সপোনৰ সেন্দূৰীয়া বাট

 

ৰেখাশ্রী সন্দিকৈ

সপোন– চিৰকালেই এক আকর্ষণীয়, শিহৰণকাৰী আৰু ৰহস্যময় শব্দ ৷ এহ শব্দৰ সৈতে পৰিচিত নোহোৱা, মোহত নপৰা ব্যক্তি হয়তো কমেই ওলাব ৷ অতীতৰ পৰা এতিয়ালৈকে সপোনক কেন্দ্র কৰি নানা জল্পনা–কল্পনা ৷ মানুহৰ বাবে সদায় বিস্ময় হৈ ৰোৱা, ৰহস্যৰ বিষয় এহ সপোনৰ শেষ নাই ৷

আমি কিয় সপোন দেখোঁ আমাৰ সমুখত ই এটা ডাঙৰ প্রশ্ন ৷ সঁচাই আছেনে বাৰু সপোনৰ কিবা গূূার্থ ৷  বাস্তৱৰ লগত আছেনে সপোনৰ কিবা সংযোগ ৷ থাকে নেকি সপোনৰো কিবা লক্ষ্য, উদ্দেশ্যে ৷ এনেকুৱা অলেখ প্রশ্নই সাধাৰণ লোককেই নহয়, গৱেষক–বিশ্লেষক, আলোচক সকলোকে ব্যতিব্যস্ত কৰি ৰাখিছে ৷ বিশেষকৈ মনস্তত্ত্ববিদসকল্ ৷ তথাপি আজিলৈকে ভেদ হোৱা নাই সপোনৰ ৰহস্য ৷ অতীতত সপোনক ভিত্তি কৰি কিছুমান ঘটনাৰ কাৰণো নির্ণয় কৰা হৈছিল ৷ অলৌকিক, ঐশ্বৰিক বার্তাৰ সংকেত দিয়াৰ কাৰক বুলিও গণ্য কৰিছিল সপোনক ৷ সাম্প্রতিক সমাজো সম্পূর্ণৰূপে এই প্রভাৱৰ পৰা মুক্ত নহয় ৷

সপোন সন্দর্ভত যিমান সূত্র, মতবাদ এতিয়ালৈকে ওলাইছে সেইসমূহৰ কোনোটোৱেই সঠিক, সত্য বুলি পতিয়ন যাব নোৱাৰি ৷ দিনকদিনে জটিলৰ পৰা জটিলতৰ হৈ পৰা মানৱ মনৰ সপোনৰ ৰূপো ভিন্ন হৈ পৰিছে ৷ তেনে স্থলত সপোনৰ অধ্যয়নো হৈ পৰিছে জটিল, সমস্যাবহুল ৷ এনে এটি জটিল বিষয়ৰ অধ্যয়নৰ বাবে, গৱেষণা–আলোচনাৰ বাবে ইতিমধ্যে অর্নিয়লজি নামৰ এটি বিশেষ বিভাগৰো সৃষ্টি হৈছে ৷ তথাপি অন্ত পৰা নাই ৰহস্যৰ ৷

 

সপোন আমি কম–বেছি পৰিমাণে সকলোৱেই দেখোঁ৷ কোনোৱে দেখোঁ টোপনিত আৰু কোনোৱে দেখোঁ খোলা চকুৰে ৷ বিজ্ঞানীসকলৰ মতে, টোপনিক পাঁচ ভাগত ভগাব পাৰি৷ সেইকেহটা হৈছে চিলমিল টোপনি(very light sleep), পাতল টোপনি(light sleep), গভীৰ টোপনি(deep sleep), বেছি গভীৰ টোপনি(very deep sleep) আৰু নেত্রৰ দ্রুত সঞ্চালন(Rapid Eye Movement) চমুকৈ যাক REM বুলি কোৱা হয়৷ টোপনিত মানুহে এই পাঁচটা স্তৰ অতিক্রম কৰে আৰু নেত্রৰ দ্রুত সঞ্চালন কৰা অৱস্থাতেই সপোন দেখে ৷ টোপনিৰ একেবাৰে শেষৰ স্তৰত দেখা সপোনবোৰকেই সাধাৰণতে বেছিকৈ মনত ৰাখিব পাৰে ৷

সপোনৰ ক্ষেত্রত সর্বপ্রথম যুক্তিবাদী বিশ্লেষণ আগববায় বিখ্যাত মনোবিজ্ঞানী ছিগমণ্ড ফ্রয়ডে ৷ ফ্রয়ডৰ মতে, মানুহৰ মনটো কামনা, বাসনা, যৌনতা আদিৰে পৰিপূর্ণ ৷ অচেতন অৱস্থাত মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্রিত কৰি ৰাখে ৷ নিদ্রাৰত অৱস্থাত সচেতন মন যেতিয়া সুপ্ত অৱস্থাপ্রাপ্ত হয়, তেতিয়া অচেতন মনত সেইবোৰ সপোন হৈ দেখা দিয়ে যিবোৰ অৱদমিত বাসনা ৷ এনে সপোনবোৰৰ সঠিক বিশ্লেষণে ব্যক্তিৰ মনৰ অভ্যন্তৰৰ উমান দিয়ে ৷ প্রকৃততে সপোন হৈছে secret outlet of opressed  desire সপোন হৈছে মানুহৰ অভিজ্ঞতাৰ ভিত্তিত গঢ়ি উঠা সচেতন অৱস্থাত কৰা আৱেগবোধৰ সমষ্টি, যি নিদ্রামগ্ণ অৱস্থাত সক্রিয় হৈ উঠে ৷

