মেথিৰে সৌন্দর্য চর্চা

গীতাশ্রী গগৈ হাতীবৰুৱা

আমি প্রায় সকলো লোকেই ঘৰত মেথি ব্যৱহাৰ কৰোঁ ৷ মেথি পাতৰ লগতে তাৰ গুটিও আমি খাওঁ ৷ মেথিৰ বহুতো ঔষধি গুণ আছে ৷ আমি মেথি খোৱাৰ উপৰি আমাৰ ছাল, চুলি অর্থাৎ সৌন্দর্য চর্চাতো ব্যৱহাৰ কৰিব পাৰোঁ ৷

ইয়াক কি কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক ৷

  • মেথি শাক এক মুঠি ধুই মিহিকৈ পিচিব ৷ এটা বাটিত উলিয়াই লব ৷ যদি আপোনাৰ ছালখন শুকান হয় তেন্তে তাৰ লগত এক চামুচ মৌ মিহলাই মুখত লগাব ৷ এটা কথা মন কৰিব সদায় ছালখন পৰিষ্কাৰ কৰিহে যিকোনো পেক ব্যৱহাৰ কৰিব ৷ দহ মিনিট ৰখাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব ৷ মুখৰ দাগ আৰু শুকান ভাৱ আঁতৰ হব ৷ পৰাপক্ষত সপ্তাহত দুই দিন বা তিনি দিন লগাব পাৰিলে ভাল ৷

 দুই চামুচ মেথি পাউডাৰ, দুই চামুচ মূলটানী মাটি, দুই চামুচ দৈ, এক চামুচ নাৰিকল তেল আৰু প্রয়োজন অনুযায়ী পানী মিহলাই চুলিৰ গুৰিত লগালে চুলিৰ গঠন ভাল হয় ৷

এক চামুচ মেথি পাউডাৰ, প্রয়োজন অনুযায়ী পানী মিহলাই মুখত দহ মিনিটৰ কাৰণে লগাই ঠাণ্ডা পানীৰে ধুই পেলাব ৷  শুকান ভাৱ নোহোৱা হয় ৷

মেথি গুটি এক মুঠি ভালকৈ ধুই পৰিষ্কাৰ পানীত তিয়াই থব ৷ কোমল হলে মিহিকৈ পিচি চুলিৰ গুৰিত লগাব ৷ আধা ঘণ্ঢা মান ৰাখি ধুই পেলাব ৷ হয়ে উফিৰ সমস্যা দূৰ কৰিব আৰু কণ্ডিচনাৰৰ কাম কৰিব ৷ এই পেষ্ট পৰিষ্কাৰ চুলিতহে ব্যৱহাৰ কৰিব ৷

প্রয়োজন অনুসৰি মেথি গুটি তিয়াই কোমল কৰি পেষ্ট বনাই লব ৷ তাৰ লগত দৈ আৰু মৌ মিহলাই মুখত দহ মিনিট লগাই পৰিষ্কাৰ পানীৰে ধুই পেলাব ৷ হয়ে ছালখন কোমল কৰিব আৰু উজ্জ্বলতা আনিব ৷

মেথি গুটি তিয়াই থোৱা পানীখিনি পেলাই নিদি চুলিৰ গুৰিত লগাই দহ মিনিট মান সময় লাহে লাহে মালিচ কৰি আধা ঘণ্ঢাৰ পিছত ধুই পেলাব ৷

দুহ বা তিনি চামুচ মেথি তিয়াই কোমল কৰি ভালকৈ পেষ্ট বনাই তাৰ লগত এক চামুচ দৈ মিহলাই মুখ আৰু ডিঙিত লগাই দহ মিনিট ৰাখি ধুই পেলাব ৷ ইয়াক এণ্টিএইজিং পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ সপ্তাহত তিনি বা চাৰি দিন লগালে সুফল পাব ৷

কেৱল তাৰ পাত পিচিও মুখত লগাব পাৰে ৷ এনেকৈ সপ্তাহত চাৰি দিন মান লগাব ৷

মেথিৰ গুটি ভালকৈ কোমল কৰি পিচি তাৰ লগত সামান্য মৌ মিহলাহ শালমইনা হোৱা ঠাইখিনিত লগাই শুকালে কুহুমীয়া পানীৰে ধুই পেলাব ৷

এতিয়াৰ পৰা মেথি খোৱাৰ উপৰি এনেকৈ সৌন্দর্য চর্চাত ব্যৱহাৰ কৰি চাব পাৰে ৷

You might also like
Leave A Reply

Your email address will not be published.