অনুভৱ আমি আৰু আজিৰ শিশু

কৃষা বৰুৱা

শৈশৱ জীৱনৰ এক সতেজ অধ্যায়, যত সন্নিৱিষ্ট হৈ থাকে নির্মল হাঁহি, চঞ্চলতা আৰু খেল–ধেমালিৰ এখন অন্তহীন তালিকা৷ সেইবাবে দুখৰ দিনতো মনত প্রায়েই ডোলা দি থকা শৈশৱৰ মধুৰ স্মৃতিবোৰ বন্ধু–বান্ধৱী, আত্মীয় বা কেতিয়াবা কনিষ্ঠসকলৰ লগতো ৰোমন্থন কৰা হয়৷

শৈশৱৰ কোমল মনৰ চিন্তা, ধাৰণাবোৰ সকলো শিশুৰ একে হলেও কার্যকলাপবোৰ সলনি কৰে সময়ৰ ব্যৱধান আৰু পৰিৱর্তিত পৰিৱেশে, যাৰ বাবে আজিৰ শিশুৰ লগত আমাৰ সময়ৰ শিশুৰ এক বৃহৎ পার্থক্য অনুভৱ কৰোঁ৷ আজিৰ পৰা ১৫ বছৰমান আগৰ শিশুসকলৰ কামৰ তালিকা আজিৰ শিশুচামৰ তালিকাৰ পৰা সম্পূর্ণ বেলেগ আছিল৷ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাবলৈ গলে আমি যেতিয়া শিশু আছিলোঁ সেই সময়ত কোনো ঘৰুৱা বাধ্যবাধকতা, সমস্যা, প্রতিযোগিতামূলক বা পৰিৱেশৰ জটিলতাই ঠাই পোৱা নাছিল৷ পুৱাৰ পৰা গধূলিলৈকে আজৰি সময়খিনি সৰু সৰু খেল–ধেমালিৰে ব্যস্ত হৈ থাকিছিলো৷ স্বার্থপৰতা, খং, হিংসা কোনোৰ থাকিলেও খন্তেকীয়া আছিল বা প্রতিযোগিতামূলক মনোভাবে ঠাই পোৱা নাছিল৷ ধনী–দুখীয়া নির্বিশেষে ওচৰ–চুবুৰীয়া প্রায় সকলো লৰা–ছোৱালী একেলগেই বিদ্যালয়লৈ ওলাই গৈছিলোঁ৷ দুই–এজনকহে চাইকেলেৰে থৈছিল অসুখ–শান্তি হলে৷ বাকীবোৰে খোজকািি ওলাই নহাসকলক ৰিঙিয়াই মাতি একেলগে ওলাই গৈছিল৷ টিফিনৰ সময়ত লগত নিয়া বগৰী, শিলিখা বা চানাচুৰৰ কণমানি পেকেট ভাগ কৰি খায়েই পেট ভৰিছিল ৷ আবেলি ভাত খাই উঠিয়েই কাৰোবাৰ চোতালত আঁচ টানি মনিপিৰি, ডায়েৰী, হা সৰু গাঁত খান্দি মজৌ গুটি খেলাৰ মাদকতা পাহৰিব নোৱাৰি৷ কাৰোবাৰ ঘৰৰ চোতালত বিচাৰি অনা বগৰী, জলফাই, আম, ৰভাৰ কলপাত কাটি কেইবাজনেও ভগাই খোৱাৰ আনন্দ এতিয়াও সোঁৱৰণ কৰোঁ৷ খেলাৰ অন্তত সন্ধিয়া প্রার্থনা গোৱা, পপাৰ টেবুলত ঘৰৰ কেইবাজনো একেলগে বহি হাই–কাজিয়া নোহোৱাকৈ পপা–শুনা কৰা, নজনাটো ডাঙৰৰ ওচৰত শিকি লোৱাৰ বাবে কোনেও কব নালাগিছিল৷ বিদ্যালয়ৰ কামবোৰ নিয়মিত কৰা হৈছিল৷ কাৰণ শিক্ষাগুৰু আমাৰ অতি মান্যজন আছিল৷ কেতিয়াবা কোনোবাজনৰ ঘৰলৈ বা গাঁৱলৈ শিক্ষাগুৰু গলে সেইটো পিছদিনা সমনীয়াক বৰ গৌৰৱেৰে ব্যক্ত কৰিছিলোঁ৷

