ৰেচিপি

পালেঙৰ কোফটা কাৰী

প্রথম কোফটাখিনি বনাব লাগিব ৷ তাৰ বাবে লগা উপকৰণখিনি হল-

উপকৰণ :

পালেং এক মুঠি

আলু এটা

পনীৰ এশ গ্রাম

গোটা জিৰা আধা চামুচ

আধা চামুচ বাটাৰ

কর্ণফ্লৰ চাৰি পাঁচ চামুচ মান

নিমখ সোৱাদ মতে

ভাজিবৰ বাবে তেল

প্রণালী : আলুটো সিজাহ বাকলি এৰুৱাই মিহিকৈ পিটিকি লব ৷ পালেংখিনি পাঁচ মিনিট সময় পানীত উতলাই পানীৰ পৰা চেকি ৰাখিব আৰু ঠাণ্ডা হলে মিক্সিত পেষ্ট কৰি লব ৷ এতিয়া পেষ্টখিনি এখন পেন গৰম কৰি তাত বাটাৰ দিব আৰু জিৰা ফুৰণ দি পালেঙৰ পেষ্টখিনি দি জোখত নিমখ দি লৰাই লৰাই তাৰ পানী শুকাই যোৱালৈ ভাজি নমাই ৰাখিব ৷ এতিয়া পেষ্টখিনি পিটিকি লোৱা আলু, পনীৰখিনিও মিহিকৈ পিহনাত পিচি লব আৰু এক চামুচ কর্ণফ্লৰ মিহলাই ভালকৈ সকলো সানি লৈ লাডু কৰি অলপ চেপেটা কৰি নিজৰ পছন্দ মতে যিকোনো আকৃতি দিব পাৰে শুকান কর্ণফ্লৰত লেটিয়াই তেলত সকলোখিনি ভাজি লব ৷

কাৰীখনৰ কাৰণে

উপকৰণ :

বাটাৰ এক চামুচ

গাখীৰ ডেৰ কাপ একাপ আধা

ক্রীম চাৰি চামুচ

বিলাহী এটা

পিঁয়াজ এটা

আদা এটুকুৰা, সৰু নহৰু পাঁচ ছয় কোঁহ

লং দুটা, হলাচী দুটা, ডালচেনি এটুকুৰা, তেজপাত এখিলা ৷

কাশ্মীৰী ৰেড চিলি এক চামুচ

গৰম মচলা আধা চামুচ

কচুৰী মিঠি এক চামুচ নিজৰ ইচ্ছা মতে

নিমখ–হালধি জোখ মতে

শুকান জলকীয়া

প্রণালী : গেছত পেন এখন গৰম কৰি এক চামুচ মান তেল দি আদা, নহৰু, পিঁয়াজ টুকুৰা কৰি বিলাহী টুকুৰা কৰি অলপ ভাজি ঠাণ্ডা কৰি মিক্সিত পেষ্ট কৰি লব ৷

এতিয়া এখন ফ্রাই পেন গৰম কৰি বাটাৰ দিব ৷ তাতে গোটা গৰম মচলা, তেজপাত, শুকান জলকীয়া দি সুন্দৰ গোন্ধ ওলালে বিলাহী–পিঁয়াজৰ পেষ্টখিনি দি দিব ৷ জোখ মতে নিমখ–হালধি দি লৰাই শুকান গুড়ি মচলাখিনি দি ভাজি থাকিব ৷ মচলাই যেতিয়া তেল এৰিব তেতিয়া গাখীৰ এক কাপ পানী মিহলাই দি দিব ৷ ভালকৈ উতল আহিলে ক্রীম দি মিলাই দিব আৰু ভাজি ৰখা কোফটাকেহটা দি আৰু পাঁচ মিনিট উতলাই কচুৰী মিঠি দি নমাই পৰিৱেশন কৰিব ৷

লেচেৰা মাহ/দাংবডীৰ ভাজি

লেচেৰা মাহ সদায় একে ধৰণে খাহ আমুৱায় ৷ সেয়ে অলপ বেলেগ ধৰণেৰে ৰান্ধিলোঁ ৷

প্রণালী : এমুঠি লেচেৰা মাহ ধুই নিজৰ জোখত কাটি লব ৷

ডাঙৰ পিঁয়াজ দুটা

আদা এটুকুৰা

নহৰু কেহকোঁহ মান একেলগে মিক্সিত পেষ্ট বনাই লব ৷

প্রণালী : এতিয়া কেৰাহীত তেল দুই চামুচ দি গৰম হোৱাত কাটি লোৱা লেচেৰা মাহখিনি দি কমকৈ নিমখ–হালধি দি ৫ মিনিট মান লৰাই লৰাই ভাজি এখন প্লেটত নমাই থব ৷

