মূত্রবহতন্ত্র আৰু ইয়াৰ পাথৰৰ চিকিৎসা পদ্ধতি

ডাঃ নিতুল বৈশ্য

মানৱ শৰীৰৰ মূত্রবহতন্ত্রটো এটা অত্যাৱশকীয় তন্ত্র ৷ ইয়াক দুই ভাগত ভাগ কৰিব পাৰি ৷ ঊধর্ব মূত্রতন্ত্র (Upper urinary tract) আৰু অধঃমূত্রতন্ত্র (Lower urinary tract) ৷ দুটা বৃক্ক আৰু দুডাল ইউৰেটাৰ বা মূত্র পৰিবাহী নলীৰে ঊধর্ব মূত্রতন্ত্র গঠিত ৷ অধঃমূত্রতন্ত্রটো মূত্রাশয় বা মূত্রস্থলী আৰু মূত্রনলী বা ইউৰেথ্রাৰে গঠিত ৷

আজি আমি ইয়াত সমস্ত মূত্রতন্ত্রটোৰ এটা মাত্র সচৰাচৰ দেখা পোৱা ৰোগ পাথৰৰ বিষয়েহে আলোচনা কৰিমহঁক ৷ Stoneক চিকিৎসা বিজ্ঞানৰ ভাষাত Calculus (এটা) বা Calculi (বহুকেইটা) বুলিও কোৱা হয় ৷

মূত্রতন্ত্রৰ পাথৰ যদিও তন্ত্রটোৰ বেলেগ বেলেগ স্থান বা অংশসমূহত পোৱা যায়, যেনে –বৃক্কত হোৱা পাথৰ (Kidney stone), মূত্র পৰিবাহী নলীত দেখা পাথৰ (Ureteric calculus), মূত্রাশয় বা মূত্রস্থলীৰ পাথৰ (Vesicle calculus), মূত্রনলীৰ পাথৰ (Urethral calculus); তথাপি এই কথা জানি থোৱা অতি দৰকাৰী যে এই আটাইসমূহ পাথৰৰ উৎপত্তি স্থান হল বৃক্ক বা কিডনী ৷ বৃক্কত উৎপত্তি হোৱা পাথৰসমূহ বৃক্কত ৰৈ থাকি বা বৃক্কৰ ভিতৰতেই আকাৰত ডাঙৰ হৈ অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ কেতিয়াবা বৃক্কৰ পৰা প্রস্রাৱৰ সোঁতৰ লগত পাথৰ তললৈ নামি আহি ইউৰেটাৰৰ ভিতৰত লাগি ধৰিব পাৰে ৷ আনহাতে, উপযুক্ত পৰিৱেশ পালে লগতে আকাৰ সৰু হলে পাথৰ অধিক তললৈ নামি আহি মূত্রাশয়ত জমা হব পাৰে ৷  মূত্রাশয়ৰ পাথৰ মূত্রনলীৰ অন্তঃমুখ (Internal urethral opening)ত লাগি ধৰি মূত্রস্থলীৰ পৰা মূত্রনলীৰে প্রস্রাৱৰ নিঃসৰণ সম্পূর্ণ ব্যাহত কৰি অসহনীয় বিষৰ সৃষ্টি কৰিব পাৰে ৷ কেতিয়াবা পাথৰ আকাৰত সৰু হলে মূত্রনলীলৈ আহি মূত্রনলীৰ ভিতৰত লাগি ধৰিব পাৰে ৷ পাথৰ একেবাৰেই সৰু হলে ওলায়ো যাব পাৰে ৷

আকৌ প্রষ্টেট গ্রন্থি ডাঙৰ হলে, মূত্রনলী বা ইউৰেথ্রা কোনো অংশত চাপ খাহ সৰু হৈ গলে আৰু পুৰুষ জননাংগৰ Phimosis আদি অৱস্থাত প্রস্রাৱৰ গতিৰুদ্ধতা হৈ Secondary Stone উৎপন্ন হব পাৰে ৷

বিষৰ লগতে সংক্রমণৰ ফলত জ্বৰ, বমি আদি সচৰাচৰ হোৱা দেখা যায় ৷ দীর্ঘ সময়ৰ কাৰণে প্রস্রাৱৰ গতিৰুদ্ধতা হৈ থাকিলে কিডনী ফুলিও যাব পাৰে ৷

