দ্য প্রমিজ আৰু ডেমন গলগুট

মাণিক পাল

বিশ্ব সাহিত্যৰ অন্যতম মর্যাদাসম্পন্ন পুৰস্কাৰ হল মেন বুকাৰ পুৰস্কাৰ বা বুকাৰ বঁটা৷ এই পুৰস্কাৰৰ প্রচলন ১৯৬৯ চনৰ পৰা আৰম্ভ হয়৷ সেই সময়ত ইয়াৰ নাম আছিল বুকাৰ মেককনেল প্রাইজ৷ ১৯৬৯ চনত ইয়াৰ প্রথম পুৰস্কাৰটো লাভ কৰিছিল গ্রেট ব্রিটেইনৰ লেখক পি এইচ নিউবাইয়ে ছামথিং টু এনছাৰ ফোৰ নামৰ উপন্যাসখনৰ বাবে৷ ইংৰাজী ভাষাত লিখা আৰু গ্রেট ব্রিটেইন বা আয়াৰলেণ্ডত প্রকাশিত উপন্যাসৰ বাবে এই পুৰস্কাৰ প্রদান কৰা হয়৷ প্রথম অৱস্থাত এই পুৰস্কাৰ কেৱল ব্রিটিছ, আইৰিছ আৰু কমনৱেলথৰ ঔপন্যাসিকক প্রদান কৰা হৈছিল৷ কিন্তু ২০১৪ চনত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হয়৷ এতিয়া ইংৰাজী ভাষাত উপন্যাস লিখা বিশ্বৰ সকলো ঔপন্যাসিকক এই বঁটা প্রদান কৰা হয়, কেৱল উপন্যাসখন গ্রেট ব্রিটেইন বা আয়াৰলেণ্ডৰ পৰা প্রকাশিত হব লাগে৷ বুকাৰ প্রাইজ ফাউণ্ডেচনে গঠন কৰি দিয়া সাতজনীয়া বিচাৰকৰ দলে বুকাৰ পুৰস্কাৰৰ বাছনি কৰে৷ এই সাতজনীয়া বিচাৰকৰ দলত থাকে লেখক, পুথিভঁৰালী, প্রকাশক, পুথিভঁৰালী এজেণ্ঢ আৰু কিতাপ বিক্রেতা৷ প্রাৰম্ভিক অৱস্থাত এবছৰত কেৱল এজন লেখকক এই বঁটা প্রদান কৰা হৈছিল, কিন্তু ২০১৯ চনৰ পৰা এবছৰত দুজন লেখককো এই পুৰস্কাৰ প্রদানৰ ব্যৱস্থা কৰা হয়৷ ভাৰতৰ পৰা ইতিমধ্যে চাৰিজন লেখকে এই পুৰস্কাৰ লাভ কৰিছে৷ ১৯৮১ চনত মিডনাইট চিলড্রেনছ নামৰ উপন্যাসখনৰ বাবে ভাৰতৰ ছলমান ৰুশ্বডিয়ে এই বঁটা লাভ কৰে৷ ১৯৯৭ চনত দ্য গড অফ স্মল থিংছ নামৰ উপন্যাসখনৰ বাবে অৰুন্ধতী ৰায়ে, ২০০৬ চনত দ্য ইনহেৰিটেন্ছ লছ নামৰ উপন্যাসখনৰ বাবে কিৰণ দেশাই আৰু ২০০৮ চনত দ্য হুৱাইট টাইগাৰ নামৰ উপন্যাসখনৰ বাবে অৰবিন্দ অদিগায়ে এই বঁটা লাভ কৰে৷ ২০২০ চনত এই বঁটা লাভ কৰিছিল ডগলাছ ষুটৱার্টে ছুগি বেইন নামৰ উপন্যাসখনৰ বাবে৷