১৮৯৯ চনত সপোনৰ যুক্তিবাদী বিশ্লেষণেৰে সপোন সম্বন্ধীয়’Interpretetion of Dream’ নামৰ গ্রন্থ প্রকাশ কৰে ফ্রয়ডে ৷ তাত্ত্বিক কথাৰ পয়োভৰৰ বাবেই এই গ্রন্থই বৰ বেছি সমাদৰ লাভ নকৰিলে ৷ সেয়ে কিছু বছৰৰ পিছত সহজ–সৰল ভাষাত ৰচনা কৰিলে আন এক গ্রন্থ ৷ দুয়োখন গ্রন্থই জনপ্রিয়তা লাভ কৰিলে কুৰি শতিকাৰ শেষৰ ফালেহে ৷

 

ভিক্টোৰিয়ান যুগৰ ৰক্ষণশীল সমাজৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্রয়ডে প্রায়বোৰ বিশ্লেষণতে যৌনতাক প্রাধান্য দিয়াৰ বাবে কঠোৰ সমালোচনাৰ সমুখীন হৈছিল যদিও সপোন যে কেৱল ঐশ্বৰিক ক্রিয়াৰ বার্তাবাহক নহয়, তেনে মনোভাৱৰ পৰা মুক্ত হৈ বৈজ্ঞানিক মানসিকতাক প্রতিষ্ঠা কৰাৰ প্রয়াসক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷

সপোনৰ বস্তুনিষ্ঠ বিশ্লেষণৰ যি পথ সেয়া প্রশস্ত কৰি দিয়ে ইউজিন অচৰেহনস্কি আৰু নাথানেহল ক্লেইটম্যেন নামৰ মনস্তাত্ত্বিক বিশ্লেষক দুজনে ৷ ইয়াৰ পূর্বে সপোনক কেৱল মনস্তাত্ত্বিক বিশ্লেষণৰ পৰাহে অধ্যয়ন কৰা হৈছিল ৷

১৯৭৭ চনত এলেন হবচন আৰু ৰবার্ট মেকার্লী নামৰ হার্ভার্ড মেডিকেল  স্কুলৰ অধ্যাপকদ্বয়ে সক্রিয় সংশ্লেষক মতবাদ (Activation Synthesis Hypothesis) নামেৰে এক নতুন ধৰণৰ মতবাদ আগবঢ়ায় ৷

সপোন সম্বন্ধে মতবাদ বা তত্ত্বসমূহৰ ভিতৰত যিটোক আটাহতকৈ গুৰুত্বপূর্ণ আৰু গ্রহণযোগ্য বুলি ভবা হয়, সেই তত্ত্ব শেহতীয়াকৈ আগববায়  কানাডাৰ জি জাে (ji zhang).

বিশিষ্ট আলোচক, গৱেষকসকলৰ বিভিন্ন মতবাদ, তত্ত্বৰ অমিল হোৱাটো নিতান্তই স্বাভাৱিক ৷ ভিন্নজনৰ বিভিন্ন অধ্যয়ন আৰু গৱষণাৰ ফচল এই মতবাদসমূহক কোনো কাৰণতে একাষাৰে যিদৰে মানি লব নোৱাৰি, সেহদৰে অগ্রাহ্যও কৰিব নোৱাৰি ৷ কিয়নো সেইখিনিৰ ভেটিতেই গঢ়ি উঠিছে পৰৱর্তী কালৰ মতামতসমূহ ৷

স্বনামধন্য আলোচক–গৱেষকসক দিয়া মতবাদ, তত্ত্বৰাজি সদায়েহ এক মহৎ অৱদান ৷ কিছু পৰিমাণে জানিবলৈ পোৱা যায় যে মানুহৰ দৰেই অন্যান্য প্রাণীয়েও সপোন দেখে৷ টোপনি অৱস্থাত বিভিন্ন অংগৰ লৰচৰ কৰি থকা কথাটোৱে তাকেই সূচায় বুলি কিছু বিশেষজ্ঞই মত পোষণ কৰে ৷ অৱশ্যে সেয়া বর্তমানেও এক গভীৰ অধ্যয়ন আৰু গৱেষণাৰ বিষয় ৷

সপোন কেতিয়াবা হৈ পৰে আৱিষ্কাৰ আৰু সৃষ্টিৰ উৎস ৷ অবিশ্বাস্য যেন লাগিলেও আঙুলিয়াই দেখুৱাব পাৰি সততে শুনা টোপনিত পোৱা ঔষধ কথাষাৰলৈ ৷ সহজ জীৱন যাপন কৰা এচামৰ মাজত এনে কথাষাৰ সুলভ যদিও কিছুমান এনেকুৱা কথা বা কাহিনীও আছে যিবোৰ প্রকৃততে সত্যৰ ভেটিতেহ প্রতিষ্ঠিত বুলি জ্ঞাত৷ সেয়ে সপোনক কেৱল এক কল্পনাবিলাস বুলি বহু সময়ত কৰা মন্তব্যক মানি লবলৈ সৎ নাযায় ৷

