জীৱ–পক্ষীকূলৰ ৰম্যভূমি নামেৰী ৰাষ্ট্রীয় উদ্যান পাতি/ঐতিহাসিক পটভূমি

নামেৰী ৰাষ্ট্রীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প শোণিতপুৰ জিলাৰ অসম–ৰুণাচল সীমান্তৱর্তী চাৰিদুৱাৰত অৱস্থিত৷ এহখন অসমৰ ঘোষিত তৃতীয়খন জগতবিখ্যাত ৰাষ্ট্রীয় উদ্যান তথা দ্বিতীয়খন ব্যাঘ্র প্রকল্প৷ উদ্যানখন জিলা সদৰ তেজপুৰৰপৰা ৩৫ কিলোমিটাৰ আৰু সমীপৱর্তী নগৰ বালিপৰাৰ পৰা প্রায় ১৫ কিলোমিটাৰ দূৰৈত৷ উদ্যানখনৰ মুঠ এলেকা ব্যাঘ্র প্রকল্প সামৰি হল ৩৪৪ বর্গকিলোমিটাৰ৷ হয়াৰে কৰ এৰিয়া ২০০ বর্গকিলোমিটাৰ আৰু বাফাৰ জন ১৪৪ বর্গকিলোমিটাৰ৷ উদ্যানখনৰ চাৰিসীমা এনেধৰণৰ উত্তৰে ভালুকপুং, দক্ষিণে জীয়াভৰলী নৈ, পূবে বৰদিকৰাহ নৈ আৰু পষ্চিমে জীয়াভৰলী নৈ৷ উদ্যানখন সাগৰপৃষ্ঠৰপৰা ১০০-৩৫০ মিটাৰ উচ্চতাত অৱস্থিত৷ জীয়াভৰলী নৈয়ে উদ্যানখনৰ সৌন্দর্যক অধিক মহীয়ান কৰা পৰিলক্ষিত হৈছে৷ বিস্তৃতিৰ ক্ষেত্রত কবলৈ গলে জীয়াভৰলী নৈৰ পাৰৰ পৰা ঠায়ে ঠায়ে ১৫-১৮ কিলোমিটাৰ পর্যন্ত অৰুণাচল প্রদেশৰ সীমালৈকে হ  ঘন বনাঞ্চল সামৰি বিস্তৃত৷ জীয়াভৰলী নামেৰীক ১৯৭৮ চনৰ ১৭ অক্টোবৰত এখন সংৰক্ষিত বনাঞ্চল, ১৯৮৫ চনৰ ১৮ ছেপ্ঢেম্বৰত অভয়াৰণ্য, ১৯৯৮ চনৰ ১৫ নৱেম্বৰত ৰাষ্ট্রীয় উদ্যান আৰু যোৱা ২০০০ চনৰ ১ মার্চত বন বিভাগে এখন ব্যাঘ্র প্রকল্প হিচাপে ঘোষণা কৰি বন সুৰক্ষা অধিনিয়মৰ অধীনত সুৰক্ষাৰ ব্যৱস্থা কৰিছে৷

নামেৰীৰ গুণগত জৈৱ–বৈচিত্র্য

জৈৱ–বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্রত নামেৰীয়ে অসমৰ বনক্ষেত্রত উল্লেখযোগ্য ভূমিকা আগববাহছে৷ উদ্যানখনত ৬০০ৰো অধিক উদ্ভিদ, প্রাণী পোৱা যায়৷ হয়াৰ ভিতৰত আছে বহুতো দুষ্প্রাপ্য জীৱ–জন্তু, পক্ষী৷ হ বহুতৰ বাবে এডভেন্সাৰ আৰু নলেজ হাব৷ উদ্যানখনৰ অৰণ্যসমূহক প্রধানতঃ ক্রান্তীয় চিৰসেউজীয়া অৰণ্য, অর্ধ–চিৰসেউজীয়া অৰণ্য, সেমেকা পর্ণপাতী অৰণ্য আৰু নদী কাষৰীয়া তৃণভূমি অৰণ্য অঞ্চলত ভাগ কৰা হয়৷ উদ্যানখনত উপলব্ধ উদ্ভিদসমূহ হল শাল, চেগুন, গমাৰি, শিমলু, বনচোম, তিতাচপা, মেকাহি, লালীপমা, বগীপমা, আমাৰী, ভেলৌ, ৰুদ্রাক্ষ, হাতীপয়লা, খকন, নাহৰ, বনজলকীয়া, উৰিয়াম, ভেলকৰ, পানীভেৰ, বান্দৰ ডিমা, আজাৰ  হত্যাদি৷

