাধাৰণভাৱে নাকৰ শব্দ প্রায় সকলোৰে হয় ৷ কিন্তু নাকৰ শব্দ যদি ক্রমে বাঢ়ি আহে, তেতিয়া ই কোনো বিশেষ ৰোগৰ লক্ষণ হব পাৰে ৷ এই সম্পর্কত চিকিৎসকৰ সৈতে কথাষাৰ আলোচনা কৰক ৷

  •  নিজে কিছু যত্ন লওকঃ
  • চিকিৎসকে কয় যে স্বাস্থ্য ৰক্ষাৰ প্রতি ব্যক্তি সচেতন হোৱা আৱশ্যক৷ সাধাৰণ বুলি ৰোগক অৱহেলা কৰা উচিত নহয়৷ এই সুযোগতে আৰু কিছু কথা জানি লওঁ আহক, যিয়ে বহু গম্ভীৰ ৰোগৰ পৰা বচাব পাৰে৷

† ব্যায়াম, প্রাণায়াম বা মেডিটেচন কৰা দৰকাৰ ৷

† খাদ্য আৰু খাদ্য প্রণালীলৈ পৰিৱর্তন আনক ৷

† নিচাকাৰক দ্রব্য সেৱন নকৰিব ৷

† সুনিদ্রাৰ দিহা কৰক ৷

† শৰীৰটোৰ পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি ধ্যান ৰাখক ৷

† প্রচুৰ মাত্রাত পানী পিব৷ ফিকা চাহ, নাৰিকলৰ পানী বা গ্রীন জুচ ইত্যাদি পিব ৷

† কার্বহাইড্রেট আৰু পুষ্টিসাধক খাদ্য সঠিক মাত্রাত খাব আৰু কেলচিয়ামযুক্ত আহাৰ গ্রহণত গুৰুত্ব দিব ৷

† উদ্বিগ্ণতামুক্ত হওক ৷ ধনাত্মক চিন্তা–চর্চা কৰক ৷

† যিমানদূৰ সম্ভৱ খোজ কাাক ৷ লিফটৰ পৰিৱর্তে খটখটিৰে উঠা–নমা কৰক ৷

† আজিকালি মহিলাসকলৰ মাজত স্তন কেঞ্চাৰ দ্রুতগতিত বাঢ়িব ধৰিছে ৷ এই কাৰণত আপুনি স্তনযুগল নিজে পৰীক্ষা কৰক আৰু স্তন কেঞ্চাৰৰ কিবা লক্ষণ দেখিছে নেকি চাওক ৷ প্রয়োজনত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক ৷

ফোন ঃ ৯৬৭৮৯-৬৪২৫০

You might also like
Leave A Reply

Your email address will not be published.