বহু উদ্ভাৱন হোৱাৰ আঁৰত, সৃষ্টিৰ অন্তৰালতো আছে আচলতে সপোন যি কথা মানি লবলৈ সঁচাহ টান ৷ কিন্তু যেতিয়া কিবা মহৎ সৃষ্টি কৰোঁতাজনেহ কয় ৷ তেতিয়া ১৮৬৫ চনৰ কথা৷ আগষ্ট কাকুলে(August Kakule) বেনজিন যৌগটোৰ গঠন প্রক্রিয়া বিচাৰি হাবাথুৰি খাইছে ৷

তেনেতে এদিন সপোনত দেখিলে ছয়ডাল সাপ যি এডালে এডালৰ নেগুৰত মুখখন গুঁজি থোৱাৰ ফলত এক বিশেষ আকাৰ লভিছে ৷ সেই আকাৰেই আকুলক দিলে বেনজিন যৌগৰ গঠন প্রক্রিয়াৰ সম্ভেদ ৷

১৮৮৬ চনত ইংলেণ্ডৰ প্রখ্যাত লেখক লুই ষ্টিভেনচনে টোপনিতেই বিখ্যাত উপন্যাস দ্য ষ্ট্রেণ্ড কেছ অব ডাঃ জেকিল এণ্ড হাইডৰ ধাৰণা বিচাৰি পায় ৷  নেহল বৰেও পৰমাণু গঠনৰ ধাৰণা সপোনৰ পৰাই আহৰণ কৰে ৷

বিশ্ববিখ্যাত বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ ধাৰণাৰ জন্মৰ গুৰিও হেনো সপোনেই ৷ ৰামানুজনেও কিছুমান কঠিন গাণিতিক সমীকৰণৰ ধাৰণা সপোনতে লাভ কৰা বুলি জনা যায় ৷

উপৰিউক্ত ঘটনাবোৰৰ বিষয়ে জ্ঞাত হলে উপলব্ধি হয় যে সঁচাই যেন সপোনৰ বাস্তৱ ভিত্তি আছে ৷ সপোন সফলতাৰ প্রতিচ্ছবি ৷ সপোনে অতি কাষৰ পৰা সহায় কৰে সফলতাপ্রাপ্তিত ৷ সফলতাৰ পথ প্রশস্ত কৰাত সপোন এক অত্যাৱশ্যকীয় অৱলম্বন ৷ সপোন পূৰণত ব্যক্তিক অৰিহণা যোগাই আগুৱাই লৈ যায় ৷

বর্তমানেও বিজ্ঞানে সপোনৰ উৎস সঠিককৈ নির্ণয় কৰিবলৈ সক্ষম হোৱা নাই, অথচ কিছু সপোনৰ পৰিণতি কেনে সুখকৰ ৷  আচৰিত হলেও ভাবি সুখানুভূতিত ডুবি থাকিব পাৰি সপোনৰ এনে মধুৰ বাস্তৱৰ কথা শুনি ৷ নিদ্রাৰত অৱস্থাত দেখা সপোনৰ পৰাই যেন বাস্তৱ অভিজ্ঞতা বুটলিবলৈ সক্ষম হব পাৰিলে মহানসকলেও ৷

 

নিদ্রামগ্ণ অৱস্থাত যিদৰে সপোন দেখোঁ, সেইদৰে খোলা চকুৰেও দেখোঁ ৷ যি বিষয়ত সদায় কৌতূহলী হৈ থকা যায়, যি প্রশ্নৰ সঠিক উত্তৰ এতিয়াও বিজ্ঞানেই দিব পৰা নাই সেই প্রশ্নৰে অন্তর্গত সপোন যেতিয়া খোলা চকুৰে দেখা যায়, তেতিয়া আমাৰ সমুখত হাজাৰ প্রশ্নই দোলা দিয়ে ৷ আমাৰ সেই সপোন পূৰণৰ বাবে হাবিয়াস বাঢ়ি যায় ৷ সে ই সপোনেই হৈ পৰে আমাৰ জীৱনৰ লক্ষ্য ৷

এনে সপোন দেখিবলৈ একো ব্যয় কৰিবলগা নহয়, কিন্তু তাক বাস্তৱত পৰিণত কৰিবলৈ যাওঁতে অপৰিসীম কষ্ট কৰিবলগীয়া হয়৷ কাৰোবাৰ বাবে সেই সপোনৰ পথ হৈ পোন, সৰল আৰু কাৰোবাৰ বাবে হয় কাঁইটীয়া ৷

এইখিনিতে আমাৰ মহান বিজ্ঞানী, ভূতপূর্ব ৰাষ্ট্রপতি এ পি জে আব্দুল কালামে কোৱা এষাৰ কথা উল্লেখ কৰাটো গুৰুত্বপূর্ণ ৷ তেওঁ কৈছে যে তুমি টোপনি যাওঁতে যি দেখা সেয়া প্রকৃততে তোমাৰ সপোন নহয় ৷ যিবোৰ সপোনে তোমাক টোপনি যাবলৈ নিদিয়ে, সেহবোৰহে তোমাৰ প্রকৃত সপোন ৷

এইজনা মহান বিজ্ঞানীয়ে কোৱা, খোলা চকুৰে দেখা সপোনেহে এজন ব্যক্তিক প্রকৃত জীৱন গঢ়াত সহায় কৰে ৷ জীৱনৰ ৰথ আগুৱাই যোৱাত সাৰথি হয় ৷ ভৱিষ্যতৰ বাট মসৃণ কৰি, কৰি তোলে সেন্দূৰীয়া ৷