সেইখন কেৰাহীত আকৌ তেল দি জিৰা ফুৰণ দি পিঁয়াজৰ পেষ্টখিনি দিব আৰু সোৱাদ অনুসৰি নিমখ–হালধি গুড়ি মচলা ৰেড চিলি, কাশ্মীৰী চিলি, কিছেন কিং দি এক হেতা পানী দি মচলাৰ পৰা তেল এৰালৈ ভাজিব ৷ তাৰ পিছত আৰু এক কাপ পানী দি ভাজি থোৱা লেচেৰাখিনি দি ভালকৈ উতলাই ঘন হৈ অহাত দুই চামুচ টমেট চচ দি নমাই থব ৷ এইদৰে ৰান্ধি সোৱাদ লৈ চাওকচোন ৷ নিশ্চয় ভাল পাব ৷

পুৰি লোৱা বেঙেনা–বিলাহীৰে মাছৰ আঞ্জা

উপকৰণ :

পুৰি লোৱা বেঙেনা এটা

পুৰি লোৱা বিলাহী এটা

মাছ চাৰি টুকুৰা

আদা–নহৰু পেষ্ট এক চামুচ

জিৰা আৰু জলকীয়া গুডি আধা চামুচকৈ

নিমখ–হালধি আন্দাজ মতে

তেল বনাবৰ বাবে

অলপ কেঁচা ধনিয়া

কেঁচা মটৰ

পিঁয়াজ এটা ডাঙৰ

কেঁচা জলকীয়া দুটা

প্রণালী : কেৰাহীত তেল গৰমাই মাছ কেহটুকুৰা ভাজি উঠাই থব ৷ সেই তেলতে কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি অলপ ভাজি আদা–নহৰু পেষ্ট দিব ৷ কেঁচা গোন্ধ যোৱালৈ ভাজিব ৷ তাৰ পিছত বেঙেনাখিনি পিটিকি তাতে দি লগত মটৰো দি নিমখ–হালধি গুড়ি মচলা দি অলপ সময় ভাজি বিলাহীখিনি পিটিকি দি দিব আৰু অলপ সময় ভাজি  গৰম পানী দিব তৰকাৰীৰ জোখত ৷ উতল অহাত মাছ দি ভালকৈ উতলাই নমাই অলপ ধনিয়া দিব ৷ তাৰ পিছত গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক ৷ পুৰা বেঙেনা আৰু পুৰা বিলাহীৰ সেই পুৰা গোন্ধটোৱে এটা সুকীয়া সোৱাদ আনে ৷

বাবৰি শাকেৰে ৰন্ধা পনীৰ

উপকৰণ :

এক মুঠি বাবৰি শাক ধুই মিহিকৈ কাটি লব

এক চামুচ আদা কুটা

এক চামুচ নহৰু কুটা

পিঁয়াজ এটা মিহিকৈ কুটি লোৱা

এটুকুৰা ডালচেনি

দুটা ইলাচী

দুটা কেঁচা জলকীয়া ৷

প্রণালী : এখন ফ্রাই পেনত ৰিফাইন তিনি চামুচ দি হলাচী–ডালচেনি দি লৈ জলকীয়াকে ধৰি পিঁয়াজ–আদা–নহৰু দি বাদামী ৰং হোৱাকৈ ভাজি শাকখিনি দিব ৷ জোখত নিমখ–হালধি দি শাক সিজালৈ ভাজি তাৰ পিছত নমাই ঠাণ্ডা কৰি মিক্সিত পেষ্ট কৰি লব ৷

এতিয়া আকৌ গেছত এখন ফ্রাই পেনত দুই চামুচ তেল দি জিৰা ফুৰণ দি পেষ্টখিনি দি জোখত পানী দি উতল আহিলে পনীৰখিনি দি প্রয়োজন হলে নিমখ দি আৰু অলপ উতলাহ শেষত কচুৰী মিঠি বা ধনিয়া দি খাব পাৰে ৷ এটা নতুন সোৱাদ পাব ৷

ফোন : ৬০০০০-৮১৭৪৮

You might also like
Leave A Reply

Your email address will not be published.