বন্ধৰ দিন আমাৰ বিশেষ কিছুমান কামৰ বাবে ৰিজার্ভ আছিল৷ ঘৰুৱা সৰু সুৰা কাম যেনে শাক বোটলা, ঠাই সাৰিবলৈ বা কাপোৰ জাপিবলৈ শিকা আদিবোৰ কৰাৰ পিছত দীঘলীয়া সময়ৰ বাবে ব্যস্ত হৈছিলোঁ আছুতীয়া কোঠাৰ চুকত, সময়ীনাসকলৰ লগত৷ কইনা–দৰা, ঘৰ ঘৰ খেলাৰ বাবে আগতীয়াকৈ আলনাৰ চাদৰ–মেখেলা, ধুতীৰ বাবে চাদৰ, বেণী, খোপাৰ বাবে গামোচা, চাইকেলৰ বাবে গোটা এটুকুৰা বাঁহ, পেলনীয়া বাচন আদি গোটাই ৰাখিছিলোঁ৷ আলহী আহিলে মাহঁতৰ তৎপৰতা বা মা–দেউতাহঁতৰ মাজত কেতিয়াবা হোৱা কথাৰ কটাকটিবোৰক আমাৰ খেলৰ সংসাৰবোৰতো ঠাই দিছিলোঁ৷ যেনে বজাৰ নকৰিলে কেনেকৈ হব খৰি শুকান নহলে মই হলে জুই ধৰিব নোৱাৰোঁ ইত্যাদি৷ এতিয়াও আমোদ লাগে মনলৈ আহিলে৷

আঘোণমহীয়া লেচেৰী বোটলা কার্য এতিয়াৰ শিশুৰ বাবে কল্পনাৰো অতীত৷ পথাৰৰ চাপত জলপান খাবৰ বাবেই বহু দেৰিলৈকে তাতেই থাকোঁ, লেচেৰী আনতকৈ কম হলে বাকীসকলে নেদেখাকৈ দাঁতেৰে থোক কামুৰি ছিঙি ববাই লোৱাৰ লগতে আনেও একে কার্য কৰিছে নেকি চকু দিয়াটোও অভ্যাস আছিল৷ ভৰিৰে মাৰি সৰোৱা ধান বেচি কোনে কিমান টকা পালে বহু দিনলৈ সেই কথাই আমাৰ আলোচনাত ঠাই পাইছিল৷

জন্মদিনবোৰ আজিকালিৰ বার্থ ডে নাছিল৷ সৰু লৰা–ছোৱালীবোৰৰহে জন্মদিন পাতিছিল৷ আমাৰ মাজৰে নামতীয়ে নাম দি মাহ–প্রসাদ, পায়স খাই আশীর্বাদ দিছিলোঁ৷ লোভ ত্যাগ কৰি হলেও ঘৰলৈ পাততে মাহ–প্রসাদ লৈ আহিছিলোঁ৷ মানে সেইটো নিয়ম আছিল৷ ননাজনক খঁকুৱা বুলি ভাবিছিলোঁ৷ আজৰি সময়ত প্রার্থনা, বিয়ানাম মুখস্থ কৰিছিলোঁ, কিতাপ পিিছিলোঁ, কৌতুক কবলৈ শিকিছিলোঁ৷