মূত্রতন্ত্রত পাথৰ হোৱাৰ কাৰণ :

  • অদ্রৱনীয় উপাদানৰ অতিসৰণ–প্রস্রাৱৰ লগত কেলচিয়াম, অক্সালেট, হউৰিক এচিড, চিষ্টাইন আদি তুলনামূলকভাৱে অদ্রৱনীয় উপাদানৰ অতিসৰণে পাথৰ উৎপাদনত অৰিহণা যোগায় ৷
  • প্রস্রাৱৰpH আৰু আন আন ৰাসায়নিক বিচ্যুতি ৷
  • প্রস্রাৱত চাইড্রেটৰ পৰিমাণ কমি যোৱা ৷
  • প্রস্রাৱৰ দৈনিক নিঃসৰণৰ পৰিমাণ কমি যোৱা ৷
  • প্রস্রাৱৰ সংক্রমণ হোৱা ৷
  • শৰীৰত ভিটামিন বা খাদ্যপ্রাণ ক (A)ৰ অভাৱ হোৱা ৷
  • প্রস্রাৱৰ সংক্রমণ বা মূত্রনলীৰ অন্য কোনো অৱয়বগত (Anatomical, eg. Stricture urethra) বা প্রষ্টেট গ্রন্থিৰ আকাৰ বৃদ্ধি আদি কাৰণত মূত্রবেগৰ গতিৰুদ্ধতা বা গতি কম হোৱা ৷
  • হাহপাৰ পেৰাথাহৰহডিজম ৷
  • অন্যান্য ৷

গঠনৰ প্রক্রিয়াৰ ওপৰত ভিত্তি কৰি কিডনী পাথৰ মূলতঃ দুই প্রকাৰৰ প্রাথমিক (Primary) পাথৰ আৰু দ্বিতীয়ক (Secondary) পাথৰ ৷

আনহাতে, ৰাসায়নিক গঠন অনুসৰি কিডনী পাথৰ মূলতঃ চাৰি প্রকাৰৰ হব পাৰে

  • কেলচিয়াম অক্সালেট পাথৰ : কেলচিয়াম অক্সালেট পাথৰ হৈছে আটাইতকৈ বেছি পৰিমাণে হোৱা কিডনী পাথৰ ৷ প্রায় ৭৫% কিডনী পাথৰ এই কেলচিয়াম পাথৰ হয় ৷ কেলচিয়াম পাথৰ কেলচিয়াম অক্সালেট নতুবা কেলচিয়াম ফছফেটৰ দ্বাৰা গঠিত হয় ৷

কেলচিয়াম অক্সালেট পাথৰ সাধাৰণতে একক এটাকৈ গঠন হয়, ই অত্যন্ত টান আৰু ডাঠ ৰঙৰ হয় ৷ এই পাথৰ যথেষ্ট খহটা জোংযুক্ত হোৱা বাবে হয়াৰ নিকটৱর্তী কলাসমূহত আঘাত কৰি প্রস্রাৱৰ লগত ৰক্তক্ষৰণ কৰাব পাৰে ৷ খহটা জোংযুক্ত হোৱা বাবে ইয়াক মালবেৰী ষ্টোন বুলিও কোৱা হয় ৷

এই পাথৰ কিডনীৰ পৰা তললৈ নামি গৈ ইউৰেটাৰতাৈ লাগি ধৰিব পাৰে, যিয়ে অসহ্যকৰ বিষৰ সৃষ্টি কৰিব পাৰে ৷ এই বিষ তলপেটৰ পৰা অণ্ডকোষৰ ঠাই পর্যন্ত বিয়পি যায় ৷ ৰোগীয়ে বিছনাত লুটি–বাগৰ মাৰিব লগা হয় ৷ ৰোগীৰ বমি পর্যন্ত হব পাৰে ৷

  • মিশ্রিত পাথৰ (Struvite Stone) : এই পাথৰ সাধাৰণতে মূত্রতন্ত্রৰ সংক্রমণৰ পৰিণতি হিচাপে ক্ষাৰজাতীয় (Alkaline) প্রস্রাৱত গঠিত হয় ৷ প্রায় ১৫% ৰোগীৰ ক্ষেত্রত ইয়াক পোৱা যায় ৷ সাধাৰণতে এমনিয়াম ফছফেট, কেলচিয়াম ফছফেট আৰু মেগনেচিয়াম ফছফেটৰ দ্বাৰা এই পাথৰ গঠিত হয় বাবে হয়াক Triple Phosphate Stone বুলিও কোৱা হয় ৷