জীৱনৰ কোনোবা নহয় কোনোবা ক্ষণত প্রত্যেক ব্যক্তিয়ে এবাৰলৈ হলেও সপোনৰ সৈতে মুখামুখি হয় ৷ আলিংগন কৰে সপোনক আৱেগেৰে৷ অথচ এই সপোনেই কেতিয়াবা কাৰোবাৰ পথ অৱৰোধ কৰে ৷ ভৱিষ্যতৰ পথ হয় কাঁইটীয়া, যাৰ বাবে দুভৰি হয় ৰক্তাক্ত ৷ হতাশাৰ সাগৰত ডুবে আধৰুৱা সপোনক বুকুত সাবটি ৷ তথাপি মানুহে সপোন নেদেখাকৈ থাকিব নোৱাৰে ৷ আশা কৰে যাতে সপোনে সোণসেৰীয়া ডেউকা মেলি উৰি যায় অসীমলৈ ৷ সুখৰ সোপান ৰচিবলৈ ৷  কিন্তু বহুতৰেই সপোনৰ দুপাখি যে উৰিবলৈ নাপাওঁতেই ভাগি যায় ৷

সেহবুলিয়েই জানো সপোন দেখাৰ পৰা বিৰত থাকিব পাৰি৷ সংগোপনে সজা সপোনৰ কাৰেংঘৰ ভাঙি পেলাব পাৰি, নোৱাৰি ৷ কেতিয়াও নোৱাৰি ৷ ভৱিষ্যতৰ বাট বন্ধাম বুলি দেখা সপোনৰ দৌলটো কেতিয়াও ভাঙি পেলাব নোৱাৰি ৷

সপোন এটি সজাবলৈ, ভাগি নপৰিবলৈ তেন্তে কৰিম কি ৷ এইটোৱেহ আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্ন ৷ সঁচাকৈয়ে সপোন দেখা যিমান সহজ তাক বাস্তৱত ৰূপ দিয়াটো কিন্তু একেবাৰেই সহজ নহয় ৷ তাৰ বাবে লাগিব পৰিকল্পনা, প্রস্তুতি আৰু কষ্ট কৰিব পৰাৰ মানসিকতা ৷ এইখিনি কৰিবলৈ যাওঁতে লাগিব এক বিশেষ লক্ষ্য, যিয়ে সদায়েই অনুপ্রেৰণা যোগাই থাকিব ৷

জীৱনৰ বাটত আগবাঢ়িবলৈ, সপোনক সাকাৰ ৰূপ দিবলৈ বিশেষ লক্ষ্য স্থিৰ কৰি লোৱাটো অতি প্রয়োজন ৷ লক্ষ্য হৈছে ভৱিষ্যৎ জীৱনৰ কিছু ক্রিয়া–কাণ্ড, যাৰ কাষলৈ লৈ যাব পাৰে একমাত্র সপোনে ৷ সেয়ে জীৱনত লক্ষ্য আৰু সপোন দুয়োটাই থাকিব লাগিব ৷ কলৈ যোৱা উচিত সেয়াও নির্ণয় কৰে সপোনে ৷ ভৱিষ্যৎ জীৱনৰ গতিপথ নির্ধাৰণ কৰাৰ বাবে সপোন এক অত্যাৱশ্যকীয় আঁচনি ৷ স্মর্তব্য যে সপোন দেখিলেই নহব, সপোন নির্বাচন কৰিবও জানিব লাগিব ৷ সপোন নির্বাচন কৰিব পাৰিলেহে যথার্থ ৰূপ পাব ৷

বহু সময়ত দেখা যায় যে একে সময়তে ভিন্ন সপোনে আমাৰ মনত তোলপাৰ লগায় ৷ তেতিয়া নির্বাচনৰ ক্ষেত্রত জটিল সমস্যা হয় ৷ তেনে সময়ত সাহায্য প্রদান কৰিব পৰা বিষয়কেইটা হৈছে সম্ভাৱনীয়তা আৰু বিশ্বাস ৷ যি সপোনক ৰূপ দিব পৰাৰ থল আছে বুলি বিশ্বাস জন্মে আৰু যি সপোনৰ দ্বাৰা সফল হোৱাৰ সম্ভাৱনা বেছি, তাকেই নির্বাচন কৰাটো জৰুৰী হৈ পৰে ৷

নির্বাচনৰ পিছৰ কামটোৱেই হৈছে সপোনক সাকাৰ কৰিবলৈ সাজু হোৱা কার্য ৷ সাজু হবলৈ যাওঁতে কিছুমান কামৰ নির্দিষ্ট সীমা তৈয়াৰ কৰি লব লাগে, যাতে কোনোধৰণৰ হানি–বিঘিনি নহয়  ৷ সীমা নির্ধাৰণে সপোনক সফল হোৱাত সহায় কৰে নিকট আত্মীয়ৰ দৰে ৷