প্রাণীসমূহ ঃ দুষ্প্রাপ্য ঢেঁকীয়াপতীয়া বাঘ, গোধাফুটুকী বাঘ, নাহৰফুটুকী বাঘ, শৰপহু, নলগাহৰি, হাতী,ভালুক, ৰাংকুকুৰ, কলা ভালুক, টুপীমূৰীয়া বান্দৰ, কের্কেটুৱা, হেপা, খটীয়া পহু, শৰপহু, মলুৱা বান্দৰ, লাজুকী বান্দৰ, বনৰৌ, দল হৰিণ, কৃষাংগী বান্দৰ, শিয়াল, সেন্দূৰী বান্দৰ, বনৰীয়া গাহৰি, মেথোন, সুগৰি পহু হত্যাদি৷ আনহাতে উদ্যানখনত পোৱা বিভিন্ন প্রজাতিৰ চৰাহ আৰু বিভিন্ন প্রকাৰৰ সৰীসৃপসমূহ এনেধৰণৰ গংগা চিলনী, দুষ্প্রাপ্য দেওহাঁহ, শগুন, ডাউক, কেহবা প্রকাৰৰো ধনেশ, বৰ হাহঠা, তেলীয়া সাৰেং, শেত কপৌ, কাঠশালিকা, কৈলাঙী, বৰ শৰালি, কণুৱা, হাৰুৱা কপৌ, পাৰঘুমা, ৰূপহী, নলখাগৰি ভাটৌ, মণিয়ৰী, নীলা পাখী খোৱা, মাজু বগ, দলমৰা, ধোঁৱাবৰণীয়া নলচুপি,  ৰাজকোঁৱৰ, শেন, ঘৰবতাহী, চাকৈচকোৱা, টিকটিক চৰাহ, হয়কলি, কণামুচৰি, ফেঁচা, কেতেকী, শামুকভঙা, গোবৰ খোঁচৰা, বাৈৈটোকা, মাছৰোকা, ভৰতপক্ষী, কেশৰাজ, বিভিন্ন প্রকাৰৰ দুষ্প্রাপ্য কাছ, ৰজা ফেঁটী, চকৰী ফেঁটী, অজগৰ, মছুৱাগোম হত্যাদি পোৱা যায় ৷

উদ্যানৰ যাতায়াত–যোগাযোগ ব্যৱস্থা

উদ্যানখনলৈ যাতায়াত–যোগাযোগ ব্যৱস্থা সুচল বুলিব পাৰি৷ গুৱাহাটীৰ পৰা ৰেল আৰু বাছযোগে উদ্যানলৈ অহা–যোৱা কৰাটো সম্ভৱ৷ গুৱাহাটীৰ পৰা ৰেলেৰে আহিলে পর্যটকসকলে ৰঙাপৰা নর্থ ৰেলৱে জংচনত নামি বালিপৰা নগৰ হৈ পোনপটীয়াকৈ নামেৰী দর্শন কৰিবলৈ সক্ষম হব৷ তদুপৰি বাছৰে গুৱাহাটীৰ পৰা আহিলে পর্যটকসকল নামিব লাগিব তেজপুৰ অথবা  বালিপৰা নগৰত৷ তেজপুৰ আৰু বালিপৰা নগৰৰ মাজমজিয়াৰ পৰা  নামেৰীলৈ কম খৰচতে ভাৰাতীয়া গাডী পোৱা যায়৷ বালিপৰাৰ দিশৰ পৰা বালিপৰা–ভালুকপুং পথেদি  বালিপৰা সংৰক্ষিত বনাঞ্চলৰ মাজেদি অতিক্রম কৰি পোৱা উদ্যানখনৰ মূল প্রৱেশ দ্বাৰৰ ফলকৰ পৰা উদ্যান কার্যালয়লৈ মাত্র  ডেৰ কিলোমিটাৰ দূৰত্ব৷ উদ্যানখন পৰিভ্রমণৰ বাবে উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা মার্চ–এপ্রিল মাহলৈ৷

