আইনৰ পাঠ্যক্রম

ডঃ বুলজিৎ বুুাগোহাঁই

এগৰাকী উকীল হবলৈ আগ্রহী শিক্ষার্থীগৰাকী আইন বিষয়ত স্নাতক ডিগ্রীধাৰী হব লাগে ৷ তিনি বছৰীয়া আহন স্নাতক(LLB) পাঠ্যক্রমত নামভর্তিৰ বাবে শিক্ষার্থীগৰাকী যিকোনো বিষয়ত স্নাতক ডিগ্রীধাৰী হব লাগে ৷ পাঁচ বছৰীয়া আইন পাঠ্যক্রমত নামভর্তিৰ বাবে শিক্ষার্থীগৰাকী যিকোনো বিষয়সহ দ্বাদশ  শ্রেণী উত্তীর্ণ হব লাগে ৷ বেছিভাগ শিক্ষানুষ্ঠানত পাঁচ বছৰীয়া আইন পাঠ্যক্রমত নামভর্তিৰ বাবে দ্বাদশ শ্রেণীত ৫০% অথবা ৫৫% নম্বৰ পাব লাগে ৷ বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষাৰ জৰিয়তে প্রার্থীৰ নির্বাচন কৰা হয় ৷ বাছনি পৰীক্ষাত ইংৰাজী ভাষা(English Language), সাধাৰণ জ্ঞানকে ধৰি সাম্প্রতিক পৰিস্থিতি(Current Affairs, including General Knowledge), আহনী যুক্তি(Legal Reasoning), যুক্তিসংগত যুত্তি (Logical Reasoning), পৰিমাণগত কৌশল(Quantitative Techniques) আদি বিষয় সামৰি লয় ৷ পাঁচ বছৰীয়া আইন পাঠ্যক্রমত নামভর্তিৰ বাবে এটা উল্লেখযোগ্য বাছনি পৰীক্ষাৰ নাম  হল কমন ল এডমিছন টেষ্ট(Common Law Admission Test চমুকৈ CLAT , https://consortiumofnlus.ac.in) ৷ আইন বিষয়ত  স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্রমও কৰিব পাৰি ৷

আইনৰ বিভিন্ন বিশেষ বিষয়বোৰৰ কিছুমান হল এডমিনিষ্ট্রেইচন  ল, বিজিনেচ ল, চিভিল ল, ক্রিমিনেল ল, চাইবাৰ ল, কনষ্টিটিউচনেল ল, কর্পোৰেট ল, ফেমিলি ল,  হিউমেন ৰাইট্চ্ ল, লেবাৰ ল, ৰিল  ইষ্টেট ল টেক্স ল, এনভায়নমেণ্ঢ ল, মেডিকেল ল এণ্ড ইথিক্স,  ইণ্ঢেলেকচুৱেল প্রপার্টি পেটেণ্ঢ  ল, ইণ্ঢাৰনেচনেল ল ইত্যাদি ৷

এজন সফল আইনবিদ হবলৈ পুথিগত জ্ঞানৰ লগতে ব্যৱহাৰিক জ্ঞান যথেষ্ট থকা দৰকাৰ ৷ এগৰাকী আইনবিদৰ থাকিব লগা গুণবোৰ কিছুমান হল ধৈর্য, সকলো শ্রেণী মানুহৰ লগত কথা পাতিব পৰা দক্ষতা, যুক্তি প্রদর্শনৰ ধৰণ আকর্ষণীয়, উপস্থিত বুদ্ধি, একনিষ্ঠা, সুন্দৰ কথন তথা প্রকাশভংগী, ভাল যোগাযোগ দক্ষতা, কষ্ট কৰাৰ মানসিকতা আদি গুণ থকা প্রয়োজন ৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আইনৰ শিক্ষা গ্রহণ কৰিব পৰা কেইবাখনো শিক্ষানুষ্ঠান আছে ৷ আইনৰ পাঠ্যক্রম আগবেোৱা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হল নেচনেল ল ইউনিভাৰছিটী এণ্ড জুডিচিয়েল একাডেমী, অসম (http://www.nluassam.ac.in ) , ডিব্রুগড বিশ্ববিদ্যালয়(http://www.dibru.ac.in), গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in), অসম বিশ্ববিদ্যালয় (www.aus.ac.in),  জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয় (https://jblawcollegeguwahati.com), যোৰহাট আইন মহাবিদ্যালয় (http://www.jorhatlawcollege.edu.in), দিছপুৰ আইন মহাবিদ্যালয়(http://www.dispurlawcollege.org), ধুবুৰী আইন মহাবিদ্যালয়(http://www.dhubrilawcollege.in), বিষুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়(http://brmgovtlawcollegeghy.org), গোলাঘাট আইন মহাবিদ্যালয়(https://golaghatlawcollege.org.in) আদি ৷