সপোনক পৰিপূর্ণতা প্রদান কৰিবলৈ যাওঁতে লক্ষ্য কৰিবলগীয়া আন এটা প্রধান দিশ হৈছে পৰাজয় স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰাটো ৷ জয়–পৰাজয় জীৱনৰ অবিচ্ছেদ্য অংগ, যাক বুজিও বহু পৰত নুবুজা হওঁ ৷ যিমানেই জটিল অথবা সমস্যাজর্জৰ নহওক কিয়, পৰাজয়ক স্বীকাৰ কৰাৰ বাবে ভয় কৰিব নালাগিব ৷ পৰাজয়ৰ গ্লানিৰ বাবে যদি ভয় কৰি থমকি ৰোৱা যায় তেতিয়া জীৱনৰ গতিও থমকি ৰব৷ কোনোদিনে আকাংক্ষিত বস্তুটো হাতৰ মুঠিত থকাটো সম্ভৱ নহব৷ জয়–পৰাজয় জীৱনৰ একো একোটা পাঠ৷ পৰাভূত হলেও এই কথা শিকিব পাৰি যে যি ভুলৰ বাবে পৰাজয় হল সেয়া যাতে দুনাই নহয় ৷ সেই ভুলৰ পুনৰাবৃত্তি নকৰি, পৰাজয়ৰ বাবে ভাগৰি নপৰি আগুৱাই যোৱাটেই থাকে সার্থকতা ৷

সার্থক জীৱনৰ বাবে, সফল জীৱন উদযাপনৰ বাবে সপোনৰ প্রয়োজনীয়তা অসীম ৷ এক কথাত সফল–সার্থক জীৱন আৰু সপোন ওতপ্রোতভাৱে জড়িত ৷

সপোন কেতিয়াও দিঠকত পৰিণত নহয় যেতিয়ালৈকে সেই সপোনক উদ্দেশ্যি বিশেষভাৱে কার্য সম্পাদন কৰা নহয় ৷ সপোন এটাক বুকুত সাইটোৰ দৰে সামৰি লৈ ফুৰিলেহ, দুচকুত ভাহি থাকিলেই স্বয়ংক্রিয়ভাৱে পৰিপূর্ণ নহয় ৷ নির্দিষ্ট সপোনটোৰ বাবে সাধ্যানুসৰি কষ্ট কৰিবলৈ প্রতিনিয়ত সাজু হব লাগিব ৷ অসাধ্য সাধন কৰাৰ বাবেও প্রস্তুত হব লাগিব ৷ তেতিয়া সপোনে ডেউকা মেলি উৰাৰ সুযোগ পাব ৷

বিভিন্ন সময়ত, বিভিন্ন পৰিৱেশত খাপ খুৱাবলৈ, বুজাবুজি কৰিবলৈ প্রয়োজন অনুসৰি, মিলিব লাগে মিলাব লাগে নীতিক সাৰোগত কৰিবলৈ নিজকে প্রত্যয় মনাব লাগিব ৷ যিহেতুকে এইখিনি এনে এক উপাদান যি এজন ব্যক্তিৰ সপোনক ৰূপ দিয়াৰ পথ পোনাই দিব পাৰে ৷

এইক্ষেত্রত কোনো বিশেষজনৰ সুপৰামর্শও অত্যাৱশ্যকীয় ৷ বিশেষকৈ তেনে মুহূর্তত যেতিয়া কিছুমান বেমেজালি, বিশৃংখলতাই দেখা দিয়ে৷ শৃংখলাহীনতাহ এটি সপোনক বিপথে পৰিচালনা কৰিবলৈ বৰ বেছি সময় নালাগে ৷ সেই সময়তেই প্রয়োজন হয় বিশেষজনৰ, যোগ্যজনৰ সুপৰামর্শৰ ৷ যথাসময়ত তেনে পৰামর্শদাতৰ কাষ চাপি, পৰামর্শ লবলৈ কুণ্ঠাবোধ নকৰিলে সপোনৰ গতি দ্রুত নহৈ নোৱাৰে ৷

সুস্থ চিন্তা সপোন ফলপ্রসূ হোৱাত অৰিহণা যোগোৱা আন এক উপাদান ৷ সকলো পৰিকল্পনা কৰাৰ পিছতো, আঁচনি যুগুত কৰাৰ পিছতো এটি সপোন আধৰুৱা হৈ ৰব পাৰে যেতিয়া মনৰ মাজত উদ্রেক হোৱা চিন্তাৰ সুস্থতা নাথাকে ৷ সুস্থ মন এটাইহে সুস্থ চিন্তা কৰিব পাৰে৷ নিজৰ লগতে আনৰো হিতসাধনৰ দৰে চিন্তাই যেতিয়া মনৰ মাজত বাহ সাজিব, তেতিয়া সেই চিন্তা স্বয়ংক্রিয়ভাৱেই সুস্থ চিন্তা হৈ পৰিব আৰু সপোন পূৰণৰ বাটত দুগুণ উৎসাহেৰে আগুৱাবলৈ সাহস দিব ৷

নিজস্ব ইচ্ছাশক্তি এনে এক ধাৰণা যাক ব্যক্তিয়ে নিজৰ মাজত নিজেই লালন কৰে ৷ প্রচণ্ড ইচ্ছাশক্তিয়ে ব্যক্তিক অসাধ্য সাধন কৰোৱায় ৷ মহা সংকটৰ সময়তো জীয়াই থকাৰ পথ দেখুৱায়৷ দোমোজাৰ বানপানীত পৰি ককবকাই থকাৰ মুহূর্তত পৰিত্রাণকর্তা হিচাপে উপস্থিত হয় ৷