বর্তমান ব্যস্ততাভৰা কার্যক্রমণিকাৰ মাজতো কেতিয়াবা এৰি অহা এই কোমল চিন্তা–ধাৰাণাৰে পাৰ কৰা শৈশৱক সোঁৱৰণ কৰোঁ৷ যান্ত্রিকতাৰে পাৰ কৰিব লগা হোৱা আজিৰ শিশুৰ মনত বাৰু কেতিয়াবা এনে শৈশৱৰ আনন্দময় দিনবোৰৰ কথা মনলৈ আহিবনে বার্থ ডে, ভেলেণ্টাইন ডেৰ উত্তাল নৃত্য বা পিজ্জা, বার্গাৰ, পোলাও, কেকৰ মাজত পাবনে বিচাৰি নির্মল আনন্দ, যিবোৰ আমি আমাৰ সময়ত বিচাৰি পাইছিলোঁ৷ কঠিন প্রতিযোগিতাপূর্ণ বাস্তৱৰ লগত নিজকে খাপ খুৱাবলৈ কৰা সুন্দৰ প্রচেষ্টাৰ মাজত শিশুৰ কোমল চিন্তা, আনন্দক বুকুতে সামৰি থবলগীয়া হৈছে৷ শিশুকালতেই তেওঁলোকৰ চিন্তা–ধাৰণা পৰিপক্ব কৰিবলগীয়া হৈছে৷ কাৰণ তেতিয়াহে আজিৰ প্রতিযোগিতামূলক জগতখনত নিজকে সফল বুলি চিনাকি দিব পাৰিব৷ টিভি, ইণ্টাৰনেট বা মবাইলৰ গেমৰ মাজত আবদ্ধ হৈ ব্যস্ততাৰ পৰা চকু নাতৰোৱাকৈয়ে হয়তো কোনোবা ঘৰলৈ অহা অভ্যাগতক হাই আংকল, আণ্টী কৈ সামৰি থৈ সৌজন্যমূলক আচৰণেৰে অতিথি আপ্যায়নৰ নিয়মবোৰ ঠেলি থবলগীয়া হৈছে৷ এয়া সময়ৰ পৰিৱর্তন, বহু নিয়মৰো পৰিৱর্তন৷ এয়া দুখ কৰিবলগীয়া কথা বোধকৰো নহয়৷ কিন্তু মাজে মাজে ৰিজাইহে চাওঁ মানুহৰ প্রতি মানুহৰ আন্তৰিকতাৰ পৰিৱর্তন৷ দূৰৈৰ উপযুক্ত, সুযোগ্য বুলি ভবা বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে আন বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ ওচৰ–চুবুৰীয়া লগত বন্ধুত্ব গগাৰ, খেলাৰ মানসিকতাও ত্যাগ কৰিছে৷ কিমান যে পৰিৱর্তন আহি আছে ভৱিষ্যতলৈ৷ বর্তমানৰ লগত খাপ খোৱাকৈ কিছুমান পৰিৱর্তন আনি লোৱাৰ পিছতো কিন্তু মনটো সলাব পৰা নাই৷ মানুহৰ প্রতি শ্রদ্ধা, আন্তৰিকতা, সৌজন্যসূচক, বন্বুূত্বসুলভ মনোভাব আগৰ দৰেই ৰাখিছোঁ আৰু ভৱিষ্যতলৈও ৰাখিম৷ ভক্তিমূলক ভাব–ভংগীৰ পৰিৱর্তন নঘটোৱাকৈও সময়ৰ লগত আগবািি যাব পৰাটো মই উচিত বুলি ভাবোঁ৷ শিশুসকলকো নিজৰ ব্যক্তিত্বৰ বিকাশ ঘটাবলৈ সুবিধা দিয়াৰ আগতে কিন্তু শিশুৰ কোমল কোমল চিন্তা বা কাম–কাজবোৰকো প্রাধান্য দিয়া উচিত, যিবোৰক লৈ এদিন আমাৰ দৰে সিহঁতেও শৈশৱৰ স্মৃতি ৰোমন্থন কৰাৰ বাবে কিবা এটা সমল পাব৷

You might also like
Leave A Reply

Your email address will not be published.