উদ্যানখনত সা–সুবিধাৰ  লগতে পৰিদর্শন, বনভোজৰ সুবিধা ঃ

দেশী–বিদেশী পর্যটকৰ আগমনৰ প্রতি লক্ষ্য ৰাখি উদ্যানখনত থকা–খোৱাৰ লগতে উদ্যান পৰিদর্শন কৰাৰ যথেষ্ট সা–সুবিধা উপলব্ধ৷ উদ্যানখন পর্যটকৰ বাবে নৌকা পৰিচালনা ৰিভাৰ ৰাফটিং, ড্রেকিং আৰু চৰাহ নিৰীক্ষণৰ সা–সুবিধা দিয়া হৈছে৷ অৱশ্যে আজিও উদ্যানখনত জীপ ছাফাৰি আৰু হাতী ছাফাৰি উপলব্ধ নহল৷ নামেৰী ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষৰ পূর্ব অনুমতিসাপেক্ষে পর্যটকসকলে খৰস্রোতা জীয়াভৰলী নৈৰ বুকুত বাৰমাহল নামৰ ঠাহৰ পৰা পোতাশালী বন শিবিৰ ঘাটলৈ ১৪ কিলোমিটাৰ নৈ পথত তিনিঘণ্ঢীয়া যাত্রা নৌকা পৰিচালনাৰ আনন্দ লব পাৰে৷ বর্তমান সময়ত ৮০০-৮৫০ টকা মাচুলৰ বিনিময়ত ৰবৰ নাৱত লাহফ জেকেট পৰিধান কৰি হচ্ছুক পর্যটকে নৌকা পৰিচালনাৰে জীয়াভৰলীৰ ৰোমাঞ্চকৰ আনন্দ লোৱাৰ সুযোগ লাভ কৰে৷ নৌকা পৰিচালনাৰ সময়ছোৱাত পর্যটকসকলে নামেৰীৰ নদী কাষৰীয়া সেউজ তৃণভূমি, ঘন বনাঞ্চল, পক্ষীৰ কলৰৱ, জীয়াভৰলীৰ খনন, জীয়াভৰলীৰ ঠাণ্ডা পানীৰ উঁহ আদিও উপভোগ কৰিবলৈ সক্ষম হয়৷ এহ দৃশ্যসমূহ বন্দী কৰি ৰাখিবলৈ লগত লাগিব মাথোন এটা উন্নতমানৰ কেমেৰা৷ বন বিভাগৰ নির্দেশনা অনুসৰি নদী ৰাফটিঙৰ নির্ধাৰিত সময় পুৱা ৬ বজাৰ পৰা বিয়লি ২ বজালৈ৷ সমান্তৰালভাৱে ড্রেকিং আৰু চৰাহ নিৰীক্ষণৰো ব্যৱস্থা উপলব্ধ নামেৰীত৷ উদ্যানখনৰ পোতাশালী বন শিবিৰ ঘাটৰ পৰা বন বিভাগৰ নৌকাৰে জীয়াভৰলী নৈ পাৰ হৈ  উদ্যানৰ ভিতৰৰ বন শিবিৰৰ পৰা ২.২ কিলোমিটাৰ অঞ্চলত পর্যটকে কৰিব পাৰিব ড্রেকিং আৰু চৰাহ নিৰীক্ষণ কার্য৷ ড্রেকিঙৰ সময়ছোৱাত পর্যটকে নামেৰী ঘন বনাঞ্চল, জীৱ–জন্তু, চৰাহ–চিৰিকটি দর্শন কৰিব পাৰে৷ নির্দেশনা মতে ড্রেকিং আৰু চৰাহ নিৰীক্ষণৰ  নির্ধাৰিত সময় পুৱা ৬ বজাৰ পৰা পুৱা ৯.৩০ বজালৈ আৰু বিয়লি ১ বজাৰ পৰা প্রায় ২ বজালৈ৷ উল্লেখ্য যে এহসমূহ সুবিধা উপভোগ কৰিবলৈ হলে পর্যটকসকলে বন বিভাগৰ কার্যালয়ৰ পৰা অথবা নামেৰী ৰাষ্ট্রীয় উদ্যানৰ ৱেৱছাহটৰ পৰা অনলাহনযোগে টিকট তথা অনুজ্ঞাপত্র লাভ কৰিব পাৰিব৷