নিজৰ মাজত থকা এই ইচ্ছাশক্তিকে কেতিয়াবা চিনিব নোৱাৰি মনুষ্যই  ভুল কৰে ৷ হতাশাক সাৱটে ৷ নিজৰ ইচ্ছাশক্তিক চিনি পোৱা লোকে সহজে পৰাজয়বৰণ কৰিবলগীয়া নহয় ৷ নিৰাশাৰ গহ্বৰত বিচৰণ কৰিবলগীয়া নহয় ৷ ইচ্ছাশক্তিৰ বলতেই অতি সংকটাপূর্ণ মুহূর্ততো উপায় উলিয়াই অগ্রসৰ হোৱা লোকৰ, অসাধ্য সাধন কৰা ব্যক্তিৰ উদাহৰণ বহুত আছে ৷ সেইসকলৰ যি সংগ্রাম, যি সংঘর্ষ তাৰ পাঠ যদি জীৱনৰ পাথেয় কৰি লোৱা হয়, তেতিয়া নিশ্চয় বহু সময়ত সপোনক হাতৰ মুঠিতে পোৱা যেন অনুভৱ হব ৷

সততা আৰু নিষ্ঠা যেন দুয়ো সহোদৰ ৷ এই দুয়ো সহোদৰক আঁকোৱালি লোৱাসকলক নিশ্চয়কৈ সহায় আগবঢ়ায় সময়ত, যাৰ পৰিপ্রেক্ষিতত সপোন এটিক সাকাৰ ৰূপ দিবলৈ লোৱাজন অনায়াসে আগবাঢ়িব পাৰে ৷

প্রতিজন ব্যক্তিয়ে মানসিকতা অনুসৰিহে সপোন দেখে ৷ পৃথক পৃথক সপোন দেখি ভিন্ন পথেৰে আগুৱাই গৈ সফলতা লাভ কৰে ৷  এই সফলতা লাভ কৰিবলৈ যাওঁতে, সপোনক বাস্তৱ ৰূপত প্রতিষ্ঠা কৰিবলৈ যাওঁতে কেনেদৰে তেওঁলোকৰ জীৱনৰ বাট বুলিছিল, কেনে নীতি–নিয়মৰ মাজত আবদ্ধ হৈছিল, কেনেদৰে দৈনন্দিন অনুশীলন কৰিছিল এহখিনি অনুকৰণ কৰিলে সপোনক বাস্তৱত দেখিবলৈ কিছু পৰিমাণে সহজ যেন অনুভৱ হব নিশ্চয় ৷ নিজৰ বাবে পুহি ৰখা সপোনেও আশাৰ ভোটাতৰা দেখিব নিশ্চয় ৷

দক্ষতা, সপোনৰ দিকদর্শন আৰু সফলতা দুয়োটাতে অৰিহণা যোগোৱা এক অনন্য উপাদান ৷ দক্ষতাৰ বাবেই এজন মানুহৰ সপোন সফলতাৰ উচ্চ শিখৰত অৱতৰণ কৰিব পাৰে নাইবা দক্ষতা নথকাৰ বাবেই হাতৰ মুঠিতে থকা সপোনক হেৰুৱাই পেলাবও পাৰে ৷ কোনো মুহূর্তত এনে অনুভৱো নোহোৱা নহয় যে দক্ষতাইহে হৈছে মূল চাবিকাঠী যি সপোন সফল কৰিবৰ বাবে এটা বাট বন্ধাই দিব পাৰে ৷ বিশেষ ব্যক্তিৰ পৰিচয়েই হৈ পৰে তেওঁৰ দক্ষতা ৷ গতিকে দক্ষতাৰ ক্ষেত্রত কিমান পৰিমাণে সচেতন হোৱাৰ দৰকাৰ সেয়া দোহৰাৰ প্রয়োজন নাই ৷

এহ সকলো বৈশিষ্ট্য থকাৰ পিছতো সপোন এটিক ইচ্ছা অনুযায়ী সজোৱাত ব্যর্থ হয় কেতিয়া, যেতিয়া এজন ব্যক্তিয়ে নিজক চিনি নাপায়৷ এক কথাত নিজক চিনি নোপোৱা লোকে এহ চৰাচৰ জগতৰ একোৱেহ ভালকৈ চিনিব নোৱাৰে৷ কেৱল সাত্ব্ন্না লভে চিনি পাহছে বুলি ভাবি৷ প্রকৃতার্থতে নিজক চিনি নোপোৱাজনে সফল হোৱাতো দূৰৰ কথা, এটি ভাল সপোনৰ কথা ভাবিবলৈও অপাৰগ হয়৷ ভাবিলেও বাৰে বাৰে উজুটি খায়৷ কাৰণ নিজৰ দক্ষতা, নির্বাচন কৰাৰ ক্ষমতা, হচ্ছাশক্তি একোৱেহ তেওঁৰ ওচৰত প্রাধান্য নাপায়, পৰিণতিত বাৰে বাৰে উজুটি খায়৷