দ্য প্রমিজ শীর্ষক উপন্যাসৰ বাবে ২০২১ বর্ষৰ বুকাৰ বঁটা লাভ কৰিছে দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক, নাট্যকাৰ ডেমন গলগুটে৷ ২০২১ চনত এই বঁটাৰ বাবে মুঠ ১৫৮জন ঔপন্যাসিকৰ নাম অন্তর্ভুক্ত কৰা হৈছিল৷ তাৰ পৰা ছয়জন লেখকৰ নাম চুটি তালিকাভুক্ত কৰা হয়৷ সেই লেখকসকল হল শ্রীলংকাৰ অনুক অৰুদপ্রগসম আৰু তেওঁৰ উপন্যাসখন হল অ পেছেজ নর্থ, আমেৰিকাৰ পেড্রিছিয়া লকৱড আৰু তেওঁৰ উপন্যাসখন হল নো ৱান ইজ টকিং, ব্রিটেইনৰ নাদিয়া মহম্মদ আৰু তেওঁৰ উপন্যাসখন হল দ্য ফৰচুন মেন, আমেৰিকাৰ ৰিচার্ড পাৱার্ছ আৰু তেওঁৰ উপন্যাসখন হল দ্য অভাৰ ষ্টৰী, আমেৰিকাৰ আন এজন ঔপন্যাসিক মোগী শ্বিপষ্টেড আৰু তেওঁৰ উপন্যাসখন হল গ্রেট চার্কল৷ এইবাৰ কিন্তু গ্রেট ব্রিটেইনৰ ঔপন্যাসিকৰ দপ্দপনিৰ ঠাইত আমেৰিকা যুক্তৰাষ্ট্রৰ ঔপন্যাসিকৰ দপ্দপনি দেখিবলৈ পোৱা যায় যদিও শেষ হঁাহি মাৰিবলৈ সক্ষম হয় দক্ষিণ আফ্রিকাৰ ডেমন গলগুটে৷ এই পুৰস্কাৰৰ সৈতে লেখকজনে লাভ কৰে ৫০ হাজাৰ পাউণ্ড অর্থাৎ ৬৯ হাজাৰ ডলাৰ৷

বর্ণবৈষম্য বা আপার্টহেইট Apartheid হল এক ৰাজনৈতিক ব্যৱস্থা বা বিধি, যিয়ে মানুহক মানুহৰ পৰা বিচ্ছিন্ন কৰে বা আঁতৰাই ৰাখে, তেওঁলোকৰ জাতি বা ছালৰ বৰণৰ ভিত্তিত৷ এই নীতিয়ে দক্ষিণ আফ্রিকা আৰু দক্ষিণ–পষ্চিম আফ্রিকাত বর্তমানৰ নামিবিয়া ১৯৪৮ চনৰ পৰা ১৯৯০ৰ দশকলৈ মানৱ আৰু মানৱতাক দিনে–নিশাই হত্যা কৰিছিল৷ এই নীতিয়ে এই অঞ্চলবোৰত কলা ছালৰ কৃষ্ণাংগ লোকসকলক বগা ছালৰ শ্বেতাংগ লোকসকলৰ পৰা আঁতৰাই ৰাখি কেৱল শ্বেতাংগ লোকক সম্পূর্ণ ৰাজনৈতিক অধিকাৰ প্রদান কৰিছিল৷ মুঠতে এই বিধি বা ব্যৱস্থাই একে সময়তে একে দেশৰ সংখ্যালঘু শ্বেতাংগ লোকৰ জীৱনত কিিয়াই আনে সুযোগ, সুবিধা আৰু সম্ভাৱনাৰ উভৈনদী৷ আনহাতে সংখ্যাগৰিষ্ঠ কৃষ্ণাংগ লোকৰ জীৱনলৈ কিিয়াই আনে দুখ, যন্ত্রণা আৰু প্রত্যাহ্বানৰ কাঁইটীয়া পথ৷ এই নীতিৰ ফলতে দক্ষিণ আফ্রিকা আৰু দক্ষিণ–পষ্চিম আফ্রিকাত স্বৈৰাচাৰী ৰাজনৈতিক সংসৃক্তি গিি উঠিছিল৷ এই ব্যৱস্থাৰ সুযোগ লৈয়ে দক্ষিণ আফ্রিকাৰ সংখ্যালঘু শ্বেতাংগ লোকসকলে সংখ্যাগৰিষ্ঠ কৃষ্ণাংগ লোকসকলক ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিকভাৱে শোষণ আৰু দমন কৰিছিল৷ কিন্তু সকলো দমন, শোষণ আৰু নির্যাতন সহ্যৰ এটা সীমা থাকে, এই সীমা যেতিয়া পাৰ হৈ যায় তেতিয়া আৰম্ভ হয় নিজৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ৷ সেয়ে দক্ষিণ আফ্রিকাৰ কৃষ্ণাংগ লোকসকলে আৰম্ভ কৰে নিজৰ জাতি তথা অস্তিত্ব ৰক্ষাৰ যুদ্ধ৷ এই যুদ্ধক নেতৃত্ব প্রদান কৰে নেলছন মেণ্ডেলাই৷ তেওঁৰ নেতৃত্বতে এক বৃহৎ আন্দোলন আৰম্ভ হয় আৰু শেষত ১৯৯৪ চনত দক্ষিণ আফ্রিকাত প্রতিষ্ঠা হয় গণতান্ত্রিক চৰকাৰ আৰু নেলছন মেণ্ডেলাই দেশৰ প্রথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্রপতি ৰূপে শপত গ্রহণ কৰে৷ বুকাৰ পুৰস্কাৰ বিজেতা ডেমন গলগুটৰ মতে যদিও বর্ণবৈষম্য নীতিৰ অৱসান ঘটিছে এতিয়াও কিন্তু ইয়াৰ প্রভাৱ দক্ষিণ আফ্রিকাৰ সমাজত দেখিবলৈ পোৱা যায়৷ এই বর্ণবৈষম্যৰ পিছৰ চাৰিটা দশকৰ পৰিস্থিতিক সুন্দৰকৈ বর্ণনা কৰিছে তেওঁৰ উপন্যাস দ্য প্রমিজতহ্ল, যিখন উপন্যাসে তেওঁক বুকাৰ পুৰস্কাৰ উপহাৰ দিয়ে৷