পর্যটকসকলে উদ্যানখনত পোৱা বিভিন্ন প্রকাৰৰ পশু, পক্ষী আৰু আনুষংগিক তথ্য বনাঞ্চলিক বিষয়া কার্যালয়ৰ চৌহদত অৱস্থিত ব্যাখ্যা কেন্দ্রত গৈ লাভ কৰিব পাৰিব৷ ব্যাখ্যা কেন্দ্রটোত পর্যটকৰ আৱশ্যকীয় তথ্য–পাতিৰ লগতে উদ্যানত উপলব্ধ জীৱ, উদ্ভিদৰ দুষ্প্রাপ্য ফটো, তথ্য নির্দেশাৱলী পুস্তিকাও সংগ্রহ কৰাৰ সুৱ্যৱস্থা আছে৷ বনাঞ্চলিক বিষয়া কার্যালয়ৰ চৌহদত আছে নলগাহৰি সংৰক্ষণ কেন্দ্র আৰু জোঙালপিঠীয়া মাছ ব্রীডিং চেণ্টাৰ৷ উদ্যানখনত বন্যপ্রাণী সুৰক্ষা অধিনিয়ম, ১৯৭২ৰ ২৯নং ধাৰা অনুসৰি উদ্যানৰ ভিতৰত যিকোনো লোকে চিকাৰ কৰা, মাছ মৰা, খৰি কটা বা শুকান খৰি সংগ্রহ কৰা, শিল–বালি বা পাথৰ সংগ্রহ কৰা, বনজ সম্পদ সংগ্রহ কৰা সম্পূর্ণৰূপে নিষিদ্ধ৷ এহ আহন ভংগকাৰীসকলক আহনখনৰ ৫১নং ধাৰা মতে তিনি বছৰ পর্যন্ত কাৰাবাস আৰু পঁচিশ হাজাৰ পর্যন্ত জৰিমনা হব পাৰে নামেৰী ৰাষ্ট্রীয় উদ্যান আৰু ব্যাঘ্র প্রক/কার্যালয় নির্দেশনা নং ১৫/২০২০, মেম নং– এন এন ি/৯৩/পাব্লিক এৱাৰনে/২০২০৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পূর্বতে উদ্যানখনৰ জীয়াভৰলী নৈত পর্যটকৰ বাবে বৰশী বোৱাৰো ব্যৱস্থা আছিল যদিও সেয়া বর্তমান সময়ত জৈৱ–বৈচিত্র্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি নিষিদ্ধ কৰা হৈছে৷

উদ্যানখনৰ লগত জডিত অন্যান্য সা–সুবিধাসমূহৰ ভিতৰত হয়াৰ  নির্ধাৰিত স্থানত বনভোজ খোৱাৰ ব্যৱস্থা অন্যতম৷ নামেৰীৰ সমীপৱর্তী বাৰমাহল, তেৰমাহল, জালি, ভালুকপুং অসম অংশত জীয়াভৰলী নৈৰ পাৰত অসমৰ বিভিন্ন ঠাহৰ পৰা অহা বনভোজ দলসমূহে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত নৱেম্বৰ মাহৰ পৰা লগে–ভাগে মাছে–মঙহে এসাঁজ  খাবলৈ প্রতিবছৰে হেঁতা–ওপৰা কৰে৷ উদ্যানৰ মূল কার্যালয়ৰ সমীপত গিি উঠিছে  স্থানীয় জনগোষ্ঠীয় বস্ত্রৰ দুটাকৈ বয়ন আৰু বিপণন কেন্দ্র৷ হয়াৰে এটা উত্তৰ ঢাৰিকাটিৰ ডনী পল মহিলা সমিতিৰ দ্বাৰা পৰিচালিত৷ কেন্দ্রটোত মিচিং মহিলা, যুৱতীয়ে বোৱা মিচিং জনগোষ্ঠী আৰু অসমীয়া জাতীয় বস্ত্রসমূহ সুবিধাজনক মূল্যত পর্যটকে ক্রয় কৰিব পাৰে৷ এহ মহিলাসকলে পর্যটকৰ বাবে জনগোষ্ঠীয় বস্ত্র প্রস্তুত তথা বিক্রী কৰি স্বাৱলম্বিতাৰে নিদর্শন দাঙি ধৰিছে৷