বহুক্ষেত্রত প্রত্যক্ষ কৰা যায় ধন–সম্পদেৰে উপচি থাকিলেও এজন ব্যক্তি আশাহত হয়৷ কিন্তু কিয় সেহ কথা নিজেহ বুজিব নোৱাৰে৷ তাৰ কাৰণ নিজক চিনি নোপোৱাটো৷ সকলো থাকিও অসাৰ হয় যেতিয়া নিজৰ কি স্থিতি, ওজন, ভাৰসাম্য এহ সকলোবোৰৰ বিষয়ে অজ্ঞাত হয়৷ সেয়ে নিজক চিনি পোৱা কার্য সঁচাহ অতি গুৰুত্বপূর্ণ৷ লগতে এহ পৃথিৱীত নিজৰ ভূমিকা কি, কেনেকৈ নিজক চিনি পাব সেহ কথালৈ কর্ণপাত কৰি আগুৱাবলৈ প্রয়াস কৰিব লাগিব৷ অন্যথা সপোনৰ কলিটি হাততে মৰহি যাব৷

আশা এনে এক উপাদান যি প্রতিপল আমাক সক্রিয় কৰি ৰাখে৷ আমাৰ লক্ষ্য পূৰণৰ বাবে, আমাক অগ্রসৰ হবৰ বাবে, কর্ম সম্পাদন কৰিবৰ বাবে সকলো সময়তে স্মৰণ কৰাহ থকা উপাদানটোৱেহ হৈছে আশা৷ আশাত বন্দী হোৱাৰ বাবেহ মানুহে দুদিনীয়া জীৱনৰ বাবে হমান আয়োজন কৰে৷ অপ্রিয় হলেও সত্য যে এহ পৃথিৱীত ঘটি থকা বিভিন্ন নিন্দনীয় ঘটনাৰো মূল এহ আশা৷ জীৱনত আশা আছে বাবেহ চাগে হমান মোহনীয়৷ আশা আছে কাৰণেহ চাগে লালসাৰো জন্ম৷ যি কাৰণেহ নহওক আশা থকাৰ বাবেহ শেষ মুহূর্তলৈকে মানুহে নানা দুখ–কষ্টৰ মাজতো জীয়াহ থাকিবলৈ বিচাৰে৷ মৃত্যুমুখলৈ আগবািি যোৱাজনেও এটি সুখৰ হাঁহি মাৰিব পাৰে এহ আশাৰ আশ্রয়তে৷ গতিকে সহজেহ অনুমেয় কেনেকৈ আশাহ আমাক লৈ যাব পাৰে সপোনৰ শেষ শিখৰলৈ৷

ৰচ্

সকলো কোৱাৰ পিছতো যি কথা নকলে আধৰুৱা যেন হয়, সেহ কথা হৈছে ধনাত্মক চিন্তা৷ আমাৰ সকলো কর্মৰ খতিয়ান স্থিত হৈ ৰয়গৈ সেহ বিন্দুত, যাক আমি ধনাত্মক চিন্তা হিচাপে পাওঁ৷ ধনাত্মক চিন্তাৰ মাজত সোমাহ থকা এজন লোকৰ মন–মগজু সকলো সুস্থ হৈ থাকে৷ কেৱল সেয়াহ নহয় তাৰ প্রভাৱ পৰে শৰীৰতো৷ বিজ্ঞানেও কয় যে ধনাত্মক চিন্তাহ শৰীৰ–মন সকলোকে প্রভাৱিত কৰে৷ সপোন এটাক মনে ভবা ধৰণেহ দেখিবলৈ ধনাত্মক চিন্তা অত্যন্ত গ্রহণীয়৷ ধনাত্মক চিন্তাহ মানুহৰ মনৰ পৰা নিৰাশ, হতাশা, ঋণাত্মক ধ্যান–ধাৰণা সকলো নোহোৱা কৰে৷ সকলো সময়তে যেতিয়া এনে চিন্তাহ মন–মগজু আচ্ছন্ন কৰি ৰাখে, তাত অন্য ধৰণৰ কোনো ঋণাত্মক কথা–বতৰা সোমাব পৰা সুৰুঙা নাথাকে৷ আচলতে ধনাত্মক চিন্তা–চেতনাক প্রাধান্য দি আগবািি যাব পৰাজনেহে এটি সপোনক সুন্দৰকৈ সজাহ তুলিব পাৰে৷

সমালোচনাক গ্রহণ কৰিব পৰা মনোবৃত্তি সপোনৰ ক্ষেত্রত এঢাপ আগুৱাহ যাব পৰা লক্ষণ৷ গঠনমূলকেহ হওক অথবা অন্য সমালোচনা গ্রহণ কৰিব পৰা মানুহৰ ধৈর্য গুণ অধিক হয়, যাৰ বাবে সকলো আওকাণ কৰি কেৱল সপোনক অগ্রগতিৰ ফালে ধাৱমান কৰিব পাৰে৷

সমালোচনাৰ লগতে আন এক আৱশ্যকীয় বৈশিষ্ট্য হৈছে আত্মসমালোচনা৷ আত্মসমালোচনাহ ব্যক্তিক পৱিত্রতাৰ ফালে লৈ যায়৷ আত্মসমালোচনাহ আত্মবিশ্লেষণ কৰায় আৰু আত্মবিশ্লেষণ কৰিলে আত্মশুদ্ধি হয় যি নিজৰ মাজতে এক মহৎ জগতৰ সন্ধান দি সপোনৰ দিশলৈ যাবলৈ উৎসাহিত কৰে৷