মিহি আৰু অতি ঢিলা প্রকৃতিৰ এই ধৰণৰ পাথৰ সহজে সোনকালে ডাঙৰ হৈ কিডনীৰ ভিতৰৰ পেলভিছ আৰু কেলিক্স আগুৰি ধৰি এটা হৰিণাৰ শিঙৰ আকৃতি লয়, যাক এই অৱস্থাত Staghorn Stone বুলি জনা যায় ৷

  • ইউৰিক এচিড বা ইউৰেট পাথ/পিউৰিন পাথৰ : প্রায় ৬% কিডনী পাথৰ ইউৰিক এচিডেৰে গঠিত ৷ তেজ আৰু প্রস্রাৱত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে এনে ষ্টোন গঠন হব পাৰে ৷  তদুপৰি প্রস্রাৱৰ পৰিমাণ হ্রাস পোৱা বা প্রস্রাৱৰ অম্লতা বৃদ্ধি পোৱাৰ ফলতো এনে পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

বহুমুখযুক্ত (Multifaceted) এইধৰণৰ পাথৰৰ ক্ষেত্রত বহুকেহটা পাথৰ একেলগে গঠন হয় ৷ হালধীয়াৰ পৰা ডাঠ মুগা বৰণীয়া এই পাথৰ মধ্যমীয়া কঠিন হয় ৷ পাথৰসমূহৰ উপৰিভাগ সাধাৰণতে মিহি হয় ৷

  • চিষ্টাহন পাথৰ : চিষ্টাইন হৈছে ছালফাৰযুক্ত এবিধ এমিন এচিড ৷ প্রস্রাৱত চিষ্টাইন নির্গত হোৱা চিষ্টিনুৰিয়া ৰোগীৰ ক্ষেত্রত সাধাৰণতে এই পাথৰ হয় ৷ মুঠ পাথৰৰ প্রায় ১-২% এনে পাথৰ হব পাৰে ৷ এই ধৰণৰ পাথৰ জন্মগত বা বংশগত জিনীয় বিসংগতিৰ বাবে হোৱা দেখা যায় ৷

ডাইগ্ন’ষ্টিক পদ্ধতি :

মূত্রবহতন্ত্রৰ পাথৰৰ বিষয়ে অতি সহজ কেহটামান পৰীক্ষা কৰি জানিব পাৰি ৷

X-ray KUB, USG KUB, CT KUB Plain, CT urograpy (Diagnostic) আদি সহজ পৰীক্ষাকেইটাৰ জৰিয়তে অতি সহজতে পাথৰৰ উপস্থিতি আৰু অৱস্থাৰ বিষয়ে জানিব পৰা যায় ৷

অত্যাধুনিক চিকিৎসা পদ্ধতি :

সাম্প্রতিক সময়ত বিভিন্ন অত্যাধুনিক চিকিৎসা পদ্ধতি আৱিষ্কাৰ হৈছে আৰু পৃথিৱীৰ চুকে–কোণে সেইসমূহৰ চর্চা চলি আছে ৷ আমি আজি এই লেখাত সাম্প্রতিক সময়ত বহুলভাৱে চলি থকা কেহটামান অত্যাধুনিক আৰু খুব জনপ্রিয় চিকিৎসা পদ্ধতিৰ বিষয়ে উল্লেখ কৰিম ৷

পাথৰ কিডনীত থাকিলে আৰু আকাৰত তুলনামূলকভাৱে সৰু যেনে – দুইৰ পৰা পাঁচ বা ছয় মিঃমিঃ হলে পটাছিয়াম চাহড্রেটজাতীয় পনীয়া ঔষধ দুই তিনি মাহৰ বাবে নিয়মিতভাৱে খাবলৈ দি ৩-৬ মাহ পিছত এখন ছনগ্রাফী কৰি চোৱা হয় ৷