নামেৰীত থকা–খোৱাৰ সু–ব্যৱস্থা

পর্যটকৰ চাহিদা পূৰণৰ হেতুকে থকা–খোৱাৰ সা–সুবিধা পর্যাপ্ত পৰিমাণে উপলব্ধ৷ পর্যটকে বিচৰা ধৰণে হয়াত চৰকাৰী–বেচৰকাৰীভ্ গিিছে বিভিন্ন কটেজ, হম ষ্টে৷ কটেজ, হম ষ্টেত পর্যটকৰ পছন্দ অনুসৰি ২২০০-৩৫০০ টকাৰ ভিতৰত এ চি , নন–এ চি, চাংঘৰ, হম ষ্টে পোৱা যায়৷ বনাঞ্চলিক বিষয়া কার্যালয়ৰ সন্মুখতে আছে নামেৰী হক কেম্প আৰু শিলঘৰীয়া হক আলহী ঘৰ হম ষ্টে৷ তাৰ লগতে ওচৰে–পাঁজৰে ক্রমে এলিফেণ্ট পেৰাডাহজ, লালীমৌ কেম্প, পাল্কী কেম্প, জীয়াভৰলী ৱাহল্ড ৰিজর্ট, নামেৰী বালিঘৰা কেম্প, হোৱাহট উহংগড কেম্প হত্যাদিত নিশা কটোৱাৰ  লগতে  জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ সু–ব্যৱস্থা আছে৷ একেদৰে নামেৰীৰ পৰা নাতিদূৰৈত অসম–ৰুণাচল সীমান্তৱর্তী ভালুকপুঙত বন বিভাগৰ প্রশান্তি লজ, বন বিভাগৰ পৰিদর্শন বঙলাতো পর্যটকৰ বাবে নিশা কটোৱা আৰু খাদ্যৰ সুব্যৱস্থা বিদ্যমান ৷

নামেৰীৰ সমস্যা আৰু সাম্প্রতিক প্রত্যাহ্বান

পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত হলেও নামেৰী নানান সমস্যা আৰু প্রত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে৷ উদ্যানখনে সন্মুখীন হোৱা সমস্যা আৰু সাম্প্রতিক প্রত্যাহ্বানসমূহ এনেধৰণৰ

প্রতিবছৰে জীয়াভৰলীৰ নৈৰ খহনীয়াৰ প্রাবল্য বৃদ্ধি৷

চোৰাং চিকাৰীৰ সমস্যা৷ উদ্যানখনত চোৰাং চিকাৰী প্রতিৰোধী কেম্প আছে যদিও উদ্যানৰ বিস্তৃতিৰ দৃষ্টিৰ সেয়া পর্যাপ্ত নহয়৷

উদ্যানৰ জৈৱ–বৈচিত্র্য সংৰক্ষণৰ হেতুকে পর্যাপ্ত বন সুৰক্ষা কর্মীৰ অভাৱ৷

দেশী–বিদেশী পর্যটকে উদ্যানখন পৰিভ্রমণ কৰিবলৈ অহাৰ সময়ত উদ্যানৰ সুবিধাৰ বিষয়ে বর্ণনাৰ সময়ত দায়িত্বত নিয়োজিত এচামে সুৰক্ষাকর্মীৰ হংৰাজী আৰু হিন্দী ভাষাৰ কথোপকথনত স্পষ্টতাৰ অভাৱ৷

জীয়াভৰলী নৈৰ বুকুত আৰু উদ্যানৰ সমীপৰ ঠায়ে ঠায়ে অবৈধভাৱে শিল–বালি খনন, সৰবৰাহ৷

উদ্যানৰ সমীপৱর্তী এলেকাত বনগাঁৱৰ সংখ্যা বৃদ্ধি তথা জনসংখ্যা বৃদ্ধি৷

হাতী আৰু জীপ ছাফাৰিৰ অভাৱ৷ ফলত কিছুসংখ্যক পর্যটক নিৰাশ হবলগীয়া হয়৷

হস্তী–মানৱৰ সংঘাত দিনকদিনে বৃদ্ধি পোৱা কার্য৷

প্রাঞ্জল প্রতিম বৰা

ফোন ঃ  ৮৬৩৮০-৫০৭৫১

You might also like
Leave A Reply

Your email address will not be published.