গৰমত কাপোৰসাজৰ সাৱধানতা

লক্ষ্মীছাঁয়া ডেকা

গৰমৰ দিনকেইটাত আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন ধৰণৰ কামৰ ক্ষেত্রত ঘাম আৰু ৰদৰ তাপৰ বাবে যথেষ্ট পৰিমাণে জটিল অৱস্থাৰ সৃষ্টি হয় ৷ কর্মক্ষেত্রত ব্যস্ত থাকি নিজৰ আৰামৰ প্রতি লক্ষ্য ৰাখিবলৈ আমাৰ সময়ৰ অভাৱ ৷ আজিৰ লেখাত আমি উৎকট গৰমৰ দিনকেহটাত নিজৰ কাপোৰসাজত কেনেধৰণৰ সাৱধানতা লব লাগে আগবঢ়োৱা হৈছে ৷

কপাহী কাপোৰঃ  যিমান সম্ভৱ হয় জহকালিৰ দিনত কপাহী কাপোৰৰ সাজ পৰিধান কৰাটো চেষ্টা কৰিব ৷ ই আমাৰ শৰীৰত বতাহ চলাচল কৰিবলৈ সক্ষম হয় আৰু খুব আৰাম পোৱা যায় ৷ পলিয়েষ্টাৰ, নাইলন ইত্যাদি ফেব্রিক একেবাৰে এৰি দিব ৷ অলপ ঢিলা কটনৰ টি–ছার্ট  বা ছার্টৰ সৈতে মিডি বা ঘেৰযুক্ত স্কার্ট পিন্ধিব৷ বন্ধ জোতা নিপিন্ধিব ৷  একেবাৰে পাতল ৰঙৰ বা পেষ্টেল শ্রেণীৰ ৰং বাছি লব ৷

ৰেয়নঃ  ই কপাহী ফেব্রিকৰ দৰেই এক আদর্শ ফেব্রিক ৷ পাতল আৰু  কোমল হোৱা বাবে ইয়াৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ৷ এনে ধৰণৰ কাপোৰেৰে তৈয়াৰী মিডি, ফ্রক, কুর্তা ইত্যাদি স্থানবিশেষ পিন্ধিব পাৰে ৷

খাদীঃ  সম্পূর্ণ হস্তশিল্পৰ এনে কাপোৰ এক কথাত কবলৈ হলে কেৱল আৰাম অনুভৱৰ বাবেই বিখ্যাত ৷ ইয়াৰ শাৰী, কুর্তা ইত্যাদি বিভিন্ন ধৰণৰ সাজ আমাৰ শৰীৰৰ বাবে উপকাৰী ৷ আজিকালি পশ্চিমীয়া ডিজাইনৰ সাজসমূহো খাদী বস্ত্রত উপলব্ধ ৷

লিনেনঃ  আপুনি এবাৰ লিনেনৰ সাজ পৰিধান কৰা পিছত গৰমৰ দিনকেইটাত কেৱল এনে সাজেই বাৰে বাৰে ব্যৱহাৰ কৰিব বিচাৰিব ৷ ই কটন আৰু খাদীৰ দৰেই আমাৰ শৰীৰৰ বাবে উপকাৰী৷ ঘামৰ কষ্ট কম কৰি ৰাখে আৰু বতাহ সোমাবলৈ সুবিধা প্রদান কৰে ৷ ফর্মেল সাজ পিন্ধি কর্মক্ষেত্রত যোৱাসকলৰ বাবে এনে কাপোৰেৰে তৈয়াৰ হোৱা পেণ্ঢ–ছার্ট আপুনি নির্বাচন কৰিব পাৰে ৷ বগা বা অন্য পাতল ৰঙৰ পেণ্টৰ লগত ডাঠ ৰঙৰ টপ পিন্ধিব পাৰে ৷ ভৰি ঘামি নোযোৱা আৰু সুবিধাজনক জোতা বা চেণ্ডেল পিন্ধিব ৷

অর্গেঞ্জাঃ  ই ছিল্কৰ পৰাই তৈয়াৰ হোৱা এক অতি জনপ্রিয় আৰু গুৰুত্বপূর্ণ ফেব্রিক ৷ অতি পাতল হোৱা হেতুকে ইয়াৰ সাজ পৰিধান কৰাটো খুবেই সহজ আৰু সময়োপযোগী ৷ পাতল সেউজীয়া, মাখন, বেঙুনীয়া ৰং বর্তমান যথেষ্ট পৰিমাণে জনপ্রিয় ৷

চিফনঃ  বহুত আগৰ পৰাই এই ফেব্রিক গোটেই পৃথিৱীত জনপ্রিয় ৷ পাতল আৰু সহজে ব্যৱহাৰ কৰিব পৰা ক্ষমতা থকা বাবে ই সকলো বয়সৰ লোকেই ব্যৱহাৰ কৰিব পাৰে ৷ গৰমৰ দিনকেহটাত আপুনি উজ্জ্বল অথচ কোমল ৰং যেনে– হালধীয়া, সেউজীয়া, গুলপীয়া বৰণৰ চিফনৰ সাজ যিকোনো ধৰণৰ অনুষ্ঠানসমূহত পিন্ধি লব ৷ বেছি অলংকাৰ নিপিন্ধিব, এটা সৰু ঘড়ী আৰু মিহি  চেইনডালেই যথেষ্ট ৷

জর্জেটঃ  চিফনৰ দৰেই জর্জেট যথেষ্ট পৰিমাণে বিখ্যাত ৷ ছিল্ক বা ছিন্থেটিক আঁহৰ পৰাই ই তৈয়াৰ হয় ৷ ইয়াৰ দ্বাৰা তৈয়াৰী সাজ পৰিধান কৰিলে শৰীৰৰ এটা সুন্দৰ ভাঁজ ওলাই পৰে বাবে মহিলাসকলৰ মাজত খুব বেছি প্রচলন আছে ৷ ফ্লক্স থকা গুণৰ বাবে জর্জেটৰ দীঘল সাজ ফেশ্বন জগততো বহুলভাৱে ব্যৱহাৰ কৰা হয় ৷

ভিছকজঃ  প্রাকৃতিক বা কৃত্রিম উভয়ৰে আঁহৰ দ্বাৰা এই কাপোৰ তৈয়াৰ কৰা হয় ৷ ই গৰম ভাৱটো ধৰি নাৰাখে আৰু অতিৰিক্ত ঘাম ওলোৱা কমাবলৈ সক্ষম ৷ সেয়ে ক্রীড়াজগতৰ সাজসমূহতো এনে ফেব্রিক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা যায় ৷

ফোনঃ  ৯৭০৬১-০১১৪২

You might also like
Leave A Reply

Your email address will not be published.