কিডনীৰ পাথৰ আকাৰত অলপ ডাঙৰ হলে RIRS – Retrograde Intra Renal Surgery পদ্ধতিৰে কটা–ছিগা নকৰাকৈ প্রস্রাৱৰ ৰাস্তাৰে ভিতৰে ভিতৰে গৈ লেজাৰেৰে পাথৰ ভাঙি উলিয়াই অনা হয় ৷ ই অত্যাধুনিক, ৰোগীৰ বাবে সহজসাধ্য আৰু ব্যয়সাধ্য ৷

ইউৰেটাৰত থকা পাথৰো URSL – Ureteroscopic Lithotripsy পদ্ধতিৰে কটা–ছিগা নকাৰাকৈ প্রস্রাৱৰ ৰাস্তাৰে ভিতৰে ভিতৰে গৈ লেজাৰেৰে ভাঙি উলিয়াই অনা হয় ৷

কিডনীত থকা পাথৰ যদি আকাৰত যথেষ্ট ডাঙৰ হয়, তেতিয়া পিঠিৰ ফালে এটা সৰু ফুটা কৰি (Pin Hole Technique) PCNL – Per Cutaneous Nephrolithotomy পদ্ধতিৰে পাথৰ গুড়ি কৰি উলিয়াই দিয়া হয় ৷

মূত্রাশয়ত থকা পাথৰ PUCL – Per Urethral Cysto Lithotripsy পদ্ধতিৰে ভাঙি গুড়ি কৰি উলিয়াই দিয়া হয় ৷

অত্যাধুনিকভাৱে লেজাৰৰ আগমনৰ পিছত বাহিৰৰ পৰা পাথৰ অভিমুখী অতিশব্দ প্রয়োগ কৰি ESWL – Extracorporeal Shock Wave Lithotripsy পদ্ধতিৰে পাথৰ ভাঙি থোৱা কার্য সাধাৰণতে আজিকালি কমকৈ বাছনি কৰা হয় ৷

কেতিয়াবা কেতবোৰ জটিল ক্ষেত্রত Open Surgery বা Laparoscopic পদ্ধতিৰে মূত্রতন্ত্রৰ ষ্টোন নিষ্কাশন কৰা হয় ৷

RIRS, PCNL, URSL আদি পদ্ধতিসমূহত গুড়ি পাথৰৰ সুন্দৰ বাধাবিহীন নিষ্কাশনৰ কাৰণে যিটো ফালে পদ্ধতিটো কৰা হয়, সেহটো ফালৰ হউৰেটাৰত এটা DJ Stent ৰখা হয় ৷ দুই সপ্তাহৰ পৰা তিনি মাহৰ ভিতৰত DJ Stent প্রস্রাৱৰ ৰাস্তাৰে গৈ উলিয়াই দিয়া হয় ৷ DJ stent ভিতৰত থকা সময়ত ৰোগীয়ে নিজৰ সকলো ধৰণৰ দৈনন্দিন কাম–কাজ কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰে ৷

এই পদ্ধতিসমূহৰ উল্লেখযোগ্য লাভালাভ হল এয়ে যে ৰোগী চিকিৎসালয়ত ভর্তি নকৰোৱাকৈ পদ্ধতিসমূহ Day Care Systemত সম্পাদন কৰিব পাৰি ৷ অর্থাৎ ৰোগী পুৱা খালী পেটত খোজকাঢ়ি আহি অপাৰেচন হোৱাৰ পিছত আবেলি খোজ কাঢ়ি ঘৰলৈ ঘূৰি যাব পাৰে ৷

উল্লেখ্য যে গুৱাহাটীস্থিত Centre for Advanced Urology and Kidney Diseases ত আৰম্ভ কৰা Day care system বর্তমান চিকিৎসা ক্ষেত্রৰ জনপ্রিয় পদ্ধতি ৷ এই পদ্ধতিসমূহত কোনো কটা–কটি নহয় বাবে ৰক্তক্ষৰণ নহয় ৷ চিকিৎসালয়ত ভর্তি থকাৰ বাবদ হোৱা অতিৰিক্ত খৰচো ৰাহি হয় ৷

উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলত প্রথমবাৰৰ বাবে Centre for Advanced Urology and Kidney Diseases শীর্ষক প্রতিষ্ঠানত লেজাৰৰ জৰিয়তে পাথৰৰ লগতে মূত্রবহতন্ত্রৰ অন্যান্য শল্য চিকিৎসাৰ অৱতাৰণা আৰু ব্যৱস্থা কৰা হৈছিল ৷ এই আপাহতে এই কথাও উল্লেখ কৰিবলগীয়া যে Centre for Advanced Urology and Kidney Diseasesত ৰোগীক পাথৰ সম্পর্কীয় তথ্যসমৃদ্ধ পত্রিকা আৰু খাদ্যতালিকা জনসচেতনতা সৃষ্টিৰ অর্থে বিনামূলীয়াকৈ যোগান ধৰা হয় ৷ AUKDৰ হৈ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ঠাইলৈ গৈ জনসাধাৰণৰ মাজত এই সম্পর্কে জনসজাগতা সৃষ্টিৰ আপ্রাণ প্রচেষ্টা অব্যাহত ৰখা হৈছে ৷ গতিকে AUKDক উত্তৰ–পূর্বাঞ্চলত লেজাৰ চিকিৎসাৰ প্রচাৰ আৰু প্রসাৰক বুলি কলেও বঢ়াই কোৱা নহয় ৷

Prevention is better than cure বুলি কোৱা হয় ৷ খাদ্যাভ্যাসৰ জৰিয়তে পাথৰ উৎপত্তিৰ হাৰ নিয়ন্ত্রিত কৰিব পৰা যায় ৷ আনহাতে, যিহেতু মূল উৎস কিডনীটো আছেই, গতিকে এবাৰ পাথৰ হোৱাৰ পিছত পৰৱর্তী সময়ত আকৌ পাথৰ হোৱাৰ সম্ভাৱনা থাকি যায় ৷ সেয়েহে কিডনী পাথৰৰ হাৰ নিয়ন্ত্রণৰ ক্ষেত্রত খাদ্যাভ্যাসৰ গুৰুত্ব অপৰিসীম আৰু বিস্তৃত ৷

কিডনী পাথৰৰ ৰোগীৰ বাবে অপকাৰী খাদ্য :

যিবিলাক খাদ্যত অক্সালেট বেছি পৰিমাণে থাকে, তেনেবোৰ খাদ্যৰ অধিক ব্যৱহাৰৰ ফলত কেলচিয়াম অক্সালেট পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ তদুপৰি পিউৰিন বা ইউৰিক এচিড বেছি থকা খাদ্য বেছিকৈ গ্রহণ কৰিলে প্রস্রাৱত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, ফলত ইউৰিক এচিড পাথৰৰ সৃষ্টি হব পাৰে ৷

কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা অক্সালেট বেছি থকা খাদ্য :

¨ পালেং শাক

¨ বিলাহী

¨ আমলখি

¨ কাজুবাদাম

¨ তিয়ঁহ

¨ কচু

¨ ভেণ্ডি

কেলচিয়াম ফছফেট পাথৰৰ গঠনৰ সম্ভাৱনা হ্রাস কৰিবৰ বাবে ফচফৰাছ বেছি থকা খাদ্যৰ পৰিমাণ সীমিত কৰিব লাগে ৷ ফচফৰাছ বেছি পৰিমাণে থকা খাদ্য :

¨ মাংস, মাছ, হাহ–কুকুৰা

¨ গাখীৰৰ পৰা উৎপাদিত সামগ্রী

¨ বিন, দাইল, বাদাম

¨ শীতল পানীয়

¨ পেকেট খাদ্য

কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা পিউৰি/ হউৰিক এচিড বেছি থকা খাদ্য :

¨ ফুলকবি

¨ ৰঙালাউ

¨ কাঠফুলা

¨ বেঙেনা

¨ আমিষ আহাৰ

সাধাৰণতে কমাই খাব লগা খাদ্য ঃ

¨ শীতল পানীয়

¨ আমিষ আহাৰ

¨ অত্যধিক চেনি

¨ নিমখ আদি

কিডনী পাথৰৰ ৰোগীৰ বাবে বিশেষভাৱে উপকাৰী কিছুমান খাদ্য ঃ

¨ নাৰিকলৰ পানী

¨ মাকৈ

¨ বার্লি

¨ মাটিকঁঠালৰ ৰস

¨ কল

¨ আলমণ্ড

¨ নেমু

¨ গাজৰ

¨ কুলত্থ দাইল

¨ তিতাকেৰেলা

¨ পানী আৰু অত্যধিক জুলীয়া পদার্থ

¨ তৰমুজ

ফোন : ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.