এহক্ষেত্রত অতি প্রয়োজনীয় এটি দিশ হৈছে আত্মবিশ্বাস৷ আত্মবিশ্বাস নথকা লোকে জীৱনত কৰিম বুলি ভাবিও বহু কাম কৰিব নোৱাৰে৷ নিজৰ ওপৰত নথকা বিশ্বাসে এজন ব্যক্তিক ভয় কৰিবলৈ শিকায়৷ ভয়ে শিকায় পষ্চাদগমনৰ পাঠ৷ বিভিন্ন দিশত পার্গত হৈয়ো কিছু লোকে নিজে দেখা সপোনক বাস্তৱত প্রত্যক্ষ কৰিবলৈ সাজু হব নোৱাৰে আৰু তাৰ কাৰণ হৈছে আত্মবিশ্বাসী নোহোৱা৷ আত্মবিশ্বাস নোহোৱাৰ বাবে যেতিয়া ভৱিষ্যতৰ বাটত আগবািি যাব নোৱাৰে, মনতে অংকন কৰা সপোন প্রতিফলিত কৰিব নোৱাৰে তেতিয়াহ মনত দুষ্চিন্তাহ ঘৰ সাজে আৰু বাছি লয় নিজক হেৰুৱাহ পেলোৱাৰ পথ৷ আত্মবিশ্বাস সফলতাৰ বাবে, সপোনক উজ্জীৱিত কৰিবৰ বাবে এক অনন্য অৱলম্বন৷

ৰ্ব

আত্মবিশ্বাসৰ দৰেহ উল্লেখ কৰা প্রায়বোৰ উপাদানেহ সপোন এটিক বাস্তৱ ৰূপত পাবলৈ প্রয়োজনীয়৷ অৱশ্যে এহখিনিয়েহ সম্পূর্ণ বুলিব নোৱাৰি৷ ধানটোৱেপতি কণটো, মানুহটোৱেপতি মনটো৷ গতিকে ভিন্নজনৰ মতামত বিভিন্ন হব এহক্ষেত্রত৷ আমি কেৱল উনুকিয়াহ থলো থাউকতে কিছু আৱশ্যকীয় বুলি ভবা দিশৰ কথা৷ এনে আৰু অনেক কথা আছে যিবোৰ আমাৰ দৃষ্টিত দেখা নাহ নাহবা দেখিলেও বহলভাৱে আলোচনাৰ থল আছে বুলি ভাবি এহ আলোচনাত ঠাহ দিয়া নাহ৷

অতীতৰ পৰা বর্তমানলৈকে বিজ্ঞসকলে দেখুৱাহ যোৱা বিভিন্ন পথ নির্দেশনা প্রভৃতি সাৰোগত কৰি এজন ব্যক্তিয়ে নিজৰ এটি সুকোমল সপোনক সযতনে মনৰ জপাৰ পৰা উলিয়াহ বাস্তৱত পৰিণত কৰিব পাৰে৷ সাকাৰ কৰিব পাৰে৷ তাৰ লগতে লাগে নিজৰ আশাশুধীয়া প্রচেষ্টা৷ কেতিয়াবা প্রচেষ্টাৰ মাজতো আঁত হেৰাহ যায়৷ তথাপি নিৰাশ হলে নহব৷ উজুটি মাৰি নখ ছিগিলেও আগুৱাহ যোৱাৰ প্রতিজ্ঞা লব লাগিব৷ সংকটৰ সময়তো কেৱল অর্জুনে মাছৰ চকুটোলৈহে দৃষ্টি দিয়াৰ দৰে লক্ষ্যত দৃষ্টি নিবদ্ধ কৰিব লাগিব৷ তাৰ পিছতো ভাগিব পাৰে সপোন৷ কিন্তু নিজে ভাগি পৰিলে নহব৷ বাৰে বাৰে সপোন দেখিব লাগিব৷ সপোনৰ দিশত উন্মুষ হৈ সততা, নিষ্ঠাক সাৰথি কৰি দৌৰিব লাগিব৷ দুচকুত নিয়ৰৰ টোপালৰ দৰে ওলমি ৰোৱা সপোনে তেতিয়াহে উমলিব দেখাজনৰ কোলাত৷

সফলেহ হওক বা বিফল সকলোৱেহ সপোন দেখি ভাল পায়, দেখে৷ কাৰোবাৰ সপোনে পায় সুগন্ধি গোলাপৰ সুবাস আৰু আন কাৰোবাৰ সপোনৰ বাট হয় কাঁহটীয়া৷ তথাপি সপোন যে সপোনেহ৷ নীৰৱে আহি খোপনি পুতি বহেহি মানুহৰ মনত৷ কেতিয়াবা সপোনে কয় সফলতা প্রাপ্তিৰ কথা আৰু কেতিয়াবা মাতি আনে বিফলতা৷

জীৱনত সপোন আছে বাবেহ আমি আছোঁ৷ সপোনৰ বাবেহ আমি জীয়াহ থাকিব পাৰিছোঁ৷ আশাৰে ৰৈছোঁ এহ কথা ভাবি, সপোন যেন কেৱল সপোন নহয়, সপোন যে জীৱনৰ মৌ বন৷ সপোন জীৱনৰ আৰতি, সৃষ্টিৰ সাৰথি৷ সেয়ে সপোন সদায় ফুল হৈ ফুলি ৰওক আমাৰ আশে–পাশে, বাহিৰে–ভিতৰে, দেহে–মনে৷ সপোনেহ লৈ যাওক আমাক অগ্রগতিৰ পথেদি, সেন্দূৰীয়া বাটেদি৷

ফোন ঃ ৮৮২২০-৭৮৭৪২

You might also like
Leave A Reply

Your email address will not be published.