তেজপুৰ বিশ্ববিদ্যালয়(http://www.tezu.ernet.in)ত আইন বিষয়ৰ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫খন আৰু এই পাঠ্যক্রমত নামভর্তিৰ বাবে শিক্ষাগত অর্হতা হল আইনৰ স্নাতক(LLB) পাঠ্যক্রমত অতি কমেও ৫০% নম্বৰৰ সৈতে উত্তীর্ণ হব লাগে ৷ এই পাঠ্যক্রমত নামভর্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে নির্ধাৰণ কৰা নিয়মাৱলীৰ ভিত্তিত হয় ৷ তেজপুৰ বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ পাঠ্যক্রমত আগবেোৱা আহনৰ বিশেষ বিষয় দুটা হল ১ অপৰাধ বিজ্ঞান আৰু অপৰাধ আইন( Criminology and Criminal Law) আৰু ২ মানৱ অধিকাৰ, আন্তঃৰাষ্ট্রীয় মানৱীয় আইন আৰু প্রব্রজনকাৰীৰ সৈতে জড়িত আইন(Human Rights, International Humanitarian Law and Law Relating to Migrants) ৷

শিক্ষানুষ্ঠানবোৰৰত আহনৰ পাঠ্যক্রমত নামভর্তি কৰিবৰ বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ৷ লগতে নামভর্তি বাবে বিজ্ঞাপন বাতৰিকাকতত প্রকাশ হয় ৷

অসম তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত আহনৰ বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ কৰাৰ পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা–ডিগ্রীৰ মর্যাদা–ব্যৱস্থা–স্বী মর্যাদা আদিৰ বিষয়ে জানি লব লাগে ৷ এই তথ্যবোৰৰ ভাৰতীয় বাৰ পৰিষদ(http://www.barcouncilofindia.org)ৰ ৱেবছাইটৰ পৰা শিক্ষার্থীসকলে লাভ কৰিব পাৰে ৷

আইন বিষয়ত স্নাতকোত্তৰ, এম ফিল আৰু পি এইচ ডি পাঠ্যক্রমো অধ্যয়ন কৰিব পাৰে৷ আইন বিষয়ত শিক্ষা গ্রহণ কৰি শিক্ষার্থীগৰাকীয়ে আদালতত ওকালতি কৰা বাহিৰেও বিভিন্ন ধৰণৰ কেৰিয়াৰৰ সুবিধা আছে ৷ আইন বিষয়ত স্নাতক পাঠ্যক্রম সম্পূর্ণ কৰি ইণ্ডিয়ান জুডিচিয়েল ছার্ভিচ আৰু অসম জুডিচিয়েল ছার্ভিচ পদত নিযুক্তি পাব পাৰি ৷ ইয়াৰ উপৰি বিভিন্ন চৰকাৰী বিভাগ, বিভিন্ন কোম্পানীত আহনী পৰামর্শদাতা বা আইন বিষয়া হিচাপে চাকৰি কৰিব পাৰি ৷ আহন বিভাগত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত অধ্যাপনা চাকৰি কৰিব পাৰি ৷ বাতৰিকাকত তথা টিভি চেনেলত আইন বিষয়ক সাংবাদিকতা কৰিব পাৰি  ৷ N .G.O.বোৰতো কাম কৰিব পাৰি ৷ স্বাধীনভাৱে আইনজীৱী হব খোজাসকলে বাৰ কাউন্সিল অৱ ইণ্ডিয়াত নাম পঞ্জীয়নভুক্ত কৰাৰ লগতে স্থানীয় বাৰ এছচিয়েচনৰ সদস্য হোৱা  আৱশ্যকীয় ৷ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্রহী শিক্ষার্থীয়ে জানিব বিচাৰে, তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন ৯৪৩৫১-৮৮৬৩০নম্বৰত যোগাযোগ কৰিব পাৰে ৷

ফোনঃ  ৯৪৩৫১-৮৮৬৩০

You might also like
Leave A Reply

Your email address will not be published.