৫৭ বছৰীয়া এই ঔপন্যাসিকজনৰ জন্ম হৈছিল ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্রিকাৰ প্রিটৰিয়াত৷ পিতৃ ইহুদী আৰু ইহুদীলৈ ধর্মান্তৰিত মাতৃৰ সন্তান তেওঁ৷ তেওঁ কেপটাউন বিশ্ববিদ্যালয়ত নাটকৰ পাঠ্যক্রমত অধ্যয়ন কৰে৷ মাত্র ১৭ বছৰ বয়সতে অর্থাৎ ১৯৮১ চনত প্রকাশ পায় তেওঁৰ জীৱনৰ প্রথমখন উপন্যাস এ ছিনলেছ ছিজন A sinless season ৷ এই উপন্যাসখনৰ জৰিয়তে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলে আৰু সাহিত্য জগতত আত্মপ্রকাশ কৰে৷ তেওঁ কর্কটৰ দৰে ভয়ংকৰ ৰোগৰ সৈতে যুঁজি থাকিয়েই ১৯৮৮ চনত প্রকাশ কৰে চুটিগল্পৰ সংকলন এ স্মল চার্কেল অৱ বিংছ A small circle of beings ৷ ১৯৯১ চনত তেওঁৰ দ্য বিউটিফুল স্ক্রিমিং অৱ পিগছ The Beautiful screaming pigs  নামৰ উপন্যাসখন আৰু ১৯৯৫ চনত দ্য কুৱেৰী The Quarry নামৰ উপন্যাসখন প্রকাশ পায়৷ দ্য কুৱেৰীৰ আধাৰত ১৯৯৮ চনত এখন চলচিচত্র নির্মাণ কৰা হয়৷ ২০০৩ চনত প্রকাশিত দ্য গুড ডক্তৰ The good doctor  নামৰ উপন্যাসখনৰ বাবে তেওঁ দক্ষিণ আফ্রিকাৰ বাহিৰতো জনপ্রিয়তা লাভ কৰে৷ ভাল চিকিৎসক এজন আছিল এই উপন্যাসৰ মুখ্য চৰিত্র৷ এই উপন্যাসখন ২০০৩ চনৰ বুকাৰ পুৰস্কাৰৰ বাবে চুটি তালিকাভুক্ত হৈছিল৷ ২০১০ চনত প্রকাশ পোৱা ইন এ ষ্ট্রেঞ্জ ৰুম In a strange room  নামৰ উপন্যাসখনৰ বাবে তেওঁৰ নাম পুনৰ বুকাৰ পুৰস্কাৰৰ বাবে চুটি তালিকাভুক্ত হয়, কিন্তু দুর্ভাগ্যবশতঃ এইবাৰো তেওঁ বঞ্চিত হয়৷ কিন্তু ২০২১ চনত প্রকাশ পোৱা নৱম গ্রন্থ দ্য প্রমিজ নামৰ উপন্যাসখনে তেওঁৰ ভাগ্য উদয় কৰে আৰু বুকাৰ পুৰস্কাৰ লাভ কৰে৷ বুকাৰ পুৰস্কাৰ লাভ কৰা তেওঁ দক্ষিণ আফ্রিকাৰ তৃতীয়জন লেখক৷ তেওঁৰ আগতে দক্ষিণ আফ্রিকাৰ নাডিন গোৰডিমাৰ Nadine Gordimer আৰু জে এম কয়েটজি J. M. Coetzee–এ এই পুৰস্কাৰ লাভ কৰে৷ গলগুটৰ আন আন জনপ্রিয় উপন্যাসবোৰ হল ২০০৮ চনত প্রকাশ পোৱা দ্য ইমপোষ্টাৰ The Imposter, ২০১৪ চনত প্রকাশ পোৱা আর্কটিক ছামাৰ Arctic Summer৷

ফোন : ৮৬৩৮৯-৪৭২৯২

You might also like
Leave A Reply

Your email address will not be published.