সময় পাৰ হৈ যায়, স্মৃতিবোৰ ৰৈ যায়

জোনাকী দেৱী কাশ্যপ

ঘডীটোৱে কয় শুনা

টিক টিক টিক,

সময় গৈছে উৰি

ঠিক ঠিক ঠিক৷  নৱকান্ত বৰুৱা

কবিয়ে কোৱাৰ দৰে সময় উৰি গৈ আছে৷ সময়– তিনিটা বর্ণৰ এটি শব্দ, যত সোমাই আছে সমগ্র সৃষ্টিৰ জীৱন চক্র৷ দিন, মাহ কৰি বছৰ বাগৰি গৈ থাকে, জীৱন আগুৱাই গৈ থাকে৷ সময়ক হাতৰ মুঠিত ধৰি ৰাখিব পৰা নাযায়, কিন্তু সময়ে দিয়া স্মৃতিবোৰ মনৰ পুথিত ৰৈ যায়৷

এটি শিশু জন্ম হয়, সময় অতিবাহিত হোৱাৰ লগে লগে শৈশৱ, বাল্য, কৈশোৰ কাল অতিক্রম কৰি এদিন যৌৱনপ্রাপ্ত হয় আৰু এদিন বৃদ্ধ অৱস্থালৈ অগ্রসৰ হয়৷ এয়াই প্রকৃতিৰ নিয়ম৷ প্রত্যেক সময়ৰ এক সুকীয়া বৈশিষ্ট্য থাকে, সুকীয়া আমেজ থাকে৷ প্রত্যেক সময়ৰে স্মৃতিবোৰ মনৰ কোঠাত সযতনে ৰখা হয়, বৃদ্ধ বয়সত সেইবোৰ স্মৃতি বাৰুকৈ মনলৈ আহে৷ সময়ৰ লগত খোজ মিলাবৰ বাবে মানুহৰ জীৱন–ধাৰণৰ প্রণালী সলনি হৈছে৷ দৈনন্দিন ব্যৱহার্য বস্তুৰ তালিকা সলনি হৈছে৷ আগৰ সময়ত ফোন, ফ্রীজ, ইনভার্টাৰ আদি থকা মানুহ ঘৰক বহুত ধনী মানুহ বুলি ভবা হৈছিল৷ তেতিয়া পিছে লেণ্ডলাইন ফোনহে আছিল৷ এতিয়া এইবোৰ প্রায়সংখ্যক মানুহৰ ঘৰত থাকেই৷ আগৰ দিনৰ শিশুৱে আজৰি পৰত সাধুকথা পিিছিল বা জ্যেষ্ঠজনৰ পৰা শুনিছিল৷ আজিৰ শিশুৱে সাধুৰ সলনি মবাইল, টিভিহে চায়৷ নিজে অভিভাৱক ৰূপে কেতিয়াবা এই ক্ষেত্রত বৰ অসহায়বোধ কৰোঁ৷ ঠিক সেইদৰে বর্তমান আৰু আগৰ সময়ৰ খোৱা–বোৱাবোৰৰ মাজত বহুত পার্থক্য আছে৷ এতিয়া সেইবোৰ স্মৃতি বর্তমানৰ নগৰীয়া বা একক পৰিয়ালত আগৰ দিনৰ দৰে জীৱন ধাৰণৰ প্রণালী গ্রহণ কৰাটো সম্ভৱ নহয়৷

সময়ৰ লগে লগে সম্বন্ধবোৰেও ৰং সলায়৷ বিপদৰ সময়ত কেতিয়াবা আপোনসকলেও পিছমুখ দিয়ে আৰু পৰ বুলি ভবাসকলেও আঁকোৱালি লয়৷ সেয়ে হয়তো কোৱা হয়, বিপদৰ সময়তহে মানুহ চিনিব পাৰি সেই সময় পাৰ হৈ গলেও স্মৃতিবোৰে সদায় আমনি দিয়ে৷

দেহৰ দুখ অথবা মনৰ দুখ নিৰাময়ৰ সময় এক মহৌষধ৷ মনৰ দুখ একেবাৰে মচি পেলোৱা সম্ভৱ নহয় কিন্তু সময়ে দুখ পাতল নিষ্চয় কৰে৷ সময়ে ব্যক্তিক মানসিকভাৱে সুস্থিৰ অৱস্থালৈ আনে৷

সময়ৰ লগত বহুত সুখ–দুখৰ স্মৃতি জডিত হৈ থাকে৷ সেই সময়ৰ কথা পাহৰিব পাৰি জানো যেতিয়া মা–দেউতাৰ আলাসৰ লাডু হৈ অভিমান কৰিছিলোঁ, মা–দেউতাৰ মৰমত জীয়াই আছিলোঁ৷ নিজৰ ওপজা ঘৰখন এৰি অহা দিনটো অথবা ঘৰলৈ লখিমী আনিবলৈ যোৱা দিনটো কাৰ বাবে বাৰু বিশেষ নহয় নিজৰ অংশ পৃথিৱীলৈ অহাৰ সময়খিনি, জীৱনৰ বাটত খোজ দিবলৈ লোৱা সময়খিনি অথবা বিদ্যাৰম্ভ কৰিবলৈ লোৱা সময়খিনি প্রত্যেক অভিভাৱকৰ বাবে মধুৰ স্মৃতি৷ স্মৃতিবোৰ ৰোমন্থন কৰি এটা সময়ত বৰ সুখ পোৱা যায়৷

দুখৰ সময়বোৰ বৰ দীঘলীয়া যেন লাগে, আৰু সুখৰ সময়বোৰ কেতিয়ানো পাৰ হল গমকে পোৱা নাযায়৷ সুখৰ স্মৃতি আমি সদায় মনলৈ আনিব খোজোঁ আৰু দুখৰ স্মৃতি পাহৰণিৰ গর্ভত এৰি দিবৰ যত্ন কৰোঁ৷ জীৱনৰ একা–বেঁকা বাটত সময়ে মানুহক বহুত শিকায়৷ ভিন ভিন সময়ত ভিন ভিন অভিজ্ঞতাই মানুহক পুষ্ট কৰে৷ সময়ৰ কামবোৰ সময়ত নহলে মানুহৰ জীৱন যাত্রাত আউল লাগে৷ সেয়ে সময়ৰ সদ্ব্যৱহাৰ কৰাটো প্রয়োজন৷ নিজৰ কর্ম কৰি, আনৰ অহিত নকৰি জীৱনৰ সময়ছোৱা আগুৱাই নিয়া উচিত৷ আজি পাৰ হৈ সময়খিনি এদিন স্মৃতি হৈ ৰব৷ ভাল কাম, ভাল চিন্তাই আজিৰ স্মৃতিবোৰ সুন্দৰ কৰিব৷ জীৱনৰ সময়ছোৱা সুখ–দুখেৰে পৰিপূর্ণ৷ জীৱনত সেইজনে সুখী হব পাৰে যিয়ে দুখৰ মাজতো সুখ বিচাৰি লয়৷

আহি আছে নতুন সময়, নতুন বছৰ৷ বছৰৰ পিছত বছৰ বাগৰি গৈ আছে, সময় পাৰ হৈ যায় আছে৷ সময়ৰ লগত আমি খোজ মিলাই আগুৱাই যাবই লাগিব৷ কিন্তু সময়ৰ সোঁতত যাতে আমি মানৱীয় গুণসমূহ পাহৰি নাযাওঁ তাৰ প্রতি মন দিয়াটো উচিত৷ দুদিনীয়া জীৱনত খং, ঘৃণা, হিংসা, অহংকাৰ, তিৰস্কাৰ এইবোৰ পৰিহাৰ কৰি সময় অতিবাহিত কৰা উচিত৷ মানুহৰ মানৱীয় গুণেৰে পৰিপূর্ণ হোৱা উচিত৷ সুন্দৰকৈ কটোৱা আজিৰ সময়খিনি কাইলৈ মধুৰ স্মৃতি হৈ ৰব৷ জীৱনৰ সময়ছোৱা অগাধ সম্পত্তি, ধন–সোণে ধুনীয়া নকৰেহ্ল, বৰং ভাল কর্ম, মৰম–বিশ্বাসেহে ধুনীয়া কৰে৷ ধুনীয়াকৈ অতিবাহিত হোৱা সময় এদিন ধুনীয়া স্মৃতি হৈ পৰে৷

নতুন বছৰ নতুন সময় সকলোৰে শুভ হওক, সুখদায়ক ধুনীয়া স্মৃতি হৈ ৰওক, সেয়াই কামনা৷

ফোন : ৮৭২৪০-৮৬৬৩০

You might also like
Leave A Reply

Your email address will not be published.